Saturday, February 24, 2024

তুমি আৰু মই

তুমি আৰু মই _______________ ✍️ৰাজ্জাক আলী 👩 তুমি মোক সচাঁই ভালপোৱা নে? 👨‍🦰 কিয় তোমাৰ বিশ্বাস নাই.... 👩আছে আছে ... কিন্তু .... 👨‍🦰 কি কিন্তু হা .... মানে বিশ্বাস নাই মোৰ ওপৰত? 👩নহয় অ, মোৰ কোৱাৰ অৰ্থ সেয়া নহয় 👨‍🦰তেন্তে ...তেন্তে কি 👩আনৰ দৰে মুকলি কৰি নিদিয়া কিয় আমাৰ ভালপোৱা, সকলোৱে গম পাওঁক তুমি মোক ভালপোৱা বুলি আক', 👨‍🦰 নাই নাই সেইবোৰ যে মোৰ কৰিবলৈ নাই, মই তোমাক ভালপাওঁ, সেয়া চিঞৰি থকাৰ প্ৰয়োজন বা ক'ত .... বেছি বাহ্যিকতা মই ভাল নাপাওঁ, তুমি মোক আৰু মই তোমাক ভালপাওঁ, আমি দুয়ো জানোঁ কথাবোৰ, তাতোতকৈ আৰু কি লাগে ... 👩 হু যা তুমি বৰ অল্ড ফেশ্বনৰ দৰে কথা কোৱা, সকলোৱে জানক আমাৰ ভালপোৱা মই তাক বিচাৰোঁ 👨‍🦰 তুমি কোৱাচোন বাৰু, সকলোৱে গম পালে আমাৰ কি লাভ বা লোকচান, তুমি জানানে শ্ব বেছি হোৱা বহু কাহিনীৰ অন্ত কিন্তু ইপাৰ -সিপাৰ হৈ পৰে, শ্ব বেছি হোৱাবোৰ সকলোৱে পাকে -প্ৰকাৰে টনা-আজুৰা কৰিব বিচাৰে, শ্ব বেছি হোৱাবোৰৰ 'মুখ লাগে' বুলি কৈ যে সেয়াও হব পাৰে , সেয়ে শ্ব বেছি ভাল নাপাওঁ তুমি মোৰ, মই তোমাৰ আমিয়ে জানোচোন আমাৰ কথা ..... 👩 আচ্ছা বাবা, ঠিক আছে, ঠিক আছে তোমাৰ কথাবোৰ প্ৰফেচাৰকৈয়ো কম নহয় দেই , হব বাৰু নালাগে তেনেকৈ একো কৰিবলৈ.. কোৱাচোন এইবাৰ সৰস্বতী পূজাত মোক দিবা দিবা নে 👨‍🦰দিম আক', তোমালৈ সৰস্বতীৰ প্ৰতিমা এটা আৰু তুমি পঢ়ি ভালপোৱা গ্ৰন্থ এখন লৈ থৈছোঁ .. 👩 কিতাপ দিবা 👨‍🦰 অ'টো , সৰস্বতী পূজাত আৰুণো কি দিম 👩তুমিটো মোক গোলাপ এপাহ দিব পাৰা... 👨‍🦰 আইঐ, হিন্দী চিনেমাৰ দৰে নাভাবিবা চোন কথাবোৰ, গোলাপৰ মই পুলি কেইজোপামান উপহাৰত দিম তোমাক, তোমাৰ পদূলিত ৰঙা হাঁহিৰে ফুলি থাকিব.... তুমি আজি বৰ যান্ত্রিকৰ দৰে কথা কৈ আছা ... 👩 নাই অ সোণ, মই ধেমালিয়ে কৰি আছোঁ, অকৰাটো বুজিয়ে নাপায়, তোমাৰ মনৰ চাৰিবেৰত ফুলা ফুলবোৰ মোৰ মনটো ফুলে , ৰঙবোৰো একে ..... যাৰ সুবাসতে তুমি আৰু মই একাকাৰ ...😊😊 (

Wednesday, August 10, 2022

ৰাখী বন্ধন :এক আলোকপাত

ৰাখী বন্ধন:এক আলোকপাত
   -------------------------     ✍️    ৰাজ্জাক আলী(মৰাণ) 



