Friday, February 23, 2018

স্থান, কাল,পাত্ৰ, জীৱন আৰু জীৱনৰ অধিনায়ক "

"স্থান, কাল,পাত্ৰ, জীৱন আৰু জীৱনৰ                          অধিনায়ক "

                                   👉ৰাজ্জাক আলী

মানৱ জীৱনটো শৃংখলাবদ্ধ ভাৱে বা পৰিপাতিকৈ পৰিচালনা কৰা বৰ সহজ নহয় ।বহুজনৰ বাবে সেয়া কাল্পনিক, বহুজনে বুজিয়ে নাপায় জীৱনটো শৃংখলাবদ্ধতা বুলি কিবা এটা থাকে যে ।

জীৱনটো শৃংখলাবদ্ধ কৰাৰ মাত্ৰেই জীৱন বাটৰ সকলো দিশ নিজাকৈ শৃংখলাবদ্ধ হৈ উঠে। ফলশ্ৰুতিত জীৱনৰ সৌন্দয্যতা বৃদ্ধি পায় ।

জীৱন এটি পৰিচালনাৰ বাবে এক প্ৰয়োজনীয় পদ্ধতি হ'ল স্থান ,কাল-পাত্ৰ নিৰূপণ কৰি জীৱনটো  পৰিচালনা কৰা। ব্যক্তিগৰাকী কোন স্থানত আছে, কি কৰ্মৰ আছে ,ওচৰে পাচৰে থকা মানুহৰ লগত সম্পৰ্ক কেনেকোৱা... অগ্ৰজ-অনূজ-নে বন্ধুত্বৰ ....
সকলো চালি-জাৰি জীৱনটো পৰিচালনা কৰাটো উচিত।

এটি জীৱনে নিজৰ কাৰ্যকালত বিভিন্ন পৰিবেশত বেলেগ বেলেগ ধৰণেৰে নিজকে  উপস্থাপন কৰাটো উচিত ।
ঘৰত থাকোতে ঘৰুৱাভাৱে নিজকে উপস্থাপন ,

লগৰ-সমনীয়াৰ সৈতে থাকিলে বন্ধুত্বসুলভ আলাপ -বাৰ্তা, আচৰণ,

কৰ্মক্ষেত্ৰত থকাৰ সময়ত কৰ্মক্ষেত্ৰৰ পৰিবেশমতে নিজকে উপস্থাপন ,

সভা-সমিতি উপস্থিত থাকিলে বা আমন্ত্ৰিত অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰিলে তাৰ গভীৰতা বুজি নিজকে উপস্থাপন কৰিব লাগে।

মুঠৰ ওপৰত স্থান-কাল-পৰিবেশ-পাত্ৰ  চাই প্ৰতিপলে নিজকে উপস্থাপন কৰিব লাগে।

তেনেকৈ নহ'লে অৰ্থাৎ তাৰ বিপৰীত হ'লে জীৱনটো বিশৃংখল  হোৱাৰ বাহিৰে আন একো নহ'ব । বিশৃংখল জীৱনে কেতিয়াও জীৱনৰ সৌন্দয্যতা বাট বিচাৰি নাপায় ।লগতে জীৱনৰ সুবাস ক্ৰমাৎ নাইকীয়া হয়।গভীৰতা হ্ৰাস পাই জীৱনৰ।

জীৱনৰ অধিনায়ক :
 প্ৰতিসময়ে তোমাৰ জীৱনটো শৃংখলাবদ্ধ ভাৱে পৰিচালনা হৈছে নে নাই তাক চাই থাকিবলৈ শুভাকাংক্ষী সকল  অথবা আত্মীয়স্বজন কাষৰত নাথাকিব পাৰে।
গতিকে জীৱনৰ অধিনায়ক পৰাপক্ষত নিজে হোৱাটো নিত্যন্তই প্ৰয়োজন ।

