Thursday, July 27, 2017

"ফেচবুকৰ জৰ্জ আৰু ওকালতি কোনে কোনে কৰে                 জনাবচোন  জকাৰবাৰ্গ ডাঙৰীয়া"

                                                    👉 ম:ৰাজ্জাক আলী

মোৰ বহুত আপত্তি আছে
আছে অনেক কেচ
আদালতলৈ যাবলৈ টকা নাই
সময়ো নাই ইমান
কেচ খেলি থাকিবলৈ,

মগজুৱে কাম নকৰা হৈছে
কি কৰো এতিয়া

হঠাতে গম পালো
ফেচবুকত লিখি দিলেই হ'ল
আপত্তি বা কেচ
লিখাৰো হেনো নিয়ম আছে
ৰহন হানি লিখিব জানিব লাগিব
আপত্তি /কেচটো মিছা হ'লেও টেনশ্বন নাই
গ্ৰহণ কৰা হয়
যিমান বেছি ৰহন বিজয়ৰ পক্ষ সিমান শতাংশই বেছি আপোনাৰ

জকাৰবাৰ্গ ডাঙৰীয়া 
আপোনাৰ ফেচবুকৰ জৰ্জ কোননো
আৰু ওকালতি কোনে কোনে কৰে জনাবচোন
মোৰ কেচবোৰ গ্ৰহণ কৰা হ'বনে?
ৰহন সানিব নাজানো কিন্তু..
অনুগ্ৰহ কৰি জনাবচোন দেই

আপুনি ইমান সুবিধা দিছে
দিনে নিশাই চৌবিশ ঘন্টাই আপোনাৰ আদালত খোলা থাকে
যিকোনো সময়তে কেচ গ্ৰহণ কৰে
আৰু বোলে আপোনাৰ ফেচবুক আদালতে 
টকা আৰু সময় খৰছ নকৰাকৈয়ে
আপোনাৰ জৰ্জ উকিলৰ সহায়ত সমাধান দিয়ে
এই সুবিধা ময়ো ল'ব বিচাৰো

মাথো আপোনাৰ ফেচবুকৰ জৰ্জ আৰু ওকালতি কোনে কৰে জনাবছোন


Wednesday, July 19, 2017

অনুৰোধ তোমালৈ         

                                  মঃৰাজ্জাক আলী



প্ৰকৃতাৰ্থত নিজক ভালপাব শিকক
শতাংশৰ এশৰ ভিতৰত এশভাগেই ভালপাওঁক জীৱনক
ভালপোৱাহীন নকৰিবা জীৱনক
তুমি ৰোগী
তুমি দৰিদ্ৰ
তোমাৰ ওপৰত আনৰ প্ৰৰোচনা
এইবোৰ লৈ অনুগ্ৰহ কৰি
জীৱনটোক নষ্ট নকৰিবা
জীৱনটোক অনুপমকৈ সজাবলৈ যত্ন
কৰা
বিশৃংখল নকৰিবা ইয়াক
অৱহেলা নকৰিবা ঘনাই প্ৰতি
ভালপোৱা মাথো ভালপোৱা জীৱনক
চৰম বিপৰ্যয়ো হাৰ মানিব ভালপোৱাৰ কাষত
আৰু এদিন সকলো সৌন্দৰ্যময়ী হ'ব
তোমাৰ জীৱনে ধৰণীৰ বাগিছাত
বহু কিছু দিয়ে
তুমি নজনাকৈয়ে
অনুৰোধ,
মূল্যৱান জীৱন
জীৱহীন নকৰিবা


অনুৰোধ আপোনালোকলৈ


জানো আপোনালোক বহু ব্যস্ত
নিজৰ জীৱনৰ মাজতে আবদ্ধ
আহৰি নাই আহৰি নাই
তথাপিও,
ব্যস্ততাৰ পৰা কণমান সময়
বন্ধুত্বৰ বাবে,আত্মীয়ৰ বাবে
সংৰক্ষিত কৰিবছোন
আপোনালোক কাৰোবাৰ নহয় কাৰোবাৰ
প্ৰিয় বন্ধু বা বান্ধৱী হওঁক
প্ৰিয় মানে সচাঁ প্ৰকৃত বন্ধু
জীৱনৰ ঘাট-প্ৰতিঘাট
সুখ-দুখ
আপোনাসৱে বিনিময় কৰিব পৰা পৰিবেশ দিয়ক
আপুনি বিশ্বাস জগাওঁক
তেওঁৰ জীৱনত প্ৰতিক্ষণে আপুনি আছে বুলি
বন্ধুত্বই বহু ধ্বংসলীলা হোৱাৰ পৰা ৰক্ষণাবেক্ষণ দিব পাৰে
সেই ক্ষমতা আছে বন্ধুত্বৰ
বন্ধু হিচাপে আপোনাৰ
আপুনি মাথো বন্ধুত্বৰ বাবে সময় দিলেই হ'ল
ব্যস্ততাৰ পৰা কণমান
অনুৰোধ মাথো ইমানেই.....


(বন্ধু-বান্ধৱ প্ৰিয়সকলক অকালতে চিৰদিনৰ বাবে হেৰুৱাই আমি দুখী হওঁ,
আমি নাজানো অনাগত দিনবোৰত এনেকৈ আৰু কিমান হেৰুৱাম।কিন্তু বন্ধুত্ব বোলা সম্পৰ্কটোৰ বাবে যদি প্ৰত্যোকে সময় দিওঁ,সুখৰ বতৰা নল'লেওঁ দুখৰ বতৰাবোৰ পাতো, হয়তো তেতিয়া আত্মহত্যাৰ দৰে ঘটনা বহুদূৰ হ্ৰাস পাব।জীয়াই থকাৰ সাহস হেৰুৱাৰ বাবেই এনে পথ বাছি লোৱা হয়। যদি আপুনি,তুমি,মই প্ৰিয়    বন্ধু বান্ধৱী হ'ব পাৰো, প্ৰয়োজনত জীয়াই থকাৰ সাহস প্ৰেৰণা যোগাব পাৰো ।তেন্তে নিজৰ জীৱন নিজে ধ্বংস কৰা অশুভ পৰম্পৰা বহুদূৰ হ্ৰাস হ'ব)