Thursday, October 22, 2020

"


মোৰ মনৰ কলমে তোমালৈ বুলি অকাঁ শব্দ বাক্যৰ ছবিটি"

(আজি  দিপলীনাৰ শেহতীয়া ফটোকপি চাই কিবা এটা লিখিবলৈ মন গ'ল)
________________________________
                                           ✍ৰাজ্জাক

তোমাৰ চকুৰে মৰম বৰষে,
চকুযুৰিত অহংকাৰ শূণ্য বিশাল ছবি
উপভোগ কৰি ভাল লাগে

চুলিকোচাৰ দুই চাৰিডাল আহি যেতিয়া   বতাহৰ পৰশত
তোমাৰ দিম্পলভৰা দুগালত পৰেহি,
য'ত অকৃত্রিম হাঁহিৰ  বিচৰণ প্ৰায় প্ৰতি সময়ে,
ভাল লাগে।

মোৰ মনৰ কলমে আজিলৈ যিমানদূৰ তোমাৰ মন-হৃদয়ক অধ্যয়ন কৰিলে
সুন্দৰ মনৰ, সকলো মনৰ সৈতে মিলিব পৰা,
আনন্দ বিলাই ভাল পোৱা, হাঁহি উপহাৰ দিব পৰা,
কোমল হৃদয়ৰ জীৱন বিচাৰি পালে,
কৃত্রিমতাৰ  স্থান নাই য'ত ...
শব্দ-বাক্যৰে তাকে আঁকিবলৈ যত্ন কৰিলোঁ
(সদায় এনেদৰেই বিচাৰোঁ)

তোমাৰ মুখৰ পৰা প্ৰবাহিত শব্দ বাক্যবোৰ
ইমান সৰলতাৰে -কোমলতাৰে বিতৰণ কৰা,
অপূৰ্ব, অতুলনীয়...
শিকাৰু দেই মই এনেবোৰ সুন্দৰ বতৰাৰ,
কথাত মণি মুকুতা সৰাটো সহজ কথা নহয়,
মুখৰ মাতষাৰ শ্ৰেষ্ঠ সম্পদ মানৱ জীৱনত
শ্ৰদ্ধা কৰোঁ সদায়


অভিনয়-কণ্ঠৰ  কথা
নতুনকৈ নকওঁ,
যদিও লিখিতভাৱে কোৱা নাই
সকলোৰে দৰে মোৰো প্ৰিয় তোমাৰ প্ৰতিটো গীত,
সু অভিনয়ৰ ময়ো দৰ্শক

এই যে তোমাৰ মিঠাকৈ মিছিকিয়া হাঁহিটি
য'ৰ মোহনা মন-হৃদয় ,
মুকলি /বহল সেই মন-হৃদয়ক  সন্মান যাঁচিলো
অনুৰাগী আমি(মই) তেনে মুকলি/বিশাল মন-হৃদয়ৰ।।

(বি . দ্ৰ .---ক্ৰাছ সকলে দায়-দুখ নধৰে যেন🤣 আমাৰো প্ৰিয় আৰু মৰমৰ শিল্পী তাই)

Wednesday, September 30, 2020

 

তোমাক_ভালপাওঁ

মোৰ মাতৃভূমি তোমাক ভালপাওঁ
তোমাৰ কেচাঁ মাটিত উমলি মই ডাঙৰ হ'লো,
খোজ কাঢ়িব শিকিলো
এটি দুটিকৈ কথা পাতিব শিকিলো

তোমাক ভালপাওঁ 'মা'
তোমাৰ গৰ্ভৰ পৰাই মই.....
প্ৰতিগৰাকী মাতৃক ভালপাওঁ
মাতৃৰ বাবেই সন্তানে....
মাতৃৰ কাষত সন্তান চিৰঋণী

প্ৰতিগৰাকী সভ্য মানুহক ভালপাওঁ
যাৰ বাবে আজিৰ বিভীষিকাৰ মাজটো পৃথিৱী শুৱনী
যিয়ে অহৰহ চেষ্টা কৰে অশান্তি সন্ত্ৰাস নাশ কৰিবলে
সন্ধান কৰে শান্তি,বন্ধুত্ব ,ভ্ৰাতৃত্ববোধৰ...

প্ৰতিগৰাকী গায়ক-গায়িকাক ভালপাওঁ
যিসকলৰ গীতৰ পৰশে....
প্ৰতিগৰাকী কবিক ভালপাওঁ
যিসকলৰ কবিতাৰ স্পন্দই...

কিতাপ পঢ়ি ভালপাওঁ
যিবিলাক কিতাপে
জীবন বাটৰ খোজত...

কলম ভালপাওঁ
কলমে জীবনৰ বাটবোৰ প্ৰতিপলে
উন্নয়নৰ দিশে ..
কলমক ভালপাওঁ
কলমৰ নিপডালৰ পৰাই জন্মলাভ কৰে অগণণ ...

অগ্ৰজসকলক ভালপাওঁ
তেওঁলোকে দেখোৱাই দিয়ে জীবনক কেনেকৈ...

বন্ধুত্বক ভালপাওঁ
যাৰ মিঠা স্পৰ্শই দি যায় জীবন চিত্ৰত বহু ৰং...
বন্ধুত্বক ভালপাওঁ
জীবনত সাথঁৰ যেন লগা বহু কাম বন্ধুত্বৰ সাহসত...

প্ৰেম ভালপাওঁ
জীবন প্ৰেয়সীক ভালপাওঁ
প্ৰেম সৃষ্টিৰ আধাৰ
প্ৰেয়সীয়ে জীবনৰ কঠিনতাৰ সময়ত
জীবন বাটৰ দুৰ্যোগৰ সময়ত প্ৰতিটো ক্ষণতে প্ৰেৰণা দিয়ে,সাহস দিয়ে
প্ৰেমৰ মিঠা সুবাসে অসম্ভৱ কামো সম্ভৱ কৰে

পৰিবেশ ভালপাওঁ
গছ-গছনি ভালপাওঁ
ফুল ভালপাওঁ
ফুলেৰে আবৃস্ত ফুলনি ভালপাওঁ
আকাশ ভালপাওঁ,
বৰষুণ ভালপাওঁ,
সূৰুজক ভালপাওঁ,
সূৰুজৰ ৰশ্মিক ভালপাওঁ,
জোনক ভালপাওঁ,
জোনাক ৰাতি ভালপাওঁ,
গ্ৰীষ্মক ভালপাওঁ,
শীত ভালপাওঁ
সেই পৃথিৱী তোমাক মই ভালপাওঁ

Saturday, August 1, 2020


                                   "বায়েক"

   ****************************************************************************
                                                                   ✍ৰাজ্জাক


জীৱন  বাটত বিভিন্ন সম্পৰ্কৰ ভিতৰত বায়েক বোলা সম্পর্কটো বহুতেই গুৰুত্বপূৰ্ণ। বায়েকে ভায়েকলৈ মৰম, লঘু শাসন, সাহস ৰ বাহাৰ চাদাবাহাৰ কৰি থাকে। যাৰ বাবে ভায়েক বোৰ মনৰ শক্তিশালী হয়। মনত শক্তি থাকিলে দেহৰ শকতি নিজে নিজে বৃদ্ধি পায়। 



বায়েকক বিশেষকৈ ডাঙৰ বায়েকক মাতৃৰ সম জ্ঞান কৰা হয়। মা ৰ পিছতে যদি জীৱনত সৰুৰ পৰা সময়ে সময়ে ভায়েকক আটাইতকৈ বেছি শুশ্রূষা কৰে সেয়া হ'ল ডাঙৰ বায়েক। ভায়েকৰ "সৰুৰ  পৰা ডাঙৰ যিকোনো অসুবিধা, সেয়া মনৰে হওঁক বা দেহৰ অনুধাৱন কৰি যিকোনো প্ৰকাৰে সমাধান কৰাত বায়েক উঠি পৰি লাগে। আনকি মা'ক কব নোৱাৰা বহুত কথা ভায়েকে বায়েকৰ লগত অনায়াসে  বিনিময় কৰিব পাৰে। বায়েক-বায়েকৰ  বন্ধুত্ব ৰ সম্পৰ্কে যদিও ইমান প্ৰাকাশ্য নহয়, তথাপিও এই সুবাস লাভ কৰা সকলেহে উপলব্ধি কৰে ইয়াৰ মধুৰতা  আৰু তাৎপৰ্য কিমান .....



মোৰ জীৱনটো বায়েকৰ ফুলনিখন বিৰাট ধুনীয়া। যি ফুলনীৰ ফুলৰ সুবাসে জীবনৰ ছবিত  মাদকতা প্ৰদান কৰি আহিছে। জীৱনৰ ঘাট -প্ৰতিঘাত, সুখ- আনন্দ সকলো সময়তে ভায়েকৰ কাষৰত বায়েক। জীৱনৰ সন্মূখলৈ থকা বোকাময় বাটবোৰ কিদৰে পকী কৰিব পাৰি তাৰ শিক্ষা প্ৰতিক্ষণতে বায়েকৰ পৰা। বায়েকৰ প্ৰতি থকা শ্ৰদ্ধা আদৰে বেয়া কৰ্মৰ পৰা শত খোজ দূৰত ৰাখে,সেয়াও বায়েকৰে অৱদান। 

বায়েকক ভাল কৰ্মৰ ফলাফল দেখাও দেখাও মনটোৱে কৈ থকাৰ বাবেই পূৰ্বতকৈ বহু বেছি পৰিমাণে ইতিবাচক কৰ্মৰ সংখ্যা বাঢ়ি গৈছে। ক্ৰেডিট সেয়াও বায়েকৰে। 




এইয়াও নহয় যে বায়েক বোৰৰ পৰা কেৱল মৰমে পাওঁ। ধমকী/দমো খাইছোঁ, হয়টো পিটন  খাইছোঁ চাগে (পাহৰিলোঁ) । সেইবোৰে আচলতে জীৱন সজোৱাত সহায়হে  কৰিছে।

মোৰ জীৱন বোলা কিতাপখন পঢ়াত শ্ৰেষ্ঠ পাঠকৰ দায়িত্বত বায়েক,  শ্ৰেষ্ঠ সমালোচকৰ দায়িত্ব টো বায়েক। 



জীৱন কিদৰে পৰিচালনা কৰিব লাগে, জীৱনৰ ছবিবোৰত ক'ত কেনেকৈ বিচৰা মতে ৰং সানিব পাৰি তাৰো উচ্চ শিক্ষা বায়েৰৰ পৰা। ত্যাগ কৰিব পৰা গুণৰ মাত্রা বৃদ্ধি কৰাৰ আৰঁতো বায়েক।

মনোবল, সাহসৰ গভীৰতা বৃদ্ধি কৰাৰ আৰঁতো বায়েক।


মুঠৰ ওপৰত ভায়েক জীৱনলৈ বায়েকৰ অৰিহণা বহুত। কিমান লিখিব সিমানেই শব্দ-বাক্য বাঢ়িব।

এই কথা সেই প্ৰতিগৰাকী ভায়েকে ভালকৈ হৃদয়ঙ্গম কৰিব পাৰে যাৰ শিৰত বায়েকৰ আশীর্বাদ ভৰা, প্ৰেৰণাদায়ক, মৰমীয়াল হাতখন সদায়ে আছে।।









Monday, July 6, 2020

                       "বেংকৰ প্ৰেমত পৰা ল'ৰাটো"

                                                                   ✍ৰাজ্জাক আলী


ম্লান আজিকালি বেছিকৈয়ে বেংকত অহা-যোৱা হৈছে। প্ৰায় প্ৰতিদিনে বেংকৰ চাৰিবেৰৰ মাজত আবদ্ধ হয় সি। নিজৰ বেংকৰ লেনদেনত যিটো কাম এদিনতে  হয়, সেয়া সি অলপ অলপ কৈ চাৰি পাঁচদিন লগায়।
কোনোবা দিন তাৰ নিজৰ কাম নাথাকিলেও আনৰ সৰু কাম এটা লৈ হ'লেও বেংকত এভুমুকি মাৰে।
কিন্তু কিয়? এই
কিয় টোৰ উত্তৰ শিৰোনামটো  নহয় আচলতে,
বেংকৰ প্ৰেমত পৰা নাই অথবা এ চি ৰ বতাহ খাবলৈও  সি বেংকলৈ নাহে ।
আচল  কথাটো হ'ল
প্ৰেমত পৰিছে সি , বেংকতে কৰ্মৰত এজনী ছোৱালীৰ প্ৰেমত। তাইৰ নামটো পাকে প্ৰকাৰে কাৰোবাৰ পৰা এদিন উলিয়াইছিল সি।
নামটো পোৱাৰ পিছত কিবা এটা বিশেষ ফূৰ্তি পোৱাৰ দৰে কৰিছিল। কাৰণ তাৰ উপাধিৰ  লগত তাইৰ উপাধি একেই, আৰু কি লাগে।
তাইক চাবলৈকে সি বেংকলৈ সময় উলিয়াই আহেই দিনটোৰ কোনোবা এটি সময়ত।
তাইৰ কেবিনত সুধিব নলগীয়া কথাটোও তাইৰ কাষলৈ গৈ সুধেগৈ। সুবিধা পালেই মনৰ কথা কৰবাত লগ হৈ ক'ব বুলি ভাবি থাকে।

কিন্তু আজি বেংকলৈ আহি অম্লানৰ মনৰ আকাশ পটককৈ ডাৱৰীয়া হৈ পৰিল। বতৰে কেতিয়া ৰূপ সলাই কোনেও নাজানে।হিন্দী গীত এটিয়ে  আছে। "মৌচম কি তাৰাহ তুম  ভি বদল ত নাজাওগি"
মানে বতৰৰ কোনো ভৰষা নাই।
সেউজীয়া সেউজীয়া লগা বেংকত উদযাপন কৰা সময়বোৰ এটি এটি পাত সৰি পৰাৰ দৰে পৰি নাইকীয়া হৈ গ'ল।
আজি তাই শাড়ি পিন্ধি আহিছে। সদায় চুইজাৰ পিন্ধি আহে। শিৰত সেন্দুৰ টো জিলিকি আছে।

