Tuesday, December 18, 2018

         এটি দিন- সুন্দৰৰ
_________________________

                           ✒ৰাজ্জাক আলী

       এটি সু ন্দ ৰ প্ৰভাত
(দুবৰি বনত নিয়ৰৰ আকুলতাৰে )
ধুনীয়া দুপৰীয়া
(আঘোণৰ সোনোৱালীস্পৰ্শৰে )

      পুৱাই কিতাপৰ সুবাসত লীন
যি সুবাস অতিশয় প্ৰিয় আমাৰ

     শব্দৰ মায়াময় সৃষ্টি "কবিতা"
সেই কবিতাৰ সৌন্দৰ্য্যতা
 পুনৰবাৰ উপভোগ দুটি মন একেলগে

          স্বৰ্ণীল ঐশ্বৰ্য্যৰ সন্ধান
সৃষ্টিশীলতাৰ নীল বৰণেৰে ....(মামু বা'ৰ এটি লেখাৰ পৰা)

     আবৃত্তিৰে আমোল-মোল হৈ পৰা দুপৰীয়া
"য'ত সেই বোৱাৰী জনীৰ আৰ্তনাদ-
চৰম শাস্তিবোৰ ,
"হৃদয়ঙ্গম"
যিয়ে সুখ লভাৰ আশা লৈয়ে
নিজ জন্ম লভা পদূলি এৰি
ন পদূলিলৈ খোজ পেলাইছিল...."(মোৰ এটি লেখাৰ আলম লৈ)

আবৃত্তি ত ,
মালিনীৰ সেই "মুখ"নিৰো বতৰা
"হাঁহি -কান্দোন নথকা মুখ'নিৰ পৰা
-হাঁহিলেয়ে তোৰ মুখ'খনি ইমান ধুনীয়া হৈ পৰে"...লৈ, (তাপস তৰুণ শইকীয়া দা'ৰ এটি লেখাৰ আলমত " )

কথন-আলাপ-আত্মকথন
বায়েক-ভায়েকৰ
বৰ্তমান আৰু ভবিষ্যতৰ,
মাজে মাজে প্ৰিয় কৰ্ম সমাজ সেৱা

সময়বোৰ এনেদৰেই আকৰ্ষণীয়
টেবুলত ফুলা অপৰাজিতা ফুলৰ পৰশত.....

ইতিবাচক ফুল প্ৰতিটো জীৱনৰ ফুলাৰ আশা
দুটি মনৰ
সময়বোৰ তেতিয়াহে একো একোটা ধুনীয়া হৈ ৰ'ব
আৰু এটি এটি দিন সুন্দৰৰ.......


( বাইদেউ ৰ ঘৰত  :-এটি দিনৰ অনুভৱ)

Tuesday, December 4, 2018

                "অধিনায়ক"

                               ✒ ৰাজ্জাক আলী
     খেলখনৰ ওপৰত 
অধিনায়ক ৰ সু দৃষ্টি ৰ প্ৰয়োজন 
বিজয়ৰ লক্ষ্য- সততাৰে যুঁজি

অধিনায়ক তেওঁ -   টিমৰ(দলৰ)
অধিনায়ক তেওঁ-  ৰাইজৰ-প্ৰজাৰ
অধিনায়ক তেওঁ-  দেশৰ- ৰাজ্যৰ
সেই কথা প্ৰতিক্ষণে  মন-হৃদয় চুই থকাটো 
তেওঁৰ পৰম  ধৰ্ম
অধিনায়কৰ দায়িত্ব লোৱাৰে পৰা

খেলখন তেওঁ আৰু তেওঁৰ টিমে মাথো নেখেলে,
খেলে হাজাৰ হাজাৰ মনে
সেই মনবোৰৰ লাখৰ ঘৰত দোৱা-প্ৰাৰ্থনা 

আশা -  আনন্দ পোৱাৰ 
ভৰশা-   শান্তিৰ পৰশ পোৱাৰ,
সুখ পোৱাৰ

অধিনায়কৰ লগত তেওঁৰ টিম
বিজয়ী হ'লে
এওঁলোকৰ (ৰাইজৰ-প্ৰজাৰ) বৰ বিশেষ লাভ নহয় 
এওঁলোকে অজস্ৰ তেনে  একো ও নিবিচাৰে

বিচাৰে মাথো
মনে নিশ্চিতকৈ হাঁহি থাকিব পৰা সুখ
(টকা-সম্পত্তি নালাগে এওঁলোকক)

বিচাৰে মাথো
একতাৰে আনন্দ প্ৰবাহিত কৰি
শান্তিপূৰ্ণ জীৱন উপহাৰ পোৱাটোহে.....