Tuesday, December 18, 2018

         এটি দিন- সুন্দৰৰ
_________________________

                           ✒ৰাজ্জাক আলী

       এটি সু ন্দ ৰ প্ৰভাত
(দুবৰি বনত নিয়ৰৰ আকুলতাৰে )
ধুনীয়া দুপৰীয়া
(আঘোণৰ সোনোৱালীস্পৰ্শৰে )

      পুৱাই কিতাপৰ সুবাসত লীন
যি সুবাস অতিশয় প্ৰিয় আমাৰ

     শব্দৰ মায়াময় সৃষ্টি "কবিতা"
সেই কবিতাৰ সৌন্দৰ্য্যতা
 পুনৰবাৰ উপভোগ দুটি মন একেলগে

          স্বৰ্ণীল ঐশ্বৰ্য্যৰ সন্ধান
সৃষ্টিশীলতাৰ নীল বৰণেৰে ....(মামু বা'ৰ এটি লেখাৰ পৰা)

     আবৃত্তিৰে আমোল-মোল হৈ পৰা দুপৰীয়া
"য'ত সেই বোৱাৰী জনীৰ আৰ্তনাদ-
চৰম শাস্তিবোৰ ,
"হৃদয়ঙ্গম"
যিয়ে সুখ লভাৰ আশা লৈয়ে
নিজ জন্ম লভা পদূলি এৰি
ন পদূলিলৈ খোজ পেলাইছিল...."(মোৰ এটি লেখাৰ আলম লৈ)

আবৃত্তি ত ,
মালিনীৰ সেই "মুখ"নিৰো বতৰা
"হাঁহি -কান্দোন নথকা মুখ'নিৰ পৰা
-হাঁহিলেয়ে তোৰ মুখ'খনি ইমান ধুনীয়া হৈ পৰে"...লৈ, (তাপস তৰুণ শইকীয়া দা'ৰ এটি লেখাৰ আলমত " )

কথন-আলাপ-আত্মকথন
বায়েক-ভায়েকৰ
বৰ্তমান আৰু ভবিষ্যতৰ,
মাজে মাজে প্ৰিয় কৰ্ম সমাজ সেৱা

সময়বোৰ এনেদৰেই আকৰ্ষণীয়
টেবুলত ফুলা অপৰাজিতা ফুলৰ পৰশত.....

ইতিবাচক ফুল প্ৰতিটো জীৱনৰ ফুলাৰ আশা
দুটি মনৰ
সময়বোৰ তেতিয়াহে একো একোটা ধুনীয়া হৈ ৰ'ব
আৰু এটি এটি দিন সুন্দৰৰ.......


( বাইদেউ ৰ ঘৰত  :-এটি দিনৰ অনুভৱ)

Tuesday, December 4, 2018

                "অধিনায়ক"

                               ✒ ৰাজ্জাক আলী
     খেলখনৰ ওপৰত 
অধিনায়ক ৰ সু দৃষ্টি ৰ প্ৰয়োজন 
বিজয়ৰ লক্ষ্য- সততাৰে যুঁজি

অধিনায়ক তেওঁ -   টিমৰ(দলৰ)
অধিনায়ক তেওঁ-  ৰাইজৰ-প্ৰজাৰ
অধিনায়ক তেওঁ-  দেশৰ- ৰাজ্যৰ
সেই কথা প্ৰতিক্ষণে  মন-হৃদয় চুই থকাটো 
তেওঁৰ পৰম  ধৰ্ম
অধিনায়কৰ দায়িত্ব লোৱাৰে পৰা

খেলখন তেওঁ আৰু তেওঁৰ টিমে মাথো নেখেলে,
খেলে হাজাৰ হাজাৰ মনে
সেই মনবোৰৰ লাখৰ ঘৰত দোৱা-প্ৰাৰ্থনা 

