Wednesday, May 9, 2018

             "নিজৰ আই মাতৃৰ দুচকু অশ্ৰুৰে তিতাঁই                                           নেপেলাবি"
          ______________________________

                                     ✒ৰাজ্জাক আলী


মা- তই কিয় ঘৰখনক ধ্বংস কৰিব আগবাঢ়ি চ'??

পুতেক- মানুহৰ কথা পাট্টা নিদিবিচোন

মা-মই তোৰ মা হয়, দেখিছো চকুৰে সকলো

পুতেক-তই এইবোৰত নোসোমাবিছোন

মা-তই ঘৰখন ছান-বান কৰিব আগবাঢ়িছ' আৰু কৈছ' এইবোৰত নোসোমাবি

পুতেক- কি ঘৰ ঘৰ কৰি আছ...সেইখন আমাৰ ঘৰ নহয়। আমাৰ ঘৰ ধ্বংস নহয় বৰং উন্নতিয়ে হ'ব ...

মা-বোপাই,ইমান ডাঙৰ হৈ গ'লি সেইখন যে আমাৰ আপোন ঘৰ চিনি নেপালি

পুতেক- মা,সেইবোৰ কিতাপৰ কথা...আনৰ কথা চিন্তা কৰি লাভ নাই। কেৱল নিজৰ কৰা...

মা- বোপাই,
         কেৱল নিজৰ কথা চিন্তা কৰিলে
 আজি তই মোৰ সম বহি এইবোৰ কথা পাতিবই নোৱাৰিলি হয়

কেৱল নিজৰ কথা চিন্তা কৰিলে ন মাহ দহ দিন তোক গৰ্ভত নাৰাখিলো হয়

কেৱল নিজৰ কথা চিন্তা কৰিলে
তোক কোলাত লৈ তোৰ প্ৰয়োজনীয় বোৰ যোগাৰ দি তোক ডাঙৰ নকৰিলো হয়

কেৱল নিজৰ কথা চিন্তা কৰিলে
তই খোজ,কথা,জ্ঞান একোৱেই নাপালি হয়

অসমখন আমাৰ ঘৰ
আৰু অসমী আই আমাৰ মাতৃ হয়
তই সেয়া "আনৰ কথা" কৈছ'
নিজৰ এই ঘৰখনৰ ৰক্ষা কৰাৰ সলনি ধ্বংস কৰিব ওলাই চ'
নিজ আই মাতৃৰ বুকুত ,কোলাত জুইসদৃশ অস্ৰৰে   আঘাত সানিব বিচাৰি চ'

কেনে সন্তান তই
কেনে সন্তান তই?????

চিন্তা কৰ' বোপাই
তই জন্ম পোৱা অসমখনৰ কথা চিন্তা কৰ'
তই উমলি ডাঙৰ হোৱা অসমী আই কোলা'টোৰ কথা চিন্তা কৰ'

চিন্তা কৰ' বোপাই চিন্তা কৰ'
নিজৰ আই মাতৃৰ দুচকু অশ্ৰুৰে
 তিতাঁই নেপেলাবি.............