Wednesday, August 10, 2022

ৰাখী বন্ধন :এক আলোকপাত

ৰাখী বন্ধন:এক আলোকপাত
   -------------------------     ✍️    ৰাজ্জাক আলী(মৰাণ) 



আমাৰ দেশ ভাৰতবৰ্ষ নানা জাতি-জনগোষ্ঠীৰ সমাহাৰেৰে পৰিপূৰ্ণ। বিভিন্ন জাতি জনগোষ্ঠীৰ নিজা নিজা ধৰ্মীয় উৎসৱ পৰম্পৰা আছে। ভাৰতবৰ্ষৰ কিছুমান ধৰ্মীয় উৎসৱ নিদির্ষ্ট ধৰ্মৰ মাজতে আবদ্ধ নাথাকি ভাতৃত্ববোধেৰে প্ৰায় সকলো ধৰ্মৰ লোকেই পালন কৰা দেখা যায়। তাৰে ভিতৰত এটা উল্লেখযোগ্য ধৰ্মীয় উৎসৱ বা পৰম্পৰা হল ৰাখী বন্ধন। আজিৰ তাৰিখত এই উৎসৱ ভাৰতৰ প্ৰতিটো ধৰ্মৰ লোকে উদযাপন কৰে বুলি কলেও ভুল কোৱা নহব। ৰাখী বন্ধন হিন্দু শাস্ত্ৰমতে শাগুণ মাহৰ পূৰ্ণিমাৰ দিনা পালন কৰা হয়। এইবাৰ ১১ আগষ্টত ৰাখী বন্ধন।ৰাখীৰ বান্ধোন বায়েক-ভনীয়েক সকলে ভায়েক-ককায়েকসকলৰ হাতত ৰাখী পিন্ধাই সম্পৰ্কবোৰ সু সুন্দৰ, অটুট কৰাৰ মানসিকতাৰ লগতে তেওঁলোকৰ জীৱনবোৰত সফলতা-সুখৰ সুবাস বলাৰ প্ৰাৰ্থনা কৰে। ককায়েক-ভায়েকসকলেও বায়েক ভনীয়েক সকলক জীৱনবোৰ সুন্দৰ-সফল হোৱাৰ লগতে সুৰক্ষিত কৰি ৰাখিবলৈ দৃঢ় প্ৰতিজ্ঞাবদ্ধ হয়। বায়েক-ভায়েক, ভনীয়েক -ককায়েক এনে এক সম্পৰ্ক যাৰ বহুল আলোচনা নহয় যদিও লেখা-মেলা নহয় যদিও জীৱন বাটত এই সম্পৰ্ক এক এৰাব নোৱাৰা অংশ। বায়েকৰ পৰা পোৱা মৰমৰ সোৱাদ, প্ৰতি সময়ৰ প্ৰেৰণা-সাহস, প্ৰয়োজনত দাবী ধমকিৰে ভায়েকবোৰৰ জীৱন সৰ্বাংগসুন্দৰ কৰি ৰাখিবলৈ পূৰ্ণ সহযোগ কৰে। ঠিক তেনেদৰে ভনীয়েক -ককায়েকৰ ধেমালি-মৰমৰ সুবাসেও জীৱনটো আনন্দ মুখী কৰি তুলে। ককায়েকে ভনীয়েকৰ জীৱনৰ পথ সফলতাময় হোৱাত অৰিহণা যোগোৱাৰ লগতে ভনীয়েকবোৰেই ককায়েকৰ ভিন্ন প্ৰকাৰে সহযোগিতা আগবঢ়ায়। এক অৰ্থত পৃথিৱীৰ শ্ৰেষ্ঠ সম্পর্ক বোৰৰ ভিতৰত বায়েক -ভায়েক, ভনীয়েক ককায়েকৰ সম্পৰ্ক বোৰ অন্যতম।যি সম্পৰ্কে লিখি বলগীয়া বহুত আছে।আজি ৰাখী বন্ধনত প্ৰতিগৰাকী বাইদেউ-ভন্টীলৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