আশা -  আনন্দ পোৱাৰ 
ভৰশা-   শান্তিৰ পৰশ পোৱাৰ,
সুখ পোৱাৰ

অধিনায়কৰ লগত তেওঁৰ টিম
বিজয়ী হ'লে
এওঁলোকৰ (ৰাইজৰ-প্ৰজাৰ) বৰ বিশেষ লাভ নহয় 
এওঁলোকে অজস্ৰ তেনে  একো ও নিবিচাৰে

বিচাৰে মাথো
মনে নিশ্চিতকৈ হাঁহি থাকিব পৰা সুখ
(টকা-সম্পত্তি নালাগে এওঁলোকক)

বিচাৰে মাথো
একতাৰে আনন্দ প্ৰবাহিত কৰি
শান্তিপূৰ্ণ জীৱন উপহাৰ পোৱাটোহে.....


Monday, September 10, 2018

         সাম্প্ৰতিক 

জড় বনাম জীৱ সম্পদ

_______________________

                  ✒ৰাজ্জাক আলী


      
            আজিৰ দিনবোৰত জড় সম্পদৰ গুৰুত্বতা নুই                     কৰিব নোৱাৰি সেয়া সঁচা । ৰাতিপুৱা শুই        উঠাৰ পৰা নিশা চকু জাপ খোৱা লৈকে জড় সম্পদৰ প্ৰয়োজন হয় । কিন্তু সেইবুলি জীৱ সম্পদবোৰক অৱহেলা কৰাটো মুঠেই যুক্তিকৰ নহয় বা ভাল নহয় । বিজ্ঞানে আমাৰ প্ৰয়োজনৰ বাবে বহু জড় সম্পদ উপহাৰ দিছে হয় । পিছে সেইবুলি তুমি -আপুনি-মই জানো জীৱ সম্পদবোৰক গুৰুত্ব নিদিয়াটো উচিত হ'বনে.....?????

 এটা কথা সদায়ে মনত ৰখা উচিত আমাৰ সৃষ্টি জীৱৰ পৰাই হৈছে। আমাৰ নিত্য প্ৰয়োজনীয় জড় সম্পদবোৰৰ আৱিষ্কাৰকো জীৱই...। 

 জড় সম্পদ নষ্ট হ'লে হাজাৰবাৰ কিনিব পাৰি কিন্তু যদি জীৱ সম্পদ এবাৰ হেৰাই যায় তেতিয়া সেই সম্পদ পৃথিৱীৰ সমগ্ৰ টকাখিনি দিলেও উভতাই পোৱা সম্ভৱ নহয় । 

এগৰাকী সুস্থ মানুহৰ কাষৰত জড় সম্পদ অলপ সময় বা এটা দিন নাথাকিলেও তেওঁৰ বিশেষ অনিষ্ট একো নহয় ।
কিন্তু জীৱ সম্পদ নাথাকিলে....???
জীৱই দিয়া অক্সিজেন নাথাকিলে???
জীয়াই থাকিব নে ???

আজি জড় সম্পদৰ প্ৰতি আগ্ৰহী হৈ এচামেচোন নিজৰ আত্মীয় স্বজন সহিতে অন্য মানুহৰ কথা পাহৰিয়ে যায় বা গুৰুত্বহীন কৰি পেলায়।(কেৱল টকা -সম্পত্তি ,টকা -সম্পত্তি )নহ'লেনো বৃদ্ধ পিতৃ -মাতৃ বৃদ্ধাশ্ৰমত থাকেনে....
আত্মীয় স্বজন ৰ আশ্ৰয় স্থল ৰাস্তা-ঘাটত হয়নে....
জড় সম্পদেৰে ভৰপূৰ তেওঁলোক..কিন্তু জন্ম দিয়া পিতৃ -মাতৃকেই চৰম অৱহেলা...

