Thursday, April 16, 2020

               "সেয়াই হ'ব, আজিৰ সময়ত আটাইতকৈ ডাঙৰ মানৱসেৱা.."

_______________________________________________

                           ✍ ৰাজ্জাক আলী

                                                                                  


কিয় এনে কৰিছে


বহু দুখৰ বিষয় , 
এচাম আজিও সজাগ নহ'ল। 
তেওঁলোকৰ বাবেও
 জীৱন ভয়াবহতাৰ গৰাহত ৰাখি সেৱা কৰা সকলৰ ত্যাগবোৰ, কষ্টবোৰ নষ্ট হোৱাৰ পথত ... 

পৰিয়াল এৰি, নিজা স্বাভাবিক জীৱন এৰি মানৱ সেৱা কৰা সকলৰ কথা অনুগ্রহ কৰি এবাৰ ভাবি চাওঁক, 

চিকিৎসক,আৰক্ষীৰূপী 
পিতৃ-মাতৃয়ে সন্তানৰ কাষৰত থাকিব পৰা নাই, 
কাৰ বাবে ... 
বৃদ্ধ পিতৃ-মাতৃৰ কাষৰত নাই পুতেক-জীয়েক
তেওঁলোক হয়তো আৰক্ষী অথবা চিকিৎসক, 
কাৰ বাবে ... 
এবাৰ ভাবিবলৈ যত্ন কৰক
ভয়াবহতা বুজিবলৈ নিবিচৰাসকল
এবাৰ ভাবিবলৈ যত্ন কৰক



জীবশ্রেষ্ঠ মানুহ, 
এই সজাগ হ'ব নিবিচৰা চাম
আপোনাসৱক কৈছোঁ, 
'আপোনালোকো মানুহ, 
কিয় বুজিবলৈ নিবিচাৰে 
মগজু'চোন আপোনাসৱৰো আছে, 
তেন্তে কিয়, কিয় এনে কৰিছে

প্ৰশাসনে কৈছে দূৰত্ব বজাই ৰাখক
ভিৰ হোৱা ঠাইবোৰ বন্ধ ইতিমধ্যে, নিষেধাজ্ঞা, 
কিন্তু 
মগজু থকা এচামে ঘৰত মানুহ গোট খোৱাই আড্ডা, উপাসনা গাতে গাত লগাই, 
বাটে-পথে জুম, 
নানা খেলত মগ্ন, 
আৰক্ষী-প্ৰশাসন আহিলেহে পলায়ন, 

কিয় বুজি উঠা নাই 
এয়া চুৰ পুলিচৰ খেলা নহয়
"জীৱনক বচাই ৰাখিবলৈ জীৱনৰ গৰাকীক কাতৰ অনুৰোধ"

চকুপানী ওলাই গৈছে, 
শুৱলৈ পৰা নাই অ ... 
মৃতদেহৰ শাৰীবোৰ দেখি ভয় খাইছোঁ, 
আত্মীয়ই  আপোনজনৰ মৃত্যুদেহ চাব নোৱাৰা হৃদয়বিদাৰক দৃশ্যবোৰেও আমনি কৰিছে বাৰুকৈ.. 

মূল্যৱান জীৱনবোৰ হেৰাই গৈছে
পৃথিৱী উন্নতিৰ বহু বছৰ পিছলৈ গুছি যাব
অনুধাবন কৰিলেই কঁপি উঠিছে বুকু .. 

হায়, ইমান ভয়াবহতাৰ পিছতো 
কাণসাৰ নাই, 
গাৰ নোঁম এডালো কম্পিত হোৱা নাই এচামৰ, 
কিমান চকু মেলি অন্ধ হৈ থাকিব, 
মগজু থাকিও ব্যবহাৰ নকৰি পেলাই থ'ব, 
কেতিয়ালৈকে ......... 
কেতিয়া বাৰু বুজি উঠিব?? 
ভয়াবহতা উপলব্ধি কৰিবলৈ কিমান সময় লাগিব?? 
সকলো হেৰুৱাৰ অপেক্ষা নেকি ... 

হাত যোৰ কৰি কাতৰ অনুৰোধ
এনেকৈ আৰু নকৰিব
বুজি উঠক বুজি
"সেয়াই হ'ব  "আজিৰ সময়ত আটাইতকৈ ডাঙৰ মানৱসেৱা ...... "


Friday, April 10, 2020

" চেলুট বেংকাৰ"
আপোনালোক কুশলে থাকক
_______________________

                               ✍ৰাজ্জাক আলী





চিকিৎসক,আৰক্ষী-প্ৰশাসনৰ লগতে
বেংকাৰসকলো সেৱাত
বেংকাৰৰ বন্ধ  নাই
'ঘৰতে থাকক সুৰক্ষিত থাকক 'ৰ শাৰীত তেওঁলোকেও নপৰে
বিত্তীয়  প্ৰতিষ্ঠানসমূহ কৰ্মৰত
উদ্দেশ্য-কৰ'ণা মহামাৰীৰ দুৰ্যোগৰ এই ক্ষণত যাতে ৰাইজৰ সেৱাত  কোনো ত্ৰুটি নৰয় ...