আমাৰ দেশ ভাৰতবৰ্ষ নানা জাতি-জনগোষ্ঠীৰ সমাহাৰেৰে পৰিপূৰ্ণ। বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজা ধৰ্মীয় উৎসৱ পৰম্পৰা আছে। ভাৰতবৰ্ষৰ কিছুমান ধৰ্মীয় উৎসৱ নিদির্ষ্ট ধৰ্মৰ মাজতে আবদ্ধ নাথাকি ভাতৃত্ববোধেৰে প্ৰায় সকলো ধৰ্মৰ লোকেই পালন কৰা দেখা যায়। তাৰে ভিতৰত এটা উল্লেখযোগ্য ধৰ্মীয় উৎসৱ বা পৰম্পৰা হল ৰাখী বন্ধন। আজিৰ তাৰিখত এই উৎসৱ ভাৰতৰ প্ৰতিটো ধৰ্মৰ লোকে উদযাপন কৰে বুলি কলেও ভুল কোৱা নহব। ৰাখী বন্ধন হিন্দু শাস্ত্ৰমতে শাগুণ মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়। এইবাৰ ১১ আগষ্টত ৰাখী বন্ধন।ৰাখীৰ বান্ধোন বায়েক-ভনীয়েক সকলে ভায়েক-ককায়েকসকলৰ হাতত ৰাখী পিন্ধাই সম্পৰ্কবোৰ সু সুন্দৰ, অটুট কৰাৰ মানসিকতাৰ লগতে তেওঁলোকৰ জীৱনবোৰত সফলতা-সুখৰ সুবাস বলাৰ প্ৰাৰ্থনা কৰে। ককায়েক-ভায়েকসকলেও বায়েক ভনীয়েক সকলক জীৱনবোৰ সুন্দৰ-সফল হোৱাৰ লগতে সুৰক্ষিত কৰি ৰাখিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ হয়। বায়েক-ভায়েক, ভনীয়েক -ককায়েক এনে এক সম্পৰ্ক যাৰ বহুল আলোচনা নহয় যদিও লেখা-মেলা নহয় যদিও জীৱন বাটত এই সম্পৰ্ক এক এৰাব নোৱাৰা অংশ। বায়েকৰ পৰা পোৱা মৰমৰ সোৱাদ, প্ৰতি সময়ৰ প্ৰেৰণা-সাহস, প্ৰয়োজনত দাবী ধমকিৰে ভায়েকবোৰৰ জীৱন সৰ্বাংগসুন্দৰ কৰি ৰাখিবলৈ পূৰ্ণ সহযোগ কৰে। ঠিক তেনেদৰে ভনীয়েক -ককায়েকৰ ধেমালি-মৰমৰ সুবাসেও জীৱনটো আনন্দ মুখী কৰি তুলে। ককায়েকে ভনীয়েকৰ জীৱনৰ পথ সফলতাময় হোৱাত অৰিহণা যোগোৱাৰ লগতে ভনীয়েকবোৰেই ককায়েকৰ ভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়ায়। এক অৰ্থত পৃথিৱীৰ শ্ৰেষ্ঠ সম্পর্ক বোৰৰ ভিতৰত বায়েক -ভায়েক, ভনীয়েক ককায়েকৰ সম্পৰ্ক বোৰ অন্যতম।যি সম্পৰ্কে লিখি বলগীয়া বহুত আছে।আজি ৰাখী বন্ধনত প্ৰতিগৰাকী বাইদেউ-ভন্টীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