অম্লান এ একো বুজি নোপোৱাৰ দৰে হৈ পৰিল।দুখৰ বৰষুণে বুজিব পৰা শক্তিকণ হেৰুৱাই পেলালে বেচেৰাটোৰ।
কালি যদি বিবাহ হ'ল তাইৰ, আজিটো বেংকলৈ নহাটো স্বাভাবিক। কিন্তু কিয় তাই বেংকলৈ আহিছে।
সাহস নহ'ল তাইক সুধিবলৈ।
বহু সময় থিয় হৈ শেষত বহি পৰিল কাষৰ চিটত।
অৱশেষত তাইৰ কাষৰ গৰাকীয়ে কিবা এটা শুভেচ্ছা দিয়াৰ কথা কৈ আছিল। তাৰ কাণত পৰিল।
সি ভালকৈ শুনাত  গম পালে যে
সেই শুভেচ্ছা তাইৰ বিবাহ বাষির্কীৰ আছিল।
আজি দুবছৰ হ'ল তাইৰ বিবাহৰ। সেয়ে আজি অলপ বেছিকৈ সাজি কাচি আহিছে।

বেচেৰা অম্লান।
ইমানদিনে বুকুৰ মাজত লৈ ফুৰা সপোনবোৰ থানবান হৈ পৰিল। বেচেৰাটোৰ  নিজৰে ভুল। তাইৰ
নামটো কেৱল সন্ধান কৰিয়েই ইমান দূৰ আগবাঢ়িব নালাগিছিল।
"বেংকৰ প্ৰেমত পৰা ল'ৰাটো" শিৰোনামটো অৱশেষত বিপৰীত হৈ পৰিল।।

Saturday, July 4, 2020

"শিক্ষক/শিক্ষাগুৰু হোৱাটো বৰ  সহজ কথা নহয়"

                                                                                                                         ✍ৰাজ্জাক আলী


               এগৰাকী মানুহৰ জীৱনত শিক্ষকৰ অৱদান অপৰিসীম ।এটি জীৱন  শিক্ষাগুৰুৰ  অবিহনে আধৰুৱা ।জীৱনৰ খোজবোৰ শিক্ষাগুৰুৰ সু শিক্ষা দীক্ষাৰ বাবে সু ঠাইলৈ যাত্ৰা কৰে।

শিক্ষাগুৰু বুলিলেই  চকুলৈ-মনলৈ আহে সৎ,সৰল,নিৰপেক্ষ, নিকা ,সুন্দৰ এটি এটি চেহেৰা,মন  ।
আজিও প্ৰাথমিক  বিদ্যালয়ত পঢ়োৱা শিক্ষাগুৰুৰ সমানে খোজ নাকাঢ়ো। লগ পালেই আমি সৰহভাগেই নমস্কাৰ জনাই মাত এষাৰ  লগাই  আহোঁ।
প্ৰাথমিক  বিদ্যালয় ৰ কথা এয়ে প্ৰথমে ক'লো কাৰণ বহু বছৰ আগতে এৰি আহিলোঁ ।কিন্তু  সেই সৎ সৰল শুদ্ধ মনৰ শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা আজিও সমানে।
ঠিক  তেনেদৰে হাইস্কুলৰ সন্মানীয় শিক্ষাগুৰু , মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰু, বিশ্ববিদ্যালয়ত লগ পোৱা সন্মানীয় শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা সমানে। এই যে সন্মান -শ্ৰদ্ধা এগৰাকী শিক্ষা গুৰুৱে যুগ যুগ ধৰি লাভ কৰি থাকে, সেয়া তেওঁৰ/তেখেতৰ প্ৰকৃৃত শিক্ষাকতাৰ মানপত্র।


         শিক্ষাগুৰু কেৱল যে কেইখনমান চাৰ্টিফিকেট আৰু উচ্চ শিক্ষা অৰ্জন  কৰিলেই নহ'ব ,লগত লাগিব এটি এটি উচ্চ ভাৱাসম্পৰ্ণ নিকা মন,প্ৰতি সময়ে নিৰপেক্ষ  আৰু ইতিবাচক চিন্তাধাৰা, ত্যাগ ,সৎ স্বভাৱৰ গৰাকী সেয়া তেওঁলোকৰ  পৰা প্ৰতি সময়ে শিকিছোঁ।

           কিন্তু  সময়ৰ তাগিদাত  সময়ে সময়ে আমি দেখিবলৈ পাওঁ বিশেষকৈ বৰ্তমান সময়ত এচামে শিক্ষকটো হয় পৰে,শিক্ষাগত অৰ্হতাৰ পৰা ,কিন্তু আন প্ৰয়োজনীয় অৰ্হতাবোৰৰ অভাৱত শিক্ষকৰ পদমৰ্যাদা বিনষ্ট কৰে।
 শিক্ষকৰ চাৰ্টিফিকেট  পালে শিক্ষক হৈ গ'ল। 
কিন্তু নিৰপেক্ষ  নহ'ল।
শিক্ষক হৈ নিজ ধৰ্মৰ বাহিৰে অন্যান্য ধৰ্মক অপমান, উচ্চ-নীচ বিবেচনা,
শিক্ষক হৈ ঠেক মনোবৃত্তি,
শিক্ষক হৈ অনৈতিক কাৰ্য,
শিক্ষক হৈ অসৎ স্বভাৱ,
শিক্ষক হৈ নেতিবাচক চিন্তা...
সেয়া প্ৰকৃত অৰ্থত শিক্ষক হ'লনে?? বৃহৎ প্ৰশ্নবোধক সেয়া ... 

     প্ৰকৃত শিক্ষক/শিক্ষাগুৰুৰ গুণগত মানদণ্ডৰ সম্পূৰ্ণ অভাৱ এইচামৰ মাজত।
পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ কৰ্ম হ'ল শিক্ষকতা।
শিক্ষকতা নাথাকিলে ডাক্তৰ, অভিযন্তা, নতুন শিক্ষক,বিজ্ঞানী ইত্যাদি সকলো কেতিয়াবাই নাইকীয়া হৈ গ'ল হয়।আটাইতকৈ ডাঙৰ কথা প্ৰকৃত শিক্ষকৰ শিক্ষাৰ দ্বাৰাহে মানৱতাৰ সৃষ্টি ।মানৱ সম্পদৰ সৃষ্টি।
শিক্ষকতা ৰ সুফলৰ বাবেই নতুন নতুনকৈ জীৱন অংকুৰিত হৈ আছে।
কিন্তু মনে  প্ৰাণে প্ৰকৃত শিক্ষাগুৰুৰ বাবেহে এইবোৰ সম্ভৱ। 

শিক্ষক /শিক্ষাগুৰু হোৱাটো বৰ সহজ কথা নহয়  অ। পুনৰ কওঁ
কেইখনমান চাৰ্টিফিকেট আৰু শিক্ষাবৰ্ষ উত্তীৰ্ণ হ'লেই শিক্ষাগুৰু নহয় প্ৰকৃতাৰ্থত ,
শিক্ষাগুৰু হ'বলৈ বহল-নিকা মন, সু-উচ্চ চিন্তাধাৰা, বহুল
ত্যাগ কৰিব পৰা অৰ্হতা লাগিব।

           মমৰ লগত তুলনা কৰা হৈছিল  বহু যুগ পূৰ্বেই শিক্ষকতাক।
 যি নিজে জ্বলি জ্বলি পোহৰ বিলাই,প্ৰকৃত মানুহ সৃষ্টি কৰে।
শিক্ষক-শিক্ষাগুৰু হোৱাটো বৰ প্ৰকৃতাৰ্থত বৰ কঠিন কাম।সহজলভ্য হ'লেই বিপথে পৰিচাৰিত হয় ।

Tuesday, June 30, 2020

       ৰিজাল্ট, ভাল ৰিজাল্ট আৰু আত্মহত্যা

                       -----------------------------------------------------------------------------------------------
                                                                     ✍ৰাজ্জাক আলী


জীৱন বাটৰ বিভিন্ন সময়ত আমি বিভিন্ন পৰীক্ষাত অৱৰ্ত্তীণ হ'বলগীয়া হয়।যাৰ ফলাফল বা ৰিজাল্ট কেতিয়াবা ভাল আৰু কেতিয়াবা বেয়া হয়, কেতিয়াবা ভাল হ'লেও ভবামতে বা আশা কৰা মতে ভাল নহয়। এইয়া স্বাভাৱিক। 



বৰ্তমান সময়ত আনুষ্ঠানিক শিক্ষাৰ পৰীক্ষা সমূহৰ ৰিজাল্ট দিবলৈ আৰম্ভ হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ওলাল। শিক্ষাৰ্থী সকলৰ কোনোবাই অসমৰ ভিতৰত শীৰ্ষ ২০ তালিকাত স্থান পালে, কোনোবাই ডিচিংশ্বন, ষ্টাৰ মাৰ্ক পালে, কোনো কোনোৱে প্ৰথম বিভাগত, দ্বিতীয় বিভাগত, তৃতীয় বিভাগত উত্তীর্ণ হ'ল। আনহাতে কোনো কোনো শিক্ষাৰ্থী য়ে ৰিজাল্ট বেয়া কৰিলে  । 


মেট্ৰিক পৰীক্ষা অৰ্থাৎ  হাইস্কুল শিক্ষান্ত পৰীক্ষা এগৰাকী শিক্ষাৰ্থীৰ জীৱনৰ আটাইতকৈ চাপযুক্ত পৰীক্ষা। 
চাপযুক্ত এইবাবেই কৈছোঁ, কাৰণ শতকৰা ৯৫ শতাংশ শিক্ষাৰ্থীৰ মন-মগজুত এই পৰীক্ষাৰ সম্পর্কত এনে ভাৱে অন্তর্ভুক্ত কৰি দিয়া হয় যে যদি এই পৰীক্ষাত ভাল ফল দেখুৱাব নোৱাৰে তেন্তে জীবন সম্পূর্ণ ভাৱে পৰাস্ত হৈ পৰিব, জীবনত আগবঢ়াৰ সকলো পথ- উপপথ বন্ধ হৈ পৰিব, অচল হৈ পৰিব জীৱন। 

    পৰীক্ষাৰ ভাল ৰিজাল্ট?? 
কাক কয়, ভাল ৰিজাল্ট? 
সেয়াও বিভ্রান্তিকৰ ... 
এই বাবেই বিভ্রান্তিকৰ কৈছোঁ কাৰণ এটা ৰিজাল্ট এচামে ভাল বুলি ক'লেও আন এচামৰ মতে সেয়া ভাল ৰিজাল্ট নহয়। সন্তুষ্ট নহয় তেনে ৰিজাল্টক লৈ। 
আৰু তাৰ লগে লগে শিক্ষাৰ্থীৰ ওপৰত বিভিন্ন ধৰণেৰে চাপ দিয়া পৰিলক্ষিত হয়। 
  
 তৃতীয় বিভাগত উত্তীর্ণ হোৱা গৰাকীক দ্বিতীয় বিভাগত কিয় উত্তীর্ণ নহ'ল তাৰ চাপ ... 
দ্বিতীয় বিভাগত উত্তীর্ণ হোৱা গৰাকী প্ৰথম বিভাগত কিয় উত্তীর্ণ নহ'ল তাৰ চাপ  ... 
প্রথম বিভাগত উত্তীর্ণ হোৱা গৰাকী কিয় ডিচিংশ্বন, ষ্টাৰ, নাপালে তাৰ চাপ ... 
লেটাৰ মাৰ্ক নোপোৱাৰ চাপ .. 
আনকি স্থান লাভ কৰা কেইগৰাকী কিয় আৰু কেইটামান নম্বৰ যোগ কৰিব নোৱাৰিলে তাৰো চাপ ... 
এই "চাপ"টোৱে ভাল ৰিজাল্ট কাক কয় বিভ্রান্তিকত পেলায়  ... 

আৰু যদি কেনেবাকৈ ৰিজাল্ট বেয়া হৈ গ'ল তেনে সেই শিক্ষাৰ্থী ৰ কি অৱস্থা হয় ভাবিব নোৱাৰি। জীৱনত যেন সকলো শেষ এচামৰ ব্যবহাৰ তেনে শিক্ষাৰ্থী ৰ প্ৰতি .... 