Friday, June 3, 2022

"আত্মহনন:সমাজৰ এক ভয়াবহ সমস্যা " ✍️ৰাজ্জাক আলী

আজিৰ সমাজ ব্যৱস্থাত বিভিন্ন কাৰণত বহু লোকে আত্মহনন কৰা দেখা যায়। যিটো একেবাৰে ভাল বিষয় নহয়। নিজক ভালপাবলৈ শিকাটো খুব বেছি প্ৰয়োজন। জীৱনক প্ৰকৃতাৰ্থত মনে প্ৰাণে ভালপোৱা কোনো লোকে আত্মহনন নকৰে যিকোনো পৰিস্থিতিয়ে নাহক কিয় ...... জীৱনত কিবা এটা বিচৰামতে লাভ নকৰিলে কিছুমানে ধৈর্যৰ বান হেৰুৱাই আত্মহনন কৰা দেখা যায়। কিন্তু আত্মহননে কিবা সমাধান কৰে জানোঁ? আত্মহনন কৰা এটা চামৰ কথা কব বিচাৰিছোঁ । ২০ বছৰৰো তলত লৰা-ছোৱালীয়ে আত্মহননৰ পথ বাচি লয়। বেছিভাগৰে এটাই কাৰণ- ঘৰত বিচৰা মনৰ পচন্দৰ সামগ্ৰী নোপোৱাটো আৰু কমসংখ্যকৰ প্ৰেমজনীত কাৰণ। সৰু সৰু লৰা -ছোৱালীয়ে প্ৰেমৰ নামৰ অপ্ৰেমত উঠি -ভাহি শেষত বিচৰা ফলাফল নাপালে একো চিন্তা নকৰি নিজকে হত্যা কৰে। আনফালে ঘৰত বিচৰা সামগ্রী মাক-দেউতাক বা অভিভাৱকে প্ৰদান নকৰিলে চিধাই এচামে আত্মহত্যাৰ পথ বাছি লয়। এই আত্মহত্যাৰ কাৰবাত টো সেই কম বয়সীয়া লৰা-ছোৱালীৰ মনলৈ এদিনতে আহেনে? নিজক হত্যা কৰাৰ চৰম সিদ্ধান্ত কেনেকৈ? জীৱন বোলা গ্ৰন্থখনক নপঢ়াকৈয়ে আৰম্ভণিতে কিয় এনে কাৰ্য কৰে? দায়ী অকল সিহঁতেই নে আন কোনোবাও জড়িত তাৰ লগত? আচলতে দায়ী অকল সিহঁতেই নহয় বা এদিনতে তেনে ভয়াবহ সিদ্ধান্ত সিহঁতৰ মনলৈ নাহে ... এই যে টকাত উঠি ভাহি থকা এচাম অভিভাৱকে অভাৱ কি বস্তু লৰা ছোৱালীক উপলব্ধি কৰিবলৈ নিশিকায়, যেতিয়াই যি লাগে কোৱাৰ লগে লগে দি দিয়ে, আনৰ কাষত সৰুৰ পৰাই টকাৰ ক্ষেত্রত নিজ লৰা ছোৱালীক বহু ওপৰত ৰাখে,তেনেস্থলত যেতিয়া কিবা এটা বস্তু এটা সময়ত নিদো বুলি কৈ দিয়ে , তেনে সময়ত সেই লৰা-ছোৱালীৰ এচামে মনৰ ভিতৰত ব্যাপক আঘাত পায়, আৰু একো চিন্তা নকৰি আত্মহননৰ পথ বাছি লয়। অকল যে তেনে লৰা-ছোৱালীয়ে এই পথ বাছি লয়, সেয়াও নহয়। তেনে লৰা-ছোৱালীয়ে যেতিয়া লগৰ -সমনীয়াৰ ওচৰত জোখতকৈ যেতিয়া দামী দামী সামগ্ৰীৰে নিজকে সম্ভ্ৰান্ত পৰিয়ালৰ বুলি(অভিভাৱকৰ সহায়ত) দেখুৱায়, তেন্তেস্থলত কম উপাৰ্জন কৰা পৰিয়ালৰ সমনীয়া লৰা-ছোৱালীৰ মাজতো সেই ভয়াবহ পন্থা দেখা যায়। উঠি অহা জীৱনবোৰ এনেদৰে সেয়াই যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। গতিকে পৰিয়াল, সমাজ, শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকল, সমাজৰ সচেতন ব্যক্তিসকল আমি সকলোৱে পৰাপক্ষত এই ভয়াবহ বীজ যাতে কোনো লৰা-ছোৱালীৰ মনত ৰোপন নহয়, সেই বিষয়ে চোকা নজৰ দিব লাগে। জীৱনটোক ভাল পাবলৈ শিকাব লাগে প্ৰতি সময়ে,কোনো সামগ্ৰীক নহয়।অভাৱ নাথাকিলেও অভাৱ কি বস্তু শিকাব লাগে। আত্মীয়তা, মানুহৰ প্ৰতি ভালপোৱা, ভাল ভাৱধাৰা এইবোৰ সৰুৰে পৰা শিকাই যাব লাগে। প্ৰকৃতাৰ্থত এইবিলাক মনৰ ডায়েৰীত লিপিবদ্ধ হলে সামগ্ৰী লাভ নকৰিলে আত্মহত্যাৰ দৰে পন্থা কেতিয়াও গ্ৰহণ নকৰে।

