Tuesday, June 20, 2017

নেতিবাচক আৰু ইতিবাচক

নেতিবাচক আৰু ইতিবাচক:এক চমু আভাস
                                            👉ৰাজ্জাক আলী
                                                 (মৰাণহাট)


সততে কৰা নেতিবাচক চিন্তাধাৰাই মানুহ এগৰাকীক সুন্দৰ জীবনৰ বাটলৈ খোজ দিয়াত বাধা প্ৰদান কৰে,  বাধা প্ৰদান কৰে তেওঁৰ সংগত থকা আন বহুজনকো।


   হ'ব জানো?কৰিব জানো?শুনিব জানো?দিব জানো?পাম জানো?
 নহ'ব নেকি?নকৰিব নেকি?নুশুনিব নেকি?নিদিব নেকি?নাপাম নেকি?


এই 'জানো'আৰু 'নেকি' শব্দবোৰে বহু জীবন পিছুৱাই দিয়ে।এক নেতিবাচক চিন্তাধাৰাই সেইগৰাকীৰ লগতে আন বহুজনক আগৰ বাটবোৰ চাবলৈ সুবিধাই নিদিয়ে।


মানুহৰ ইতিবাচক চিন্তাই বহু কঠিন কাম সহজ কৰি দিয়ে তাৰ উদাহৰণ বোধকৰো নতুনকৈ দিয়াৰ প্ৰয়োজন নাই।


কাষৰত অহা বিষয় এটা বা কাম এটা প্ৰথমেই যদি নেতিবাচক দৃষ্টিভংগীৰে চোৱা হয় সেই কাম বা বিষয়ত অসফল হ'ব সেইটো প্ৰায় নিশ্চিত। কাৰণ সেই কৰ্ম বা বিষয়ৰ ওপৰত নেতিবাচকে গুৰুত্ব দিব নিদিয়ে।
ইতিবাচক দৃষ্টিৰে খোজ আগবঢ়ালে ,কৰ্মবোৰ ইতিবাচক মনেৰে সম্পাদন কৰি গ'লে সফলতা  জীবনৰ কাষত উপস্থিত হোৱাটো স্বাভাৱিক।


আপুনি যি লক্ষ্য পাবলৈ আগবাঢ়ি আছে সেইটো সম্পূৰ্ণকৈ নাপালেও যাত্ৰাপথত এনে এক সফলতা লাভ কৰিব যিটোৱে আপোনাৰ জীবন অনুপম কৰাত বহুদূৰ সহায় কৰিব।

আপুনি কোৱা এষাৰ ইতিবাচক কথাই কাৰোবাৰ জীবন বহু সফলতালৈ  লৈ যাব পাৰে আপুনি জানেনে?আপুনি সুখী নহ'বনে  জানি আপোনাৰ বাবে এটি জীবন সফল হৈছে ।


সেয়েহে ইতিবাচক ভাৱধাৰাত,চিন্তাধাৰাত থাকক প্ৰতিক্ষণে। ইতিবাচকে আপোনাৰ জীবনটো সফলতাৰ সেউজীয়াৰে পৰিপূৰ্ণ কৰাৰ লগতে আপোনাৰ কাষত থকা সকলকো সেউজীয়াৰ সফল বাটলৈ খোজ দিয়াত সহযোগ কৰিব।


নেতিবাচক বাৰ্তাৰে জীবনবোৰ নষ্ট নকৰিব।আপোনাৰ নেতিবাচক কথা শুনি বহুজনে বহু মূল্যৱান সময়,কৰ্ম আৰু অনুপম জীৱন লাভ কৰাৰ পৰা বঞ্চিত হ'ব পাৰে।


গতিকে আহক নেতিবাচকক খেদি ইতিবাচক দৃষ্টিভংগীক সংগী কৰি খোজ কাঢ়ো এই বিশাল মানৱ সমাজত।