Saturday, December 30, 2017

       কাজিৰঙাৰ বাতৰি পাইছেনে আপোনালোকে? যদি নাই পোৱা তেন্তে শুনক,বৰ্তমান কাজিৰঙাৰ পৰিস্থিতি অতি ভীষম। জন্তুবিলাকৰ মাজত খঙে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।খং উঠাৰ মুখ্য কাৰণ হ'ল- সিহঁতে বানৰ কবলত অ'ত বছৰে জৰ্জৰিত হৈ গৃহহাৰা হোৱাৰ পিছতো, সিহঁতৰ বহু সদস্যই জীৱন হেৰুৱাৰ পিছতো, খাদ্যৰ অভাৱনীয় অনাটন হোৱাৰ পিছতো চৰকাৰে সিহঁতৰ সুবিধাৰ বাবে পযাপ্ত ব্যবস্থা আজিপযন্ত গ্ৰহণ কৰা নাই।বানপীড়িত মানুহক এবটল পানী আৰু মেৰিগল্ড বিস্কুট দিয়ে চৰকাৰে কিন্তু কাজিৰঙা জন্তুবাসীৰ    বাবে সেইকণ সুবিধাও নাই। সেইবোৰ কাৰণতে জন্তুবাসীৰ মাজত খং ভীষম হৈ পৰিছে।

         
       এনে বেয়া পৰিস্থিতিৰ  পৰা স্থায়ী সমাধান তথা সুৰক্ষা পাবলৈ অৱশেষত জন্তুবিলাক আগবাঢ়ি আহিল। বাঘ,সিংহ ,হাতীকে প্ৰমুখ্যে কৰি সকলো জন্তু একত্ৰিত হৈ কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে। ইয়াৰ বাবে প্ৰথম অৱস্থাত কাজিৰঙাৰ সকলো আবাসীয়ে গোট হৈ এখন বিশাল সভা আয়োজন কৰিলে। সভাখনত সভাপতিত্ব দায়িত্ব অৰ্পণ কৰা হ'ল গজৰাজক। গজৰাজে সভাখনৰ আতঁ ধৰি ক'লে, "আমি কাজিৰঙা বাসী প্ৰতি বছৰে বানৰ ভয়াবহ কবলত পৰো, বানপানীয়ে আমাৰ গৃহ উটোৱাই লৈ যায়,প্ৰাণ গৈছে আমাৰ বহুজনৰ।আমি বানৰ কবলৰ পৰা ওলাই আহি অন্য ঠাইত থাকিব বিচাৰিলেও শান্তি নোহোৱা হৈছে আমাৰ। মানুহৰ আবাসীত  উপায়বিহীত হৈ সোমালে কিছুমান মানুহে আমাক লৈ ল'ৰাধেমালি কৰি খেদা খেদি কৰিব ধৰে। আমি য'ত ত'ত ভটিয়াই ফুৰো।   যিখন  কাজিৰঙা আমাৰ বাবে দেশ বা ৰাজ্যখন বিশ্বখ্যাত;সেইখন কাজিৰঙাৰ আবাসী আমি আজিৰ তাৰিখত কিমান সুৰক্ষিত?কিমান নিৰাপদ?আমাৰ জীৱনৰ কিবা গুৰুত্ব আছেনে? চৰকাৰলৈ প্ৰশ্ন আমাৰ....চৰকাৰে কেৱল মানৱ জাতিৰ বাবেই ,মানৱজাতিৰ সুৰক্ষাৰ বাবেই মানৱ অধিকাৰৰ ব্যবস্থা কৰিছে। মানুহক শান্তিৰে বসবাস কৰিবলৈ সুবিধাকণ দিছে। কিন্তু আমাক দি দিছে ,দেখোৱাই দিয়কচোন....আমাৰ বাবে একো অধিকাৰ নাই নেকি? বছৰি বানৰ কবলত পৰি প্ৰাণ হেৰুৱাই গৈ আছে আমাৰ বহু সতীৰ্থই। কি কৰিম কেতিয়াবা তিতাঁ -কেহা লাগি যায়। চৰকাৰেটো আমাকো প্ৰয়োজনীয় সুবিধা তথা সুৰক্ষা প্ৰদান কৰিব পাৰে ,নকৰে কিয়?? আমাৰ দাবী চৰকাৰে শীঘ্ৰেই আমাৰ বাবে সুকীয়াকৈ "জন্তুৰ অধিকাৰ"নামৰ আইন এখন অনুমোদন কৰিব লাগে,য'ত আমাৰ বাবে ,আমাৰ জন্তু বিলাকৰ সুৰক্ষা তথা সুবিধাৰ বাবে প্ৰয়োজনীয় অধিকাৰবিলাক সন্নিবিষ্ট থাকিব লাগে। জীয়াই থকাৰ অধিকাৰ, শান্তিপূৰ্ণভাৱে বসবাস কৰাৰ অধিকাৰ আদি অধিকাৰবোৰ আমিও পাব লাগে। এইবিলাক দাবী পূৰণৰ বাবে আমি চৰকাৰৰ তীব্ৰভাৱে অৱগত কৰাবই লাগিব। নহ'লে আমাৰ সমস্যা বিলাক ধুৱা চাঙতে পৰি ৰ'ব সদায়ৰ দৰে। যি কেতিয়াও সমাধান নহ'ব। এইবাৰ যদি চৰকাৰে আমাৰ দাবী পূৰণ নকৰে তেন্তে আমি নিজস্ব ৰাজনৈতিক দল গঠন কৰিব লাগিব। নিৰ্বাচন খেলি বিজয়ী হৈ চৰকাৰ গঠন কৰাৰ প্ৰচেষ্ঠা কৰিব লাগিব।অন্যথা আমাৰ বিকল্প চৰকাৰক আৰু কিমান চিঞৰি থাকিম।

   "বাকীসকলে কিবা ক'বলগীয়া থাকিলে ক'ব পাৰে ।যিহেতু আমি সকলো কম বেছি পৰিমাণে আজি একে সমস্যাৰ ভুক্তভোগী।সকলোৱে আগবাঢ়ি ওলাই আহিব লাগিবই। একতাৰে সকলো কাম সম্ভৱ হৈ উঠে" গজৰাজে ক'লে।

    বাঘ এ বহাৰ পৰা উঠি ক'লে ,' আমাৰ ওপৰত চৰকাৰ নিৰ্দয় হৈ পৰিছে। গৃহহাৰা  হৈ ,সেয়া বানপানীৰ কাৰণতে হওঁক বা অৰণ্য ধ্বংসৰ  পৰিণতিতে হওঁক আমি মানুহৰ আবাসীলৈ যাওঁ,তেতিয়া মানুহে আমাক লাঠি জুং লৈ মাৰিবলৈ,গুলিয়াই মাৰিবলৈ চেষ্টা কৰে ।কেতিয়াবা কেতিয়াবা এনে পৰিস্থিতিত আমাৰ বহু সদস্যই প্ৰাণো হেৰুৱায়।এনে সময়বোৰত নিজৰ সুৰক্ষাৰ বাবে যেতিয়া আমি প্ৰতিৰোধ  কৰিবলৈ আগবাঢ়ো,তেতিয়া আমিহে দায়ী হৈ পৰো । কিন্তু মই প্ৰতিবাদ কৰো যে দায়ী আমি নহয় ,দায়ী চৰকাৰহে,বনবিভাগহে ...যিয়ে আমাৰ প্ৰয়োজনীয় সুৰক্ষা তথা সুবিধা প্ৰদানত বিফল হৈছে। তেওঁলোকে আমাৰ আমাৰ লাগতীয়ালবোৰ দিলে জীৱন নিৰ্বাহৰ প্ৰয়োজন পৰিবেশ প্ৰদান কৰিলে আমি কেতিয়াও মানুহৰ আৱাসলৈ নাযাওঁ। আমাৰ কোনো  চখ নাই তাত যোৱাৰ ..অসুবিধাবোৰৰ বাবেহে আমি....

               মই বোলে দেশৰ ৰাষ্ট্ৰীয় জন্তু। কিন্তু আজি মোৰ এনে অৱস্থা বুজ ল'বলৈ নাই কোনো। দেশৰ ৰাষ্ট্ৰীয় জন্তু বুলি স্বীকৃতি দিয়াতহে কৰ্তব্য শেষ নেকি তেওঁলোকৰ??কিমান কষ্টত আছো আমিবোৰ,মাথো আমিহে বুজিব পাৰো।

           গড়-- "মইনো কি ক'ম;মোৰ সমস্যাৰ অন্ত নাই। বানে আমাক জুৰুলা কৰি পেলাইছে। অকালতে প্ৰাণ হেৰুৱাটো আমাৰ পৰম্পৰাৰ দৰে হৈ পৰিছে। সেইদিনা বানৰ কবলৰ পৰা ৰক্ষা পাবলৈ মই ৰাজপথলৈ ওলাই আহোতে মানুহ কিছুমানে যিহে অপব্যবহাৰ কৰিছিল মোক,তাৰ বিষয়ে কিনো ক'ম আৰু। মই সেইদিনা অ'ত ত'ত পলাই নিজকে বচাবলে বিচাৰিলো ।অৱশেষত সৰু হাবি এটাত সোমাইহে ৰক্ষা। মোৰ সমস্যাৰ তালিকাখন বৰ দীঘল। বানৰ কবলতটো আছেই আন টাইমটো চোৰাং চিকাৰীয়ে আমাৰ জিনা হাৰাম কৰি দিয়ে। আমাৰ খৰ্গটোৰ কাৰণেই আমাৰ জীৱনটোৱে কাঢ়ি নিয়ে নিষ্ঠুৰ টকালুভিয়ে। সিহঁতৰ বাবে টকাই সকলো লাগিলে কাৰোবাৰ জীৱনটো হেৰাই নাযাওঁক কিয় ,মতলৱ নাই। এই কলংকবোৰৰ বাবেই সমগ্ৰ মানৱ জাতি বদনামত পৰিছে। হে ভগৱান, আমাৰ দুখবোৰ যদি সেই নিষ্ঠুৰচামে অলপ হ'লেও উপলব্ধি কৰিব পৰিলেহেতেঁন,আজি আমি.....। আমাৰ বহু আত্মীয়ই প্ৰায় প্ৰতিদিনে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। টি.ভি.ৰ পৰ্দাত আমাৰ আত্মীয়ৰ মৃতদেহৰ ছবি দেখাইয়ে থাকে। কাজিৰঙাত আটাইতকৈ বেছি আমাৰ আত্মীয়সকলৰহে মৃত্যু হৈছে।আমাক অসমৰ  'জাতীয় জন্তু'হিচাপে সন্মান দিয়া হৈছে।অসমৰ ডাঙৰ ডাঙৰ কাৰ্যালয় তথা বিভিন্ন পতাকা, বেনাৰ, ডিপো আদিত মোৰ পষ্টাৰ লগাই মোক সংৰক্ষিত কৰিব বিচাৰিছে জড়ভাৱে...কিন্তু জীৱহিচাপে মই সম্পূৰ্ণ অসুৰক্ষিত।আমাৰো আহ্বান চৰকাৰলৈ ,"আপোনালোকে আমাৰ সুৰক্ষা তথা নিৰাপত্তাৰ  ফালে চকু মেলি চাওঁক। মুখেৰে আমাৰ গুণ গান গাব নালাগে। আমাৰ দুখবোৰ বুজক,আমাক সহায় কৰক।
              