ক্ৰিকেট খেল এখনত বিজয়ী হ'বলৈ যিদৰে অধিনায়কৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে ঠিক তেনেকৈ জীৱনত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ জীৱনৰ অধিনায়ক হ'ব লাগিব। সেই অধিনায়ক নিজেই হ'ব  লাগিব।

কোন স্থানত আছা?
ক'ত আছা?
কাৰ লগত আছা?
কি কামত আছা?
এই
প্ৰতিদিশ এক অধিনায়ক ৰ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি জীৱনটো পৰিচালনা কৰি যাব লাগিব।
তেতিয়াহে জীৱনৰ চূড়ান্ত বিজয়ৰ সুবাস  কাষৰত উপস্থিত হ'বহি লগতে চিৰদিন কাষৰত থকাৰ প্ৰতিশ্ৰুতি য়ো প্ৰদান কৰিব..........।।


Monday, February 19, 2018

"বক্ৰ দৃষ্টিৰে: তামোল পাণৰ দোকানী এজন আৰু এজন গ্ৰাহক" 
                    👉ৰাজ্জাক আলী

গ্ৰাহক এজন তামোল পান কিনিবলৈ দোকান এখনলৈ গ'ল

গ্ৰাহক(দোকানী উদ্দেশ্যে ): পাণ ৰ গোচি কিমান
দোকানী:কোনটো পাণ লাগিব
গ্ৰাহক :সেউজীয়া  এই পাণ কেইটাৰ কথাই কৈছো।
দোকানী: মানে কোনটো গোচি লাগিব
              তিনি প্ৰকাৰৰ গোচি আছে
             দাম বেলেগ
গ্ৰাহক :কোনটো কেনেকৈ
দোকানী:বাৰী পাণ বিশ টকা
            বৰপেটীয়া পাণ পোন্ধৰ টকা
            আৰু
              নগা পাণ পাঁচ টকা
গ্ৰাহক-বাৰী পাণটো বুজি পাইছো এই বৰপেটীয়া আৰু নগা পাণটোৰ বিষয়ে বুজা নাই।
দোকানী- মানে দাদা  এইটো বৰপেটাৰ পৰা অহা বাবে  বৰপেটীয়া পাণ আৰু
আন নগালেণ্ড পৰা অহা বাবে নগা পাণ।
গ্ৰাহক : অ হয় নি?? বাৰী পাণটো ক'ত তেন্তে?
দোকানী- দাদা এই আমাৰ অংকণ হঁতৰ বাৰীৰ পাণ।লোকেল...
গ্ৰাহক -বুজিছো বাৰী পাণ টোৰ কথা।
বাকী দুটা বাৰী পাণ নহয় তেন্তে  ন
দোকানী-নহয় দাদা
গ্ৰাহক :তেন্তে  ক'ত লাগে সেইবোৰ
দোকানী:(মূৰ খজুৱাই) দাদা ক'লো নহয় নগালেণ্ড আৰু বৰপেটা
গ্ৰাহক :নগালেণ্ড -বৰপেটা ৰ ক'ত লাগে/হয় এই পাণবোৰ
দোকানী:(অশান্তিত): দাদা খেতি কৰে তেওঁ লোকে..আমি অৰ্ডাৰ দিওঁ তেওঁলোকে পঠাই দিয়ে..
গ্ৰাহক-খেতি ক'ত কৰে তেওঁলোকে??
দোকানী-দাদা তেওঁলোকৰ ডাঙৰ ডাঙৰ বাৰী আছে।
গ্ৰাহক : তেন্তে বাৰীত হয় ন সেই পাণবোৰো
দোকানী: (উহহ) উম হয় দাদা
গ্ৰাহক :তেন্তে সেইবোৰো বাৰী পাণ
দোকানী:(ঘামী গৈছে) অ হয় ..
গ্ৰাহক : তেন্তে  তুমি কিয় আগত কৈ আছিলা সেইবোৰ বাৰী পাণ নহয়েই বুলি?
দোকানী- (খঙত)ভুলতে কৈ পালো
              আপুনি যাওঁক দাদা
গ্ৰাহক : কিয় যাম ??
           পাণ লৈ যাম
দোকানী- উহহহহ কোনটো গোচি ল'ব?
     গ্ৰাহক : অকণৰ বাৰীৰ পাণ
দোকানী:লওঁক ..পোন্ধৰ টকা দিয়ক
গ্ৰাহক :(পাণ লৈ) মোক অকৰা পাইছা নেকি
        লোৱা পাঁচ টকা
দোকানী:পোন্ধৰ টকা আৰু দহ টকা দিয়ক
গ্ৰাহক :অকণৰ ঘৰৰ পাণ পাঁচ টকাহে পাবা।ওচৰৰে হে.....
         বৰপেটা বা নগা পাণ ললেহে দহ বা পোন্ধৰ দিয়া হয় । ওচৰৰ পাণ খৰছো কম। আমি ও ব্যবসায় জানো ন ...