সেয়াটো সেয়াই ..শুনিলেও বা দেখিলে আচৰিত লাগিব বা লাগে চৰম বিপদত পৰা আত্মীয়স্বজন ৰ বিপদৰ সময়তো এচামে জড় সম্পদৰ ওপৰতে অধিক কৈ গুৰুত্ব আৰোপ কৰে...
               দুৰ্ঘটনাত পতিত আত্মীয় স্বজন বা মানুহ ৰ ওপৰত গুৰুত্ব দিয়াতকৈ বাহনখনৰ বা তেওঁৰ লগত থকা জড় বোৰৰ ক্ষয়-ক্ষতিতহে মন দিয়া দেখা যায় এচাম ৰ মাজত....
            বেমাৰৰ চৰম সীমা অতিক্ৰম কৰা আত্মীয় ক শুশ্ৰূষা কৰাতকৈ সম্পতিৰ ওপৰতে গুৰুত্ব ......

   এনে বহু উদাহৰণ আজিৰ সমাজ ত।
মুঠৰ ওপৰত আজিৰ সময়ত জীৱ সম্পদৰ প্ৰতি আদৰ তথা গুৰুত্বতা এচামৰ মনৰ পৰা সম্পূৰ্ণ কৈ আঁতৰি গৈছে। জড় সম্পদৰ পিছতে দৌৰি ফুৰিছে...
যি লজ্জাজনক, ধিক্কাৰ জনক...
পাহৰি যোৱাটো একেবাৰেই উচিত নহয় যে যি দৌৰ মাৰি আছে কেনেবাকে উজুতি খালে জীৱ সম্পদেহে সহায় ৰ কৰিব কোনো জড় সম্পদে নহয় ......

Wednesday, May 9, 2018

             "নিজৰ আই মাতৃৰ দুচকু অশ্ৰুৰে তিতাঁই                                           নেপেলাবি"
          ______________________________

                                     ✒ৰাজ্জাক আলী


মা- তই কিয় ঘৰখনক ধ্বংস কৰিব আগবাঢ়ি চ'??

পুতেক- মানুহৰ কথা পাট্টা নিদিবিচোন

মা-মই তোৰ মা হয়, দেখিছো চকুৰে সকলো

পুতেক-তই এইবোৰত নোসোমাবিছোন

মা-তই ঘৰখন ছান-বান কৰিব আগবাঢ়িছ' আৰু কৈছ' এইবোৰত নোসোমাবি

পুতেক- কি ঘৰ ঘৰ কৰি আছ...সেইখন আমাৰ ঘৰ নহয়। আমাৰ ঘৰ ধ্বংস নহয় বৰং উন্নতিয়ে হ'ব ...

মা-বোপাই,ইমান ডাঙৰ হৈ গ'লি সেইখন যে আমাৰ আপোন ঘৰ চিনি নেপালি

পুতেক- মা,সেইবোৰ কিতাপৰ কথা...আনৰ কথা চিন্তা কৰি লাভ নাই। কেৱল নিজৰ কৰা...

মা- বোপাই,
         কেৱল নিজৰ কথা চিন্তা কৰিলে
 আজি তই মোৰ সম বহি এইবোৰ কথা পাতিবই নোৱাৰিলি হয়

কেৱল নিজৰ কথা চিন্তা কৰিলে ন মাহ দহ দিন তোক গৰ্ভত নাৰাখিলো হয়

কেৱল নিজৰ কথা চিন্তা কৰিলে
তোক কোলাত লৈ তোৰ প্ৰয়োজনীয় বোৰ যোগাৰ দি তোক ডাঙৰ নকৰিলো হয়

কেৱল নিজৰ কথা চিন্তা কৰিলে
তই খোজ,কথা,জ্ঞান একোৱেই নাপালি হয়

অসমখন আমাৰ ঘৰ
আৰু অসমী আই আমাৰ মাতৃ হয়
তই সেয়া "আনৰ কথা" কৈছ'
নিজৰ এই ঘৰখনৰ ৰক্ষা কৰাৰ সলনি ধ্বংস কৰিব ওলাই চ'
নিজ আই মাতৃৰ বুকুত ,কোলাত জুইসদৃশ অস্ৰৰে   আঘাত সানিব বিচাৰি চ'

কেনে সন্তান তই
কেনে সন্তান তই?????