         হৰিণাই ক'লে,- কাজিৰঙাত আমাৰ সংখ্যা নিচেই তাকৰ। তাতে বানপানী তথা নানা সমস্যা।কিতাপে কিতাপে লিখা আছে 'হৰিণাৰ মাংসই বৈৰী'  বচ হয় গ'ল দায়িত্ব বনবিভাগৰ ,চৰকাৰৰ...মোৰ মাংসক বৈৰী কৈ চিকাৰীৰ হাতত আমাক চমজাই দিলে।(
(কথাবোৰ কৈ থাকোতে হৰিণাৰ চকুৰে অশ্ৰু নিগৰিবলৈ ধৰিলে)

      "সৌ সিদিনা অভিনেতা আমিথ খান তথা বাহিৰৰ নামি দামী ব্যক্তিসকল আমাৰ ঘৰলৈ আহোতে আমাৰ ঘৰখন কিমান যে জাকত জিলিকা কৰি সজাই তোলা হৈছিল। যদি সদায় এনেদৰে জাকত জিলিকা হৈ থাকে আমাৰ ঘৰখন,জীয়াই থকাৰ পৰিবেশ থাকে। কিমান ভাল লাগিব। আনক বা আলহীক দেখোৱাবলৈ নালাগে,আমাৰ জীৱন ধাৰণৰ সুবিধাৰ বাবে অন্ততঃ সুন্দৰ আৰু উপযোগী পৰিবেশ এটা আমাক  দিয়ক।বহুত ৰহম হ'ব আমাৰ ... । আৰু যদিহে আমি নাথাকো,কাজিৰঙা এটা জংগলৰ বাহিৰে আন একো নহ'ব",সিংহই ক'লে।

          এনেদৰে এটাৰ পিছত এটাকৈ কাজিৰঙাৰ প্ৰায় সকলো সদস্যই নিজৰ সমস্যাৰ বিষয়ে সভাত ব্যক্ত কৰি গ'ল,কম বেছি পৰিমাণে। সভাখনৰ শেষত সভাপতি গজৰাজে ক'লে যে,"আমাৰ সকলোৰে সমস্যাবিলাক প্ৰায় একে।অ'তবছৰৰ পৰা আমি সমস্যাবিলাকত জৰ্জৰিত হৈয়ে আছো। শান্তি নাই আমাৰ,সুৰক্ষা,নিৰাপত্তা নাই আমাৰ ....।মই নিজেও অনেক দুখী। যদি কেনেবাকে আমাৰ পৰিয়ালৰ কোনো সদস্য কৰবাত খলা বমাত দুৰ্ভাগ্যবশতঃ পৰি যায় তেন্তে তাক উঠাবলৈকে বনবিভাগৰ বহু ঘন্টা লাগি যায়। এনে পৰিস্থিতিত আমাৰ মাজৰ বহুতৰ জীৱনো হেৰাই যায়। চোৰাং চিকাৰীয়ে আমাক আত্মীয় স্বজনক  হত্যা কৰি দেহৰ অংগ কাটি লৈ যায়। হায় হায় কি যে কষ্টকৰ জীৱন আমাৰ। কৈ থাকিলে শেষ নহ'ব। এইবাৰ আৰু আমি হাত সাবতি বহি থাকিব নোৱাৰো। ৰাজ্য চৰকাৰৰ পৰা  কোনো আশা দেখা নাপালে কেন্দ্ৰীয় চৰকাৰক শেষবাৰৰ বাবে আমাৰ সমস্যাবোৰৰ  প্ৰতিবেদন এখন দিবলৈ দিল্লীলৈ যাম। যদি কেন্দ্ৰীয় চৰকাৰে আমাৰ সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি সমাধানৰ সেউজ সংকেত দিয়ে তেন্তে ঠিকেই আছে।অন্যথা মই প্ৰথমে কোৱাৰ দৰে এটা ৰাজনৈতিক দল গঠন কৰিম। দলটোৰ নাম হ'ব-" জন্তু মুক্তি যুজাঁৰু দল(JMJD)" । প্ৰতিবাদ ,জন্তুতান্ত্ৰিক আন্দোলন কৰি থাকি কোনো লাভেই নাই আজিৰ সময়ত। গতিকে ৰাজনৈতিক দলটত শক্তিশালীৰূপে গঠন কৰি দুহেজাৰ একৈশ(2021) চনত  নিৰ্বাচন  খেলিম। জিকিব পাৰিলে চৰকাৰ গঠন কৰিম । আশা কৰা মতে ফলবোৰ পাই থাকিলে আমি আৰু কোনোদিনেই চৰকাৰৰ ভৰিত পৰিব নালাগিব । নিজেই সমাধান কৰিব পৰা হম। টকা আহিব ন,তেতিয়া আমি দুৰ্নীতি নকৰি গোটেইবোৰ আমাৰ হিতৰ বাবে খৰচ কৰি যাম। আমাৰ সৰ্বাঙ্গীন উন্নয়ন হ'ব।

        মোৰ কথাত সকলোৱে সহমত নে? গজৰাজে জুৰকৈ ক'লে।

সকলো কাজিৰঙাৰ আবাসীয়ে চিঞৰি চিঞৰি হয়ভৰ দিলে। 
'জয়তু কাজিৰঙা' 'জয়তু জন্তু মুক্তি যুজাঁৰু দল' 'জয় আই অসম'। 
 লগতে সকলোৱে জনালে যে দিল্লীলৈ যোৱাৰ পূৰ্বেই ৰাজনৈতিক দলটো গঠন কৰিব লাগে। সকলোৰে তীব্ৰ দাবীত সভাপতি গজৰাজেও সমৰ্থন দিলে। ৰাজনৈতিক দল গঠনৰ চূড়ান্ত সিদ্ধান্ত গঠন কৰা হ'ল।

     এনেদৰেই অসম তথা বিশ্বৰ ৰাজনৈতিক জগতত নতুন যুগৰ সূচনা হ'ল। কাজিৰঙাৰ জন্তু বিলাকে ৰাজনৈতিক দল গঠনৰ খচৰা প্ৰস্তুত কৰাৰ লগে লগে পোনপ্ৰথমবাৰৰ বাবে অনা-মানুহ ৰাজনৈতিক দল সৃষ্টি হ'ল। যি কেৱল জন্তুৰ দ্বাৰা গঠিত। 

   পিছদিনাৰ পৰা সমগ্ৰ বিশ্বৰ নিউজ চেনেল তথা বাতৰি কাকতত 'জন্তু মুক্তি যুজাঁৰু দল'ৰ খবৰে খলকনি সৃষ্টি কৰিবলৈ ধৰিলে। সকলোৰে মুখে মুখে JMJD ,JMJD....

(বি.দূ.-- সকলোলৈ অনুৰোধ জীৱ জন্তুৰ ঘৰবিলাক (অৰণ্য)  ধ্বংস নকৰিব। বনাঞ্চলক জনাঞ্চললৈ ৰূপান্তৰ নকৰিব।)

Sunday, December 24, 2017

"জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱা"
       
                          👉ৰাজ্জাক আলী
                   
                     
       (এক)

জীৱনৰ বাট,
           মাতৃৰ গৰ্ভৰ পৰা
      ধৰালৈ প্ৰকাশিত হোৱা ক্ষণৰ পৰাই মুকলি

মা, জীৱন বাটৰ উদ্ধোধক
মা,জীৱন বাটৰ
       প্ৰদূষণমুক্ত বাটৰুৱাৰ
     প্ৰথম পথপ্ৰদৰ্শক

     (দুই)

আজি জীৱনৰ বাট
সচৰাচৰ বাটপথৰ দৰেই
য'তে ত'তে ধূলি বালি,খলা বমা আবৰ্জনা
যাৰ লক্ষ্য জীৱনবোৰক লেতেৰা কৰা

জীৱন বাটত যিয়ে
   সেইবোৰৰ পৰা সংৰক্ষিত হ'বলৈ সক্ষম
তেওঁ প্ৰদূষণমুক্ত বাটৰুৱাৰ শাৰীত.....