দোকানী-বেহুচ......

Thursday, February 15, 2018

     "মেট্ৰিক  পৰীক্ষা , পৰীক্ষাথী,  মা -দেউতা আৰু কিছু অনুভৱ..."

                                   👉ৰাজ্জাক আলী


আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্ৰিক ) আৰম্ভ আৰু কেইদিনমান পিছতে চি বি এচ ই ৰ মেট্ৰিক পৰীক্ষা ।

      পৰীক্ষাৰ্থীৰ ৰ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ সময় ।কোৱা হয় ইয়াৰ পৰাই জীৱনৰ গতি বহুদূৰ নিৰ্ণয় হয়।আৰম্ভণি ...............

পৰীক্ষাৰ্থীৰ সম্পৰ্কে বেছিকৈ নিলিখো আজি ।মাথো আশা কৰো তোমালোকে ভয় নাখাই, নাৰ্ভাছ নহয়,ইতিবাচক আৰু সূৰুযমুখী মন লৈ পৰীক্ষা ত অৱত্তীৰ্ণ হ'বা। তোমালোক সকলোলৈ শুভকামনা থাকিল।

আজি পৰীক্ষাৰ্থীৰ  মা দেউতাকৰ বিষয়ে ক"ব আগবাঢ়ি ছো। বাহ্যিকভাৱে চাবলৈ গ'লে পৰীক্ষাৰ্থী গৰাকী য়ে পৰীক্ষা ত অৱত্তীৰ্ণ  হয়।কিন্তু যদি গভীৰতা লৈ পম্পা খেদি যোৱা হয় তেতিয়া দেখা যায় পৰীক্ষাৰ্থীৰ লগতে মা দেউতা য়ো পৰীক্ষা ত অৱত্তীৰ্ণ হয় । সন্তানৰ পৰীক্ষা ৰ বাবে যিমান চিন্তা গুৰুত্ব তাতকৈ হাজাৰ গুণ বেছি মা দেউতাকৰ ।

মা দেউতা ই মেট্ৰিক কেন্দ্ৰীক সন্তানৰ লগত সমানে অধ্যয়ন কষ্ট কৰাৰ দৰে হয়। সন্তানে কি পঢ়িছে,পাৰিছে নে নাই,কোনটো কোনটো বিষয়ত দুৰ্বল ,সেই বিষয়টোৰ কোনটো ভাগ বেছি দুৰ্বল সেইটো সন্তানতকৈ মা-দেউতা কেহে ভালকৈ জানে।

ৰাতিপুৱা সোনকালে উঠি ৰন্ধা ৰ কাম কৰি ,খোৱাৰ যোগাৰ দিয়াৰ পিছত মায়ে সন্তানৰ  লগত লাগি যায় অধ্যয়ন ত। কি কি লাগিব,কিবা কম হৈছে নেকি,কি বুজি পোৱা নাই।সকলোৰে ওপৰত মাৰ চকু...
বুজি নোপোৱা বোৰ নিজে বা শিক্ষকক বা জনাসকলৰ পৰা সংগ্ৰহ  কৰি সন্তানৰ কাষৰত প্ৰদান  কৰি দিয়ে।