চিন্তা কৰ' বোপাই
তই জন্ম পোৱা অসমখনৰ কথা চিন্তা কৰ'
তই উমলি ডাঙৰ হোৱা অসমী আই কোলা'টোৰ কথা চিন্তা কৰ'

চিন্তা কৰ' বোপাই চিন্তা কৰ'
নিজৰ আই মাতৃৰ দুচকু অশ্ৰুৰে
 তিতাঁই নেপেলাবি.............

Friday, February 23, 2018

স্থান, কাল,পাত্ৰ, জীৱন আৰু জীৱনৰ অধিনায়ক "

"স্থান, কাল,পাত্ৰ, জীৱন আৰু জীৱনৰ                          অধিনায়ক "

                                   👉ৰাজ্জাক আলী

মানৱ জীৱনটো শৃংখলাবদ্ধ ভাৱে বা পৰিপাতিকৈ পৰিচালনা কৰা বৰ সহজ নহয় ।বহুজনৰ বাবে সেয়া কাল্পনিক, বহুজনে বুজিয়ে নাপায় জীৱনটো শৃংখলাবদ্ধতা বুলি কিবা এটা থাকে যে ।

জীৱনটো শৃংখলাবদ্ধ কৰাৰ মাত্ৰেই জীৱন বাটৰ সকলো দিশ নিজাকৈ শৃংখলাবদ্ধ হৈ উঠে। ফলশ্ৰুতিত জীৱনৰ সৌন্দয্যতা বৃদ্ধি পায় ।

জীৱন এটি পৰিচালনাৰ বাবে এক প্ৰয়োজনীয় পদ্ধতি হ'ল স্থান ,কাল-পাত্ৰ নিৰূপণ কৰি জীৱনটো  পৰিচালনা কৰা। ব্যক্তিগৰাকী কোন স্থানত আছে, কি কৰ্মৰ আছে ,ওচৰে পাচৰে থকা মানুহৰ লগত সম্পৰ্ক কেনেকোৱা... অগ্ৰজ-অনূজ-নে বন্ধুত্বৰ ....
সকলো চালি-জাৰি জীৱনটো পৰিচালনা কৰাটো উচিত।

এটি জীৱনে নিজৰ কাৰ্যকালত বিভিন্ন পৰিবেশত বেলেগ বেলেগ ধৰণেৰে নিজকে  উপস্থাপন কৰাটো উচিত ।
ঘৰত থাকোতে ঘৰুৱাভাৱে নিজকে উপস্থাপন ,

লগৰ-সমনীয়াৰ সৈতে থাকিলে বন্ধুত্বসুলভ আলাপ -বাৰ্তা, আচৰণ,

কৰ্মক্ষেত্ৰত থকাৰ সময়ত কৰ্মক্ষেত্ৰৰ পৰিবেশমতে নিজকে উপস্থাপন ,

সভা-সমিতি উপস্থিত থাকিলে বা আমন্ত্ৰিত অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰিলে তাৰ গভীৰতা বুজি নিজকে উপস্থাপন কৰিব লাগে।

মুঠৰ ওপৰত স্থান-কাল-পৰিবেশ-পাত্ৰ  চাই প্ৰতিপলে নিজকে উপস্থাপন কৰিব লাগে।

তেনেকৈ নহ'লে অৰ্থাৎ তাৰ বিপৰীত হ'লে জীৱনটো বিশৃংখল  হোৱাৰ বাহিৰে আন একো নহ'ব । বিশৃংখল জীৱনে কেতিয়াও জীৱনৰ সৌন্দয্যতা বাট বিচাৰি নাপায় ।লগতে জীৱনৰ সুবাস ক্ৰমাৎ নাইকীয়া হয়।গভীৰতা হ্ৰাস পাই জীৱনৰ।

জীৱনৰ অধিনায়ক :
 প্ৰতিসময়ে তোমাৰ জীৱনটো শৃংখলাবদ্ধ ভাৱে পৰিচালনা হৈছে নে নাই তাক চাই থাকিবলৈ শুভাকাংক্ষী সকল  অথবা আত্মীয়স্বজন কাষৰত নাথাকিব পাৰে।
গতিকে জীৱনৰ অধিনায়ক পৰাপক্ষত নিজে হোৱাটো নিত্যন্তই প্ৰয়োজন ।