আত্মহত্যা; 
পৰীক্ষাৰ ফলাফলৰ লগত নো আত্মহত্যা কিদৰে জড়িত.... 
যিমান দিনৰ পৰা মগজুৱে বুজি পোৱা হৈছে সেইদিনৰ পৰাই প্ৰতিবছৰে মেট্ৰিকৰ ৰিজাল্টৰ দিনা অসমত কৰবাত নহয় কৰবাত শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে। কেৱল ময়েই নহয়, এই লেখাটি পঢ়ি থকা প্ৰায় সকলোৱে তেনে আত্মহত্যাৰ তেনে ঘটনা দেখিছে বা শুনিছে, সেয়া নিশ্চিত। 

কিয় কৰে প্ৰতিবছৰে মেট্ৰিকৰ ৰিজাল্ট ৰ দিনা শিক্ষাৰ্থীয়ে আত্মহত্যা? 
দায়ী কোন? 
লেখাটিৰ মাজতে প্ৰকাশ পাইছে আচলতে দায়ী কোন? 
আচলতে মেট্ৰিকৰ ফলাফলক লৈ আমাৰ সমাজ ব্যবস্থাত এচাম অভিভাবক আৰু এচামে মানুহে শিক্ষাৰ্থী সকলৰ ওপৰত  পেলোৱা অতিমাত্রা মানসিক চাপৰ বাবে সিহঁতে(শিক্ষাৰ্থী) সহিব বা সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লয়। 
মানে বাধ্য কৰা হয় আত্মহত্যাৰ বাবে .. অপ্ৰিয় হ'লেও সত্য সেয়া। 


কেইটামান বেছিকৈ নম্বৰ নাপালে বুলি বা অনুৰ্ত্তীণ হ'ল বুলিয়ে জীৱনত সকলো শেষ,
 মান-সন্মান নষ্ট কৰা বুলি অভিযোগ,  সামাজিক মাধ্যমৰ যোগেদি ৰাজহুৱা ঠাট্টা কৰা  ইত্যাদিৰ বাবেই প্ৰতিবছৰে বহু "মানৱ সম্পদ"
 মেট্ৰিকৰ ফলাফলৰ দিনা হেৰুৱাই আছোঁ আমি। 
চলিত বৰ্ষৰ উক্ত দিনটোতো ব্যতিক্রম নহ'ল সেয়া।
এনে হোৱা অনুচিত। 
পঢ়াটো,শিক্ষা গ্ৰহণ কৰাটো  বা পৰীক্ষা  ছাত্র-ছাত্ৰীৰ বাবে বোজা স্বৰূপ কৰি পেলোৱাটো ভাল পদক্ষেপ হ'ব নোৱাৰে। 

 

কেইটামান নম্বৰৰ বাবেই এটি এটি সুন্দৰ জীৱন,  বহু সম্ভাবনাৰ সুযোগ থকা জীৱনবোৰ এনেদৰে আধাবাটতে হেৰাই যাবলৈ নিদিব।

 এটি পৰীক্ষাত বিচৰা মতে নম্বৰ নোপোৱা বহু শিক্ষাৰ্থীও পৰৱৰ্তী সময়ত একো একোগৰাকী বিখ্যাত, লেখত ল'বলগীয়া, সমাজৰ বিভিন্ন দিশত আগৰণুৱা মানৱ সম্পদ ৰূপে প্ৰতিষ্ঠা লাভ কৰা উদাহৰণৰ অভাৱ নাই। 
গতিকে   কোমল জীৱনবোৰ যাতে হতাশাত  ভুগি এনেদৰে আত্মহত্যা নকৰে যাতে 
সেইবাবে সমাজৰ সকলো লোকে আগভাগ ল'ব লাগিব। 

শেষত এটাই কাতৰ অনুৰোধ, সমাজ ব্যবস্থাৰ এই ভয়াবহ আসোৱাহটো সমাপ্তি হওঁক সম্পূর্ণকৈ । 

 

Friday, June 19, 2020

মাহেকীয়া আলোচনীৰ পৃষ্ঠা ত
বাতৰি কাকতৰ পৃষ্ঠা ত

বাতৰি কাকতৰ পৃষ্ঠা ত



"মন পৰিস্কাৰ অভিযান "

বিশ্ববিদ্যালয়ৰ আলোচনীত প্ৰকাশিত




বিভিন্ন বাতৰি কাকতৰ পৃষ্ঠাত ২ 






বিভিন্ন বাতৰি কাকতৰ পৃষ্ঠা ত







Monday, June 15, 2020

অমানৱীয় কাৰ্যকলাপ, গণহত্যা আৰু তাক ৰোধ কৰাত সমাজৰ কিছুমান বিশেষ অনুষ্ঠান, ব্যক্তিপ্ৰধানৰ কৰণীয়"
-------------------------------------------------------------------------------------------------


                                              ✍ৰাজ্জাক আলী



         আমি বিগত কিছু বছৰ /দিনবোৰত  পৰিলক্ষিত কৰিছোঁ যে সাধাৰণ কিছুমান তৰ্ক-বিৰ্তকতে অথবা স্বাৰ্থজনিত কাৰণত এচাম মানুহৰূপী দানৱে কেইবাটাও জীৱন কাঢ়ি লৈ গৈছে।এজাক মানুহে দলবদ্ধ ভাৱে মাৰ পিট কৰি হত্যা কৰিবলৈ ধৰিছে ।যাক বৰ্তমান সময়ত গণ নিগ্ৰহৰ , ইংৰাজীত Mob lynching বুলি কোৱা হয়। এনে অধিকাংশ ঘটনা মুছলমান সম্প্ৰদায়ৰ, চাহ জনগোষ্ঠীয় লোক, তথা পাহাৰীয়া অঞ্চলৰ  এচাম মানুহৰ দ্বাৰা সংঘটিত হৈ আহিছে। সেয়া অপ্ৰিয় সত্য।

এনে ঘটনাবোৰ নিঃশেষ কৰিবলৈ হ'লে তেনে অসৎ প্ৰকৃতিৰ মনবোৰ শুদ্ধ পথলৈ আনিব লাগিব। নহ'লে কোনোৱা অপৰাধীয়ে শাস্তি পাওঁক  বা নাপাওঁক নতুন অপৰাধী আৰ্বিভাৱ হৈয়ে থাকিব। প্ৰশাসনৰ বা আইনৰ ওপৰিও আৰু কেইটামান অনুষ্ঠানে এইক্ষেত্ৰত আগভাগ ল'ব পাৰে বা ল'ব লাগিব ।

প্ৰথমতে,
ধৰ্মীয় অনুষ্ঠানবোৰৰ মুৰব্বী তথা বিষয়-ববীয়াসকলে এক লেখত লগীয়া ভূমিকা গ্ৰহণ কৰিব লাগিব।
সমাজত সহজলভ্য হৈ পৰা থকা গণহত্যাবোৰ ৰোধ কৰা বা তেন্তে ঘটনাবোৰ সংঘটিত নহওঁক তাৰ বাবে।কেৱল হত্যালীলা বুলিয়েই নহয় বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ ৰোধ কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে।

ধৰ্মীয় কাৰ্যসূচী ৰ উপৰিও নিজ নিজ পৰিসৰত(অভিজ্ঞতা ৰ পৰা গম পাওঁ যে প্ৰতিটো  ধৰ্মীয় অনুষ্ঠানৰ এটি এটি নিজা পৰিসৰ থাকে) পৰা সমাজখনক বিভিন্ন সজাগতামূলক ,প্ৰয়োজনত বিষয়ভিত্তিক জ্ঞান থকা ব্যক্তিক নিমন্ত্রণ জনায় দুআষাৰ কোৱাৰ ব্যবস্থা কৰি দি সমাজখনত থকা কলুষিত মনবোৰ শুদ্ধ কৰাৰ চেষ্টা এটা চলাব পাৰে। যাতে সেইখন সমাজত কোনো অমানৱীয় কাৰ্যকলাপ সংঘটিত নহয়।

কিয় ধৰ্মীয় অনুষ্ঠানৰ কথা কৈছোঁ?
তেনে কাৰ্যসূচী ল'বলৈ  বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠান আছে, লোক আছে?
তেন্তে কিয় ধৰ্মীয় অনুষ্ঠান?
প্ৰশ্নবোধক নিশ্চয় হ'ব।
উত্তৰত কওঁ ,
সাধাৰণতে ধৰ্মীয় উন্মাদনাৰ প্ৰতি অতি সহজে আৰু দ্ৰুত গতিত অধিকাংশ লোক আকৰ্ষিত হয়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত ব্যক্তি কিবা ক'লে অধিকাংশই  মানি লয় আৰু সেইমতে চলে। ইয়াৰ পৰা বুজা গ'ল ধৰ্মীয় অনুষ্ঠান এক শক্তিশালী ভূমিকা আছে নিজ নিজ ধৰ্মীয় সমাজৰ প্ৰতি।
গতিকে ধৰ্মীয় অনুষ্ঠানবোৰৰ পৰা এটি এটিকৈ বিশেষ কমিটি গঠন কৰিব লাগে । যি কমিটিয়ে নিজৰ পৰিসৰৰ ভিতৰত থকা মানুহবোৰক  সময়ে সময়ে সজাগতামূলক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব লাগে। সেই কাৰ্যসূচী বোৰ কিন্তু কোনো এটা নিদিষ্ট স্থানতে নকৰি ৰাইজৰ সুবিধা হোৱাকৈ বিভিন্ন স্থানত অনুষ্ঠিত কৰিব লাগে।
(কাৰ্যসূচীবোৰত ধৰ্মীয় কথা আলোচনাৰ পৰা কিন্তু বিৰত থাকিব লাগিব) । প্ৰশাসনৰ লগতো সময়ে সময়ে কমিটিখনে  আলোচনা কৰিব লাগে। তেনে এক কাৰ্যসূচী যদি গ্ৰহণ কৰি যোৱা হয় কিবা যে সু-ফল ওলাব সেয়া নিশ্চিত।


দ্বিতীয়তে চাহ বাগান অঞ্চলত বিভিন্ন সময়ত অমানৱীয় ঘটনা সংঘটিত হৈ আহিছে। হত্যা পৰ্যন্ত কৰা হৈছে অলপ অলপ কথাৰ তৰ্ক-বিতৰ্কতে।
চাহ বাগান অঞ্চলত "মহিলা তথা শিশু সৱলীকৰণ" ৰ ওপৰত ৩ বছৰ ধৰি বিভিন্ন সজাগতা সভা, বিদ্যালয় এৰি দিয়া  ল'ৰা-ছোৱালীক পুনৰ বিদ্যালয়লৈ উভতাৰ ব্যবস্থা কৰা ,ইত্যাদি বিভিন্ন উন্নয়ন মূলক কাম কৰি আহিছোঁ।
চাহ বাগান অঞ্চলৰ মানুহ বোৰক কাষৰ পৰা চিনাৰ পৰা এটা কথা গম পাইছিলোঁ  যে তেওঁলোকে বাগানৰ মুখ্য মেনেজাৰ (তেওঁলোকে বৰ চাহাব বুলি সন্মোধন কৰে) ক বহু বেছি সন্মান তথা মেনেজাৰৰ প্ৰায় কথা সহজতে মানি লয়।
তেন্তে  প্ৰতিখন বাগানত মেনেজাৰৰ উদ্যোগত এটি বিশেষ কমিটি গঠন কৰি দিব নোৱাৰিনে?
প্ৰশাসনৰ দুই এগৰাকী ব্যক্তিও য'ত থাকিব। প্ৰয়োজন হ'লে প্ৰশাসন/চৰকাৰে তেনে কমিটি গঠন কৰিবলৈ প্ৰতিখন চাহ বাগানৰ বিষয়-ববীয়া সকলক আহ্বান জনাব লাগে।
যি কমিটিতে বাগান অঞ্চলৰ বাসিন্দা সকলৰ মাজত ইতিবাচক চিন্তা, কোনো অপৰাধ যাতে সংঘটিত নহয় তাৰ বাবে সজাগতামূলক সভা (সভাবোৰ মাথো উৎসাহ মূলক কৰিব লাগিব) ইত্যাদি বিভিন্ন বাগানবোৰৰ বিভিন্ন লাইনবোৰত গৈ গৈ অনুষ্ঠিত কৰিব লাগে।প্ৰয়োজনত বিষয়ভিত্তিক জ্ঞান থকা ব্যক্তিক তেনে সভাবোৰলৈ নিমন্ত্রণ জনায়  সজাগতামূলক বাৰ্তালাভ কৰাৰ ব্যবস্থা কৰিব লাগে। যেতিয়া মেনেজাৰৰ /বৰ চাহাবৰ উদ্যোগত তেনে সভাবোৰ হ'ব চাহ বাগান অঞ্চলৰ প্ৰায় সকলো মানুহেই গুৰুত্ব সহকাৰে শুনিব আৰু মানিবলৈ ল'ব।
পৰিণতিত অনৈতিক কাৰ্যকলাপৰ সংখ্যা কমিব বুলি আশা কৰিব পাৰি।


তৃতীয়তে পাহাৰীয়া অঞ্চল ,
পাহাৰীয়া অঞ্চল কিছুমানটো(সকলো নহয়) সময়ে সময়ে ভাবিব নোৱাৰা অমানৱীয় কাৰ্য, গণহত্যা, ইত্যাদি কাৰ্য সংঘটিত হৈ আহিছে।
(আমিও এদিন কথমপিহে বাছি আহিছিলোঁ,ভয়ংকৰ অভিজ্ঞতা সাক্ষী) এতিয়া কথা হ'ল
ইয়াক কেনেকৈ সম্পূর্ণ নাইকীয়া কৰিব পাৰি ।
            প্ৰথমতে এই   অঞ্চলবোৰত থকা ধৰ্মীয় অনুষ্ঠানবোৰক বিভিন্ন সৱলীকৰণ/সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি যাবলৈ প্ৰশাসনৰ ফালৰ আহ্বান জনাব লাগে । কিয় ধৰ্মীয় অনুষ্ঠানৰ কথা কৈছোঁ প্ৰথমতে উল্লেখ কৰিছোঁ সেই সম্পর্কে।
               দ্বিতীয় তে সেই অঞ্চলবোৰত থকা সমাজপ্ৰেমী শিক্ষিত যুৱক -যুৱতীক সজাগতামূলক কাৰ্যসূচী প্ৰকল্প ধৰণৰ প্ৰস্তুত কৰি নিয়োজিত কৰিব লাগে। তেওঁলোকৰ কৰ্মও সংস্থাপন হ'ব লগতে তেওঁলোকৰ অনুষ্ঠানবোৰৰ দ্বাৰা সেই সমাজখনত অত ত'ত ৰৈ যোৱা অমানৱীয় মনবোৰ মানৱীয়তালৈ পৰিণত হ'ব।
এখন সুস্থ পৰিবেশ গঢ় লৈ উঠিব পাৰিব আশা কৰিব পাৰি।
ওপৰত উল্লেখ কৰা বিশেষ ঠাইবোৰতে বা তেনে এচাম ব্যক্তিৰ দ্বাৰাই অপৰাধ হয়, বাকী কতো অপৰাধ নহয় সেই কথাও নহয়। অপৰাধ, অমানৱীয় কাৰ্যকলাপ অন্যান্য ঠাইটো হয়। কিন্তু উপৰোক্ত ঠাইবোৰতকৈ বহু কম। আমি বিচাৰিছোঁ, সকলো ঠাইত  মানুহ বাস কৰক, অমানুহ নহয়। মানুহে মানুহৰ বাবে ভাবক, উপকাৰ কৰিব নোৱাৰিলে অপকাৰো যাতে নকৰে।

লেখাটো এইবাবেই লিখিছোঁ,
যোৱা পাঁচ-ছবছৰৰ পৰা কিছুমান মানুহ অতিকৈ দানৱ হৈ  পৰিছে যেন লাগিছে। মানুহক যিদৰে হত্যা কৰিছে যেন কোনো জন্তু কে মাৰিছে।(  এনেদৰে জন্তু কো মৰাটো উচিত নহয়)
অতিস্ত হৈ পৰিছোঁ। এই ঘটনা সময়ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে।

শেষত কওঁ, এনে ঘটনাবোৰ সংঘটিত হোৱাৰ পিছত ব্যবস্থা গ্ৰহণ কৰাতকৈ যদি এনে ঘটনাৰ উৎপত্তি নহওঁক তেনে ব্যবস্থা কৰিব পাৰি নেকি?
মই মোৰ সামান্য জ্ঞান আৰু অভিজ্ঞতাৰে দুটামান পৰামৰ্শ আগবঢ়ালোঁ। কিমানদূৰ সফল হ'ব সেয়া নাজানোঁ , কিন্তু অলপ হ'লেও যে এনে ঘটনাবোৰ কমিব সেয়া মোৰ বিশ্বাস।

(কেইগৰাকীমান অসৎ মনৰ মানুহৰ বাবে এটি ঠাই, কোনো ধৰ্ম কলুষিত হ'বলৈ নিদিব ,গধুৰ দায়িত্ব সকলোৰে। সহযোগিতা আগবঢ়াওক  সমাজ সংশোধনত। 
সমাজখন সুন্দৰ হওঁক, তাৰে কামনা কৰিলোঁ) 

Wednesday, June 3, 2020

জীৱশ্ৰেষ্ঠৰ_নামত_থকা_বিভ্রান্তিবোৰ 

     
-------------------------------------------------------
                        ✍ৰাজ্জাক আলী




কি কম ...
আকৌ এবাৰ মনত বৃহৎ বিভ্রান্তি...
মানুহ হৈ জন্মগ্ৰহণ কৰা সকলো লোক জীৱশ্ৰেষ্ঠই নে???????

