Sunday, August 6, 2017

বন্ধুত্ব

      

           বন্ধুত্ব

                                     
                                                 মঃ ৰাজ্জাক আলী
                                                       মৰাণহাট
বন্ধুত্ব
   অৰ্থৰ বিৱৰণ দিয়াৰ সাহস মোৰ নাই
উৰে জীৱনৰ সাধনায়ো
বন্ধুত্বৰ নিখুঁত সংজ্ঞা দিয়াত অপৰাগত

বন্ধুত্ব,
        তুমি,মই,আপুনি ভবাৰ দৰে
    বন্ধুত্বৰ সংজ্ঞা ইমান সহজলভ্য নহয়

বন্ধুত্ব চাগে সেয়াই
   য'ত দ্বিতীয়গৰাকীয়ে গম নোপোৱাকৈ
কাষৰত অহা বিপয্যয়
প্ৰথম গৰাকীয়ে সমাধা কৰি আহিছে

বন্ধুত্ব চাগে সেয়াই
         সুখত বাটত সংগী নহ'লেও
       দুখৰ বিপদসংকুল বাটৰ সংগী লৈ খোজ দিবলৈ আগবাঢ়ি আহে

বন্ধুত্ব পিছে এয়াও নহয়
     যাৰ পৰা তুমি প্ৰতিটো কৰ্ম
 আদায় কৰিব বিচাৰিবা
আদায় নকৰিলে শূণ্য কৰিবা সম্পৰ্ক

বন্ধুত্ব  চাগে এক স্বৰ্গীয় সুৱাস
যাৰ  প্ৰকৃত   পৰশ লভিবলৈ
ভাগ্যৰ প্ৰয়োজন

বন্ধুত্ব গঢ়িবলৈ
বয়সৰ ব্যবধান নালাগে
নালাগে
নালাগে ধৰ্ম
নালাগে জাতি

প্ৰয়োজন
             সচাঁ মানৱীয় গুণৰ
দুটি মনৰ

যি মনে প্ৰকৃতাৰ্থত
                    বন্ধুত্বৰ সেউজীয়া বোৰ সন্মান কৰিব জানে