বেংক বন্ধ হৈ থাকিলে বহু ঘৰ
পৰিচালনাত ব্যাঘাত,
বহু অৰ্থনৈতিক কৰ্মৰাজি ৰুদ্ধ....
সেয়েহে মৃত্যুব্যাপী   ভয়াবহতাৰ ক্ষণটো  জীৱনক শলঠেকত পেলায়ো কৰ্মত বেংকাৰ....

নিজে সজাগ,সচেতন হ'লেই নহ'ব
এই  সময়  ,
প্ৰতি ব্যক্তি সচেতন, সজাগ হোৱা নিতান্তই ,
কিন্তু  কিমানজনে হৃদয়ঙ্গম কৰে,উপলব্ধি কৰে এই ভয়াবহতা,
ক'বলৈ গ'লেও ওলোটা খৰ বাক্যবাণ , গালিহে পাৰে ( সাধাৰণ দিনবোৰটো ব্যতিক্ৰম নহয় )
বেংকাৰসকল এচাম তেনে গ্ৰাহকৰ সন্মুখীন ,
বহু সহ্যৰে জনসেৱা.....
অতিষ্ঠ হৈ কেতিয়াবা দুষাৰ মাতিবলৈ বাধ্য

বেংকাৰ সকলৰো নিজা জীৱন আছে,
পৰিয়াল আছে, চিন্তা  আছে
তেওঁলোকৰ সাৱধানতা
এজাক অসাৱধানতাই নষ্ট কৰি পেলোৱা ভয় তেওঁলোকৰো আছে,
এই সময় স্বাভাবিক নহয়

গ্ৰাহকৰ সেৱা -জীৱনৰ প্ৰয়োজনীয় সুৰক্ষা বাবে
ভয়াবহতাৰ মাজতো বেংকৰ দুৱাৰখন মুকলি,
বেংকাৰসকল কৰ্মস্থলীত......
পুনৰ কওঁ "ঘৰতে থাকক সুৰক্ষিত থাকক" তেওঁলোকৰ শাৰীত নপৰে


বেংকাৰসকলৈ স-সন্মান
শ্ৰদ্ধা অজস্র
আপোনালোকো  কুশলে থাকক
পৃথিৱীৰ অসুখৰ এই ক্ষণত
জনতাৰ জনসেৱাৰ অব্যাহত ৰাখিছে
চেলুট বেংকাৰ .........

Tuesday, April 7, 2020


"সমীপেষু 'আৰক্ষী'

আপোনালোক কুশলে থাকক"_______________________________


                                ✍ৰাজ্জাক আলী



অস্থিৰ আজি সময়
চকুলো নিগৰিছে ধৰাৰ,
সন্মূখত মুহূর্ততে জীৱন নিঃশেষ কৰা মহামাৰী

জীৱন ৰক্ষাৰ আন্দোলনত
আৰক্ষী-প্ৰশাসন
"জনহিত জনসেৱাৰ্থে"

সময়ত আপোনাক-আমাক ঘৰতে থাকিবলৈ
কাতৰ অনুৰোধ আৰক্ষী-প্ৰশাসনৰ
কাৰণ -জীৱন হেৰুৱাৰ শংকা

আপোনাৰ-আমাৰ জীৱনৰ ৰক্ষণাবেক্ষণৰ বাবে
আপোনালৈ
আমালৈ অনুৰোধ,
ই চুৰ পুলিচৰ কোনো খেলা নহয়,
ভয়াবহ মহামাৰী
সংক্ৰমণ ইজনৰ পৰা সিজনলৈ তীব্র গতিৰে

তথাপিও সমাজৰ সৰহসংখ্যকে বুজাবলৈ অপাৰগ,
তৰলভাৱে লৈ ,নিৰ্দেশনা উলংঘা,
অসভ্যালী- ল'ৰা -ধেমালি ,
এইচামৰ বাবেই আৰক্ষীৰ ঘনাই ঘনাই
পেট্ৰলিং অলিয়ে -গলিয়ে

আৰক্ষীও মানুহেই অ,
তেওঁলোকেও সংক্ৰমণত জৰ্জৰিত হ'ব পাৰে
তথাপিও আপোনাৰ -আমাৰ জীৱনক লৈ চিন্তা,
তেওঁলোকৰো পৰিয়াল আছে
কিছুমানে ভুকে -পিয়াহেও মানুহৰ জীৱনৰ সুৰক্ষাৰ  অৰ্থে কৰ্মৰত
ৰ'দে-ৰ'দে ....
লক্ষ্য- যাতে কোনো জীৱন আক্রান্ত হৈ  হেৰাই নাযায়

অনুগ্রহ কৰি সকলোৱে আৰক্ষী-প্ৰশাসনক সহযোগিতা কৰক, সহযোগ  কৰক
তেওঁলোকৰ কষ্ট-ত্যাগক
উপলুঙা নকৰিব,
আমাৰো হাতযোৰ কৰি অনুৰোধ ...