Tuesday, April 5, 2022

(এলিছা-চোৱা, ২০১৫ চনত তুমি ঘৰলৈ বিশ্বকাপ, মেন অৱ দা চিৰিজ আনিছিলা, এইবাৰ ময়ো দুয়োটাই লৈ আহিলোঁ মিচেল- ৱাহ ...মোৰ বাবে ইয়াতকৈ সুখ নাই, মই পুৰস্কাৰ লৈ অনা দিনটোতকৈ বেছি সুখী আজি) মহিলা বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাত সপ্তমবাৰলৈ অষ্টেলিয়াৰ ক্ৰিকেট দল চেম্পিয়ন হয়। এইবাৰৰ বিশ্বকাপৰ ফাইনেলৰ পাছত আটাইতকৈ বেছি ছেয়াৰ হৈ থকা ফটো কপি হল ফাইনেলত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান তথা প্ৰতিযোগিতাখনৰো শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা অষ্টেলিয়ান ক্ৰিকেটাৰ এলিছা হেইলি আৰু তেওঁ স্বামী অষ্ট্ৰেলিয়ান ক্রিকেটাৰ মিচেল ষ্টাৰ্কৰ। ২০১৫ চনৰ পুৰুষ বিশ্বকাপত মিচেল ষ্টাৰ্ক শ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ(চেম্পিয়ন দলৰ সদস্য)লগতে ২০১৯ চনৰ বিশ্বকাপত যিকোনো পুৰুষ বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰী হৈ পৰে। আনফালে পত্নী এলিছা হেইলি ২০২২ চনৰ বিশ্বকাপত শ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ লগতে(চেম্পিয়ন দলৰ সদস্যা)যিকোনো মহিলা বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্রহকাৰী হৈ পৰে। এটা পৰিয়ালে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে সেয়া মিচেল আৰু এলিছাই প্ৰমাণ কৰি দেখুৱালে। তেওঁলোকে বিশ্বজয় কৰিলে। দুয়ো -দুয়োৰে সহযোগিতাৰে, লগত সামাজিক ব্যবস্থা নিশ্চয়কৈ শক্তিশালী তেওঁলোকৰ (মন-মনোৱল) । প্ৰায়ভাগ মানুহৰে প্ৰতিভা থাকে ভিন্ন দিশত, এটা সময়লৈকে সেয়া উজ্জ্বলি থাকে যদিও সময়ৰ তাগিদাত পিছলৈ সেই প্ৰতিভাক কৰবাত এৰি থৈ আহিব লগীয়া হয় বা হেৰাই যায়। সকলোৱে বিশ্বজয়ে কৰিব লাগিব যে সেয়া কোনো কথা নাই। কিন্তু সময়ে বহু খেলুৱৈ, সংগীতৰ লগত জড়িত, সাংস্কৃতিক দিশৰ লগত জড়িত ব্যক্তিক সেই দিশৰ পৰা আঁতৰাই নিলে।বিভিন্ন দিশৰ সহযোগিতাৰ অভাৱ নে জীৱনৰ এটা দিশত বেছি গুৰুত্ব দিব লগা হোৱাৰ বাবে সেইবোৰ হেৰাই যায় প্ৰশ্নবোধক হৈ আছে আৰু থাকিব। নিজ নিজ মহাবিদ্যালয়ত পঢ়ি থকা সময়ত অসম তথা অসমৰ বাহিৰত সুনাম কঢ়িয়াই অনা বক্সাৰ, দৌৰবিদ, গায়িকা-গায়ক, সাংস্কৃতিক ক্ষেত্রখনত উজ্জ্বলি থকা বহু প্ৰতিভা আজিৰ তাৰিখত নাই।(সকলো প্ৰাক্তন কলেজীয়া সকলে কথাটো অনুধাৱন কৰিলে নিশ্চয়কৈ গম পাব) তেওঁলোক নিষ্ক্রিয় হৈ হোৱাৰ লগে লগে নিজৰ লগতে সমাজ জীৱনৰ এক ক্ষতিৰ সৃষ্টি হ'ল। যিটো সাধাৰণতে দেখা পোৱা নাযায় বা সমাজে সাধাৰণতে অনুধাৱন নকৰে । ক্ষতি কিন্তু হৈ আছে। সেই প্ৰতিভাবোৰৰ পৰা অনুপ্ৰেৰণা লৈ আৰু বহু প্ৰতিভাৰ সৃষ্টি হোৱা হয়। ঐশ্বৰিক প্ৰতিভাবোৰ সকলোৰে সহযোগিতাৰে যাতে সক্রিয় হৈ থাকে , অকালতে হেৰাই নাযায়, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে এটি জীৱনৰ বাবে, এটি পৰিয়ালৰ বাবে, এটি সমাজ, ৰাজ্য, দেশৰ বাবে সেইবিলাক সক্রিয় হৈ থকাটো খুৱেই প্ৰয়োজন। নিষ্ক্রিয়তাই অজানিতে বহুত কিছু হেৰুৱায়। (ক্ৰিকেট ভালপোৱা মানুহ, ক্ৰিকেটৰ মাজেৰেও সমাজ জীৱনক অধ্যয়ন কৰি লিখিবলৈ যত্ন কৰিলোঁ) ✍ৰাজ্জাক