পঢ়াৰ মাজত যাতে টোপনি  আহি নাযায় তাৰ বাবেও মায়ে যোগাৰ কৰি থয়। এইটো স্বাভাৱিক যে কিতাপ ৰ মাজৰ বেছি সময় থাকিলে টোপনি কাষৰত আহিবই।তাৰ বাবে মায়ে গৰম গৰম চাহ-কফি আদি যোগাৰ  দি থাকে।


দিনটোৰ পিছত আবেলি আৰু আবেলিৰ পিছত  নিশা।
সন্তানৰ সমানে  সমানে সাৰ পাই থাকে। তেওঁ ভালকৈ জানে যদি তেওঁ শুই যায় সন্তানে পঢ়াত বেছি গুৰুত্ব নিদিব,মা কৰ লগতে তাকো বা তাইকো শুবলৈ মন যাব। সেয়ে মাকে নিৰ্দ্ধাৰণ কৰি দিয়া সময় লৈকে ব্যস্ত মাক-সন্তান দুয়ো পৰীক্ষা ৰ প্ৰস্তুত টিত।

সন্তানে যদি এবাৰ কৈ মা এইটো বুজি পোৱা নাই।লগে লগে মায়ে সকলো একাকাৰ কি লাগি যায় সেই বিষয়ে সন্ধান কৰাত(ইণ্টাৰনেট, কিতাপ বা অন্য উৎসৰ পৰা) আৰু মা সফলো হয়।

মায়ে ইমানবোৰ  প্ৰদান কৰাৰ পিছত সন্তানৰ পৰা ইমানেই আশা কৰে যে ভাল ফলাফল এটা উপহাৰ দিব পাৰে যাতে । এগালমান মানে এশ শতাংশ নম্বৰ  নালাগে মাক। লাগে মাথো আশা কৰা ফলাফল এটা।যি ফলাফল লে সুখী কৰিব পাৰে তেওঁক।

মা এ জানে সন্তানক পৰীক্ষা ৰ বাবে বৰ বেছিকৈ পঢ় পঢ় বুলি কৈ থাকিলে পৰীক্ষা সন্তান ৰ বাবে বোজা হৈ পৰিব পাৰে।সেয়েহে সন্তান ৰ মনৰ কথা বুজি পৰিচালনা কৰি যায় মাকে।
 
দেউতাকে  প্ৰয়োজনীয় সকলো সামগ্ৰী  যোগাৰ, সময় সাপেক্ষে অধ্যয়ন ৰ খবৰ ল'বলৈ সন্তান ৰ টেবুলৰ বহি যায় ।কি কি পাৰিছে,কিমানদূৰ প্ৰস্তুত হৈছে সকলোবোৰ ৰ বিৱৰণ  লৈ থাকে ।

মুঠৰ ওপৰত মুখ্যতঃ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ লগত মা-দেউতাকে ও প্ৰস্তুতি ত থাকে
প্ৰায় পৰীক্ষা ত অৱত্তীৰ্ণ  হোৱাৰ দৰেই হয়।

  শেষত ছেবা আৰু চি বি এচ ই ৰ মেট্ৰিক পৰীক্ষা ৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ মাতৃ -পিতৃক মোৰ তৰফৰ পৰা আন্তৰিক শুভকামনা যাঁচিলো।

আপোনাসৱৰ ত্যাগ, কষ্ট ৰ পৰিণতিতে ভবিষ্য বোৰে উজ্জ্বল তাৰে হাঁহিব পাৰিব। যাৰ সুবাস পৃথিৱীৰ  প্ৰায়  প্ৰতিটো প্ৰান্তত কোনোবা নহয়  কোনোৱা ক্ষেত্ৰত পোহৰাই থাকিব আন্ধাৰ ক আঁতৰাই ......

  তাৰে কামনা সকলোৰে..........