পেট্ৰলিং ৰ গাড়ী আতঁৰি গৈছে
এচাম  লোক আকৌ গোট খাইছে,
বহু ঘৰৰ ভিতৰত এজাক লোক গোট খাই আড্ডা ,
কিয় কৰিছে এনেকুৱা
পুনৰ কওঁ, এইয়া চুৰ -পুলিচৰ খেল নহয়
ভয়াবহ মহামাৰী ৰ বিপক্ষে যুজঁহে,
লুকাই থকা অথবা নিৰ্দেশনা উলংঘা কৰাজনৰো
জীৱন কাঢ়ি লৈ যাব পাৰে এই মহামাৰীয়ে ।

ভুলটোৰ  বাবে আত্মীয়-স্বজনৰ, সমাজখনৰো অনিষ্ট..

প্ৰশাসন-আৰক্ষীক শ্ৰদ্ধা কৰক
তেওঁলোকৰ নিৰ্দেশনা মানি চলক


সকলো আৰক্ষী বিষয়া-কৰ্মচাৰীলৈ
সহস্ৰ প্ৰণাম,
আপোনাসৱৰ কষ্ট-ত্যাগক সন্মান,
কুশলে থাকক আপোনালোক .....

Monday, April 6, 2020

কুশলে থাকক আপোনালোক"

----------------------++++-------------
                                                 ✍ৰাজ্জাক আলী

জীৱন জীৱন বৰ অনুপম,
এই জীৱন পৰিচালনা কৰা শৰীৰটিৰ অৱনতিৰ
কেতিয়াবা উমান পালেই
ধৰাত কৰ্মৰত
ভগৱানৰূপী দূতৰ কাষলৈ আমিবোৰ ...

হয়, চিকিৎসক ৰ কথাই কৈছোঁ,
অসুস্থতাই জীৱন অনুপম কৰাত অপৰাগত,
সেই ক্ষণত একমাত্র ভৰষা
চিকিৎসালয়, চিকিৎসক
কামনা সুস্থ হোৱাৰ ...

 চিকিৎসকে কোনো ধৰ্ম নাচায়
নাচাই কোনো ভাষা
ধৰ্ম-ভাষা চাই চিকিৎসালয়ৰ পৰা উভতাই পঠিয়াইছে নে ...
কৈছে জানো,
তুমি আমোক ধৰ্মৰ
তুমি তামোক ভাষাৰ ..
তোমাৰ চিকিৎসা নকৰোঁ
নাই নাই কেতিয়াও কোৱা নাই

আজি ধৰণী অসুস্থ
মহামাৰী কৰ'ণাৰ দ্বাৰা,
অলপমান অসাৱধানতাই ই ছানি ধৰে শৰীৰ
ইটো শৰীৰৰ পৰা আনটো শৰীৰলৈ
ধ্বংস ৰ গৰাহলৈ এটি এটি জীৱন ..
ইতিমধ্যে বহু জীৱন কাঢ়ি লৈ গ'ল

চৰকাৰী-প্ৰশাসনীক নিৰ্দেশনা ৰ লগতে
লক্ষ, লক্ষ চিকিৎসক-চিকিৎসা কৰ্মী
কৰ'ণামুক্ত ধৰণী কৰা যুদ্ধৰ যুজাঁৰু ..
প্ৰাণ বিসৰ্জন এই যুদ্ধত বহু চিকিৎসক-চিকিৎসক কৰ্মীৰ
অথচ, সাৰ মনা নাই চিকিৎসা ব্যবস্থা
দুগুণ উদ্যোমেৰে জীৱন বচোৱাৰ কৰ্মত,
ত্যাগ অজস্র ............

মৃত্যু লৈ ভয় নাই
অপব্যবহাৰ, দুঃব্যৱহাৰ বোৰৰ প্ৰতিটো নাই কোনো আক্ষেপ,


ভয় এটাই,
যাতে কোনো জীৱন নেহেৰায়
আক্ষেপ এটাই,
অযুত কষ্টৰ অন্তত যদি কোনো জীৱন হেৰাই যায়

আপোনাসৱলৈ, সকলো চিকিৎসকলৈ
কৰযোৰে প্ৰমাণ
সহস্র শ্ৰদ্ধা নিবেদিছোঁ
কুশলে থাকক,
কুশলে থাকক আপোনালোক .......