জীৱনৰ বাটচোৱাত
অচিন ঘূৰ্ণী বতাহজাকেও
অহৰহ চেষ্টা কৰে
মাজ বাটতে জীৱনবোৰক
নিজ ফলীয়া কৰা,
যি  বাছি আহিছে
জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱা তেওঁ


জীৱনৰ বাটৰ পুৱা -দুপৰীয়াৰ মধ্যভাগত
দূষিতবোৰ লানি নিচিঙা হয়
চৌদিশে ...
উশাহ লোৱাটো সাৱধানতা লাগে
যি সচেতন
তেওঁৱেই জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱা


নিকা সংকল্পৰ এনাজৰীৰে
খোজ দিয়া
যাত্ৰাপথত
এনাজৰীক টুকুৰা টুকুৰ কৰাৰ পৰিকল্পনা
পয়োভৰ প্ৰদৰ্শন
সহজতে সফল জীৱন উপহাৰ দিয়াৰ
যি পয়োভৰত প্ৰলুব্ধ হৈ
বহু জীৱনৰ এনাজৰীডাল
টুকুৰা-টুকুৰ হৈ পৰে
মূল সূতিঁৰ পৰা,
আৰম্ভ হয় অসৎ ,নেতিবাচক ধাৰা


জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱাই
এনেবোৰৰ পৰা বহু নিলগত
বিচৰা সফলতা সম্পূৰ্ণকৈ পাওঁক বা নাপাওঁক
জীৱন পৰিচালনা কৰে ইতিবাচকেৰে প্ৰতিপলে..

সৃষ্টি -"প্ৰকৃত মানুহ ...সফল জীৱন..."

Tuesday, November 14, 2017

  " আজিৰ দিনটোক লৈ মোৰ একলম"

                          👉ৰাজ্জাক আলী


দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী গৰাকীৰ উপজা দিনৰ ওলগ জনোৱাৰ লগতে প্ৰতিগৰাকী শিশুক
"শিশু_দিৱসৰ_আন্তৰিক_শুভেচ্ছা_যাচিঁলো

আজিৰ দিনটোত সচৰাচত শিশুসকলৰ প্ৰতিভাৰ ওপৰত কাৰ্যসূচী গ্ৰহণ কৰা হয়।
শিশু উপযোগী আলোচনা কৰা হয়
আলাপ হয় শিশুসকলৰ মনৰ কথাৰ

শিশুসকলৰ প্ৰতিভাৰ মঞ্চ হয় আজিৰ দিনবোৰ
তাৰ বাবেহে সুবিধা দিয়া উচিত

শিশুসকলক বয়স অনুপাতে আনন্দ কৰিবলৈ সুবিধা দিয়ক

যদি আমি শিশুক প্লেটো,এৰিষ্টটলৰ দৰে ডাঙৰ ডাঙৰ সূত্ৰবোৰ পঢ়িবলৈ ডাঙৰ ডাঙৰ কিতাপ জাপি দিওঁ তেতিয়া যি পৰিস্থিতি হ'ব শিশু মনত ঠিক তেনেদৰেই বয়সতকৈ বেছি আনন্দ কৰাৰ পৰিবেশ শিশুক প্ৰদান কৰিলে খন্তেকীয়া আনন্দৰ বাহিৰে বেয়াহে অধিক হ'ব শিশুৰ জীৱনত

আজি শিশু দিৱস
কিন্তু শিশু দিৱসৰ উদ্দেশ্যৰ বিপৰীতে গৈ
কৰবাত কৰবাত(নাম উল্লেখ নকৰো)
হিন্দী - ইংৰাজী গান ডাঙৰ ডাঙৰকৈ লগাই শিশুক নাচিবলৈ সুবিধা কৰি দিয়া হৈছে। নাচোনৰ প্ৰকাৰো অদ্ভুত ধৰণৰ... যিবোৰ গান শিশু উপযোগী একেবাৰেই নহয়, যিবোৰ নাচ শিশুৰ বাবে নহয়...

শিশু দিৱসত ফটকা-বম ফুটাই নেকি? আজি কিন্তু বম ফুটুৱাৰ সুবিধা প্ৰদান কৰা হৈছে শিশুক.....

(অভিভাৱকসকল সচেতন হওঁক দেই)

@আজিৰ দিনটোত দেখা কিছুমান মুহূৰ্তক লৈয়ে লিখিলো। ফেচবুকত দিবলৈ মন   গ'ল সেয়ে প্ৰকাশ কৰিলো@

Sunday, November 5, 2017

   😁😁😂😂😃😃😃😃
                                                

                                                               👉   মঃ ৰাজ্জাক আলী



দাতঁ -( জিভাৰ উদ্দেশ্য) মোৰ বৰ অশান্তি অ....

জিভা -কেলে কি হ'ল??

দাতঁ- নক'বি আৰু এই অবধ্য অনুপ্ৰবেশকাৰী পোকবোৰে বৰ অশান্তি কৰি আছে

জিভা- গুলিয়াই দিব লাগে


দাতঁ- নাই,গুলিয়ে কাম নকৰা হৈছেগৈ। ৰকম ৰকম গুলি মাৰিছো কাম নাই। অলপ দেৰি লুকাই পিছত আকৌ ওলাই...

জিভা- তেন্তে এটা বেষ্ট আইডিয়া দিওঁ ...

দাতঁ- দে বন্ধু দে
       এইবোৰৰ পৰা ৰেহাই পাবলৈ মই যিকোনো কাম কৰিম।

জিভা-তই ঘৰ তলা মজবুতকৈ মাৰি দুদিনমান কৰবাত ফুৰিবলৈ যাগে ..তোক দেখা নাপালে  পোকবোৰ তোৰ  ঘৰলৈ অহা এৰি দিব

দাতঁ- ঠিক আছে। কিন্তু যদি তলা ভাঙি মোৰ ঘৰ দখল কৰি লয়...

জিভা- ইমান চিন্তা কিয় কৰিচ'
            মই আছো ন তোৰ চুবুৰীয়া
       চাই থাকিম তোৰ ঘৰ।
তলাৰ আশে-পাশে সিহঁতে আহিলেই ঢকিয়াই মুখৰ বাহিৰ কৰি দিম।

দাতঁ-  ধন্যবাদ বন্ধু

জিভা-স্বাগতম বন্ধু

Monday, October 9, 2017


"অসমলৈ এদিন শান্তিৰ ন'বেল বটাঁ আহিব"

                                                               👉 মঃ ৰাজ্জাক আলী
                                                                      (মৰাণহাট)
অসমলৈ এদিন শান্তিৰ ন'বেল বটাঁ আহিব
কিমান যে আকৰ্ষণীয় হ'ব সেই দিন
ন'বেল কমিটিয়ে ঘোষণা কৰা সময়ৰ পৰা
অসমলৈ আহি পোৱা সময়লৈকে
মৌ মধুৰ হৈ পৰিব সকলো

অসমী আই দুচকুৰে অশ্ৰুৰে
ভৰি পৰিব
সন্তানে শান্তিৰ ন'বেল পোৱাৰ বাৰ্তা পাই,
সেই অশ্ৰু হ'ব
সুখৰ,গভীৰ আনন্দৰ


লোহিত-বৰাকৰ চৌদিশে
একতাৰ বতাহ বলিব
ব্যাপকভাৱে
বতাহজাকে পহৰাই দিব
খণ্ডতা,বিশৃংখলতা,অৰাজকতা
একাকাৰ হ'ব সকলো

নিউজ চেনেলবোৰত

   
উপভোগ কৰি ভাল লাগিব বহু
য'ত কেৱল মাথো শান্তিৰ ন'বেলৰ খবৰ প্ৰচাৰিত হ'ব
টক শ্ব হ'ব অসমলৈ অহা শান্তিৰ ন'বেলক  লৈ

অসমৰ আকাশে বতাহে
সৰ্বচৰ্চিত শব্দ দুটা হ'ব

শান্তি আৰু ন'বেল

কিমান যে লাগিব ভাল



বাহিৰৰ অৰ্থাৎ অসমৰ বাহিৰৰ
বহুতৰ মনত অসমক হাবি বুলি ভবা আৰু বহু কিবা কিবি ভবা
ধাৰণাবোৰত ধাক্কা লাগিব
সলনি হ'ব সকলো
অসমত যিদিনাখন ন'বেল বটাঁ আহি পাব
শান্তিৰ


অসমলৈ এদিন শান্তিৰ ন'বেল বটাঁ আহিব

Monday, October 2, 2017

মন পৰিস্কাৰ অভিযান

          মন পৰিস্কাৰ অভিযান

                                                👉ৰাজ্জাক আলী

মই এটি নতুন অভিযানৰ কথা ভাবিছো। নাম প্ৰায় ঠিক কৰিলো।
নামটো হ'ব "মন পৰিস্কাৰ অভিযান"

মনবোৰ পৰিস্কাৰ হ'লে সকলো পৰিস্কাৰ হ'ব। মন পৰিস্কাৰ হ'লে পৰিবেশ পৰিস্কাৰ হ'ব। মন পৰিস্কাৰ হ'লে বাট-পথ,ৰাস্তা ঘাট পৰিস্কাৰ আৰু উন্নত হ'ব,মন পৰিস্কাৰ হ'লে ধৰণী সেউজীয়াৰে পৰিপূৰ্ণ হ'ব,মন পৰিস্কাৰ হ'লে অশান্তি আতঁৰি কেৱল শান্তি থাকিব ইত্যাদি ইত্যাদি।

দুটামান উদাহৰণ দিওঁ:-
                                  যদি মন পৰিস্কাৰ হয় তেন্তে ৰাস্তা ঘাটবোৰো পৰিস্কাৰ হ'ব। এতিয়া মন পৰিস্কাৰ হ'লে ৰাস্তা ঘাট কেনেকৈ পৰিস্কাৰ হ'ব প্ৰশ্ন উত্থাপন হ'ব
তাৰ উত্তৰ হ'ব- আজিৰ সময়ত আমাৰ ৰাস্তা-পথবোৰৰ অৱস্থা প্ৰায়েই শোচনীয় ।  নিৰ্মাণৰ  বাবে টকা আহে যদিও জখলা জখলাকৈ আহোতে কমি কমি আহে ।শেষত যাৰ হাতত পৰে তেওঁয়ো কামটো ভালকৈ নকৰাৰ বাবে ৰাস্তা -পথ দুদিনহে ধুনীয়া তৃতীয় দিনাখন একেই শোচনীয় হৈ পৰে। মন ভাল থাকিলে কামটো ভালকৈ হ'লহেতেঁন বা কৰিল হয়।