Friday, June 3, 2022

"আত্মহনন:সমাজৰ এক ভয়াবহ সমস্যা " ✍️ৰাজ্জাক আলী

আজিৰ সমাজ ব্যৱস্থাত বিভিন্ন কাৰণত বহু লোকে আত্মহনন কৰা দেখা যায়। যিটো একেবাৰে ভাল বিষয় নহয়। নিজক ভালপাবলৈ শিকাটো খুব বেছি প্ৰয়োজন। জীৱনক প্ৰকৃতাৰ্থত মনে প্ৰাণে ভালপোৱা কোনো লোকে আত্মহনন নকৰে যিকোনো পৰিস্থিতিয়ে নাহক কিয় ...... জীৱনত কিবা এটা বিচৰামতে লাভ নকৰিলে কিছুমানে ধৈর্যৰ বান হেৰুৱাই আত্মহনন কৰা দেখা যায়। কিন্তু আত্মহননে কিবা সমাধান কৰে জানোঁ? আত্মহনন কৰা এটা চামৰ কথা কব বিচাৰিছোঁ । ২০ বছৰৰো তলত লৰা-ছোৱালীয়ে আত্মহননৰ পথ বাচি লয়। বেছিভাগৰে এটাই কাৰণ- ঘৰত বিচৰা মনৰ পচন্দৰ সামগ্ৰী নোপোৱাটো আৰু কমসংখ্যকৰ প্ৰেমজনীত কাৰণ। সৰু সৰু লৰা -ছোৱালীয়ে প্ৰেমৰ নামৰ অপ্ৰেমত উঠি -ভাহি শেষত বিচৰা ফলাফল নাপালে একো চিন্তা নকৰি নিজকে হত্যা কৰে। আনফালে ঘৰত বিচৰা সামগ্রী মাক-দেউতাক বা অভিভাৱকে প্ৰদান নকৰিলে চিধাই এচামে আত্মহত্যাৰ পথ বাছি লয়। এই আত্মহত্যাৰ কাৰবাত টো সেই কম বয়সীয়া লৰা-ছোৱালীৰ মনলৈ এদিনতে আহেনে? নিজক হত্যা কৰাৰ চৰম সিদ্ধান্ত কেনেকৈ? জীৱন বোলা গ্ৰন্থখনক নপঢ়াকৈয়ে আৰম্ভণিতে কিয় এনে কাৰ্য কৰে? দায়ী অকল সিহঁতেই নে আন কোনোবাও জড়িত তাৰ লগত? আচলতে দায়ী অকল সিহঁতেই নহয় বা এদিনতে তেনে ভয়াবহ সিদ্ধান্ত সিহঁতৰ মনলৈ নাহে ... এই যে টকাত উঠি ভাহি থকা এচাম অভিভাৱকে অভাৱ কি বস্তু লৰা ছোৱালীক উপলব্ধি কৰিবলৈ নিশিকায়, যেতিয়াই যি লাগে কোৱাৰ লগে লগে দি দিয়ে, আনৰ কাষত সৰুৰ পৰাই টকাৰ ক্ষেত্রত নিজ লৰা ছোৱালীক বহু ওপৰত ৰাখে,তেনেস্থলত যেতিয়া কিবা এটা বস্তু এটা সময়ত নিদো বুলি কৈ দিয়ে , তেনে সময়ত সেই লৰা-ছোৱালীৰ এচামে মনৰ ভিতৰত ব্যাপক আঘাত পায়, আৰু একো চিন্তা নকৰি আত্মহননৰ পথ বাছি লয়। অকল যে তেনে লৰা-ছোৱালীয়ে এই পথ বাছি লয়, সেয়াও নহয়। তেনে লৰা-ছোৱালীয়ে যেতিয়া লগৰ -সমনীয়াৰ ওচৰত জোখতকৈ যেতিয়া দামী দামী সামগ্ৰীৰে নিজকে সম্ভ্ৰান্ত পৰিয়ালৰ বুলি(অভিভাৱকৰ সহায়ত) দেখুৱায়, তেন্তেস্থলত কম উপাৰ্জন কৰা পৰিয়ালৰ সমনীয়া লৰা-ছোৱালীৰ মাজতো সেই ভয়াবহ পন্থা দেখা যায়। উঠি অহা জীৱনবোৰ এনেদৰে সেয়াই যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। গতিকে পৰিয়াল, সমাজ, শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকল, সমাজৰ সচেতন ব্যক্তিসকল আমি সকলোৱে পৰাপক্ষত এই ভয়াবহ বীজ যাতে কোনো লৰা-ছোৱালীৰ মনত ৰোপন নহয়, সেই বিষয়ে চোকা নজৰ দিব লাগে। জীৱনটোক ভাল পাবলৈ শিকাব লাগে প্ৰতি সময়ে,কোনো সামগ্ৰীক নহয়।অভাৱ নাথাকিলেও অভাৱ কি বস্তু শিকাব লাগে। আত্মীয়তা, মানুহৰ প্ৰতি ভালপোৱা, ভাল ভাৱধাৰা এইবোৰ সৰুৰে পৰা শিকাই যাব লাগে। প্ৰকৃতাৰ্থত এইবিলাক মনৰ ডায়েৰীত লিপিবদ্ধ হলে সামগ্ৰী লাভ নকৰিলে আত্মহত্যাৰ দৰে পন্থা কেতিয়াও গ্ৰহণ নকৰে।