ক্ৰিকেট খেল এখনত বিজয়ী হ'বলৈ যিদৰে অধিনায়কৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে ঠিক তেনেকৈ জীৱনত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ জীৱনৰ অধিনায়ক হ'ব লাগিব। সেই অধিনায়ক নিজেই হ'ব  লাগিব।

কোন স্থানত আছা?
ক'ত আছা?
কাৰ লগত আছা?
কি কামত আছা?
এই
প্ৰতিদিশ এক অধিনায়ক ৰ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি জীৱনটো পৰিচালনা কৰি যাব লাগিব।
তেতিয়াহে জীৱনৰ চূড়ান্ত বিজয়ৰ সুবাস  কাষৰত উপস্থিত হ'বহি লগতে চিৰদিন কাষৰত থকাৰ প্ৰতিশ্ৰুতি য়ো প্ৰদান কৰিব..........।।


Monday, February 19, 2018

"বক্ৰ দৃষ্টিৰে: তামোল পাণৰ দোকানী এজন আৰু এজন গ্ৰাহক" 
                    👉ৰাজ্জাক আলী

গ্ৰাহক এজন তামোল পান কিনিবলৈ দোকান এখনলৈ গ'ল

গ্ৰাহক(দোকানী উদ্দেশ্যে ): পাণ ৰ গোচি কিমান
দোকানী:কোনটো পাণ লাগিব
গ্ৰাহক :সেউজীয়া  এই পাণ কেইটাৰ কথাই কৈছো।
দোকানী: মানে কোনটো গোচি লাগিব
              তিনি প্ৰকাৰৰ গোচি আছে
             দাম বেলেগ
গ্ৰাহক :কোনটো কেনেকৈ
দোকানী:বাৰী পাণ বিশ টকা
            বৰপেটীয়া পাণ পোন্ধৰ টকা
            আৰু
              নগা পাণ পাঁচ টকা
গ্ৰাহক-বাৰী পাণটো বুজি পাইছো এই বৰপেটীয়া আৰু নগা পাণটোৰ বিষয়ে বুজা নাই।
দোকানী- মানে দাদা  এইটো বৰপেটাৰ পৰা অহা বাবে  বৰপেটীয়া পাণ আৰু
আন নগালেণ্ড পৰা অহা বাবে নগা পাণ।
গ্ৰাহক : অ হয় নি?? বাৰী পাণটো ক'ত তেন্তে?
দোকানী- দাদা এই আমাৰ অংকণ হঁতৰ বাৰীৰ পাণ।লোকেল...
গ্ৰাহক -বুজিছো বাৰী পাণ টোৰ কথা।
বাকী দুটা বাৰী পাণ নহয় তেন্তে  ন
দোকানী-নহয় দাদা
গ্ৰাহক :তেন্তে  ক'ত লাগে সেইবোৰ
দোকানী:(মূৰ খজুৱাই) দাদা ক'লো নহয় নগালেণ্ড আৰু বৰপেটা
গ্ৰাহক :নগালেণ্ড -বৰপেটা ৰ ক'ত লাগে/হয় এই পাণবোৰ
দোকানী:(অশান্তিত): দাদা খেতি কৰে তেওঁ লোকে..আমি অৰ্ডাৰ দিওঁ তেওঁলোকে পঠাই দিয়ে..
গ্ৰাহক-খেতি ক'ত কৰে তেওঁলোকে??
দোকানী-দাদা তেওঁলোকৰ ডাঙৰ ডাঙৰ বাৰী আছে।
গ্ৰাহক : তেন্তে বাৰীত হয় ন সেই পাণবোৰো
দোকানী: (উহহ) উম হয় দাদা
গ্ৰাহক :তেন্তে সেইবোৰো বাৰী পাণ
দোকানী:(ঘামী গৈছে) অ হয় ..
গ্ৰাহক : তেন্তে  তুমি কিয় আগত কৈ আছিলা সেইবোৰ বাৰী পাণ নহয়েই বুলি?
দোকানী- (খঙত)ভুলতে কৈ পালো
              আপুনি যাওঁক দাদা
গ্ৰাহক : কিয় যাম ??
           পাণ লৈ যাম
দোকানী- উহহহহ কোনটো গোচি ল'ব?
     গ্ৰাহক : অকণৰ বাৰীৰ পাণ
দোকানী:লওঁক ..পোন্ধৰ টকা দিয়ক
গ্ৰাহক :(পাণ লৈ) মোক অকৰা পাইছা নেকি
        লোৱা পাঁচ টকা
দোকানী:পোন্ধৰ টকা আৰু দহ টকা দিয়ক
গ্ৰাহক :অকণৰ ঘৰৰ পাণ পাঁচ টকাহে পাবা।ওচৰৰে হে.....
         বৰপেটা বা নগা পাণ ললেহে দহ বা পোন্ধৰ দিয়া হয় । ওচৰৰ পাণ খৰছো কম। আমি ও ব্যবসায় জানো ন ...