দ্বিতীয় উদাহৰণ- আমি মানুহে যদি প্ৰতিদিনেই নিজৰ কাষৰীয় ঠাইবোৰ চাফ চিকুণ কৰি থয়। জধে মধে য'ত ত'ত জাৱৰ নেপেলাই তেন্তে বিশেষ বিশেষ দিনত চফা কৰাৰ প্ৰয়োজনীয়তা নাথাকিব বোধ হয়। পৰিবেশ নিকা কৰি ৰাখিবলৈ, আৰ্বজনামুক্ত কৰি ৰাখিবলৈ পৰিস্কাৰ মন থাকিব লাগিব।

তৃতীয়তে  শিশু শ্ৰমিক বন্ধ কৰিব লাগে বুলি সকলোৱে কয়। যাৰ ঘৰত শিশু শ্ৰমিক থাকে তেওঁয়ো কয়।ঘৰত থকা শিশু শ্ৰমিকজনক কাম কৰোৱাতকৈ পঢ়োৱাৰ ব্যবস্থা কৰিব লাগে। তেনে কৰিবলৈয়ো পৰিস্কাৰ মনৰ আৱশ্যক।


চতুৰ্থতে  যিকোনো বিষয় বা সমস্যা ৰ বাবে অযথা বিতৰ্ক কৰি সমস্যাটো আৰু বৃদ্ধি কৰাতকৈ ভালকৈ আলোচনাৰ মাধ্যমেদি সমাধান কৰিব পাৰি।অসম্ভৱ নহয়। তাৰ বাবেও প্ৰয়োজন পৰিস্কাৰ  মন।

এনে হাজাৰ উদাহৰণ আছে আজি আমাৰ মাজত।

গতিকে আহক আজিৰ পৰা "মন পৰিস্কাৰ অভিযান" আৰম্ভ কৰো।

সময়সীমা - দুহেজাৰ পঞ্চাছ চন

অন্ততঃ আমি উপভোগ কৰিব নাপালেও এই পৃথিৱীৰ কোনোৱা এটা চামে মন পৰিস্কাৰ অভিযানৰ সফল ৰূপায়ন উপভোগ কৰিব পাৰিব।

       মন পৰিস্কাৰ অভিযান আৰম্ভ হওঁক ,কাৰ্যকৰী হওঁক আৰু সফল হওঁক ...

Sunday, August 6, 2017

বন্ধুত্ব

      

           বন্ধুত্ব

                                     
                                                 মঃ ৰাজ্জাক আলী
                                                       মৰাণহাট
বন্ধুত্ব
   অৰ্থৰ বিৱৰণ দিয়াৰ সাহস মোৰ নাই
উৰে জীৱনৰ সাধনায়ো
বন্ধুত্বৰ নিখুঁত সংজ্ঞা দিয়াত অপৰাগত

বন্ধুত্ব,
        তুমি,মই,আপুনি ভবাৰ দৰে
    বন্ধুত্বৰ সংজ্ঞা ইমান সহজলভ্য নহয়

বন্ধুত্ব চাগে সেয়াই
   য'ত দ্বিতীয়গৰাকীয়ে গম নোপোৱাকৈ
কাষৰত অহা বিপয্যয়
প্ৰথম গৰাকীয়ে সমাধা কৰি আহিছে

বন্ধুত্ব চাগে সেয়াই
         সুখত বাটত সংগী নহ'লেও
       দুখৰ বিপদসংকুল বাটৰ সংগী লৈ খোজ দিবলৈ আগবাঢ়ি আহে

বন্ধুত্ব পিছে এয়াও নহয়
     যাৰ পৰা তুমি প্ৰতিটো কৰ্ম
 আদায় কৰিব বিচাৰিবা
আদায় নকৰিলে শূণ্য কৰিবা সম্পৰ্ক

বন্ধুত্ব  চাগে এক স্বৰ্গীয় সুৱাস
যাৰ  প্ৰকৃত   পৰশ লভিবলৈ
ভাগ্যৰ প্ৰয়োজন

বন্ধুত্ব গঢ়িবলৈ
বয়সৰ ব্যবধান নালাগে
নালাগে
নালাগে ধৰ্ম
নালাগে জাতি

প্ৰয়োজন
             সচাঁ মানৱীয় গুণৰ
দুটি মনৰ

যি মনে প্ৰকৃতাৰ্থত
                    বন্ধুত্বৰ সেউজীয়া বোৰ সন্মান কৰিব জানে




                

Thursday, July 27, 2017

"ফেচবুকৰ জৰ্জ আৰু ওকালতি কোনে কোনে কৰে                 জনাবচোন  জকাৰবাৰ্গ ডাঙৰীয়া"

                                                    👉 ম:ৰাজ্জাক আলী

মোৰ বহুত আপত্তি আছে
আছে অনেক কেচ
আদালতলৈ যাবলৈ টকা নাই
সময়ো নাই ইমান
কেচ খেলি থাকিবলৈ,

মগজুৱে কাম নকৰা হৈছে
কি কৰো এতিয়া

হঠাতে গম পালো
ফেচবুকত লিখি দিলেই হ'ল
আপত্তি বা কেচ
লিখাৰো হেনো নিয়ম আছে
ৰহন হানি লিখিব জানিব লাগিব
আপত্তি /কেচটো মিছা হ'লেও টেনশ্বন নাই
গ্ৰহণ কৰা হয়
যিমান বেছি ৰহন বিজয়ৰ পক্ষ সিমান শতাংশই বেছি আপোনাৰ

জকাৰবাৰ্গ ডাঙৰীয়া 
আপোনাৰ ফেচবুকৰ জৰ্জ কোননো
আৰু ওকালতি কোনে কোনে কৰে জনাবচোন
মোৰ কেচবোৰ গ্ৰহণ কৰা হ'বনে?
ৰহন সানিব নাজানো কিন্তু..
অনুগ্ৰহ কৰি জনাবচোন দেই

আপুনি ইমান সুবিধা দিছে
দিনে নিশাই চৌবিশ ঘন্টাই আপোনাৰ আদালত খোলা থাকে
যিকোনো সময়তে কেচ গ্ৰহণ কৰে
আৰু বোলে আপোনাৰ ফেচবুক আদালতে 
টকা আৰু সময় খৰছ নকৰাকৈয়ে
আপোনাৰ জৰ্জ উকিলৰ সহায়ত সমাধান দিয়ে
এই সুবিধা ময়ো ল'ব বিচাৰো

মাথো আপোনাৰ ফেচবুকৰ জৰ্জ আৰু ওকালতি কোনে কৰে জনাবছোন


Wednesday, July 19, 2017

অনুৰোধ তোমালৈ         

                                  মঃৰাজ্জাক আলী



প্ৰকৃতাৰ্থত নিজক ভালপাব শিকক
শতাংশৰ এশৰ ভিতৰত এশভাগেই ভালপাওঁক জীৱনক
ভালপোৱাহীন নকৰিবা জীৱনক
তুমি ৰোগী
তুমি দৰিদ্ৰ
তোমাৰ ওপৰত আনৰ প্ৰৰোচনা
এইবোৰ লৈ অনুগ্ৰহ কৰি
জীৱনটোক নষ্ট নকৰিবা
জীৱনটোক অনুপমকৈ সজাবলৈ যত্ন
কৰা
বিশৃংখল নকৰিবা ইয়াক
অৱহেলা নকৰিবা ঘনাই প্ৰতি
ভালপোৱা মাথো ভালপোৱা জীৱনক
চৰম বিপৰ্যয়ো হাৰ মানিব ভালপোৱাৰ কাষত
আৰু এদিন সকলো সৌন্দৰ্যময়ী হ'ব
তোমাৰ জীৱনে ধৰণীৰ বাগিছাত
বহু কিছু দিয়ে
তুমি নজনাকৈয়ে
অনুৰোধ,
মূল্যৱান জীৱন
জীৱহীন নকৰিবা


অনুৰোধ আপোনালোকলৈ


জানো আপোনালোক বহু ব্যস্ত
নিজৰ জীৱনৰ মাজতে আবদ্ধ
আহৰি নাই আহৰি নাই
তথাপিও,
ব্যস্ততাৰ পৰা কণমান সময়
বন্ধুত্বৰ বাবে,আত্মীয়ৰ বাবে
সংৰক্ষিত কৰিবছোন
আপোনালোক কাৰোবাৰ নহয় কাৰোবাৰ
প্ৰিয় বন্ধু বা বান্ধৱী হওঁক
প্ৰিয় মানে সচাঁ প্ৰকৃত বন্ধু
জীৱনৰ ঘাট-প্ৰতিঘাট
সুখ-দুখ
আপোনাসৱে বিনিময় কৰিব পৰা পৰিবেশ দিয়ক
আপুনি বিশ্বাস জগাওঁক
তেওঁৰ জীৱনত প্ৰতিক্ষণে আপুনি আছে বুলি
বন্ধুত্বই বহু ধ্বংসলীলা হোৱাৰ পৰা ৰক্ষণাবেক্ষণ দিব পাৰে
সেই ক্ষমতা আছে বন্ধুত্বৰ
বন্ধু হিচাপে আপোনাৰ
আপুনি মাথো বন্ধুত্বৰ বাবে সময় দিলেই হ'ল
ব্যস্ততাৰ পৰা কণমান
অনুৰোধ মাথো ইমানেই.....


(বন্ধু-বান্ধৱ প্ৰিয়সকলক অকালতে চিৰদিনৰ বাবে হেৰুৱাই আমি দুখী হওঁ,
আমি নাজানো অনাগত দিনবোৰত এনেকৈ আৰু কিমান হেৰুৱাম।কিন্তু বন্ধুত্ব বোলা সম্পৰ্কটোৰ বাবে যদি প্ৰত্যোকে সময় দিওঁ,সুখৰ বতৰা নল'লেওঁ দুখৰ বতৰাবোৰ পাতো, হয়তো তেতিয়া আত্মহত্যাৰ দৰে ঘটনা বহুদূৰ হ্ৰাস পাব।জীয়াই থকাৰ সাহস হেৰুৱাৰ বাবেই এনে পথ বাছি লোৱা হয়। যদি আপুনি,তুমি,মই প্ৰিয়    বন্ধু বান্ধৱী হ'ব পাৰো, প্ৰয়োজনত জীয়াই থকাৰ সাহস প্ৰেৰণা যোগাব পাৰো ।তেন্তে নিজৰ জীৱন নিজে ধ্বংস কৰা অশুভ পৰম্পৰা বহুদূৰ হ্ৰাস হ'ব)

Tuesday, June 20, 2017

নেতিবাচক আৰু ইতিবাচক

নেতিবাচক আৰু ইতিবাচক:এক চমু আভাস
                                            👉ৰাজ্জাক আলী
                                                 (মৰাণহাট)


সততে কৰা নেতিবাচক চিন্তাধাৰাই মানুহ এগৰাকীক সুন্দৰ জীবনৰ বাটলৈ খোজ দিয়াত বাধা প্ৰদান কৰে,  বাধা প্ৰদান কৰে তেওঁৰ সংগত থকা আন বহুজনকো।


   হ'ব জানো?কৰিব জানো?শুনিব জানো?দিব জানো?পাম জানো?
 নহ'ব নেকি?নকৰিব নেকি?নুশুনিব নেকি?নিদিব নেকি?নাপাম নেকি?