Monday, March 28, 2022

কিয় কব নোৱাৰোঁ, কিন্তু তোমাক ভাল লাগে

 কিয় কব নোৱাৰোঁ, কিন্তু তোমাক ভাল লাগে"


___________________________________
(প্ৰতিগৰাকী ভাল মনৰ ব্যক্তিলৈ অৰ্পণ) 
                                  ✍ৰাজ্জাক আলী
                                        


নাজানোঁ, 
কিয় ভালপাওঁ তোমাক, 
ভালপোৱাৰ কিবা বিশেষ কাৰণ থাকিব লাগে জানোঁ? 

হয়তো তোমাৰ সৰলতা, 
'Simple living , High Thinking'
মন্ত্ৰৰ বাবে নে
জীৱনটো কেনেকৈ উদযাপন কৰিব লাগে শিকোৱাৰ বাবে
নাজানোঁ, সচাঁকৈ নাজানোঁ 
কিন্তু ভালপাওঁ

এই যে সৰু সৰু বস্তুত  সুখ বিচাৰি পোৱা, 
বৰ ডাঙৰ একো নালাগে খোলাকৈ হাঁহি এটি মাৰিবলৈ
শিকো তোমাৰ পৰা এই সৌন্দর্যতা, 
সেইবাবেও ভাল লাগে নেকি তোমাক? 
নাই নাজানোঁ
ভালপাওঁ মাথো ভালপাওঁ তোমাক

এই যে মানুহক বেয়া পাব নোৱাৰা তোমাৰ গুণটো
বাৰুকৈয়ে আকৰ্ষিত কৰে, 
এচামটো ভাগৰি যায় তোমালৈ বেয়া কথন দলিয়াই দলিয়াই, 
ভিন্ন প্ৰকাৰে তোমাক বাধাগ্রস্ত কৰিবলৈ , 
কিন্তু তোমাৰ স্থিৰতা, অটুট মনোবলে 
সকলোকে পৰাভূত কৰে
সচাঁই  তুমি ব্যতিক্রম
শিকো প্ৰতি সময়ে, 
তোমাৰ এই গুণেও চাগে ভাল পাবলৈ শিকাই তোমাক, 
নাজানোঁ মাথো ভালপাওঁ

দুখবোৰ সযতনে লুকুৱাই সুখেই সুখ 
থকাৰ তোমাৰ অভিনয়ৰো মই সৰ্বশ্ৰেষ্ঠ দৰ্শক, 
দুখৰ প্ৰকোপত পৰাস্ত নহবলৈ তোমাৰ পৰাই শিকা
লগত থকা অলপমান সুখৰ শকতিৰে ... 

এইবোৰৰ বাবেই তোমাক ভাল লাগে নেকি
নাই নাজানোঁ
কি কাৰণে? কিয়? 
কিন্তু তোমাক ভাল লাগে, ভালপাওঁ
সুহৃদয়েৰে, সযতনে ............