দোকানী-বেহুচ......

Thursday, February 15, 2018

     "মেট্ৰিক  পৰীক্ষা , পৰীক্ষাথী,  মা -দেউতা আৰু কিছু অনুভৱ..."

                                   👉ৰাজ্জাক আলী


আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্ৰিক ) আৰম্ভ আৰু কেইদিনমান পিছতে চি বি এচ ই ৰ মেট্ৰিক পৰীক্ষা ।

      পৰীক্ষাৰ্থীৰ ৰ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ সময় ।কোৱা হয় ইয়াৰ পৰাই জীৱনৰ গতি বহুদূৰ নিৰ্ণয় হয়।আৰম্ভণি ...............

পৰীক্ষাৰ্থীৰ সম্পৰ্কে বেছিকৈ নিলিখো আজি ।মাথো আশা কৰো তোমালোকে ভয় নাখাই, নাৰ্ভাছ নহয়,ইতিবাচক আৰু সূৰুযমুখী মন লৈ পৰীক্ষা ত অৱত্তীৰ্ণ হ'বা। তোমালোক সকলোলৈ শুভকামনা থাকিল।

আজি পৰীক্ষাৰ্থীৰ  মা দেউতাকৰ বিষয়ে ক"ব আগবাঢ়ি ছো। বাহ্যিকভাৱে চাবলৈ গ'লে পৰীক্ষাৰ্থী গৰাকী য়ে পৰীক্ষা ত অৱত্তীৰ্ণ  হয়।কিন্তু যদি গভীৰতা লৈ পম্পা খেদি যোৱা হয় তেতিয়া দেখা যায় পৰীক্ষাৰ্থীৰ লগতে মা দেউতা য়ো পৰীক্ষা ত অৱত্তীৰ্ণ হয় । সন্তানৰ পৰীক্ষা ৰ বাবে যিমান চিন্তা গুৰুত্ব তাতকৈ হাজাৰ গুণ বেছি মা দেউতাকৰ ।

মা দেউতা ই মেট্ৰিক কেন্দ্ৰীক সন্তানৰ লগত সমানে অধ্যয়ন কষ্ট কৰাৰ দৰে হয়। সন্তানে কি পঢ়িছে,পাৰিছে নে নাই,কোনটো কোনটো বিষয়ত দুৰ্বল ,সেই বিষয়টোৰ কোনটো ভাগ বেছি দুৰ্বল সেইটো সন্তানতকৈ মা-দেউতা কেহে ভালকৈ জানে।

ৰাতিপুৱা সোনকালে উঠি ৰন্ধা ৰ কাম কৰি ,খোৱাৰ যোগাৰ দিয়াৰ পিছত মায়ে সন্তানৰ  লগত লাগি যায় অধ্যয়ন ত। কি কি লাগিব,কিবা কম হৈছে নেকি,কি বুজি পোৱা নাই।সকলোৰে ওপৰত মাৰ চকু...
বুজি নোপোৱা বোৰ নিজে বা শিক্ষকক বা জনাসকলৰ পৰা সংগ্ৰহ  কৰি সন্তানৰ কাষৰত প্ৰদান  কৰি দিয়ে।