এই 'জানো'আৰু 'নেকি' শব্দবোৰে বহু জীবন পিছুৱাই দিয়ে।এক নেতিবাচক চিন্তাধাৰাই সেইগৰাকীৰ লগতে আন বহুজনক আগৰ বাটবোৰ চাবলৈ সুবিধাই নিদিয়ে।


মানুহৰ ইতিবাচক চিন্তাই বহু কঠিন কাম সহজ কৰি দিয়ে তাৰ উদাহৰণ বোধকৰো নতুনকৈ দিয়াৰ প্ৰয়োজন নাই।


কাষৰত অহা বিষয় এটা বা কাম এটা প্ৰথমেই যদি নেতিবাচক দৃষ্টিভংগীৰে চোৱা হয় সেই কাম বা বিষয়ত অসফল হ'ব সেইটো প্ৰায় নিশ্চিত। কাৰণ সেই কৰ্ম বা বিষয়ৰ ওপৰত নেতিবাচকে গুৰুত্ব দিব নিদিয়ে।
ইতিবাচক দৃষ্টিৰে খোজ আগবঢ়ালে ,কৰ্মবোৰ ইতিবাচক মনেৰে সম্পাদন কৰি গ'লে সফলতা  জীবনৰ কাষত উপস্থিত হোৱাটো স্বাভাৱিক।


আপুনি যি লক্ষ্য পাবলৈ আগবাঢ়ি আছে সেইটো সম্পূৰ্ণকৈ নাপালেও যাত্ৰাপথত এনে এক সফলতা লাভ কৰিব যিটোৱে আপোনাৰ জীবন অনুপম কৰাত বহুদূৰ সহায় কৰিব।

আপুনি কোৱা এষাৰ ইতিবাচক কথাই কাৰোবাৰ জীবন বহু সফলতালৈ  লৈ যাব পাৰে আপুনি জানেনে?আপুনি সুখী নহ'বনে  জানি আপোনাৰ বাবে এটি জীবন সফল হৈছে ।


সেয়েহে ইতিবাচক ভাৱধাৰাত,চিন্তাধাৰাত থাকক প্ৰতিক্ষণে। ইতিবাচকে আপোনাৰ জীবনটো সফলতাৰ সেউজীয়াৰে পৰিপূৰ্ণ কৰাৰ লগতে আপোনাৰ কাষত থকা সকলকো সেউজীয়াৰ সফল বাটলৈ খোজ দিয়াত সহযোগ কৰিব।


নেতিবাচক বাৰ্তাৰে জীবনবোৰ নষ্ট নকৰিব।আপোনাৰ নেতিবাচক কথা শুনি বহুজনে বহু মূল্যৱান সময়,কৰ্ম আৰু অনুপম জীৱন লাভ কৰাৰ পৰা বঞ্চিত হ'ব পাৰে।


গতিকে আহক নেতিবাচকক খেদি ইতিবাচক দৃষ্টিভংগীক সংগী কৰি খোজ কাঢ়ো এই বিশাল মানৱ সমাজত।


Friday, May 5, 2017

      "তেজৰ ৰং ৰঙা"


                                                            ৰাজ্জাক আলী



                   ( এক)


ল'ৰালিত পাচোঁটি একেলগে মাৰ্বল গুটি ,লুকা ভাকু খেলি আনন্দত মতলীয়া

 হাতে হাত ধৰি লগেভাগে বিদ্যালয়লৈ ...

উটপাট কৰি ধৰা পৰাত

এটাই আনটোক বচাব গৈ পিটনবোৰ লগেভাগে খাই


 ধৰ্ম কি নাজানে সিহঁতে

 ধৰ্মৰ নামত ভেদাভেদৰ পৰা পৰিস্কাৰ সিহঁতৰ মনবোৰ

মাথো বন্ধুত্বৰ সুৱাহত বিলীত

কোনোৱা হিন্দু

কোনোবা মুছলমান

কোনোবা শিখ

কোনোবা জৈন

অথবা বৌদ্ধ

মতলৱ নাই সিহঁতৰ

মাথো জানে বন্ধু সিহঁত

ঘৰৰ চাৰিবেৰৰ পৰা

বিদ্যালয় বিশ্ববিদ্যালয়লৈকে
পিতৃ মাতৃ ,শিক্ষাগুৰুৰ পাঠদান
ভ্ৰাতৃত্ববোধ,ধৰ্মনিৰপেক্ষ, একতা অটুট ৰাখিবলৈ

জাতি এটাই

সেয়া মানৱ জাতি

ধৰ্ম এটাই

সেয়া মানৱীয়তা

মানৱীয়তা ডোলেৰে খোজ কাঢ়িছিল সিহঁত


           (  দুই)

তেনে একতা দেখি

আচৰিত শতৰু

শতৰুৰ লক্ষ্যবিন্দু হৈ পৰিল সেই একতা চাৰখাৰ কৰাত

 প্ৰতিদিনে বিভেদৰ ক'লা বিজাণু প্ৰক্ষেপ শতৰুৰ

বন্ধুবৰ লাহে লাহে আক্ৰান্ত সেই বিজাণুত

পৰিণতিত

সিহঁতে আজি ধৰ্মক প্ৰাধান্য দিয়া হ'ল

এটাই আনটো ধৰ্মক লৈ তিৰস্কাৰ

ক'ত হেৰাল বন্ধুত্ব

শ্ৰেষ্ঠ সম্পৰ্কৰ এনাজৰীডাল ইমানেই ফোপোলা আছিল নে তৎমুহূৰ্ততে

ভাঙি গ'ল একতা

ভাঙি গ'ল বন্ধুত্ব

জ্ঞানী হৈয়ো অজ্ঞানী হৈ পৰিল সিহঁত শতৰুৱে সুবিধা ললে

সিহঁতে সুবিধা দিলে

বন্ধু আজি শতৰু হ'ল


           (তিনি)

অকস্মাৎ এক দুৰ্ঘটনা আঘাতপ্ৰাপ্ত পাচোটি অতীত বন্ধু

ৰক্তাক্ত হ'ল দেহ

প্ৰতিজনৰে ৰঙা তেজবোৰ সিচঁৰি ঠাইডোখৰ ৰঙা ৰঙা হৈ পৰিল কোনোজনৰে অন্য ৰঙৰ তেজ নোলাল মাথো ৰঙা ৰঙৰ তেজ

দুৰ্ঘটনা দেখি উদ্ধাৰ কৰিব দৌৰি আহিল ভিন্ন ধৰ্মৰ মানুহ

মুছলমান উদ্ধাৰকাৰীজনে হিন্দুজনক

হিন্দুজনে মুছলমানজনক

শিখ এজনে বৌদ্ধজনক

বৌদ্ধ এজনে শিখজনক

আৰু নাস্তিক এজনে জৈনজনক উদ্ধাৰকৰি

প্ৰতিজনে প্ৰতিজনৰ মুখত পানী দি তৰাতৰিকৈ চিকিৎসালয়লৈ বুলি...


চিকিৎসালয়তে সিহঁতৰ ভুলবোৰ মনলৈ উজ্জ্বল হৈ বাজি উঠিল আত্মসমালোচনা প্ৰতিজনৰে


তোমালোকৰ একতাবোৰ চাই হিংসা কৰে

এজাক চকুচৰহাই

একতা ভঙাৰ জোৰদাৰ প্ৰচেষ্ঠাত প্ৰতিক্ষণে

সেইচামৰ সাবধান হোৱা আৰু

চকু কাণ নাক মুখ নিজৰ সু দায়িত্বত ৰাখিবা

 যাতে তোমালোকৰ ইন্দ্ৰিয় আনে দু:ব্যবহাৰ কৰাৰ সুযোগ নাপায়।।

Wednesday, March 29, 2017

                                         👉ৰাজ্জাক আলী

(তিনি বান্ধৱীৰ মাজত তৰ্ক যুদ্ধ
বিষয়- কোন শ্ৰেষ্ঠ?)