Tuesday, April 5, 2022

(এলিছা-চোৱা, ২০১৫ চনত তুমি ঘৰলৈ বিশ্বকাপ, মেন অৱ দা চিৰিজ আনিছিলা, এইবাৰ ময়ো দুয়োটাই লৈ আহিলোঁ মিচেল- ৱাহ ...মোৰ বাবে ইয়াতকৈ সুখ নাই, মই পুৰস্কাৰ লৈ অনা দিনটোতকৈ বেছি সুখী আজি) মহিলা বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাত সপ্তমবাৰলৈ অষ্টেলিয়াৰ ক্ৰিকেট দল চেম্পিয়ন হয়। এইবাৰৰ বিশ্বকাপৰ ফাইনেলৰ পাছত আটাইতকৈ বেছি ছেয়াৰ হৈ থকা ফটো কপি হল ফাইনেলত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান তথা প্ৰতিযোগিতাখনৰো শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা অষ্টেলিয়ান ক্ৰিকেটাৰ এলিছা হেইলি আৰু তেওঁ স্বামী অষ্ট্ৰেলিয়ান ক্রিকেটাৰ মিচেল ষ্টাৰ্কৰ। ২০১৫ চনৰ পুৰুষ বিশ্বকাপত মিচেল ষ্টাৰ্ক শ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ(চেম্পিয়ন দলৰ সদস্য)লগতে ২০১৯ চনৰ বিশ্বকাপত যিকোনো পুৰুষ বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰী হৈ পৰে। আনফালে পত্নী এলিছা হেইলি ২০২২ চনৰ বিশ্বকাপত শ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ লগতে(চেম্পিয়ন দলৰ সদস্যা)যিকোনো মহিলা বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্রহকাৰী হৈ পৰে। এটা পৰিয়ালে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে সেয়া মিচেল আৰু এলিছাই প্ৰমাণ কৰি দেখুৱালে। তেওঁলোকে বিশ্বজয় কৰিলে। দুয়ো -দুয়োৰে সহযোগিতাৰে, লগত সামাজিক ব্যবস্থা নিশ্চয়কৈ শক্তিশালী তেওঁলোকৰ (মন-মনোৱল) । প্ৰায়ভাগ মানুহৰে প্ৰতিভা থাকে ভিন্ন দিশত, এটা সময়লৈকে সেয়া উজ্জ্বলি থাকে যদিও সময়ৰ তাগিদাত পিছলৈ সেই প্ৰতিভাক কৰবাত এৰি থৈ আহিব লগীয়া হয় বা হেৰাই যায়। সকলোৱে বিশ্বজয়ে কৰিব লাগিব যে সেয়া কোনো কথা নাই। কিন্তু সময়ে বহু খেলুৱৈ, সংগীতৰ লগত জড়িত, সাংস্কৃতিক দিশৰ লগত জড়িত ব্যক্তিক সেই দিশৰ পৰা আঁতৰাই নিলে।বিভিন্ন দিশৰ সহযোগিতাৰ অভাৱ নে জীৱনৰ এটা দিশত বেছি গুৰুত্ব দিব লগা হোৱাৰ বাবে সেইবোৰ হেৰাই যায় প্ৰশ্নবোধক হৈ আছে আৰু থাকিব। নিজ নিজ মহাবিদ্যালয়ত পঢ়ি থকা সময়ত অসম তথা অসমৰ বাহিৰত সুনাম কঢ়িয়াই অনা বক্সাৰ, দৌৰবিদ, গায়িকা-গায়ক, সাংস্কৃতিক ক্ষেত্রখনত উজ্জ্বলি থকা বহু প্ৰতিভা আজিৰ তাৰিখত নাই।(সকলো প্ৰাক্তন কলেজীয়া সকলে কথাটো অনুধাৱন কৰিলে নিশ্চয়কৈ গম পাব) তেওঁলোক নিষ্ক্রিয় হৈ হোৱাৰ লগে লগে নিজৰ লগতে সমাজ জীৱনৰ এক ক্ষতিৰ সৃষ্টি হ'ল। যিটো সাধাৰণতে দেখা পোৱা নাযায় বা সমাজে সাধাৰণতে অনুধাৱন নকৰে । ক্ষতি কিন্তু হৈ আছে। সেই প্ৰতিভাবোৰৰ পৰা অনুপ্ৰেৰণা লৈ আৰু বহু প্ৰতিভাৰ সৃষ্টি হোৱা হয়। ঐশ্বৰিক প্ৰতিভাবোৰ সকলোৰে সহযোগিতাৰে যাতে সক্রিয় হৈ থাকে , অকালতে হেৰাই নাযায়, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে এটি জীৱনৰ বাবে, এটি পৰিয়ালৰ বাবে, এটি সমাজ, ৰাজ্য, দেশৰ বাবে সেইবিলাক সক্রিয় হৈ থকাটো খুৱেই প্ৰয়োজন। নিষ্ক্রিয়তাই অজানিতে বহুত কিছু হেৰুৱায়। (ক্ৰিকেট ভালপোৱা মানুহ, ক্ৰিকেটৰ মাজেৰেও সমাজ জীৱনক অধ্যয়ন কৰি লিখিবলৈ যত্ন কৰিলোঁ) ✍ৰাজ্জাক