মানুহ হৈ মানুহ মৰাৰ ঘটনাবোৰ সহজলভ্য হোৱাৰ লগতে
শেহতীয়া কৈ কেৰেলাৰ ঘটনাটোৱে হাজাৰ প্ৰশ্ন উত্থাপন কৰিছে।

এটি বনৰীয়া জন্তু এ যদি মানুহৰ ওপৰত অত্যাচাৰ কৰে (সাধাৰণতে খাদ্যৰ অভাৱত, বসতিৰ অভাৱত বা মানুহে কৰা আমনিৰ  বাবেহে অাক্ৰমণ কৰা দেখা যায়) তাত কবলগীয়া বিশেষ এইবাবেই নাথাকে , কাৰণ
সিহঁত জীৱশ্ৰেষ্ঠ নহয়।
কিন্তু জীৱশ্ৰেষ্ঠৰ উপাধি লাভ কৰা সেই এচাম মানুহে বাৰে বাৰে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰে, জন্তুৰ ওপৰত এনেধৰণৰ অত্যাচাৰ কৰে তাত ক'বলগীয়া বগুত থাকে।

কেৰেলাৰ চাইলেন্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানত খাদ্যৰ সন্ধানত সেইদিনা হাতীজনীয়ে জীৱশ্ৰেষ্ঠৰ লেভেল লগা এচামক বিশ্বাসত লৈ দুটিকৈ জীৱন হেৰুৱাবলগীয়া হ'ল।

জীৱশ্ৰেষ্ঠৰ লেভেল লগা দেই অসুৰ চামে একমাত্র মনৰ খন্তেকীয়া তৃপ্তিৰ বাবে
 এগৰাকী মাতৃক হত্যা কৰিলে,
পৃথিৱীৰ চেহেৰা চাবলৈ অপেক্ষাত থকা এটি নৱজাতককো হত্যা।
কিমান বেয়া মন -মগজু  সেইসকলৰ,

"জীৱশ্ৰেষ্ঠৰ সা-সৰঞ্জামবোৰ ভাল কামত ব্যবহাৰ কৰ অ ভাল কামত ব্যবহাৰ কৰ"(কিনো কম আৰু সেইচামক)

বনৰীয়া জন্তুৱে বহু মানুহতকৈ ভালকৈ কথা বুজি পায়  ,উপলব্ধি কৰিব পাৰে সুন্দৰকৈ। উদাহৰণ অনেক .... কিন্তু জীৱশ্ৰেষ্ঠৰ শাৰীত পৰা এচাম কিন্তু জন্তু ৰ শাৰীটো  নপৰে....

মৰাণ অঞ্চলৰ পৰা বহু কিলোমিটাৰ নিলগত থকা হাতীৰ এটি ৰিজাৰ্ভলৈ বাৰিষা বতৰত বন্ধু এজনৰ সৈতে ট্ৰাক ভাড়া কৰি হাতীৰ বাবে ট্ৰাকভৰ্তি কলগছ নিচিলোঁ।

 লক্ষ্য আছিল-হাতীৰ বাবে অলপমান খাদ্য ৰ যোগাৰ ধৰা(আগলৈয়ো এই কৰ্ম অব্যাহত ৰাখিম) ।

ৰিজাৰ্ভত বৰষুণত তিঁতি তিঁতি কলগছবোৰ হাতী বিচৰণ কৰা  কেইবাঠাইত থৈ আহিছিলোঁ।
মনত কিবা এটা প্ৰশান্তি অনুভৱ কৰিছিলোঁ সেইদিনা, কষ্টবোৰক আগস্থান দিয়া নাছিলোঁ।

কিন্তু কেৰেলাত ঘটা এই ঘটনাটোৱে বাৰুকৈয়ে দুখ দিছে। দূৰদৰ্শন ৰ পৰ্দাতে হওঁক বা ছচিয়েল মিডিয়া তে হওঁক গৰ্ভতে থকা নৱজাতকটো(মৰণোত্তৰ পৰীক্ষাৰ পিছত তোলা ফটো)  আৰু হাতীজনীৰ মৃত শৰীৰ দেখি মনটো উচুপি উঠিছে।

 এনে ঘটনাবোৰ যিকোনো প্ৰকাৰে অন্ত পৰাটো বিচাৰোঁ।
সেই মনবোৰৰ মৃত্যু হওঁক,
সেই মগজুৰ মৃত্যু হওঁক যি মন -মগজুৱে এনে অসুৰিক  কাম কৰিব আগবাঢ়ি আহে ...

সেই হাত আৰু ভৰিয়ো অচল হৈ পৰক
যিয়ে সম্পাদন কৰে এনে জঘন্য কাণ্ড......

অসহ্যকৰ ..........

Wednesday, May 27, 2020

"মোৰ হৃদয়ৰ হাজাৰ হুৱাছআপ গ্ৰুপ"

----------------------------------------------------------

                        ✍ৰাজ্জাক আলী




মোৰ হৃদয়ৰ হাজাৰ হুৱাছআপ গ্ৰুপ
কোনোৱাটো অফিচিয়েল,
কেনোৱা জেনেৰেল
কোনোৱা আক' একটিভ


অফিচিয়েল এ কেতিয়াবা কেতিয়াবা মাত লগাই
হৃদয়ৰ খুব প্ৰয়োজনীয় বাৰ্তা লৈ ...
একটিভ এ একটিভটি বাৰ্তা দি প্ৰয়োজনীয় বাৰ্তাত যোগ হৈ ক্ষীপ্ৰ গতিত হৃদয়ৰ কৰ্মবোৰ চলাই নিয়ে ..
অফিচিয়েল, একটিভ গ্ৰুপৰ আবাসী  তাকৰ
সিদ্ধান্ত -কাম প্ৰখৰ,
জেনেৰেলত হাজাৰ আবাসী
সকলোৱে নিজৰ নিজৰ বাৰ্তাৰে কৰে জ্ঞান-মনোৰঞ্জনৰ আমদানি-ৰপ্তানি

মোৰ হৃদয়ৰ হাজাৰ হুৱাছআপ গ্ৰুপ
তাৰে কিছুমানে কুইজৰ প্ৰশ্ন -উত্তৰৰ সমাহাৰ
কোনোৱাই কবিতা-গল্প-সৃষ্টিশীল কৰ্মৰ বাহাৰ,
কোনোৱা লকডাউন বিশেষ গ্ৰুপ
উচ্চমানৰ আলোচনাৰে কৰে জ্ঞানৰ বৰষুণ,
কোনোবাই  দিয়ে ন ন সৃষ্টিশীলতা পঢ়াৰ সুবিধা ....

মোৰ হৃদয়ৰ হাজাৰ হুৱাছআপ গ্ৰুপ
তাৰে কোনোৱা প্ৰাথমিক বিদ্যালয়ৰ,
কোনো উচ্চতৰ মাধ্যমিকৰ,
কোনোৱা মহাবিদ্যালয়ৰ ,
কোনোবা বিশ্ববিদ্যালয়ৰ,
কোনো ডিপার্টমেন্ট ৰ,
সকলোতে বন্ধুত্বৰ সমাহাৰ
নানা কথা, নানা বতৰা
নানা হাঁহি ধেমালিৰে উপচা ......

মোৰ হৃদয়ৰ হাজাৰ হুৱাছআপ গ্ৰুপ
কোনোবা সংবাদ দাতাৰ,
কোনোবা বাতৰি কাকতৰ,
দেশ -ৰাজ্য-বিদেশৰ বতৰা য'ত প্ৰতি সময়ৰ

মোৰ হৃদয়ৰ হাজাৰ হুৱাছআপ গ্ৰুপ
পৰিয়ালৰ- আত্মীয় স্বজন আবাসী সেইবোৰত
পৰিয়ালৰ বতৰা,
হাঁহি ধেমালিৰে উভৈনদী ও য'ত ....

মোৰ হৃদয়ৰ হাজাৰ হুৱাছআপ গ্ৰুপ
ভিন্ন গ্ৰুপৰ বিভিন্ন স্বভাব-স্বৰূপ ....

মোৰ হৃদয়ৰ হাজাৰ হুৱাছআপ গ্ৰুপ ৰ
বাহিৰেও গ্ৰুপ নোহোৱাকৈ আছে
 কেইটামান প্ৰিয় ব্যক্তিগত বিভাগ ,
য'ত সুন্দৰ সুন্দৰ বাৰ্তাৰ  লগতে
সাহস, বিশ্বাস, প্ৰেৰণাৰ, মনোবলকো
কাষৰত  পাওঁ
যিয়ে অনুপম কৰে সময় ....

মুঠৰ  ওপৰত
মোৰ হৃদয়ত আছে হাজাৰ হুৱাছআপ গ্ৰুপ
যিয়ে প্ৰতি সময়ে দি যায় লিখি শেষ কৰিব নোৱাৰা
পৃষ্ঠাৰ যা-যোগাৰ ...........




Tuesday, May 26, 2020

"জীবশ্রেষ্ঠ শব্দটিয়ে  কেতিয়াবা কেতিয়াবা বিভ্ৰান্ত কৰে  "

_________________________________________
                                ✍ৰাজ্জাক আলী

            (১) 
এদিনাখন দুটা শকতকৈ সাপ কাষত ... 
সাপ দেখিলেই ভয় লাগে, 
লাগিবই  দিয়কচোন
সৰ্পদংশনত মৃত্যু হোৱা বাতৰিবোৰে শংকা আনে মনৰ মাজত ... 
সেই দিনাখন একপ্ৰকাৰৰ বন্দী হৈ পৰিলোঁ
বন্দীশালৰ  মালিক- "দুটি সাপ"

জীৱন হেৰুৱাৰ ভয়ত কঁপিবলৈ ধৰিলোঁ
শেষ আশা 
দুহাত মেলি কঁপা কঁপা কণ্ঠৰে (সাপ দুটিৰ  উদ্দেশ্যে), 
" অজানিতে ভুল হ'ল যদি ক্ষমা কৰিব, 
যাবলৈ দিয়ক, কাতৰ অনুৰোধ"
মাথো এইখিনি শব্দ  শুনি দুয়ো নিজৰ সম্পূর্ণ দেহ মাটিত পেলাই
লাহে লাহেকৈ আতঁৰি গ'ল। 
আচৰিত লাগিল, 
লগতে জীৱন ৰক্ষা পোৱাৰ উশাহটি প্ৰকাশ



                         (২) 
ওপৰছোৱা মুকলি জিপছি এখনত
কাৰ্বিআংলংৰ পাহাৰীয়া পথত .... 
বন্ধুৰ সৈতে  আনন্দ ভৰা যাত্ৰাটিৰ মাজতে আহিল 
'ভয়াবহ ঘটনা এটি'
চাৰিটাকৈ বাঘ এ আমাৰ বাহন 
আগুৰি ধৰিলে, 
এটা জপিয়াই বাহনত ... 

সেইদিনা মৰিলোঁ বুলিয়ে ভাবি লৈছিলোঁ  
আমি তিনিও, 
বিশ্বাস কৰা নেদেখাজনৰ কাষত প্ৰাৰ্থনা কৰাৰ লগতে 
তিনিওৱে হাতযোৰ কৰি চকুপানী নিগৰাই 
(বাঘকেইটাৰ উদ্দেশ্যে) 
"আমি যদি একো  অনিষ্ট  কৰা নাই, 
আমাক যাবলৈ দিয়া, যাবলৈ দিয়া"
সেইসময়ত কথা কোৱাৰ সাহস কৰ পৰা আহিছিল
গম নাপালোঁ
অবিশ্বাস্য, 
আমাৰ বিননি শুনি
চাৰিও হাবিলৈ গমন .... 



       (৩) 
জীবশ্রেষ্ঠ মানুহ 
সাপ বা বাঘ নহয়, 

মানুহৰ ক্ষীপ্ৰ আৰু শ্ৰেষ্ঠ মগজুৰ বাবে
বাবে চাগে জীৱশ্ৰেষ্ঠৰ স্বীকৃতি ... 
কিন্তু
এই মানুহৰে এচামৰ কৰ্মকাণ্ডই
বাৰুকৈ আঘাত দিয়ে বাৰে বাৰে, 
হৃদয়ত জুই জ্বলাদি জ্বলি উঠে ... 

