Wednesday, August 10, 2022

ৰাখী বন্ধন :এক আলোকপাত

ৰাখী বন্ধন:এক আলোকপাত
   -------------------------     ✍️    ৰাজ্জাক আলী(মৰাণ) 



আমাৰ দেশ ভাৰতবৰ্ষ নানা জাতি-জনগোষ্ঠীৰ সমাহাৰেৰে পৰিপূৰ্ণ। বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজা ধৰ্মীয় উৎসৱ পৰম্পৰা আছে। ভাৰতবৰ্ষৰ কিছুমান ধৰ্মীয় উৎসৱ নিদির্ষ্ট ধৰ্মৰ মাজতে আবদ্ধ নাথাকি ভাতৃত্ববোধেৰে প্ৰায় সকলো ধৰ্মৰ লোকেই পালন কৰা দেখা যায়। তাৰে ভিতৰত এটা উল্লেখযোগ্য ধৰ্মীয় উৎসৱ বা পৰম্পৰা হল ৰাখী বন্ধন। আজিৰ তাৰিখত এই উৎসৱ ভাৰতৰ প্ৰতিটো ধৰ্মৰ লোকে উদযাপন কৰে বুলি কলেও ভুল কোৱা নহব। ৰাখী বন্ধন হিন্দু শাস্ত্ৰমতে শাগুণ মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়। এইবাৰ ১১ আগষ্টত ৰাখী বন্ধন।ৰাখীৰ বান্ধোন বায়েক-ভনীয়েক সকলে ভায়েক-ককায়েকসকলৰ হাতত ৰাখী পিন্ধাই সম্পৰ্কবোৰ সু সুন্দৰ, অটুট কৰাৰ মানসিকতাৰ লগতে তেওঁলোকৰ জীৱনবোৰত সফলতা-সুখৰ সুবাস বলাৰ প্ৰাৰ্থনা কৰে। ককায়েক-ভায়েকসকলেও বায়েক ভনীয়েক সকলক জীৱনবোৰ সুন্দৰ-সফল হোৱাৰ লগতে সুৰক্ষিত কৰি ৰাখিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ হয়। বায়েক-ভায়েক, ভনীয়েক -ককায়েক এনে এক সম্পৰ্ক যাৰ বহুল আলোচনা নহয় যদিও লেখা-মেলা নহয় যদিও জীৱন বাটত এই সম্পৰ্ক এক এৰাব নোৱাৰা অংশ। বায়েকৰ পৰা পোৱা মৰমৰ সোৱাদ, প্ৰতি সময়ৰ প্ৰেৰণা-সাহস, প্ৰয়োজনত দাবী ধমকিৰে ভায়েকবোৰৰ জীৱন সৰ্বাংগসুন্দৰ কৰি ৰাখিবলৈ পূৰ্ণ সহযোগ কৰে। ঠিক তেনেদৰে ভনীয়েক -ককায়েকৰ ধেমালি-মৰমৰ সুবাসেও জীৱনটো আনন্দ মুখী কৰি তুলে। ককায়েকে ভনীয়েকৰ জীৱনৰ পথ সফলতাময় হোৱাত অৰিহণা যোগোৱাৰ লগতে ভনীয়েকবোৰেই ককায়েকৰ ভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়ায়। এক অৰ্থত পৃথিৱীৰ শ্ৰেষ্ঠ সম্পর্ক বোৰৰ ভিতৰত বায়েক -ভায়েক, ভনীয়েক ককায়েকৰ সম্পৰ্ক বোৰ অন্যতম।যি সম্পৰ্কে লিখি বলগীয়া বহুত আছে।আজি ৰাখী বন্ধনত প্ৰতিগৰাকী বাইদেউ-ভন্টীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।