Friday, June 3, 2022

"আত্মহনন:সমাজৰ এক ভয়াবহ সমস্যা " ✍️ৰাজ্জাক আলী

আজিৰ সমাজ ব্যৱস্থাত বিভিন্ন কাৰণত বহু লোকে আত্মহনন কৰা দেখা যায়। যিটো একেবাৰে ভাল বিষয় নহয়। নিজক ভালপাবলৈ শিকাটো খুব বেছি প্ৰয়োজন। জীৱনক প্ৰকৃতাৰ্থত মনে প্ৰাণে ভালপোৱা কোনো লোকে আত্মহনন নকৰে যিকোনো পৰিস্থিতিয়ে নাহক কিয় ...... জীৱনত কিবা এটা বিচৰামতে লাভ নকৰিলে কিছুমানে ধৈর্যৰ বান হেৰুৱাই আত্মহনন কৰা দেখা যায়। কিন্তু আত্মহননে কিবা সমাধান কৰে জানোঁ? আত্মহনন কৰা এটা চামৰ কথা কব বিচাৰিছোঁ । ২০ বছৰৰো তলত লৰা-ছোৱালীয়ে আত্মহননৰ পথ বাচি লয়। বেছিভাগৰে এটাই কাৰণ- ঘৰত বিচৰা মনৰ পচন্দৰ সামগ্ৰী নোপোৱাটো আৰু কমসংখ্যকৰ প্ৰেমজনীত কাৰণ। সৰু সৰু লৰা -ছোৱালীয়ে প্ৰেমৰ নামৰ অপ্ৰেমত উঠি -ভাহি শেষত বিচৰা ফলাফল নাপালে একো চিন্তা নকৰি নিজকে হত্যা কৰে। আনফালে ঘৰত বিচৰা সামগ্রী মাক-দেউতাক বা অভিভাৱকে প্ৰদান নকৰিলে চিধাই এচামে আত্মহত্যাৰ পথ বাছি লয়। এই আত্মহত্যাৰ কাৰবাত টো সেই কম বয়সীয়া লৰা-ছোৱালীৰ মনলৈ এদিনতে আহেনে? নিজক হত্যা কৰাৰ চৰম সিদ্ধান্ত কেনেকৈ? জীৱন বোলা গ্ৰন্থখনক নপঢ়াকৈয়ে আৰম্ভণিতে কিয় এনে কাৰ্য কৰে? দায়ী অকল সিহঁতেই নে আন কোনোবাও জড়িত তাৰ লগত? আচলতে দায়ী অকল সিহঁতেই নহয় বা এদিনতে তেনে ভয়াবহ সিদ্ধান্ত সিহঁতৰ মনলৈ নাহে ... এই যে টকাত উঠি ভাহি থকা এচাম অভিভাৱকে অভাৱ কি বস্তু লৰা ছোৱালীক উপলব্ধি কৰিবলৈ নিশিকায়, যেতিয়াই যি লাগে কোৱাৰ লগে লগে দি দিয়ে, আনৰ কাষত সৰুৰ পৰাই টকাৰ ক্ষেত্রত নিজ লৰা ছোৱালীক বহু ওপৰত ৰাখে,তেনেস্থলত যেতিয়া কিবা এটা বস্তু এটা সময়ত নিদো বুলি কৈ দিয়ে , তেনে সময়ত সেই লৰা-ছোৱালীৰ এচামে মনৰ ভিতৰত ব্যাপক আঘাত পায়, আৰু একো চিন্তা নকৰি আত্মহননৰ পথ বাছি লয়। অকল যে তেনে লৰা-ছোৱালীয়ে এই পথ বাছি লয়, সেয়াও নহয়। তেনে লৰা-ছোৱালীয়ে যেতিয়া লগৰ -সমনীয়াৰ ওচৰত জোখতকৈ যেতিয়া দামী দামী সামগ্ৰীৰে নিজকে সম্ভ্ৰান্ত পৰিয়ালৰ বুলি(অভিভাৱকৰ সহায়ত) দেখুৱায়, তেন্তেস্থলত কম উপাৰ্জন কৰা পৰিয়ালৰ সমনীয়া লৰা-ছোৱালীৰ মাজতো সেই ভয়াবহ পন্থা দেখা যায়। উঠি অহা জীৱনবোৰ এনেদৰে সেয়াই যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। গতিকে পৰিয়াল, সমাজ, শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকল, সমাজৰ সচেতন ব্যক্তিসকল আমি সকলোৱে পৰাপক্ষত এই ভয়াবহ বীজ যাতে কোনো লৰা-ছোৱালীৰ মনত ৰোপন নহয়, সেই বিষয়ে চোকা নজৰ দিব লাগে। জীৱনটোক ভাল পাবলৈ শিকাব লাগে প্ৰতি সময়ে,কোনো সামগ্ৰীক নহয়।অভাৱ নাথাকিলেও অভাৱ কি বস্তু শিকাব লাগে। আত্মীয়তা, মানুহৰ প্ৰতি ভালপোৱা, ভাল ভাৱধাৰা এইবোৰ সৰুৰে পৰা শিকাই যাব লাগে। প্ৰকৃতাৰ্থত এইবিলাক মনৰ ডায়েৰীত লিপিবদ্ধ হলে সামগ্ৰী লাভ নকৰিলে আত্মহত্যাৰ দৰে পন্থা কেতিয়াও গ্ৰহণ নকৰে।