জীৱশ্ৰেষ্ঠৰ শাৰীত নপৰা 
সাপ, বাঘ হিংস্র জন্তুৱে যদি সময়ে সময়ে
বিননি শুনি পায়, বুজি পায়
(উদাহৰণ হাজাৰ হাজাৰ) 
জীৱন ভিক্ষা খুজিলে 
দিয়াৰ মহানুভবতা ৰাখে
তেন্তে কিয় ............... কিয়??????????? 
মানুহ হৈ মানুহৰ বেদনা নুবুজে, 
কিদৰে মানুহে মানুহক মাৰিব পাৰে, 
জীৱন ভিক্ষা খুজিলেও কিয় মহানুভবতা নাইকীয়া হৈ যায় , 
মানুহে মানুহক মৰিয়াই মৰিয়াই মাৰিব পাৰে নে??? 
কিয় বাৰে বাৰে জীৱনবোৰ কাঢ়ি নিয়ে?? 
জীৱন দিব পাৰিব নে ???? 
জীৱন এটি কিমান মূল্যবান ,তাৰ মূল্য দিয়াৰ সক্ষমতা আছেনে??? 
এটি জীৱনৰ লগত বহু জীৱনৰ হত্যাও হয়
 মনৰ হত্যা, ভাৱনাৰ হত্যা, 
সেয়া বুজি পাবনে???? 
ধেত , সেইচাম জীৱশ্ৰেষ্ঠই নে ??????? 



দুটিকৈ হাত, দুখনকৈ ভৰি, 
সুগঠিত শাৰীৰিক অৱয়ব
লগতে পঞ্চ ইন্দ্ৰিয় 
শ্ৰেষ্ঠতাৰ শাৰীৰ শীর্ষত পৰিলেও , 
মগজু এটা থাকিলেই 
প্ৰকৃত মানুহ হৈ নাযায়..... 
প্ৰকৃতাৰ্থত মানুহ হোৱাটো
ইমান সহজ কথা নহয় ... 
যদি এচাম মানুহেই নহয় সম্পূর্ণ কৈ 
তেন্তে তেনেচাম জীবশ্রেষ্ঠৰ তালিকাত জানোঁ?????? 










Monday, May 18, 2020

      "সময়বোৰ কিয়  বাৰু এনেকৈ"

                                                              ✍ৰাজ্জাক আলী
(টোকোৰা চৰাইৰ মনৰ বেদনাবোৰ)

সূদূৰ ধাননি পথাৰলৈ যাত্ৰা বহুবাৰ,
ঠোঁটতো যোৰা মানে খেৰৰ যোগাৰ
ডেউকাত বিষৰ ৰাজত্ব
তথাপিও ঘৰটি সঁজাৰ বাবেই কষ্টখিনি...
       ঘন হাবিৰ মাজলৈও কেতিয়াবা কেতিয়াবা,
য'ত হিংসুক প্ৰাণীৰ চিকাৰ হোৱাৰ পৰা
কথমপি হে  বাচি আহিছোঁ বহুবাৰ
অন্নৰ সন্ধান, ঘৰ সঁজা যতনৰ সন্ধান

যুঁজ -জীৱনৰ বাবে
যুঁজ -আশ্ৰয়ৰ বাবে
যুঁজ -পিছৰ  প্ৰজন্মৰ বাবে

বহু যুঁজৰ বিৰতিত
এদিনাখন হেঁপাহৰ ঘৰটি সম্পূৰ্ণ
আশ্ৰয় লাভ,
অন্নও কম কম কৈ যোগাৰ .....

এইখিনিতে আৰম্ভ হয়
নতুন সংগ্ৰাম,
আশ্ৰয়স্থলী উচ্ছেদ কৰাৰ পৰিকল্পনা
বহুদিশৰ পৰা,
হয়তো কেতিয়াবা বলৱান হিংস্ৰ পখীৰ আক্ৰমণ,
কেতিয়াবা মানুহ সদৃশ প্ৰাণীৰ,
কেতিয়াবা ধুমুহাই ,
আৰু কেতিয়াবা জীৱশ্ৰেষ্ঠ ৰ সন্ত্ৰাস চলে
মোৰ প্ৰজাত....

সময়বোৰ কিয়  এনেকৈ

এই ঠাইখিনি মোৰ বুলি
কিমান বাৰ ক'ম,
মোৰো সুখৰ জীৱন এটি লাগে,

কণ্ঠ মোৰ উচ্চস্বৰীয় নহয়
প্ৰভাৱশালী কোনো জীৱৰ শাৰীটো নপৰো

যুঁজি গৈছিলোঁ মাথোঁ
যুঁজি যুঁজি অৱশেষত আশ্ৰয়স্থল হেৰুৱালো
নোৱাৰিলোঁ বচাই ৰাখিবলৈ ...
ন - সন্তান দুটিও ক'ত হেৰাল বিচাৰি নাপালোঁ

দুখৰ প্ৰবাহে
জীয়াই থকাৰ হেঁপাহকণ হেৰাল,
কণমানকৈ থকা ক্ষমতাও হেৰুৱালোঁ
যুঁজ  দিবলৈ অসমৰ্থ ..
আৰু সৰ্বশেষত এদিন  ক্ষমতাশালীৰ কাষৰত নতি স্বীকাৰ  ...
সময়বোৰ কিয় বাৰু এনেকৈ  ...


মই সঁজা ঘৰখন
আজি কোনোবা মানুহৰ
ঘৰৰ কোঠালিৰ সৌন্দৰ্য্যবৰ্দ্ধক....


"পৰা হ'লে নেতিবাচক বোৰৰ হত্যাকাৰী হওঁক ... "
                                 ✍ৰাজ্জাক আলী

কিহবাত প্ৰতাৰিত হৈ বা
বিফলতা লভি আত্মহত্যা নকৰিবা,
সেয়া ব্যৱসায়, প্ৰেম, শিক্ষা, অন্যন্যা বিষয়ক নহওঁক কিয়
শৰীৰটোক  হত্যা নকৰিবা কেতিয়াও,

হত্যা কৰিবই আছে যদি
বিফলতাক হত্যা কৰা,
কাষলৈ অহা নেতিবাচক ভাৱবোৰক হত্যা কৰা,
ৰিপুসমূহক হত্যা কৰা

জীৱন অতিকৈ মূল্যৱান
সৎ ব্যবহাৰ কৰি যোৱা
নিজৰ হকে,
সমাজখনৰ হকে

টেবুলৰ তলেদি
পিছ দুৱাৰেদি
হিংসা বিয়পোৱাৰ কাৰবাৰটিক  হত্যা কৰা
তুমি ,মই ,আপুনি কি সম্প্ৰদায়ৰ সেয়া পাছৰ কথা
মানুহ হৈ থাকিব লাগে
অসুৰৰ চৰিত্ৰক হত্যা কৰা

সমাজত চলা অন্ধকাৰবোৰ হত্যা কৰা,
গৃহহিংসাই হওঁক অথবা সামাজিক বৃহৎ প্ৰতিবন্ধক,
পৰাজিত হৈ নিজৰ শৰীৰটোক-মনটোক হত্যা কৰাৰ পৰিকল্পনা কৰবাত দলিয়াই পেলোৱা দেই,
হত্যা কৰিবই আছে যদি সেই আসোঁৱাবোৰক সাহসেৰে হত্যা কৰা

এই যে বেলেগৰ উন্নতি দেখিবলৈ নোৱাৰা স্বভাৱটো,
আনৰ সফলতা, সু -কৰ্মৰ গুণ-গানত গা জ্বলি স্বভাৱটো
সেইবোৰক সম্পূর্ণ হত্যা কৰিব লাগে,
আনৰ ভাল খবৰ এটাই নিজৰ মনৰ আকাশ উৎফুল্লিত কৰিব পৰা পৰিবেশ এটিৰ আৱিষ্কাৰক হওঁক

আনৰ ছাবি দিয়া পুতলাৰ দৰে
নিজৰ ইন্দ্ৰীয়বোৰ আনৰ দ্বাৰা পৰিচালিত কৰাৰ ভুল নকৰিবা,
যিটো ভুল সাম্প্রতিক সময়ত প্ৰায় প্ৰতিদিনেই হয়,
সেয়া হ'লে তোমাৰ হাতত ইতিবাচকবোৰৰ হত্যা হ'ব সততে ...
সততাৰ হত্যা,
শান্তিৰ হত্যা,
বন্ধুত্বৰ হত্যা,
সম্পর্কৰ হত্যা,
জাতীয়তাবাদৰ হত্যা,
ভ্ৰাতৃত্ববোধৰ হত্যা,
মানৱতাৰ হত্যা

গতিকে সাৱধান হওঁক সাৱধান
ইতিবাচকক হত্যা কৰি অপমানিত নকৰিব জীবশ্রেষ্ঠৰ মৰ্যাদাক,
পৰা হ'লে নেতিবাচকবোৰৰ হত্যাকাৰী হওঁক
যি হত্যাত কোনো ব্যক্তিৰ মৃত্যু নহয়,
তেজ এটোপালো নোলাওক,
কোনো লোক পংগু নহওঁক,
কোনো আত্মীয়ৰ চকুলো সৰকি নপৰক বেদনাত
পৰা হ'লে নেতিবাচক বোৰৰ হত্যাকাৰী হওঁক ...

স্বাভাৱিক/কৰ'ণাবিহীন মৃত্যু আজি যেন ধুনীয়া"

-------------------------------------------------------------------------------------------------------------
(ধৰণীৰ পৰা কৰ'ণা মহামাৰী সোনকালেই নিঃশেষ হৈ পৰক সম্পূর্ণকৈ, তাৰে কামনাৰে)
                                         
                                   ✍ৰাজ্জাক আলী




জীবশ্রেষ্ঠৰ ,
         জীৱন আজি প্ৰতিকূল সময়ৰ কাষৰত,
সুন্দৰকৈ জীয়াই থাকিবলৈ
আনকি মৃত্যুও আজি অনুকূল বতৰাৰ সন্ধানত

কৰ'ণা অনুজীৱৰ ভয়াবহ আক্রমণত
জীৱনৰ লগতে স্বাভাবিক মৃত্যুও শলঠেকত
প্ৰতিৰক্ষাৰ হাজাৰ চেষ্টা অথলে
প্ৰতি আক্ৰমণৰ সঠিক অস্ত্রও হাতত নাই
যেন সকলো বিফল ...
দিনে -নিশাই হাজাৰৰ হাৰত
জীৱন বোৰে বিদায় মাগিছে ...
নিঃসহায় সকলো

স্বাভাৱিক/কৰ'ণাবিহীন মৃত্যু আজি যেন ধুনীয়া
মনত ভাবি ৰখা আপোন ঠাইখনতে
আত্মীয়ৰ সহযোগত
আত্মীয়ৰ পৰশ'লৈ
সৎকাৰৰ সুবাস

কৰ'ণাই  গ্ৰাস কৰা দেহটিয়ে চোন
আপোনজনৰ কাষৰলৈকে অহাৰ সুযোগকণ নাপায়,
মৃত্যুৰ পাছতেই যেন শতৰু  হৈ পৰে
অন্য জীৱনৰ বাবে,
আত্মীয়ৰ চকুলো শুকাই যায়
আপোনজনৰ নিথৰ দেহৰ কাষৰত নপৰাকৈয়ে ...

স্বাভাবিক মৃত্যু আজি ধুনীয়া অ ধুনীয়া,
নেদেখাজনৰ কাষৰত
কাতৰ অনুৰোধ,
এনে ভয়াবহ মৃত্যুৰ পৰা মানুহক ৰেহাই দিয়ক ৰেহাই,

যি মৃত্যুত আপোনজনক,
আপোনজনে এবাৰ চুই চাবলৈ, দুচকুৰে প্ৰত্যক্ষ কৰিবলৈ অন্তিম সুযোগকণ নাই,
তেনে মৃত্যু নালাগে অ নালাগে

আমি দেখিছোঁ, আজি বাটে -ঘাটে মৃতদেহ পৰি ৰৈছে(ইকুয়েডৰ দৰে দেশত)
সৰ্বশক্তিমান ৰাষ্ট্ৰত আজি মৃতদেহ সৎকাৰৰ ঠাই নোপোৱা হৈছে ..
হাজাৰ হাজাৰ মৃতদেহ খাল খান্দি পুতি দিয়া লৈছে একেলগে ডম ডমকৈ..

মৃত্যুৰ পাছতো মৃতদেহৰ বহু সন্মান থাকে অ
এনে অপমানজনক মৃত্যু নালাগে
স্বাভাবিক/কৰ'ণাবিহীন মৃত্যু মানেই যেন চৰম সুখ আজি
মৃতকৰ বাবেও
মৃতকৰ পৰিয়ালৰ বাবেও ...... 

Sunday, May 17, 2020


এইবাৰ ঈদত  নতুন কাপোৰ নিকিনো

------------------------------------------------
                                   ✍ৰাজ্জাক আলী


কেইদিনমান আৰু ঈদৰ ন জোন আকাশত,
পিছদিনা ঈদ,
ত্ৰিশদিনীয়া ৰোজাৰ  অন্তত,
ঈদ বুলিলেই আনন্দ, উৎসাহ বুকুৰ মাজলৈ প্ৰবাহিত

সৰুতে ঈদ বুলিলেই
নতুন কাপোৰ পাওঁ,
নতুন কাপোৰ পিন্ধি  ঈদ খাবলৈ অতিথি হওঁ
কাষৰ ঘৰত, আত্মীয় ৰ ঘৰত।
ঈদৰ নামাজে আৰু উৎসাহিত কৰি তুলে ,
দুদিন পূৰ্বৰ পৰাই লগোৱা ঈদৰ গেট,
ৰঙীন লাইটে ঈদৰ অগা-পিছা ৰাতিবোৰো মনোমোহা কৰি তুলে

কিন্তু, দুহেজাৰ বিশ যেন
বিষাদৰ  বছৰ হৈ পৰিল
হেঁপাহৰ বিহুটো  উৎসাহহীনকৈয়ে পাৰ হৈ গ'ল,
(এতিয়া কাষৰত ঈদ)
সময়বোৰ দুঃসময় লৈ পৰিণত
জীৱনবোৰলৈ অমানিশা নামি আহিল,
ক'ৰণা মহামাৰীয়ে ক্ষত-বিক্ষত কৰি তুলিলে মানৱ জীৱন ..

