Friday, May 5, 2017

      "তেজৰ ৰং ৰঙা"


                                                            ৰাজ্জাক আলী



                   ( এক)


ল'ৰালিত পাচোঁটি একেলগে মাৰ্বল গুটি ,লুকা ভাকু খেলি আনন্দত মতলীয়া

 হাতে হাত ধৰি লগেভাগে বিদ্যালয়লৈ ...

উটপাট কৰি ধৰা পৰাত

এটাই আনটোক বচাব গৈ পিটনবোৰ লগেভাগে খাই


 ধৰ্ম কি নাজানে সিহঁতে

 ধৰ্মৰ নামত ভেদাভেদৰ পৰা পৰিস্কাৰ সিহঁতৰ মনবোৰ

মাথো বন্ধুত্বৰ সুৱাহত বিলীত

কোনোৱা হিন্দু

কোনোবা মুছলমান

কোনোবা শিখ

কোনোবা জৈন

অথবা বৌদ্ধ

মতলৱ নাই সিহঁতৰ

মাথো জানে বন্ধু সিহঁত

ঘৰৰ চাৰিবেৰৰ পৰা

বিদ্যালয় বিশ্ববিদ্যালয়লৈকে
পিতৃ মাতৃ ,শিক্ষাগুৰুৰ পাঠদান
ভ্ৰাতৃত্ববোধ,ধৰ্মনিৰপেক্ষ, একতা অটুট ৰাখিবলৈ

জাতি এটাই

সেয়া মানৱ জাতি

ধৰ্ম এটাই

সেয়া মানৱীয়তা

মানৱীয়তা ডোলেৰে খোজ কাঢ়িছিল সিহঁত


           (  দুই)

তেনে একতা দেখি

আচৰিত শতৰু

শতৰুৰ লক্ষ্যবিন্দু হৈ পৰিল সেই একতা চাৰখাৰ কৰাত

 প্ৰতিদিনে বিভেদৰ ক'লা বিজাণু প্ৰক্ষেপ শতৰুৰ

বন্ধুবৰ লাহে লাহে আক্ৰান্ত সেই বিজাণুত

পৰিণতিত

সিহঁতে আজি ধৰ্মক প্ৰাধান্য দিয়া হ'ল

এটাই আনটো ধৰ্মক লৈ তিৰস্কাৰ

ক'ত হেৰাল বন্ধুত্ব

শ্ৰেষ্ঠ সম্পৰ্কৰ এনাজৰীডাল ইমানেই ফোপোলা আছিল নে তৎমুহূৰ্ততে

ভাঙি গ'ল একতা

ভাঙি গ'ল বন্ধুত্ব

জ্ঞানী হৈয়ো অজ্ঞানী হৈ পৰিল সিহঁত শতৰুৱে সুবিধা ললে

সিহঁতে সুবিধা দিলে

বন্ধু আজি শতৰু হ'ল


           (তিনি)

অকস্মাৎ এক দুৰ্ঘটনা আঘাতপ্ৰাপ্ত পাচোটি অতীত বন্ধু

ৰক্তাক্ত হ'ল দেহ

প্ৰতিজনৰে ৰঙা তেজবোৰ সিচঁৰি ঠাইডোখৰ ৰঙা ৰঙা হৈ পৰিল কোনোজনৰে অন্য ৰঙৰ তেজ নোলাল মাথো ৰঙা ৰঙৰ তেজ

দুৰ্ঘটনা দেখি উদ্ধাৰ কৰিব দৌৰি আহিল ভিন্ন ধৰ্মৰ মানুহ

মুছলমান উদ্ধাৰকাৰীজনে হিন্দুজনক

হিন্দুজনে মুছলমানজনক

শিখ এজনে বৌদ্ধজনক

বৌদ্ধ এজনে শিখজনক

আৰু নাস্তিক এজনে জৈনজনক উদ্ধাৰকৰি

প্ৰতিজনে প্ৰতিজনৰ মুখত পানী দি তৰাতৰিকৈ চিকিৎসালয়লৈ বুলি...


চিকিৎসালয়তে সিহঁতৰ ভুলবোৰ মনলৈ উজ্জ্বল হৈ বাজি উঠিল আত্মসমালোচনা প্ৰতিজনৰে


তোমালোকৰ একতাবোৰ চাই হিংসা কৰে

এজাক চকুচৰহাই

একতা ভঙাৰ জোৰদাৰ প্ৰচেষ্ঠাত প্ৰতিক্ষণে

সেইচামৰ সাবধান হোৱা আৰু

চকু কাণ নাক মুখ নিজৰ সু দায়িত্বত ৰাখিবা

 যাতে তোমালোকৰ ইন্দ্ৰিয় আনে দু:ব্যবহাৰ কৰাৰ সুযোগ নাপায়।।