Monday, March 28, 2022

কিয় কব নোৱাৰোঁ, কিন্তু তোমাক ভাল লাগে

 কিয় কব নোৱাৰোঁ, কিন্তু তোমাক ভাল লাগে"


___________________________________
(প্ৰতিগৰাকী ভাল মনৰ ব্যক্তিলৈ অৰ্পণ) 
                                  ✍ৰাজ্জাক আলী
                                        


নাজানোঁ, 
কিয় ভালপাওঁ তোমাক, 
ভালপোৱাৰ কিবা বিশেষ কাৰণ থাকিব লাগে জানোঁ? 

হয়তো তোমাৰ সৰলতা, 
'Simple living , High Thinking'
মন্ত্ৰৰ বাবে নে
জীৱনটো কেনেকৈ উদযাপন কৰিব লাগে শিকোৱাৰ বাবে
নাজানোঁ, সচাঁকৈ নাজানোঁ 
কিন্তু ভালপাওঁ

এই যে সৰু সৰু বস্তুত  সুখ বিচাৰি পোৱা, 
বৰ ডাঙৰ একো নালাগে খোলাকৈ হাঁহি এটি মাৰিবলৈ
শিকো তোমাৰ পৰা এই সৌন্দর্যতা, 
সেইবাবেও ভাল লাগে নেকি তোমাক? 
নাই নাজানোঁ
ভালপাওঁ মাথো ভালপাওঁ তোমাক

এই যে মানুহক বেয়া পাব নোৱাৰা তোমাৰ গুণটো
বাৰুকৈয়ে আকৰ্ষিত কৰে, 
এচামটো ভাগৰি যায় তোমালৈ বেয়া কথন দলিয়াই দলিয়াই, 
ভিন্ন প্ৰকাৰে তোমাক বাধাগ্রস্ত কৰিবলৈ , 
কিন্তু তোমাৰ স্থিৰতা, অটুট মনোবলে 
সকলোকে পৰাভূত কৰে
সচাঁই  তুমি ব্যতিক্রম
শিকো প্ৰতি সময়ে, 
তোমাৰ এই গুণেও চাগে ভাল পাবলৈ শিকাই তোমাক, 
নাজানোঁ মাথো ভালপাওঁ

দুখবোৰ সযতনে লুকুৱাই সুখেই সুখ 
থকাৰ তোমাৰ অভিনয়ৰো মই সৰ্বশ্ৰেষ্ঠ দৰ্শক, 
দুখৰ প্ৰকোপত পৰাস্ত নহবলৈ তোমাৰ পৰাই শিকা
লগত থকা অলপমান সুখৰ শকতিৰে ... 