ইফালে ক'ৰণা মহামাৰীয়ে জীৱন কাঢ়ি নিয়াৰ ভয়াবহতা,
আনফালে লাখ লাখ শ্ৰমিক-দুখীয়াৰ জোখে-মাখে চলি থকা জীৱনবোৰ ৰুদ্ধ ...
হাৰি নগ'ল মধ্যবিত্ত, চহকী ও ..
স্বাভাবিক জীৱন কৰবাত নহয় কৰবাত বাধাগ্রস্ত সকলোৰে ...

আনন্দ- ফূৰ্তি বোলা শব্দবোৰ যেন কৰবাত হেৰাই গ'ল
"অনুপম জীৱন"ৰ অপহৰণ

সৰুৰে পৰা ঈদত নতুন কাপোৰ অভ্যাসটো বিগত ঈদৰ লৈকে আছিল,
(মাথো এতিয়া নিজে কিনো)
সৰুৰ দৰেই বহুত ফূৰ্তি নাই,
যদিও ঈদ বুলিলেই কিবা এটা ভাল লাগি যায়,
তাতে ৰোজাৰ অন্তত ঈদৰ মজাই বেলেগ ...

কিন্তু এইবাৰ মনবোৰত কলা ডাৱৰ
ফৰকালনো  কেনেকৈ হ'ব?
জীৱনবোৰ যেনেকৈ হেৰাই গৈছে ,
মানুহৰ জীৱনৰ ছবিবোৰত ৰঙীনতা কমি গৈছে,
তেন্তে পৰিস্থিতিত কিদৰে নতুন কাপোৰ পিন্ধো ঈদত,
মনটোৱে,
হৃদয়ে,
শৰীৰটোৱে
অনুমতি নিদিয়ে কেতিয়াও....

সাহসো  নাই, নতুন কাপোৰ কিনাৰ
কাপোৰ কিনিবলৈ দুভৰি  আগ নাবাঢ়ে
চকুৱে হৃদয়বিদাৰক দৃশ্য বোৰ দৃশ্যমান কৰি তুলে
ক'ৰণাই আঁকি পেলোৱা ভয়াবহ সেই চিত্রবোৰ

ঈদৰ নামাজ পঢ়িবলৈ ঈদগাহলৈয়ো নাযাওঁ
দেশৰ প্ৰধানৰ, প্ৰশাসনৰ নিৰ্দেশনাক স -সন্মান জনাই, 
ঘৰৰ চাৰিবেৰৰ মাজতে ঈদৰ নামাজ
(চলিত সময়ৰ প্ৰতিটো নামাজৰ দৰে)

দুহাত মেলি  ঈদৰ নামাজত দোৱাত  ,
(চলিত সময়ৰ প্ৰতিবাৰৰ দোৱাৰ দৰেই)
নেদেখাজনৰ কাষৰত বিনম্র  অনুৰোধ,
"ক'ৰণাই আঁকি পেলোৱা ভয়াবহ চিত্রবোৰ সম্পূর্ণ নষ্ট হৈ পেলাওঁক,
স্বাভাবিক জীৱনৰ ৰঙীন চিত্রবোৰ পুনৰ অংকিত হওঁক, 
সুন্দৰতা নামি আহক, প্ৰতিটো জীৱনত..."।। 



Wednesday, May 13, 2020

              স্বৰ্গ বা জন্নতৰ সোৱাদ আচলতে পৃথিবীতে আছে

_______________________________________________________________________________________

                                                                  ✍ৰাজ্জাক আলী


       মই জনাত  কোনো ধৰ্মতে মা-দেউতাকক বেয়া ব্যবহাৰ কৰা , 

মানুহৰ প্ৰতি বেয়া চিন্তা কৰিবলৈ শিকোৱা নাই। 

ধাৰ্মিক মানে ধৰ্মীয় দিশত বেছিকৈ জড়িত মানুহবোৰ এই ক্ষেত্ৰত আগভাগত হে থাকিব লাগে। মানে মা-দেউতা সহিতে মানুহক প্ৰতি ভাল দৃষ্টিভংগী তেওঁলোকৰে বেছি হ'ব লাগে,   কাৰণ তেওঁলোকে ধৰ্মক আন দহজনকৈ ভালকৈ জানে।

 প্ৰতি ধৰ্মই দেশক ভালপাবলৈ শিকাই অৰ্থাৎ ধৰ্মীয় গ্ৰন্থবোৰত লিখিত আছে। তেন্তে নিশ্চয়কৈ অত্যাধিক ধৰ্মীয় লোকসকল দেশৰ প্ৰতি ভক্তি সাধাৰণ ব্যক্তিতকৈ বেছি হ'ব। 


কিন্তু দুখৰ বিষয়, এচাম(সকলো নহয়) তেনে ব্যক্তি আপুনি -মই ভবাৰ দৰে একেবাৰে নহয়। 

মা-দেউতাকক বেয়া ব্যৱহাৰ , অপমানিত কৰা, 

মানুহৰ প্ৰতি বেয়া চিন্তা, 

লগতে দেশৰ প্ৰতি অলপো সন্মান নাই তেনে এচাম ব্যক্তিৰ। 

এতিয়া  কথাটো হ'ল এনে নেতিবাচক কৰ্মবোৰ নকৰিবলৈ সকলো ধৰ্মতে লিখিত বা খুদিত আছে। কিন্তু ধৰ্ম দিশত আগৰণুৱা বুলি চিনাকি দিয়া এচামে কিন্তু সেই নেতিবাচক কৰ্ম বোৰ কৰে। আচৰিত .... 


স্বৰ্গ বা জন্নতৰ সোৱাদ আচলতে পৃথিৱীতে আছে .. (উপৰোক্ত নেতিবাচক কৰ্মই সেই সোৱাদ কোনো ঠাইতে নিদিয়ে সম্ভৱতঃ) 

পৃথিৱীক ভালপাবলৈ শিকক,

মানুহক ভালপাবলৈ শিকক, ভাবাধাৰা ইতিবাচক কৰক, 

পৃথিৱী দেখুওৱা মা -দেউতাক শ্ৰদ্ধা-সন্মান কৰক,
যি দেশক জন্ম লৈছে সেই দেশক ভাল পাবলৈ, ভক্তি কৰিবলৈ শিকক সু-হৃদয়েৰে ,
তাতকৈ পূণ্যৰ কৰ্ম নাই আৰু তাৰ পৰিণতিত পোৱা সুৱাসবোৰ, স্বৰ্গ বা জন্নতকৈ কোনো গুণেই কম নহয়। 


Tuesday, May 12, 2020

   প্ৰতিগৰাকী নাৰ্চলৈঃ কেইশাৰীমান শব্দ-বাক্যৰ সজ্জা

                   -----------------------------------------------------------------------

                                                               ✍ৰাজ্জাক আলী

    



"এইয়া আপোনাৰ মৰমৰ সন্তানটি"
বহু মধুৰ আৰু প্ৰতিগৰাকী মাতৃৰ হৃদয়ত বুজাব নোৱাৰা প্ৰশান্তি দিয়া শ্ৰেষ্ঠ চাৰিটি শব্দ,
কণ্ঠত-নাৰ্চ
নাৰ্চৰ  মৰমীয়াল হাতৰ পৰশতে মাতৃলৈ অৰ্পণ সন্তানক
এটি এটি জীৱনৰ
আৰম্ভণি,
মাতৃত্বৰ উম


বিশ্ব স্বাস্থ্যৰ সু নেতৃত্বত,
স্বাস্থ্য সেৱাৰে মানৱ সম্পদ সংৰক্ষণ,
নাৰ্চিং কেৱল চিকিৎসা যন্ত্রৰেই নহয়
  ইতিবাচক কন্ঠৰে, আনন্দময় হাঁহিয়াল পৰিবেশেৰে, আলসেৰে  প্ৰতি ৰোগীৰ মানসিক শকতি আধাৰস্বৰূপ,
চিকিৎসকৰ প্ৰতি চেকেণ্ডৰ সহযোগী,
চিকিৎসক অবিহনে নাৰ্চ যিদৰে
নাৰ্চ অবিহনে চিকিৎসক তেনেদৰেই  আধৰুৱা
চিকিৎসককৈও  ৰোগীৰ কাষৰত
ক্ষণৰ সংখ্যাত অধিকতম
থিয় দিয়া গৰাকীয়ে নাৰ্চ,
দিন হওঁক অথবা ৰাতি


বিশ্বত আজি ক'ৰণাতংগ
লক্ষ লক্ষ জীৱন মুহূর্ততে নিঃশেষ
কোটিৰ শাৰীত জীৱন কিন্তু আৰোগ্য
সৰ্বাধিক শ্ৰেয়, চিকিৎসক, নাৰ্চ(চেলুট)
পৰিয়াল-সংসাৰ,  সামূহিক বিৰতি দি
নিজা সন্তানৰ পৰা আঁতৰি,
কণমানি সন্তানৰ কাষ চাপিব নোৱাৰা,
চুবলৈ নোৱাৰা বেদনা
নাৰ্চৰূপী মাতৃৰ,চিকিৎসক ৰূপী মাকৰ
সন্মুখত কৰ্তব্য, "জীৱন বচোৱা"ৰ,
কেৱল  ৰোগীৰ সেৱাত  নিমগ্ন
ইয়াতো সৰ্বাধিক কাষৰত "নাৰ্চ"


সদ্য প্ৰসূতিত কেঁচুৱাৰ
পৰা বৃদ্ধলৈ স্বাস্থ্যসেৱাত অভুতপূৰ্ব বৰঙণি
নাৰ্চৰ .....
চেলুট নাৰ্চ
চেলুট চিকিৎসা সেৱা




Thursday, April 16, 2020

               "সেয়াই হ'ব, আজিৰ সময়ত আটাইতকৈ ডাঙৰ মানৱসেৱা.."

_______________________________________________

                           ✍ ৰাজ্জাক আলী

                                                                                  


কিয় এনে কৰিছে


বহু দুখৰ বিষয় , 
এচাম আজিও সজাগ নহ'ল। 
তেওঁলোকৰ বাবেও
 জীৱন ভয়াবহতাৰ গৰাহত ৰাখি সেৱা কৰা সকলৰ ত্যাগবোৰ, কষ্টবোৰ নষ্ট হোৱাৰ পথত ... 

পৰিয়াল এৰি, নিজা স্বাভাবিক জীৱন এৰি মানৱ সেৱা কৰা সকলৰ কথা অনুগ্রহ কৰি এবাৰ ভাবি চাওঁক, 

চিকিৎসক,আৰক্ষীৰূপী 
পিতৃ-মাতৃয়ে সন্তানৰ কাষৰত থাকিব পৰা নাই, 
কাৰ বাবে ... 
বৃদ্ধ পিতৃ-মাতৃৰ কাষৰত নাই পুতেক-জীয়েক
তেওঁলোক হয়তো আৰক্ষী অথবা চিকিৎসক, 
কাৰ বাবে ... 
এবাৰ ভাবিবলৈ যত্ন কৰক
ভয়াবহতা বুজিবলৈ নিবিচৰাসকল
এবাৰ ভাবিবলৈ যত্ন কৰক



জীবশ্রেষ্ঠ মানুহ, 
এই সজাগ হ'ব নিবিচৰা চাম
আপোনাসৱক কৈছোঁ, 
'আপোনালোকো মানুহ, 
কিয় বুজিবলৈ নিবিচাৰে 
মগজু'চোন আপোনাসৱৰো আছে, 
তেন্তে কিয়, কিয় এনে কৰিছে

প্ৰশাসনে কৈছে দূৰত্ব বজাই ৰাখক
ভিৰ হোৱা ঠাইবোৰ বন্ধ ইতিমধ্যে, নিষেধাজ্ঞা, 
কিন্তু 
মগজু থকা এচামে ঘৰত মানুহ গোট খোৱাই আড্ডা, উপাসনা গাতে গাত লগাই, 
বাটে-পথে জুম, 
নানা খেলত মগ্ন, 
আৰক্ষী-প্ৰশাসন আহিলেহে পলায়ন, 

কিয় বুজি উঠা নাই 
এয়া চুৰ পুলিচৰ খেলা নহয়
"জীৱনক বচাই ৰাখিবলৈ জীৱনৰ গৰাকীক কাতৰ অনুৰোধ"

চকুপানী ওলাই গৈছে, 
শুৱলৈ পৰা নাই অ ... 
মৃতদেহৰ শাৰীবোৰ দেখি ভয় খাইছোঁ, 
আত্মীয়ই  আপোনজনৰ মৃত্যুদেহ চাব নোৱাৰা হৃদয়বিদাৰক দৃশ্যবোৰেও আমনি কৰিছে বাৰুকৈ.. 

মূল্যৱান জীৱনবোৰ হেৰাই গৈছে
পৃথিৱী উন্নতিৰ বহু বছৰ পিছলৈ গুছি যাব
অনুধাবন কৰিলেই কঁপি উঠিছে বুকু .. 

হায়, ইমান ভয়াবহতাৰ পিছতো 
কাণসাৰ নাই, 
গাৰ নোঁম এডালো কম্পিত হোৱা নাই এচামৰ, 
কিমান চকু মেলি অন্ধ হৈ থাকিব, 
মগজু থাকিও ব্যবহাৰ নকৰি পেলাই থ'ব, 
কেতিয়ালৈকে ......... 
কেতিয়া বাৰু বুজি উঠিব?? 
ভয়াবহতা উপলব্ধি কৰিবলৈ কিমান সময় লাগিব?? 
সকলো হেৰুৱাৰ অপেক্ষা নেকি ... 