পঢ়াৰ মাজত যাতে টোপনি  আহি নাযায় তাৰ বাবেও মায়ে যোগাৰ কৰি থয়। এইটো স্বাভাৱিক যে কিতাপ ৰ মাজৰ বেছি সময় থাকিলে টোপনি কাষৰত আহিবই।তাৰ বাবে মায়ে গৰম গৰম চাহ-কফি আদি যোগাৰ  দি থাকে।


দিনটোৰ পিছত আবেলি আৰু আবেলিৰ পিছত  নিশা।
সন্তানৰ সমানে  সমানে সাৰ পাই থাকে। তেওঁ ভালকৈ জানে যদি তেওঁ শুই যায় সন্তানে পঢ়াত বেছি গুৰুত্ব নিদিব,মা কৰ লগতে তাকো বা তাইকো শুবলৈ মন যাব। সেয়ে মাকে নিৰ্দ্ধাৰণ কৰি দিয়া সময় লৈকে ব্যস্ত মাক-সন্তান দুয়ো পৰীক্ষা ৰ প্ৰস্তুত টিত।

সন্তানে যদি এবাৰ কৈ মা এইটো বুজি পোৱা নাই।লগে লগে মায়ে সকলো একাকাৰ কি লাগি যায় সেই বিষয়ে সন্ধান কৰাত(ইণ্টাৰনেট, কিতাপ বা অন্য উৎসৰ পৰা) আৰু মা সফলো হয়।

মায়ে ইমানবোৰ  প্ৰদান কৰাৰ পিছত সন্তানৰ পৰা ইমানেই আশা কৰে যে ভাল ফলাফল এটা উপহাৰ দিব পাৰে যাতে । এগালমান মানে এশ শতাংশ নম্বৰ  নালাগে মাক। লাগে মাথো আশা কৰা ফলাফল এটা।যি ফলাফল লে সুখী কৰিব পাৰে তেওঁক।

মা এ জানে সন্তানক পৰীক্ষা ৰ বাবে বৰ বেছিকৈ পঢ় পঢ় বুলি কৈ থাকিলে পৰীক্ষা সন্তান ৰ বাবে বোজা হৈ পৰিব পাৰে।সেয়েহে সন্তান ৰ মনৰ কথা বুজি পৰিচালনা কৰি যায় মাকে।
 
দেউতাকে  প্ৰয়োজনীয় সকলো সামগ্ৰী  যোগাৰ, সময় সাপেক্ষে অধ্যয়ন ৰ খবৰ ল'বলৈ সন্তান ৰ টেবুলৰ বহি যায় ।কি কি পাৰিছে,কিমানদূৰ প্ৰস্তুত হৈছে সকলোবোৰ ৰ বিৱৰণ  লৈ থাকে ।

মুঠৰ ওপৰত মুখ্যতঃ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ লগত মা-দেউতাকে ও প্ৰস্তুতি ত থাকে
প্ৰায় পৰীক্ষা ত অৱত্তীৰ্ণ  হোৱাৰ দৰেই হয়।

  শেষত ছেবা আৰু চি বি এচ ই ৰ মেট্ৰিক পৰীক্ষা ৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ মাতৃ -পিতৃক মোৰ তৰফৰ পৰা আন্তৰিক শুভকামনা যাঁচিলো।

আপোনাসৱৰ ত্যাগ, কষ্ট ৰ পৰিণতিতে ভবিষ্য বোৰে উজ্জ্বল তাৰে হাঁহিব পাৰিব। যাৰ সুবাস পৃথিৱীৰ  প্ৰায়  প্ৰতিটো প্ৰান্তত কোনোবা নহয়  কোনোৱা ক্ষেত্ৰত পোহৰাই থাকিব আন্ধাৰ ক আঁতৰাই ......

  তাৰে কামনা সকলোৰে..........