এইবোৰৰ বাবেই তোমাক ভাল লাগে নেকি
নাই নাজানোঁ
কি কাৰণে? কিয়? 
কিন্তু তোমাক ভাল লাগে, ভালপাওঁ
সুহৃদয়েৰে, সযতনে ............ 

Wednesday, September 22, 2021

গল্প- বদঅভ্যাসৰ শেষ ফলাফল



#বদঅভ্যাসৰ_শেষ_ফলাফল


                   ✍ৰাজ্জাক আলী

                    


প্লাৱিতাক আজি ঘৰৰ পৰা আৰক্ষীয়ে হেনকাফ  লগাই লৈ গৈছে। তাই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ মহাবিদ্যালয় এখনত পঢ়ি আছে। দেখা শুনাই সহজ সৰল অমায়িক ছোৱালী। তেন্তে কিয় 

আৰক্ষীয়ে হেনকাফ লগাই নিছে। কাৰো লগতে বেয়া ব্যৱহাৰ নকৰা ছোৱালী জনী। গাঁওখনত হুৱাদুৱা লাগিল। মাক-দেউতাকৰ মুখৰ মাত নাই। 

ৰাইজৰ মাজত মনে সজা ফুচ ফুচ ফাচ ফাচ বাৰ্তা

। গাওঁৰে এজনে ৰ'ব নোৱাৰি আগবাঢ়ি আহি আৰক্ষীক সুধিয়ে পেলালে ,কিয় আমাৰ ছোৱালী জনীক ধৰি নিছে, কি কৰিলে তাই?? 

মহিলা আৰক্ষী বিষয়া গৰাকীয়ে কলে "মহাবিদ্যালয়ৰ পৰা লেপটপ চোৰ কৰিলে তাই"। সেই চুৰিকাৰ্যৰ অনুসন্ধান কৰি অৱশেষত প্লাৱিতা যে তাৰ লগত জড়িত শেষ কথা প্ৰমাণিত হ'ল। ঘৰৰ পৰা লেপটপ জব্দ। 

সমাজে বিশ্বাস কৰিব নোৱাৰা ঘটনা। প্লাৱিতাই এনে কাম কৰিব পাৰে জানোঁ... ডাঙৰ প্ৰশ্নবোধক। 

 প্লাৱিতাৰ মাক এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ীত্ৰি, দেউতাক  বিত্তীয় বিভাগৰ এখন কাৰ্যালয়ৰ চতুর্থ বৰ্গৰ কৰ্মচাৰী। ঘৰখনত থকা তিনিগৰাকী শিক্ষিত। পৰিয়ালটো ঠিকে ঠিকে চলি থাকে। সমাজত প্লাৱিতাৰ লগতে মাক -দেউতাককো মানুহে সন্মানৰ দৃষ্টিৰে চায়। 

কিন্তু প্লাৱিতাৰ সেই চুৰিকাৰ্যই সমাজৰ দৃষ্টিত নাক কাটিল তেওঁলোকৰ সন্মান। 

প্লাৱিতাৰ এই অপকৰ্মৰ আৰঁত কি? 

তাই কিয় চুৰি কৰিব লগা হ'ল? 

আগত কৰবাত চুৰি কৰাৰ ৰেকৰ্ড আছে নেকি? 

চুৰি কাৰ্য কৰিবলৈ কত উৎস পালে? 