চিমি: মই বাঘৰ মুখত চুমা খাব পাৰো
আইনু:এইটো কি ডাঙৰ কথা, মই সিংহৰ মুখ ফালি দুচোৱা কৰিব পাৰো
বাবলি:থ থ তহঁতৰ কথা তহঁতৰ মাজত
মই এনাকণ্ডা এটাত দুহাতত ধৰি 10 টুকুৰা কৰি দিব পাৰো।
ৰাজু ৱে সিহঁতৰ কথাবোৰ শুনি আছিল।
ৰাজুক দেখি সিহঁতে সুধিলে -আমাৰ দু:সাহসিক কাৰ্যৰ কথা তইচোন শুনিলিয়ে..এতিয়া ক'চোন কোন শ্ৰেষ্ঠ?
ৰাজুৱে ক'লে - মোক প্ৰমাণ লাগে
ৰাজুৰ কথা শুনি তিনিও দৌৰি গৈ কাগজ কলম লৈ আহিল আৰু কিবা কিবি লিখাত লাগি গ'ল।
ৰাজুৱে সুধিলে:কি লিখিছ তহঁতি?
চিমিয়ে ক'লে- মই লিখিলো বাঘৰ মুখ আৰু এইয়া চুমা খাই দিলো
হ'ল ন বাঘৰ মুখত চুমা খোৱা।
আইনো- মই লিখিলো সিংহৰ মুখ আৰু এইয়া চা সমানে সমানে দুচোৱা কৰি দিলো ।
'ৰাজু মোৰ কথা শুন ' বাবলিয়ে ক'লে
- এইটো চা এনাকণ্ডা , লিখাৰ লগতে আঁকিও দিছো আৰু তোৰ সন্মুখতে দহ টুকুৰা কৰি দিছো চা।
এতিয়া ক কোন শ্ৰেষ্ঠ।
চিমি আৰু আইনুৱেও চিঞৰি উঠিল
অ ক ৰাজু কোন শ্ৰেষ্ঠ
ৰাজুৱে তিনিওজনীৰ ফালে চাই মূৰৰ চুলি খজুৱাই খজুৱাই ক'লে
:- ৰ মই কাগজ কলম লৈ আহো।
এইবুলি কৈ ৰাজু সিহঁতৰ মাজৰ পৰা পলাই পতং।

বহু দূৰণিত পোৱাৰ পিছত মুখৰ ভিতৰতে কলে "ওহ আজি বাছিলো আৰু দেই।

Tuesday, March 28, 2017

"আবেদন পত্ৰ" 

                                    👉ৰাজ্জাক আলী
প্ৰতি

কালৈ নাজানো

বিষয়- প্ৰতিদিনত সুন্দৰতা লাগে
সুন্দৰতাত মৰম ভালপোৱা লাগে
শান্তি লাগে
সুখৰ বাতাবৰণ লাগে

কি বুলি সন্মোধন কৰিম নাজানো।
আপোনাক জনাওঁ যে আমাক
বাটে ঘাটে টেলিভিচন ৰ পৰ্দাত বেয়া খবৰ নালাগে। অশান্তিপূৰ্ণ সমাজ নালাগে। বাতৰি কাকতত ভাল খবৰৰ প্ৰকাশ লাগে। জীৱন নষ্টৰ দৃশ্য নালাগে , জৰ্জৰিত ,বিশৃংখল, সন্ত্ৰাসী বতাহ নালাগে।
ভেদাভেদ নালাগে,শত্ৰুতা নালাগে ...
বন্ধুত্ব লাগে,আন্তৰিকতা লাগে ,আপোনত্ব লাগে।

লাগে
অনুপম ,ৰঙীল , হাহিঁৰ কিৰণে জিলিকণি মাৰি থকা জীৱন ।
লাগে
এক আটকধুনীয়া ধৰণী
য'ত প্ৰকৃত মানুহ থকাৰ সুবিধা পায়।

আশাকৰো আবেদন খন গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰে যেন।

                                     ইতি
                             সভ্য মানৱ সমাজ

Friday, March 24, 2017

তোমাক ভালপাওঁ

"তোমাক ভালপাওঁ"                             ।।।👉ৰাজ্জাক আলী


মোৰ মাতৃভূমি তোমাক ভালপাওঁ
তোমাৰ কেচাঁ মাটিত উমলি মই ডাঙৰ হলো
খোজ কাঢ়িব শিকিলো
এটি দুটিকৈ কথা পাতিব শিকিলো

তোমাক ভালপাওঁ 'মা'
তোমাৰ গৰ্ভৰ পৰাই মই আজিৰ পৃথিৱী.....
প্ৰতিগৰাকী মাতৃক ভালপাওঁ
মাতৃৰ বাবেই সন্তানে....
মাতৃৰ কাষত সন্তান চিৰঋণী

প্ৰতিগৰাকী সভ্য মানুহক ভালপাওঁ
যাৰ বাবে আজিৰ বিভীষিকাৰ মাজটো পৃথিৱী শুৱনী
যিয়ে অহৰহ চেষ্টা কৰে অশান্তি সন্ত্ৰাস নাশ কৰিবলে
সন্ধান কৰে শান্তি,বন্ধুত্ব ,ভ্ৰাতৃত্ববোধৰ...

প্ৰতিগৰাকী গায়ক-গায়িকাক ভালপাওঁ
যিসকলৰ গীতৰ পৰশে....
প্ৰতিগৰাকী কবিক ভালপাওঁ
যিসকলৰ কবিতাৰ স্পন্দই...

কিতাপ পঢ়ি ভালপাওঁ
যিবিলাক কিতাপে
জীবন বাটৰ খোজত...

কলম ভালপাওঁ
কলমে জীবনৰ বাটবোৰ প্ৰতিপলে
উন্নয়নৰ দিশে ..
কলমক ভালপাওঁ
কলমৰ নিপডালৰ পৰাই জন্মলাভ কৰে অগণণ ...

অগ্ৰজসকলক ভালপাওঁ
তেওঁলোকে দেখোৱাই দিয়ে জীবনক কেনেকৈ...

বন্ধুত্বক ভালপাওঁ
যাৰ মিঠা স্পৰ্শই দি যায় জীবন চিত্ৰত বহু ৰং...
বন্ধুত্বক ভালপাওঁ
জীবনত সাথঁৰ যেন লগা বহু কাম বন্ধুত্বৰ সাহসত...

প্ৰেম ভালপাওঁ
জীবন প্ৰেয়সীক ভালপাওঁ
প্ৰেম সৃষ্টিৰ আধাৰ
প্ৰেয়সীয়ে জীবনৰ কঠিনতাৰ সময়ত
জীবন বাটৰ দুৰ্যোগৰ সময়ত প্ৰতিটো ক্ষণতে প্ৰেৰণা দিয়ে,সাহস দিয়ে
প্ৰেমৰ মিঠা সুবাসে অসম্ভৱ কামো সম্ভৱ কৰে
প্ৰেম মোক ভাল লাগে

পৰিবেশ ভালপাওঁ
গছ-গছনি ভালপাওঁ
ফুল ভালপাওঁ
ফুলেৰে আবৃস্ত ফুলনি ভালপাওঁ
আকাশ ভালপাওঁ,
বৰষুণ ভালপাওঁ,
সূৰুজক ভালপাওঁ,
সূৰুজৰ ৰশ্মিক ভালপাওঁ,
জোনক ভালপাওঁ,
জোনাক ৰাতি ভালপাওঁ,
গ্ৰীষ্মক ভালপাওঁ,
শীত ভালপাওঁ


সেই পৃথিৱী তোমাক মই ভালপাওঁ 

Thursday, March 23, 2017

কুইজ আৰু জীৱনৰ কিছু কথা

"কুইজ আৰু জীৱনৰ কিছু কথা"


                    👉ৰাজ্জাক আলী

ল'ৰালিৰ পৰাই প্ৰশ্নোত্তৰৰ খেল" কুইজ"ৰ প্ৰতি বেলেগ আগ্ৰহ গঢ় লৈ উঠিছিল । প্ৰাথমিক বিদ্যালয়ত থকাৰ পৰাই কুইজৰ লগত চা- চিনাকী হৈছিল।
ভাৰতৰ প্ৰথম ৰেলগাড়ী ক'ৰ পৰা কলৈ চলিছিল?
এয়া আছিল মই দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোতে অংশগ্ৰহণ কৰা প্ৰথম কুইজৰ প্ৰথম প্ৰশ্ন।
তপৰাই উত্তৰ দিছিলো বোম্বাইৰ পৰা থানেলৈ বুলি
লাহে লাহে বিদ্যালয়ৰ পৰা মৰাণ অঞ্চলৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাবিলা
কটো
অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলো। তেনেদৰে প্ৰতিটোত পুৰস্কাৰ নাপালেও প্ৰায় ভাগতেই বিজয়ী হৈ কিতাপৰ টোপোলা আৰু মানপত্ৰ লাভ কৰিছিলো । ভাল লগা বতাহজাক সেই সময় বোৰত মনলৈ বাৰুকৈ বলিছিল।
এবাৰ গ্ৰীষ্মকালিন পাঠদান সামৰণি অনুষ্ঠান এখনত আয়োজন কৰা কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো। কুইজৰ জীৱনত সেইখনেই এনে এক কুইজ প্ৰতিযোগিতা আছিল য'ত আমাৰ দললৈ অহা প্ৰতিটো প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিছিলো। বিৰাট ভাল লাগিছিল সেইদিনা ...কিন্তু দুখো লাগিছিল কিয়নো প্ৰথম স্থান দখল কৰিয়ো আজিপৰ্যন্ত পুৰস্কাৰ নাপালো।
এনেকে বিদ্যালয়ত পঢ়ি থাকোতে জিলা ভিত্তিত কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বিদ্যালয়ৰ হৈ সুবিধা লাভ কৰিছিলো। শিৱসাগৰ ,ডিব্ৰুগড়ৰ বিভিন্ন স্থানত কুইজত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িলো। প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰি জ্ঞান লাভৰ লগতে বিভিন্ন বিদ্যালয়ৰ কুইজাৰ্ড সকলৰ লগত বন্ধুত্ব স্থাপনৰ পৰম্পৰা গঢ়িবলৈ ধৰে নিজে নিজেই। জিলা ভিত্তিত প্ৰতিযোগিতা বোৰত কমকে হ'লেও পুৰস্কাৰ পাইছিলো।
সময় পাৰ হোৱাৰ লগে লগে অসম ভিত্তিত কুইজ প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰিবলৈ সাহস কৰিলো।
এক নতুন ধাৰাৰ আৰম্ভ হ'ল। কুইজৰ বৃহৎ পথাৰত খোজ পেলালো। ৰাজ্যখনৰ   ভিন্ন জিলাৰ বিভিন্ন প্ৰান্তত কুইজে লৈ গৈছিল ।
লগ পাবলৈ ধৰিলো অসমৰ বিভিন্ন প্ৰান্তৰ অগ্ৰজ বহু কুইজাৰ্ডক, বিভিন্ন বিজ্ঞ ব্যক্তিক। শদিয়াৰ পৰা ধুবুৰীলৈকে এটা বহু কুইজাৰ্ড বন্ধু হৈ পৰিল জীৱন বাটৰ ..কুইজে উপহাৰ দিলে বহু বন্ধুক। গঢ়ি উঠিল বন্ধুত্ব।
এদিন মৰাণৰ এজাক কুইজপ্ৰেমী একত্ৰিত হৈ মৰাণ কুইজ ক্লাৱ গঠন কৰিলো। কুইজাৰ্ডৰ পৰা কুইজ মাষ্টাৰ হৈ পৰিলো। কণ কণ শিক্ষাৰ্থীৰ লৈ কুইজ প্ৰতিযোগিতাৰ পৰা সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিব ধৰিলো।
এবাৰ
বিদ্যালয় পয্যায়ৰ কুইজ প্ৰতিযোগিতা এখন পৰিচালনা কৰিব গৈ দুগৰাকী বাইদেউক লগ পাইছিলো ।তেওঁলোকৰ আত্মীয়তাই আপ্লুত কৰিছিল বাৰুকৈ। কুইজেই এক মূল্যৱান উপহাৰ আগবঢ়াইছিল জীৱনলৈ ।পৰবৰ্তি সময়ছোৱাত খোজে প্ৰতি প্ৰেৰণাৰ আৰ্শীবাদ হৈ পৰিছিল তেওঁলোক। আপোনত্বৰ সেউজীয়া ৰঙে ৰঙীল কৰিছিল জীৱন। আজিৰ সময়ত তেনে ব্যক্তিত্বৰ সংখ্যা সামান্য। বহু কথা লিখি শেষ কৰিব নোৱাৰি কিন্তু কুইজৰ পচোৱাৰ পৰাই কাষৰত পাইছো অনেক মূল্যৱান......
হয়টো কুইজৰ লগত জড়িত নাথাকিলে বহুবোৰৰ পৰাই বঞ্চিত হলোহেতেঁন।