হাত যোৰ কৰি কাতৰ অনুৰোধ
এনেকৈ আৰু নকৰিব
বুজি উঠক বুজি
"সেয়াই হ'ব  "আজিৰ সময়ত আটাইতকৈ ডাঙৰ মানৱসেৱা ...... "


Friday, April 10, 2020

" চেলুট বেংকাৰ"
আপোনালোক কুশলে থাকক
_______________________

                               ✍ৰাজ্জাক আলী





চিকিৎসক,আৰক্ষী-প্ৰশাসনৰ লগতে
বেংকাৰসকলো সেৱাত
বেংকাৰৰ বন্ধ  নাই
'ঘৰতে থাকক সুৰক্ষিত থাকক 'ৰ শাৰীত তেওঁলোকেও নপৰে
বিত্তীয়  প্ৰতিষ্ঠানসমূহ কৰ্মৰত
উদ্দেশ্য-কৰ'ণা মহামাৰীৰ দুৰ্যোগৰ এই ক্ষণত যাতে ৰাইজৰ সেৱাত  কোনো ত্ৰুটি নৰয় ...

বেংক বন্ধ হৈ থাকিলে বহু ঘৰ
পৰিচালনাত ব্যাঘাত,
বহু অৰ্থনৈতিক কৰ্মৰাজি ৰুদ্ধ....
সেয়েহে মৃত্যুব্যাপী   ভয়াবহতাৰ ক্ষণটো  জীৱনক শলঠেকত পেলায়ো কৰ্মত বেংকাৰ....

নিজে সজাগ,সচেতন হ'লেই নহ'ব
এই  সময়  ,
প্ৰতি ব্যক্তি সচেতন, সজাগ হোৱা নিতান্তই ,
কিন্তু  কিমানজনে হৃদয়ঙ্গম কৰে,উপলব্ধি কৰে এই ভয়াবহতা,
ক'বলৈ গ'লেও ওলোটা খৰ বাক্যবাণ , গালিহে পাৰে ( সাধাৰণ দিনবোৰটো ব্যতিক্ৰম নহয় )
বেংকাৰসকল এচাম তেনে গ্ৰাহকৰ সন্মুখীন ,
বহু সহ্যৰে জনসেৱা.....
অতিষ্ঠ হৈ কেতিয়াবা দুষাৰ মাতিবলৈ বাধ্য

বেংকাৰ সকলৰো নিজা জীৱন আছে,
পৰিয়াল আছে, চিন্তা  আছে
তেওঁলোকৰ সাৱধানতা
এজাক অসাৱধানতাই নষ্ট কৰি পেলোৱা ভয় তেওঁলোকৰো আছে,
এই সময় স্বাভাবিক নহয়

গ্ৰাহকৰ সেৱা -জীৱনৰ প্ৰয়োজনীয় সুৰক্ষা বাবে
ভয়াবহতাৰ মাজতো বেংকৰ দুৱাৰখন মুকলি,
বেংকাৰসকল কৰ্মস্থলীত......
পুনৰ কওঁ "ঘৰতে থাকক সুৰক্ষিত থাকক" তেওঁলোকৰ শাৰীত নপৰে


বেংকাৰসকলৈ স-সন্মান
শ্ৰদ্ধা অজস্র
আপোনালোকো  কুশলে থাকক
পৃথিৱীৰ অসুখৰ এই ক্ষণত
জনতাৰ জনসেৱাৰ অব্যাহত ৰাখিছে
চেলুট বেংকাৰ .........

Tuesday, April 7, 2020


"সমীপেষু 'আৰক্ষী'

আপোনালোক কুশলে থাকক"_______________________________


                                ✍ৰাজ্জাক আলী



অস্থিৰ আজি সময়
চকুলো নিগৰিছে ধৰাৰ,
সন্মূখত মুহূর্ততে জীৱন নিঃশেষ কৰা মহামাৰী

জীৱন ৰক্ষাৰ আন্দোলনত
আৰক্ষী-প্ৰশাসন
"জনহিত জনসেৱাৰ্থে"

সময়ত আপোনাক-আমাক ঘৰতে থাকিবলৈ
কাতৰ অনুৰোধ আৰক্ষী-প্ৰশাসনৰ
কাৰণ -জীৱন হেৰুৱাৰ শংকা

আপোনাৰ-আমাৰ জীৱনৰ ৰক্ষণাবেক্ষণৰ বাবে
আপোনালৈ
আমালৈ অনুৰোধ,
ই চুৰ পুলিচৰ কোনো খেলা নহয়,
ভয়াবহ মহামাৰী
সংক্ৰমণ ইজনৰ পৰা সিজনলৈ তীব্র গতিৰে

তথাপিও সমাজৰ সৰহসংখ্যকে বুজাবলৈ অপাৰগ,
তৰলভাৱে লৈ ,নিৰ্দেশনা উলংঘা,
অসভ্যালী- ল'ৰা -ধেমালি ,
এইচামৰ বাবেই আৰক্ষীৰ ঘনাই ঘনাই
পেট্ৰলিং অলিয়ে -গলিয়ে

আৰক্ষীও মানুহেই অ,
তেওঁলোকেও সংক্ৰমণত জৰ্জৰিত হ'ব পাৰে
তথাপিও আপোনাৰ -আমাৰ জীৱনক লৈ চিন্তা,
তেওঁলোকৰো পৰিয়াল আছে
কিছুমানে ভুকে -পিয়াহেও মানুহৰ জীৱনৰ সুৰক্ষাৰ  অৰ্থে কৰ্মৰত
ৰ'দে-ৰ'দে ....
লক্ষ্য- যাতে কোনো জীৱন আক্রান্ত হৈ  হেৰাই নাযায়

অনুগ্রহ কৰি সকলোৱে আৰক্ষী-প্ৰশাসনক সহযোগিতা কৰক, সহযোগ  কৰক
তেওঁলোকৰ কষ্ট-ত্যাগক
উপলুঙা নকৰিব,
আমাৰো হাতযোৰ কৰি অনুৰোধ ...

পেট্ৰলিং ৰ গাড়ী আতঁৰি গৈছে
এচাম  লোক আকৌ গোট খাইছে,
বহু ঘৰৰ ভিতৰত এজাক লোক গোট খাই আড্ডা ,
কিয় কৰিছে এনেকুৱা
পুনৰ কওঁ, এইয়া চুৰ -পুলিচৰ খেল নহয়
ভয়াবহ মহামাৰী ৰ বিপক্ষে যুজঁহে,
লুকাই থকা অথবা নিৰ্দেশনা উলংঘা কৰাজনৰো
জীৱন কাঢ়ি লৈ যাব পাৰে এই মহামাৰীয়ে ।

ভুলটোৰ  বাবে আত্মীয়-স্বজনৰ, সমাজখনৰো অনিষ্ট..

প্ৰশাসন-আৰক্ষীক শ্ৰদ্ধা কৰক
তেওঁলোকৰ নিৰ্দেশনা মানি চলক


সকলো আৰক্ষী বিষয়া-কৰ্মচাৰীলৈ
সহস্ৰ প্ৰণাম,
আপোনাসৱৰ কষ্ট-ত্যাগক সন্মান,
কুশলে থাকক আপোনালোক .....

Monday, April 6, 2020

কুশলে থাকক আপোনালোক"

----------------------++++-------------
                                                 ✍ৰাজ্জাক আলী

জীৱন জীৱন বৰ অনুপম,
এই জীৱন পৰিচালনা কৰা শৰীৰটিৰ অৱনতিৰ
কেতিয়াবা উমান পালেই
ধৰাত কৰ্মৰত
ভগৱানৰূপী দূতৰ কাষলৈ আমিবোৰ ...

হয়, চিকিৎসক ৰ কথাই কৈছোঁ,
অসুস্থতাই জীৱন অনুপম কৰাত অপৰাগত,
সেই ক্ষণত একমাত্র ভৰষা
চিকিৎসালয়, চিকিৎসক
কামনা সুস্থ হোৱাৰ ...

 চিকিৎসকে কোনো ধৰ্ম নাচায়
নাচাই কোনো ভাষা
ধৰ্ম-ভাষা চাই চিকিৎসালয়ৰ পৰা উভতাই পঠিয়াইছে নে ...
কৈছে জানো,
তুমি আমোক ধৰ্মৰ
তুমি তামোক ভাষাৰ ..
তোমাৰ চিকিৎসা নকৰোঁ
নাই নাই কেতিয়াও কোৱা নাই

আজি ধৰণী অসুস্থ
মহামাৰী কৰ'ণাৰ দ্বাৰা,
অলপমান অসাৱধানতাই ই ছানি ধৰে শৰীৰ
ইটো শৰীৰৰ পৰা আনটো শৰীৰলৈ
ধ্বংস ৰ গৰাহলৈ এটি এটি জীৱন ..
ইতিমধ্যে বহু জীৱন কাঢ়ি লৈ গ'ল

চৰকাৰী-প্ৰশাসনীক নিৰ্দেশনা ৰ লগতে
লক্ষ, লক্ষ চিকিৎসক-চিকিৎসা কৰ্মী
কৰ'ণামুক্ত ধৰণী কৰা যুদ্ধৰ যুজাঁৰু ..
প্ৰাণ বিসৰ্জন এই যুদ্ধত বহু চিকিৎসক-চিকিৎসক কৰ্মীৰ
অথচ, সাৰ মনা নাই চিকিৎসা ব্যবস্থা
দুগুণ উদ্যোমেৰে জীৱন বচোৱাৰ কৰ্মত,
ত্যাগ অজস্র ............

মৃত্যু লৈ ভয় নাই
অপব্যবহাৰ, দুঃব্যৱহাৰ বোৰৰ প্ৰতিটো নাই কোনো আক্ষেপ,


ভয় এটাই,
যাতে কোনো জীৱন নেহেৰায়
আক্ষেপ এটাই,
অযুত কষ্টৰ অন্তত যদি কোনো জীৱন হেৰাই যায়

আপোনাসৱলৈ, সকলো চিকিৎসকলৈ
কৰযোৰে প্ৰমাণ
সহস্র শ্ৰদ্ধা নিবেদিছোঁ
কুশলে থাকক,
কুশলে থাকক আপোনালোক .......

Monday, March 30, 2020


#এক_এপ্রিলৰ_মিছা_কথা_কোৱা_ধেমেলীয়া_দিনটো #পৰিহাৰ_কৰক_এইবাৰলৈ_কাতৰ_অনুৰোধ

___________________________________________
                       ✍ৰাজ্জাক আলী
                                 মৰাণ
কাইলৈ এপ্রিল মাহৰ এক তাৰিখ। বহু বছৰ ধৰি এপ্ৰিলৰ এক তাৰিখটো মিছা কথা কোৱা দিন হিচাপে উদযাপন কৰি অহা হৈছে,সমগ্র বিশ্বত। ইতিহাস প্ৰায় সকলোৱে জ্ঞাত,নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আমিও , ময়ো একে ধেমেলীয়া মিছা কথা পূৰ্বৰ বছৰবোৰৰ এক এপ্ৰিল টোত কৰি পাইছোঁ সতীৰ্থ তথা আত্মীয় সকলৰ সৈতে (কোনো অনিষ্ট নোহোৱাকৈ, মানসিক, শাৰীৰিক)
এতিয়া আহোঁ মূল কথালৈ ..
বৰ্তমান বিশ্বত কৰ'ণা ভাইৰাছ ৰ মহামাৰী য়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। আমাৰ দেশ ভাৰতবৰ্ষও ব্যক্তিক্ৰম নহয়। জন্মভূমি অসমী আইৰ কোলা কৃপাত, তথা বহু  সাৱধানতাৰ বাবে আজি পৰ্যন্ত কোনো কৰ'ণা পজিটিভ ওলোৱা নাই। আশা কৰোঁ ওলাই যাতে নাহে একে ফলাফল।
অসমৰ বহু লোক আজিৰ তাৰিখতো প্ৰশাসন তথা চৰকাৰী নিৰ্দেশনা মানি চলা নাই, লক ডাউন অমান্য ব্যাপক হাৰত।
কৰ'ণা ভাইৰাছ ক্ষীপ্ৰ গতিত বিয়পে, সেয়েহে শাৰীৰিক ব্যবধান বজাই ৰখাটো খুব প্ৰয়োজন , অন্ততঃ এক মিটাৰ দূৰত্ব। কিন্তু বহু লোকেই ভংগ কৰি আহিছে,
ভয়াবহতা উপলব্ধি কৰা নাই।
এতিয়া এপ্ৰিল ৰ এক তাৰিখৰ লগত সংযোগ কৰি লিখাৰ কাৰণ উল্লেখ কৰিছোঁ।
কাইলে মিছা কথা কোৱা দিন বুলি এচামে
উৰাবাতৰি ওলাব পাৰে
#চৰকাৰে_লক_ডাউন_উঠাই_দিলে,
#নিষেধাজ্ঞা_থকা_আন_আন_নিৰ্দেশবোৰো_উঠাই #দিলে_বুলি
তদুপৰি এনে মিছাও বিতৰণ কৰিব পাৰে যিবোৰত হাবাথুৰি খাই মানুহে ভুল কৰি পেলাব অজানিতে নিৰ্দেশনা উলংঘা কৰিব।