প্ৰশ্নবোৰ মানুহৰ মুখে মুখে, ৱেব পৰ্টেলত বোৰত বাজি উঠিল। সময় বাগৰাৰ লগে লগে

লাহে লাহেকৈ উৰহীৰ উৰ ওলাবলৈ আৰম্ভ কৰিলে। কিমান দিন লুকাই থাকিব। 

প্লাৱিতাৰ জন্মৰ আগৰে পৰা দেউতাক চাকৰিয়াল আছিল আৰু মাক তাই জন্মৰ দুবছৰ পাছত চাকৰিটো পালে। দেউতাক জিতেনে নিতৌ অফিচৰ পৰা যাওঁতে বহুত বস্তু লৈ যায় ঘৰলৈ। পত্নী পমীয়ে কৰ পৰা আনিলে , ইমান টকা কত পোৱা নিতৌ বস্তুবোৰ আনিবলৈ, এদিনো সুধা নাই। পমীয়ে প্ৰথমে গম পোৱা নাছিল যদিও পিছলৈ গম পালে যে অফিচৰ পৰা চুৰি কৰি জিতেনে নিতৌ ঘৰলৈ বস্তু আনে। অকল খোৱা  বস্তুৱে নহয় সুযোগ লৈ বহুত বস্তু অলপ অলপ ঘৰলৈ চুৰি কৰি নিয়ে।পত্নী পমী শিক্ষয়ীত্ৰি হৈয়ো জিতেনক এদিনো মনা নকৰিলে চুৰি নকৰিবলৈ, বৰঞ্চ তাই যেন ভালহে পায়। টকা খৰচ নকৰাকৈ ইমান বস্তু ঘৰলৈ অহাৰ বাবে। অফিচত তাৰ কথা গম পাই সকিয়নি দিয়াৰ দুদিনমান ঠিক থকাৰ পাছত পুনৰ আৰম্ভ হৈ যায়। অফিচৰ পৰা উলিয়াই দিম বুলি কোৱাত পমী অফিচলৈ আহি কান্দোনৰ ৰোল।চাকৰিটো হেৰালে চলিব নোৱাৰা হৈ পৰিব হেনু। তাতে ছোৱালীৰো পঢ়াৰ খৰচ। এনেকৈ কোনোমতে চাকৰিটো হেৰুৱাৰ পৰা বচায়। এই সৰু সৰু বস্তু চুৰি কৰি অনাৰ পৰিবেশ প্লাৱিতাই সৰুৰে পৰাই দেখি আহিছে। বস্তু চুৰি কৰিও প্ৰয়োজন পূৰাব পাৰি বুলি তাইৰো মনৰ কোনোবাখিনিত বীজ এটাই পোখা মেলিবলৈ আৰম্ভ কৰিছিল। আৰু এদিনাখন সেই পোখাই ডাঙৰ বৃক্ষ হৈ পৰিল। 

আজি প্লাৱিতা জেলত। সমাজতো তেওঁলোকৰ পৰিয়ালৰ প্ৰতি লাহে লাহেকৈ বেয়া ভাৱ এটা সোমাই গল। জিতেন আৰু পমী অনুশোচনা কৰিবলৈ ধৰিলে। জিতেনৰ অফিচৰ চাৰিবেৰত থকা কথাটো সমাজৰ সকলোৰে মুখে মুখে প্ৰচাৰিত হবলৈ ধৰিলে। এনে পৰিস্থিতিত সি চাকৰি কৰা অফিচখনৰ পৰা তাক চিৰদিনৰ বাবে বৰ্খাস্ত কৰিলে। আনফালে পমীয়েও শিক্ষকৰ চাকৰিটো হেৰুৱাব লগীয়া হল। প্ৰয়োজনীয়তাখিনিৰ অভাৱ নথকা ঘৰখনত আজি একোৱেই নোহোৱাৰ দৰে হৈ পৰিল। ঘৰখনলৈ বুলি আহিল বদনাম,লাঞ্ছনা, বেয়া ভাৱ, ইত্যাদি ইত্যাদি। সমাজত মুখ দেখাব নোৱাৰা হল তেওঁলোকে। ঘৰৰ বাহিৰলৈ খোজ দিয়েই বহু মানুহে শুনাই শুনাই কবলৈ ধৰা হল "নিজৰ লগতে সৰু ছোৱালীজনীকো চুৰি কাৰ্য্য শিকালে, লাজ নাই এনে মাক-দেউতাকৰ"। তেওঁলোকৰ পৰিয়ালটোৰ অৱনতিৰ কাৰণ তেওঁলোক নিজেই, কাকো দুখিবও নোৱাৰে। যদি জিতেনে নিজৰ অফিচত বস্তু চুৰ কৰাৰ কাৰবাৰটো নকৰিলে হয়, যদি পমীয়ে জিতেনক চুৰি কৰি বস্তু ঘৰলৈ অনাত ধমকী বা বুজনি দিলেহেঁতেন,শিক্ষয়ীত্ৰি হৈয়ো তাই এদিনো সেই কামটো নকৰিলে, লোভৰ আগত যেন সকলো 