মৰাণ কুইজ ক্লাৱৰ অগ্ৰজ সকলৰ সানিধ্যই অনুপ্ৰাণিত কৰি আহিছে
এজাক অগ্ৰজৰ সুগন্ধি সহযোগ পাই জীৱনটো আগবঢ়াই নিয়াত সুবিধা হৈছে।

ধন্যবাদ কুইজ।

কুইজে মঞ্চ দিছে
কুইজে সন্মান দি আহিছে
কুইজে অপাৰ জ্ঞান লাভ কৰাত সহযোগ কৰি আহিছে
কুইজে আত্মীয়তাৰ সুবাস দিছে
কুইজে বন্ধুত্ব দিছে
কুইজে ব্যক্তিত্ব গঠনত সহযোগ কৰিছে
পুনৰ ধন্যবাদ কুইজ

Friday, March 17, 2017

চিত্ৰকাৰ

    "চিত্ৰকাৰ জীৱনৰ"

                  👉ৰাজ্জাক আলী

পৃথিৱীৰ আটাইতকৈ বিখ্যাত তথা শ্ৰেষ্ঠ চিত্ৰকাৰ সেইসকল যিসকলে জীৱন বোলা ছবিবোৰ সুন্দৰকৈ   আঁকি ৰঙীলতা ঢালি দিয়ে।

 ৰঙহীন জীৱনবোৰ বিবিধ ৰং বোৱাই  সৌন্দৰ্যতা দিয়া চিত্ৰকাৰ সকলক মোৰ তৰফৰ পৰা হিচাপ কৰি শেষ কৰিব নোৱাৰা সংখ্যক ধন্যবাদ।

জীৱনৰ উজ্জ্বলতা কম দেখিলেই তেওঁলোকে আগবাঢ়ি আহি নিস্বাৰ্থৰ ব্ৰাছত ৰং সানি পুনৰাই জীৱনৰ ছবিত  ৰঙীলতাৰ সমাহাৰ দিয়াত ব্যস্ত হৈ পৰে।

শত হাজাৰ বাৰ প্ৰণাম তেওঁলোকলৈ....
তেওঁলোকৰ পৰশ থকা জীৱনবোৰ ধন্য

Tuesday, March 14, 2017

ন বৰ্ষৰ প্ৰথমটি পুৱাতে লিখা "আশা ,শুভ বাৰ্তা , শান্তি"

আশা,শুভ বাৰ্তা , শান্তি

                               👉ৰাজ্জাক  আলী
-------------------------------------------------------------------
আশা- 'ন সূৰুযে ,কুৱলীৰ চাদৰক কাষৰত লৈ
                 খোজ পেলাইছে ন বসন্তলৈ
         এই বসন্তত  অপদাৰ্থ,আবৰ্জনাবোৰ জ্বলি ছাঁই                                                     হওঁক
 প্ৰকাশিত হওঁক মাথো
মৰম, ভালপোৱা,মানৱতা
মানুহে  মানুহৰ বাবে জীয়াই থকাৰ সুবাস...'

এটি নতুন বৰ্ষৰ আগমন.. বিপুল আদৰণি..নৱবৰ্ষৰ প্ৰথমটি পুৱাৰ পৰাই জীৱনে বহু আশা বুকুৰ মাজলৈ সাৰ্থক কৰি আনিব বিচাৰে..যিয়ে জীৱনৰ ছবি ৰঙীলতাৰে সজাই...

         আশা  :সুস্থ তথা সম্প্ৰীতিৰ বতাহেৰে শৰীৰত মিঠা স্পৰ্শ পোৱাৰ..

ভালপোৱা অস্ত্ৰৰ প্ৰহাৰত শত্ৰুতা নিহত হওঁক,
মৰমৰ পৰশত হিংসা নি:শেষ হওঁক,
মানৱীয় ৰশ্মিৰে ধৰিত্ৰীৰ চৌদিশ  মানৱীয় সৌন্দৰ্যৰে জিলিকি উঠক.... সেয়াই আশা

আশা মাথো , 
                   জীৱনৰ পথত বাৰুদৰ গোন্ধৰ পৰিবৰ্তে
          হিংসাৰ দুৰ্গন্ধৰ সলনি
                 প্ৰেম ভালপোৱাৰ ফুল অংকুৰিত হওঁক
       মানৱীয় সুগন্ধতাই সুবাহিত কৰক ধৰণী...
শুভ বাৰ্তা:---- আজি ধৰণী অশুভ বাৰ্তাৰ কবলত..
 পুৱাৰ প্ৰথমটি আভাৰ পৰা অন্তিম অন্ধকাৰলৈকে সমীক্ষা চলালে অশুভ বাৰ্তাৰ শতাংশহে বিজয়ী হ'ব। কাট-কূটকৈ দুই এক শুভ বাৰ্তাহে দিনটোত...যি অশুভ বাৰ্তাৰ কাষত পৰাজিত...
      বাতৰি কাকতৰ পৰা আৰম্ভ কৰি নিউজ চেনেল সকলোতে ৰাজত্ব অশুভ বাৰ্তাৰ। উঠি অহা প্ৰজন্মৰ  বাবে ভাল খবৰ ,শুভ বাৰ্তা আজি  দুষ্পাপ্য....
সাংবাদিকসকলৰো উপায় নাই বাস্তৱবোৰ লুকুৱাব নোৱাৰি     ..লাগিলে বেয়া খবৰে হওঁক  বাধ্য প্ৰকাশ কৰিবলে...
         আহকচোন আমিবোৰে কেৱল শুভ বাৰ্তাৰ সন্ধান কৰো..উপহাৰ যাতে দিব  উঠি অহা প্ৰজন্মক এমুঠি শুভ বাৰ্তা....
         শুভ বাৰ্তাৰ পৰশত সেউজীয়া  হওঁক জীৱনবোৰ,
গুলপীয়া হাহিঁৰে জিলিকি উঠক মুখনিবোৰ...


শান্তি:

     "শান্তি আজি দুৰ্লভ

    জীৱনৰ ছবিবোৰত শান্তিৰ অনাটন
শান্তিৰ অবিহনে জীৱনৰ ছবি বৰণহীন,সৌন্দৰ্যহীন"
আজিৰ সময়ত শান্তিক প্ৰতিক্ষণে লগ পোৱাটো এক  অৰ্থত অসম্ভৱ...
শান্তিৰ বিৰুদ্ধে কৰা বিভিন্ন কাৰুকাৰ্যৰ বাবে নিৰাশ হৈ শান্তি আতৰিবলৈ ধৰিছে মানুহ থকা সমাজৰ পৰা...
জীৱন সা সম্পত্তিৰে পৰিপূৰ্ণ থাকিলেও শান্তিৰ অবিহনে জীৱনটো মামৰে ধৰাৰ দৰে হৈ পৰে।
শান্তিৰ সুবাস স্থায়ীকৈ পাই থাকিবলৈ সকলোৰে সহযোগ লাগিব,
লাগিব ভালপোৱা, মানুহে মানুহক ভালপোৱা। প্ৰকৃতাৰ্থত ভালপোৱাই ধৰাৰ পৰা অশান্তি ,সন্ত্ৰাস বোৱাই
সুখ -শান্তিৰ পচোৱা বলাত সহযোগ কৰে।
প্ৰত্যেক মানুহৰ মন-হৃদয়ত ভালপোৱা পঞ্জীভূত হৈ থাকে ,যাক উদ্ভাৱন কৰি নদী বৈ যোৱাৰ দৰে সমাজলৈ প্ৰবাহিত কৰিব লাগে।পৰিণতিত চৌদিশে শান্তিৰে পুৱা,
শান্তিৰে দুপৰীয়া
শান্তিৰে ভৰা আবেলি
শান্তিৰ নিশাই ৰাজত্ব কৰিব। মানুহ জীৱ শ্ৰেষ্ঠ ।মানুহে ইচ্ছা কৰিলেই শান্তিৰে ধৰণী ....


আশাবোৰ সাৰ্থক হ'লে শুভ বাৰ্তাৰ বৰষা আহিলে শান্তিৰ পৰশ কাষৰত থাকিলে আমাৰ জীৱনবোৰ নিৰ্মলপ্ৰভা বাইদেউৰ কথাৰে "জীৱন জীৱন বৰ অনুপম" হৈ উঠিব।





Monday, March 13, 2017

হৃদয়ৰ ধুনীয়াবোৰ


আমাৰ সপোনবোৰ

"আমাৰ সপোনবোৰ"

              👉ৰাজ্জাক আলী

আমাৰ সপোনবোৰে
বাস্তৱৰ সোনালী পৰশক চুবলৈ
তেজস্বী মনেৰে
অগ্নিৰ ডেউকা মেলি
উৰি যাব লাগিব
ক্ষীপ্ৰতাৰে আগলৈ মাথো আগলৈ...