তেনে হ'লে পৰিস্থিতি ভয়াবহ হৈ উঠিব।
এনেও নিৰ্দেশনা বাহাল থকা বুলি জানিও অনেকে ভয়াবহতা ক আওকাণ  কৰি বহু ঠাইত গোট খাইছে, ব্যবধান মানি চলা নাই। লুকাই চুৰ কৰিও গোট খাইছে।
তেনে সময়ত যদি   উৰাবাতৰি বা মিছা কথা'ক সচাঁ বুলি ভাবি লৈ তেন্তে আনবহুলোকে এই পৰিস্থিতিত, তেন্তে অসমী আই বিপদত পৰিব পাৰে ব্যাপকভাবে।
আমাৰ চৰকাৰ, প্ৰশাসনযন্ত্ৰ, ডাক্তৰ, নাৰ্চ, অন্যান্য সামাজিক সংগঠন, সামাজিক সেৱাত ব্যক্তি থকা ব্যক্তিসকলৰ বহুত কষ্ট কৰি আছে ভাইৰাছ বিধৰ লগত মুকাবিলা কৰি। বহুত ত্যাগ স্বীকাৰ কৰিছে, কষ্ট কৰিছে।
আমি বহু চামে সহযোগিতা আগবঢ়াইছোঁ।
যাতে এচামৰ এটা দিনৰ ভয়াবহ ধেমালিৰ বাবে পৰিস্থিতি বহু বেয়ালৈ যাব নালাগে।
গতিকে ভয় কৰক, ভয়াবহতা বুজক, সহযোগিতা আগবঢ়াওঁক প্ৰতিগৰাকী য়ে।
#এক_এপ্ৰিলৰ_মিছা_বাৰ্তা_প্ৰেৰণ_কৰা_ধেমেলীয়া_
#পৰম্পৰাটো_সম্পূৰ্ণ_পৰিহাৰ_কৰক
#সকলোৱে_যাতে_সাম্প্ৰতিক_বিশ্বৰ_পৰিস্থিতি_বুজি_
#এইবাৰলৈ_এই_পৰম্পৰা_সম্পূর্ণ_তিলমানো_উদযাপন_নকৰে_
#কাতৰ_অনুৰোধ
আপোনাৰ সহযোগিতাই বহু জীৱন জীয়াই থকাত ইন্ধন যোগাব পাৰে।
আশা কৰোঁ এই অনুৰোধ সকলোৱে মানি চলিব।।


Saturday, March 28, 2020

ভয় কৰক আপুনি ভয় কৰক

__________________________
                     ✍ৰাজ্জাক আলী
   
কিয় বাৰু বুজিবলৈ চেষ্টা নকৰে, কিয় .....
পৃথিবীত এতিয়া মৃত্যুযজ্ঞ,   মৃত্যুযজ্ঞ..
পৃথিৱীৰ উন্নত দেশ আজি অসহায়,নিথৰ,
অৰ্থনীতি চঞ্চল হোৱাৰ পিছতো হাবাথুৰি

মৃত্যু ভয়াবহ ৰূপ লৈ আহিছে,
ভয় কৰক ভয়
এদিনতে হাজাৰ হাজাৰ মৃত্যু,
হায় কি যে হৃদয়বিদাৰক দৃশ্য

প্ৰশাসনৰ নিৰ্দেশ মানক,
চৰকাৰৰ নিদের্শ মানি চলক
নিজা জ্ঞান শক্তি ব্যবহাৰ কৰিও বুজক


কাতৰ অনুৰোধ ল'ৰাধেমালি নহয় এইয়া,
মৃত্যুৰ পিছত নিজৰ ঘৰলৈয়ো আহিব নাপাব,
এইয়া ভয়াবহ মৃত্যু
(এনে নহওঁক চিৰ প্ৰাৰ্থনা)

এই যে বন্ধ চাবলৈ গৈছে,
খালি ৰাস্তা পাই দ্ৰুত গতিত বাহন চলাইছে,
বাৰম্বাৰ মনা কৰাৰ পিছতো গোট খাইছে, আড্ডা মাৰিছে,
আৰক্ষী দেখিলে পলাইছে, আৰক্ষী যোৱাৰ পিছত আকৌ জুম পাতিছে।
কিয় এনে কৰিছে, কিয় ....
অনুধাৱন কৰক  ভয়াবহতা,  অনুধাবন কৰক
অনুৰোধ, অনুৰোধ আপোনাসৱলৈ

কোনোবা সচেতন ব্যক্তি য়ে ক'লে
আপোনাসৱৰ উত্তৰ -
"ভয়াতুৰ"
"এদিনটো মৰিমেই"
"বেছি জনা হৈ নে দেখুৱাব"
"আমি ঘৰৰ পিছফালেহে আড্ডা মাৰিছোঁ, আপুনি কওঁতা কোন? "
এনে অযুত মন্তব্য........

সেই ডাক্তৰ, নাৰ্চ
প্ৰশাসন, আৰক্ষী, চৰকাৰী বিষয়াই ইমান কষ্ট কিয় কৰিছে , কি দৰকাৰত  কৰিছে,
এবাৰ 'দহ মিনিট' একান্ত মনে চিন্তা কৰি চাওঁক,
বুজক ...
"জীৱন " বোলা সম্পদটিক বচাবলৈ সমস্ত   কষ্ট বিতৰণ,
ত্যাগ কৰিছে,
কিমানদিন হ'ল ঘৰৰ মুখ চাব পৰা নাই
আপোনজনক দেখা  কৰিব পৰা নাই ,
তেওঁলোকৰ কষ্ট, ত্যাগক সন্মান জনাওঁক,
অথলে যাবলৈ নিদিব আপুনি ভুল কৰি,
এগৰাকী ৰ ভুলে হাজাৰ জীৱন কাঢ়ি নিব পাৰে
(তেনে হোৱাটো কোনেওঁ কামনা নকৰে)



বুজক এতিয়ালৈকে বুজি নোপোৱা সকলে বুজক,
জীৱনৰ মূল্য বুজি পাবলৈ শিকক,
হাতযোৰ কৰি অনুৰোধ,
সজাগ হওঁক, সচেতন হওঁক, আন দহজনক বুজাওঁক,
যদি এজন ব্যক্তি ও অসাবধান হয়
আমি যুজঁ দিব নোৱাৰিম
এই মহামাৰীৰ পৰা,
পৰাস্ত হৈ পৰিম ,পৰাস্ত ....

ভয় কৰক
আপুনি ভয় কৰক
জীৱন হেৰুৱাৰ ভয় কৰক

Thursday, March 19, 2020

কৰ'ণা ভাইৰাছ সম্পৰ্ক ত
-------------------
                                ✍ৰাজ্জাক আলী
                    


বিশ্বৰ চৌদিশে আজি কৰ'ণা ভাইৰাছত আক্রান্ত...
ই দ্ৰুত হাৰত বিশ্বৰ চৌদিশে বিয়পিবলৈ ধৰিছে।
WHO ৰ লগতে আন্তর্জাতিক বিভিন্ন সংগঠন, দেশসমূহৰ চৰকাৰযন্ত্ৰ, তথা সমাজ সেৱাৰ লগত ওতপ্রোতভাবে জড়িত লোকসকলে ভাইৰাছ বিধৰ পৰা বাছি থাকিবলৈ বিভিন্ন পদক্ষেপ, সজাগতা , ইত্যাদি গ্ৰহণ কৰিবলৈ ধৰিছে।

ইয়াৰ প্ৰভাৱ চীনৰ পৰা আৰম্ভ হৈ ইটালী ,আমেৰিকা আদি উন্নত দেশত ভয়াবহতা ৰূপ ল'বলৈ ধৰিছে। চীনে ভয়াবহতা বুজি নাপায় তথা আন্তর্জাতিক হেঁচাৰ ভয়ত লুকুৱাই ৰখাৰ বাবে,
ইটালীৰ লোক একমাত্র সজাগ নোহোৱাৰ  বাবে তথা গুৰুত্ব সহকাৰে বিষয়টো নোলোৱাৰ বাবেই
তথ্য পোৱা মতে নিতৌ অত্যাধিক হাৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।

এতিয়া আহোঁ আমাৰ দেশ ভাৰত আৰু ৰাজ্য অসমৰ কথালৈ ... ।
ভাৰতবৰ্ষৰ লোক যদি সময় থাকোতেই সজাগ-সচেতন নহয়, তেন্তে পৰিণতি অতি ভয়াবহতালৈ ঢাল খাব।
ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ। দেশৰ হাতত পৰ্যাপ্ত পৰীক্ষাগাৰেই নাই আক্রান্ত হোৱা সকলো লোকক তৎকালীনভাৱে চিনাক্ত কৰিবলৈ(যদি আক্রান্ত হৈছে) ।
চিকিৎসাৰ পৰ্যাপ্ত উপকৰণৰ কথা পিছত।

এতিয়া আহো অসম তথা দেশৰ এচাম মানুহৰ অসাৱধানতাৰ কথালৈ।
চৰকাৰে তথা সচেতন ব্যক্তি য়ে যেতিয়া সেইচামক বিভিন্ন পৰামৰ্শ দিছে যে সজাগ হওঁক, জনসমাগম নকৰিব অন্ততঃ কেইদিনমানৰ বাবে। আপোনাৰ প্ৰয়োজনীয় কৰ্ম ,জীৱন থাকিলে কৰিব পাৰিব।
নিজে বাচক আনকো বছাওক,

নাই সেইচামে বুজি নাপায়। ওলোটাই প্ৰশ্ন কৰে
'অসমত , ভাৰতত একোৱেই হোৱা নাই। চৰকাৰ বা সচেতন নাগৰিকেহে বেছিকৈ কৈছে। অফিচ, নিকায়বোৰত ভীৰ,তেওঁলোকৰ কাম হ'ব লাগে।

(* সচেতন নাগৰিক এইবাবেই কৈছোঁ, তেওঁলোকেহে কেৱল কিমান যে ভয়াবহ সৃষ্টি কৰিব পাৰে কৰ'ণা ভাইৰাছৰ প্ৰকোপে সেয়া শিৰে শিৰে উপলব্ধি কৰিব পাৰিছে)

তেওঁলোকে বুজিবই নিবিচাৰে,  তেওঁলোকৰ মতে বহুলোক আক্রান্ত হ'লেহে তেওঁলোক সজাগ হ'ব। তাৰ পূৰ্বে নহয়। আচৰিত মনোবৃত্তিৰ ব্যক্তি। কিন্তু ইটালীৰ অসাৱধানতাৰ বাবে কি পৰিস্থিতিৰ সৃষ্টি হ'ল উপলব্ধি কৰিব নিবিচাৰে।

অসম তথা ভাৰত চৰকাৰে, প্ৰশাসনে শিক্ষা অনুষ্ঠানবোৰ বন্ধ কৰাৰ লগতে ধৰ্মীয় অনুষ্ঠানবোৰত পূজা, প্ৰাৰ্থনা, নামাজ সমবেত হৈ সম্পাদন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কৰিছে ৰাইজক।  বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান সমূহ কৰ'ণা ভাইৰাছ ৰ বাবে বন্ধ কৰি দিয়া হ'ল।

 ভয় এটাই জীৱন হেৰাই যাব পাৰে।

বহু লোকে সজাগতা অৱলম্বন কৰি চৰকাৰৰ, প্ৰশাসনৰ নিৰ্দেশক সন্মান জনাইছে।
কিন্তু এচাম ব্যক্তিৰ মানসিকতাই বেলেগ ধৰণৰ। তেওঁলোকৰ মতে ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত কৰ'ণা ৰোগ নহয়।  তেওঁলোকে ধৰ্মীয় অনুষ্ঠানতে সমবেত ভাৱে নিজা উপাসনা কৰিবই। বিতর্ক আৰম্ভ।উপৰৱালাই ৰক্ষা কৰিব আছেই হেনু। কিন্তু এটা কথা তেওঁলোকে পাহৰি গৈছে যে উপৰৱালাই মগজু, চকু, কাণ, আদি শৰীৰত সংযোগ কৰি পঠিয়াইছে। ব্যবহাৰ কৰাৰ দায়িত্ব মানুহৰ।

এনে এটি ভয়াবহ ৰোগ নিৰাময় কৰাত ডাক্তৰ, প্ৰশাসনযন্ত্ৰ, চৰকাৰ, বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংস্থা, তথা কিছুসংখ্যক সচেতন লোকৰ একমাত্র দায়িত্ব নহয়। এনে ভয়াবহতাৰ সময়ত প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব সজাগ -সচেতন হোৱাৰ।
সকলোৱে সাৱধানতা অৱলম্বন কৰিলেই কৰ'ণা ভাইৰাছৰ ভয়াবহতা সোনকালেই আতঁৰ হ'ব ।
কিন্তু যদি মাত্র কেইগৰাকীমান ব্যক্তি অসাৱধানতাত থাকে, তেন্তে পৰিস্থিতি কল্পনা কৰিব নোৱাৰা হৈ পৰিব।

*তথ্য পোৱা মতে , এগৰাকী ব্যক্তিৰ অসচেতনাৰ বাবেই ৮০ শতাংশ ইটালিৰ ব্যক্তিলৈ কৰ'ণা ভাইৰাছ বিয়পি পৰিছে।

গতিকে সকলো ব্যক্তিলৈ অনুৰোধ,
আপোনালোক সজাগ, সচেতন, সাৱধানতা অৱলম্বন কৰক। 
অকস্মাৎ ভুল এটাই  ,বৰ্তমান ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।
চৰকাৰ, চিকিৎসক , সচেতন ব্যক্তিসকলৰ তৰফৰ পৰা অহা পৰামৰ্শ সমূহ পালন কৰক । নিজক বচাওক লগতে আনকো বাচি থকাত সহযোগ কৰক।

(ইয়াৰোপৰি উৰাবাতৰি তথা অসৎ উপায় প্ৰদান কৰাতো আমাৰ দেশ, সমীক্ষা চলালে প্ৰথম স্থানেই লাভ কৰিব চাগে। কৰ'ণা ভাইৰাছ ৰ বিষয়ে ও উৰাবাতৰি তথা ৰক্ষা পাবলৈ অসৎ উপায় ,যধে-মধে যি টি খাবলৈ এচামে সাধাৰণ মানুহক পৰামৰ্শ দিয়াত লাগিল। এনেবোৰৰ বাবেও বহুলোক বিপদত পৰা দেখা গেছে।
উৰাবাতৰি তথা অনভিজ্ঞ মানুহৰ পোৱা ৰোগটিৰ নিৰাময়ৰ উপায় ব্যবহাৰ নকৰিব। তেওঁলোকৰ ব্যৱসায়িক সেয়া)

বিপদে মাত লগাই নাহে ,আহিছোঁ বুলি,
আৰু আহি পালে কিমান দিন থাকিব, কিমান কাঢ়িব তাৰ বতৰাও নিদিয়ে। গতিকে পুনৰ কওঁ সাৱধান হওঁক।

জীৱন বৰ অনুপম।।