পাহৰি পেলাইছিল ।আটাইতকৈ লাজৰ কথা এটকা উপাৰ্জন নকৰা জীয়েকে লেপটপ কৰ পৰা আনিল সেই কথা সুধাৰ প্ৰয়োজনবোধ নকৰিলে জিতেন আৰু পমীয়ে । কি আচৰিত। পৰিণতি আজি চকুৰ সন্মুখত।  এতিয়া অনুশোচনা কৰি কি হব। সহজলভ্যৰে সুখ বিচৰাৰ পৰিণতি সন্মুখত তেওঁলোকৰ। প্ৰাথমিক বিদ্যালয়ত সকলোৱে পঢ়ি অহা "লোভেই পাপ, পাপেই মৃত্যু" কথাটিৰ দৰেই পৰিয়াল টি একপ্ৰকাৰৰ মৃত প্ৰায় হোৱাদি হল। প্লাৱিতা  জেলত আৰু জিতেন, পমী মনৰ অন্ধকাৰ জেলত বন্দী হৈ পৰিল। যি অন্ধকাৰে পোহৰৰ বাট দেখুৱাটো একপ্রকাৰৰ ক্ষীণ হৈ পৰিল।

Thursday, October 22, 2020

"


মোৰ মনৰ কলমে তোমালৈ বুলি অকাঁ শব্দ বাক্যৰ ছবিটি"

(আজি  দিপলীনাৰ শেহতীয়া ফটোকপি চাই কিবা এটা লিখিবলৈ মন গ'ল)
________________________________
                                           ✍ৰাজ্জাক

তোমাৰ চকুৰে মৰম বৰষে,
চকুযুৰিত অহংকাৰ শূণ্য বিশাল ছবি
উপভোগ কৰি ভাল লাগে

চুলিকোচাৰ দুই চাৰিডাল আহি যেতিয়া   বতাহৰ পৰশত
তোমাৰ দিম্পলভৰা দুগালত পৰেহি,
য'ত অকৃত্রিম হাঁহিৰ  বিচৰণ প্ৰায় প্ৰতি সময়ে,
ভাল লাগে।

মোৰ মনৰ কলমে আজিলৈ যিমানদূৰ তোমাৰ মন-হৃদয়ক অধ্যয়ন কৰিলে
সুন্দৰ মনৰ, সকলো মনৰ সৈতে মিলিব পৰা,
আনন্দ বিলাই ভাল পোৱা, হাঁহি উপহাৰ দিব পৰা,
কোমল হৃদয়ৰ জীৱন বিচাৰি পালে,
কৃত্রিমতাৰ  স্থান নাই য'ত ...
শব্দ-বাক্যৰে তাকে আঁকিবলৈ যত্ন কৰিলোঁ
(সদায় এনেদৰেই বিচাৰোঁ)

তোমাৰ মুখৰ পৰা প্ৰবাহিত শব্দ বাক্যবোৰ
ইমান সৰলতাৰে -কোমলতাৰে বিতৰণ কৰা,
অপূৰ্ব, অতুলনীয়...
শিকাৰু দেই মই এনেবোৰ সুন্দৰ বতৰাৰ,
কথাত মণি মুকুতা সৰাটো সহজ কথা নহয়,
মুখৰ মাতষাৰ শ্ৰেষ্ঠ সম্পদ মানৱ জীৱনত
শ্ৰদ্ধা কৰোঁ সদায়


অভিনয়-কণ্ঠৰ  কথা
নতুনকৈ নকওঁ,
যদিও লিখিতভাৱে কোৱা নাই
সকলোৰে দৰে মোৰো প্ৰিয় তোমাৰ প্ৰতিটো গীত,
সু অভিনয়ৰ ময়ো দৰ্শক

এই যে তোমাৰ মিঠাকৈ মিছিকিয়া হাঁহিটি
য'ৰ মোহনা মন-হৃদয় ,
মুকলি /বহল সেই মন-হৃদয়ক  সন্মান যাঁচিলো
অনুৰাগী আমি(মই) তেনে মুকলি/বিশাল মন-হৃদয়ৰ।।

(বি . দ্ৰ .---ক্ৰাছ সকলে দায়-দুখ নধৰে যেন🤣 আমাৰো প্ৰিয় আৰু মৰমৰ শিল্পী তাই)