পদ প্ৰদৰ্শক আত্মাক
প্ৰতিক্ষণে কাষৰত লৈ খোজ...
বুকুত থাকিব লাগিব আত্মবিশ্বাস,
লক্ষ্য হ'ব লাগিব সঠিক,

জীৱনৰ সৌন্দৰ্যতাৰ বাবে
পৰিয়াল আৰু ৰাষ্ট্ৰৰ সৌন্দৰ্য বৰ্দ্ধনৰ বাবে
কষ্টৰ প্ৰসাধন
মনে প্ৰাণে লগাকৈ কৰ্মত...

ভাৰতৰ আত্মাই বিশ্ব ৰাজত্ব
কৰাত সফল হওঁক
নতুন সহস্ৰাব্দৰ ৰূপৰেখাই সেই দিন
এদিনাখন সন্মুখত লৈ জয়গান কৰক
উন্নয়নশীল ৰ পৰা উন্নতলৈ ৰূপান্তৰ

আমাৰ সপোন

অলপ হাহোঁ আহক


ৰস ৰচনা


বক্ৰ দৃষ্টিৰে-"মানুহৰ খোজ বন্ধ"


(প্ৰিয় বান্ধৱীলৈ অৰ্পন)



ৰাজ-- স্মিতা ,পৰহিলে মই অসম বন্ধ দিছো।

স্মিতা--হয়নি...কিমান ঘণ্টাৰ দিছ'?

ৰাজ-পাচঁ মিনিট

স্মিতা --অ বঢ়িয়া

ৰাজ-- হে হে পিছে মানুহৰ খোজ বন্ধ দেই।পথ বন্ধ , চকা বন্ধ যদি হ'ব পাৰে
তেন্তে মানুহৰ খোজ বন্ধও হ'ব পাৰে ন'।মই দিছো অসমত প্ৰথমবাৰৰ বাবে।মানুহে
লৰচৰ কৰিবও নোৱাৰে এই বন্ধত।অ

স্মিতা-হা হা বড়িয়া...যদি ফ'ল নকৰে বম দি উৰুৱাই দিবি নি।

ৰাজ- হে হে তয়ো যে আৰু ...নুৰোৱাও অ'।প্ৰথমবাৰৰ বাবে মানুহৰ ভালৰ বাবে
বন্ধ..।মই দিয়া বন্ধৰ কাৰণ গম পালে সকলোৱে হাহিঁমুখে ,আনন্দমনে বন্ধটো
সমৰ্থন কৰিব।

স্মিতা-তাকে...ঠিকে আছে দে...

ৰাজ-উম...কাৰণটো নুশুন নি..

স্মিতা- কি ক আক'

ৰাজ-মানুহে ৰাতিপু ৱাৰ পৰা ৰাতিলৈকে দৌৰা দৌৰি কৰি থাকে..ইমান বিজি যে
মানুহবোৰৰ 'ভৰি' হাইৰাণ হৈ যায়, দুখ পাই ,কষ্ট পাই....
ভৰিবোৰে সেইদিনা কান্দি আছিল।কি হ'ল মই সুধাত সিহতঁৰ 'দুখ ভাৰি কাহিনী' শুনালে মোক।
সেয়েহে ভৰিবোৰক ৰেষ্ট দিবলৈ পাচঁ মিনিট খোজ বন্ধ।অন্তত: অলপ আৰাম পাব মানুহে...

স্মিতা-পাচঁ মিনিট কম হৈছে নেকি?

ৰাজ-মই অকলে যে সেইহে পাচঁ মিনিট..তয়ো যদি এই বন্ধত মোৰ লগত আছ' তেন্তে
টাইম বঢ়াই দিম আক'।

স্মিতা -অ আছো আছো,অকনমান বঢ়া আক'...

ৰাজ-ঠিক আছে তই লগত আছ' যদি এঘণ্টা কৰি দিছো হ'বনে ক'?
স্মিতা-অকে' এঘণ্টা ৱীল বেটাৰ।

ৰাজ-অকে' , আমাৰ পাৰ্টীটোৰ নাম এটা দিব লাগে ন' ..নহ'লে কোনে বন্ধ দিছে
মানুহেছোন গমেই নাপাব।

স্মিতা-অ, নামটো তয়ে চিলেক্ট কৰ'এইবোৰত তই চুপাৰ ৰুচটোম ন'...

ৰাজ- হা হা ...JPP দিলে কেনে হ'ব?

স্মিতা-অ ভালে হ'ব দে

ৰাজ-JPPৰ ফুল ফ্ৰম মানুহে সুধিলে কি ক'বি?

স্মিতা-তই ক'লেহে জানিম

ৰাজ-সুধিব লাগে তই...জীৱন পিপলচ্ পাৰ্টী চমুকৈJPP

স্মিতা-হা হা হা ..ভাল নাম দিছ' দেই.. তোক মানিছো আৰু...

ৰাজ- হে হে হে হে...উম টেংকচ্। তই কি হ'বি প্ৰেচিডেন্ট নে ছেক্ৰেট্ৰাৰী?

স্মিতা- প্ৰেচিডেন্ট হম মই

ৰাজ-অকে,তই প্ৰেচিডেন্ট মই ছেক্ৰেটাৰী।আজি সময়ে পাৰ হ'ল।মানুহবোৰে গমেই
নাপাব ন' । চ' নিউজ এটা লিখো JPPগঠন হ'ল বুলি অসমত।তোলে পঠিয়াই দিছো চাই-
মেলি ছাইন মাৰ'।

স্মিতা- হা হা

ৰাজ- ছাইন মাৰ আক' সোনকালে।দাতঁ বাৰে বাৰে দেখোৱাব নালাগে।তোৰ দাতঁবোৰ
এনেও ধুনীয়া।প্ৰেচিডেন্টে ছাইন মাৰিলেহে ছেক্ৰেট্ৰাৰীয়ে কাম কৰিব।

স্মিতা-দে আক' কাগজখন ,তেতিয়াহে পাৰিম ছাইন মাৰিব..

ৰাজ-চা তোৰ টেবুলত গৈ পালে কাগজ

স্মিতা-অ

ৰাজ-মাৰিলি নাই ছাইন?

স্মিতা-মাৰিলো ।পাৰ্চেল কৰি দিছো তোলে

ৰাজ-অ পালো পালো এই Just..
পঠিয়াবলৈ লৈছো নিউজ পেপাৰবোৰলে।কাইল
ৈ নিউজ পেপাৰবোৰ ওলোৱাৰ লগে লগে এক
খলকনিৰ সৃষ্টি হ'ব।
আমাৰ মূলমন্ত্ৰ হ'ব-" আপোনাৰ জীৱন,আপোনাৰ স্বাস্থ্য ,আমাৰ লক্ষ্য"।

স্মিতা-ভেৰী গুড...বঢ়িয়া

ৰাজ- উম টেংকচ্ প্ৰেচিডেন্ট মেম।পৰহিলে বন্ধ ঘোষণা কৰিব পাৰিমনে?

স্মিতা -ৱেলকম,পাৰি কৰি দে

ৰাজ-অকে,ঠিক আছে তেন্তে প্ৰেচিডেন্ট মেম।অসমৰ ইতিহাসত ৰেকৰ্ড এটা হ'ব ন'..

স্মিতা- উম হ'ব আক',অসম কি সমগ্ৰ বিশ্বতে এইটো ৰেকৰ্ড হ'ব।আমেৰিকাও ভবা
নাই আজিলৈকে যিটো আমি ভাবিছো।আচলতে আমি কৰা কাম যে ৰেকৰ্ডটো হ'বই ...তাত
সন্দেহ নাই..



(দুদিন পাছত পুৱা ন বজাৰ পৰা দহ বজালৈ মানুহৰ খোজ বন্ধ হ'ল।মানুহ সেই
সময়ত য'ত আছিল তাতে ৰ'ব লগা হ'ল।কোনেও ভৰি লৰচৰ নকৰাকৈ স্থিৰ হৈ ৰ'ল
।আনকি গাড়ীৰ চালকবোৰেই ভৰি নলৰোৱা হ'ল।
কোনোবাই অচিন ভয়ত,কোনোবাই ভাল পদক্ষেপ বুলি ভাবি,কোনো কোনোৱে ধুনীয়া
ধুনীয়া ছোৱালী চাই বন্ধৰ সহযোগ কৰিলে।
এনেদৰেই জীৱন পিপলচ্ পাৰ্টীৰ আনকমন "মানুহৰ খোজ বন্ধৰ "প্ৰভাৱ বাৰুকৈয়ে
পৰিল অসমৰ লগতে সমগ্ৰ বিশ্বতে।বাকী সকলো সংগঠন ,সংস্থাক আচৰিত কৰি
প্ৰথমবাৰতে সম্পূৰ্ণ সফল অসমৰ মানুহৰ এঘন্টীয়া খোজ বন্ধ। ।)




নাম- ৰাজ্জাক আলী
ঠিকনা-মৰাণ হাট (ডিব্ৰুগড়)
ফোন-9678151327

Sunday, March 12, 2017

               প্ৰশ্ন

পৃথিৱীত প্ৰতিটো খোজতে জীৱনবোৰে বিভিন্ন প্ৰশ্নৰ সন্মুখীত হয়,ইয়াৰে প্ৰয়োজনীয় প্ৰতিটো প্ৰশ্নৰ উত্তৰ সঠিককৈ প্ৰকাশ কৰিব পাৰিলে জীৱনটো উন্নয়নৰ দিশে ধাবৱান হয় ক্ৰমশ: আৰু এনে উন্নয়নে জীৱনৰ সৌন্দৰ্য বৰ্ধনৰ দিশে আগুৱাই নিয়াত সহায় কৰে