Saturday, August 1, 2020


                                   "বায়েক"

   ****************************************************************************
                                                                   ✍ৰাজ্জাক


জীৱন  বাটত বিভিন্ন সম্পৰ্কৰ ভিতৰত বায়েক বোলা সম্পর্কটো বহুতেই গুৰুত্বপূৰ্ণ। বায়েকে ভায়েকলৈ মৰম, লঘু শাসন, সাহস ৰ বাহাৰ চাদাবাহাৰ কৰি থাকে। যাৰ বাবে ভায়েক বোৰ মনৰ শক্তিশালী হয়। মনত শক্তি থাকিলে দেহৰ শকতি নিজে নিজে বৃদ্ধি পায়। 



বায়েকক বিশেষকৈ ডাঙৰ বায়েকক মাতৃৰ সম জ্ঞান কৰা হয়। মা ৰ পিছতে যদি জীৱনত সৰুৰ পৰা সময়ে সময়ে ভায়েকক আটাইতকৈ বেছি শুশ্রূষা কৰে সেয়া হ'ল ডাঙৰ বায়েক। ভায়েকৰ "সৰুৰ  পৰা ডাঙৰ যিকোনো অসুবিধা, সেয়া মনৰে হওঁক বা দেহৰ অনুধাৱন কৰি যিকোনো প্ৰকাৰে সমাধান কৰাত বায়েক উঠি পৰি লাগে। আনকি মা'ক কব নোৱাৰা বহুত কথা ভায়েকে বায়েকৰ লগত অনায়াসে  বিনিময় কৰিব পাৰে। বায়েক-বায়েকৰ  বন্ধুত্ব ৰ সম্পৰ্কে যদিও ইমান প্ৰাকাশ্য নহয়, তথাপিও এই সুবাস লাভ কৰা সকলেহে উপলব্ধি কৰে ইয়াৰ মধুৰতা  আৰু তাৎপৰ্য কিমান .....



মোৰ জীৱনটো বায়েকৰ ফুলনিখন বিৰাট ধুনীয়া। যি ফুলনীৰ ফুলৰ সুবাসে জীবনৰ ছবিত  মাদকতা প্ৰদান কৰি আহিছে। জীৱনৰ ঘাট -প্ৰতিঘাত, সুখ- আনন্দ সকলো সময়তে ভায়েকৰ কাষৰত বায়েক। জীৱনৰ সন্মূখলৈ থকা বোকাময় বাটবোৰ কিদৰে পকী কৰিব পাৰি তাৰ শিক্ষা প্ৰতিক্ষণতে বায়েকৰ পৰা। বায়েকৰ প্ৰতি থকা শ্ৰদ্ধা আদৰে বেয়া কৰ্মৰ পৰা শত খোজ দূৰত ৰাখে,সেয়াও বায়েকৰে অৱদান। 

বায়েকক ভাল কৰ্মৰ ফলাফল দেখাও দেখাও মনটোৱে কৈ থকাৰ বাবেই পূৰ্বতকৈ বহু বেছি পৰিমাণে ইতিবাচক কৰ্মৰ সংখ্যা বাঢ়ি গৈছে। ক্ৰেডিট সেয়াও বায়েকৰে। 




এইয়াও নহয় যে বায়েক বোৰৰ পৰা কেৱল মৰমে পাওঁ। ধমকী/দমো খাইছোঁ, হয়টো পিটন  খাইছোঁ চাগে (পাহৰিলোঁ) । সেইবোৰে আচলতে জীৱন সজোৱাত সহায়হে  কৰিছে।

মোৰ জীৱন বোলা কিতাপখন পঢ়াত শ্ৰেষ্ঠ পাঠকৰ দায়িত্বত বায়েক,  শ্ৰেষ্ঠ সমালোচকৰ দায়িত্ব টো বায়েক। 



জীৱন কিদৰে পৰিচালনা কৰিব লাগে, জীৱনৰ ছবিবোৰত ক'ত কেনেকৈ বিচৰা মতে ৰং সানিব পাৰি তাৰো উচ্চ শিক্ষা বায়েৰৰ পৰা। ত্যাগ কৰিব পৰা গুণৰ মাত্রা বৃদ্ধি কৰাৰ আৰঁতো বায়েক।

মনোবল, সাহসৰ গভীৰতা বৃদ্ধি কৰাৰ আৰঁতো বায়েক।


মুঠৰ ওপৰত ভায়েক জীৱনলৈ বায়েকৰ অৰিহণা বহুত। কিমান লিখিব সিমানেই শব্দ-বাক্য বাঢ়িব।

এই কথা সেই প্ৰতিগৰাকী ভায়েকে ভালকৈ হৃদয়ঙ্গম কৰিব পাৰে যাৰ শিৰত বায়েকৰ আশীর্বাদ ভৰা, প্ৰেৰণাদায়ক, মৰমীয়াল হাতখন সদায়ে আছে।।