Saturday, December 30, 2017

       কাজিৰঙাৰ বাতৰি পাইছেনে আপোনালোকে? যদি নাই পোৱা তেন্তে শুনক,বৰ্তমান কাজিৰঙাৰ পৰিস্থিতি অতি ভীষম। জন্তুবিলাকৰ মাজত খঙে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।খং উঠাৰ মুখ্য কাৰণ হ'ল- সিহঁতে বানৰ কবলত অ'ত বছৰে জৰ্জৰিত হৈ গৃহহাৰা হোৱাৰ পিছতো, সিহঁতৰ বহু সদস্যই জীৱন হেৰুৱাৰ পিছতো, খাদ্যৰ অভাৱনীয় অনাটন হোৱাৰ পিছতো চৰকাৰে সিহঁতৰ সুবিধাৰ বাবে পযাপ্ত ব্যবস্থা আজিপযন্ত গ্ৰহণ কৰা নাই।বানপীড়িত মানুহক এবটল পানী আৰু মেৰিগল্ড বিস্কুট দিয়ে চৰকাৰে কিন্তু কাজিৰঙা জন্তুবাসীৰ    বাবে সেইকণ সুবিধাও নাই। সেইবোৰ কাৰণতে জন্তুবাসীৰ মাজত খং ভীষম হৈ পৰিছে।

         
       এনে বেয়া পৰিস্থিতিৰ  পৰা স্থায়ী সমাধান তথা সুৰক্ষা পাবলৈ অৱশেষত জন্তুবিলাক আগবাঢ়ি আহিল। বাঘ,সিংহ ,হাতীকে প্ৰমুখ্যে কৰি সকলো জন্তু একত্ৰিত হৈ কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে। ইয়াৰ বাবে প্ৰথম অৱস্থাত কাজিৰঙাৰ সকলো আবাসীয়ে গোট হৈ এখন বিশাল সভা আয়োজন কৰিলে। সভাখনত সভাপতিত্ব দায়িত্ব অৰ্পণ কৰা হ'ল গজৰাজক। গজৰাজে সভাখনৰ আতঁ ধৰি ক'লে, "আমি কাজিৰঙা বাসী প্ৰতি বছৰে বানৰ ভয়াবহ কবলত পৰো, বানপানীয়ে আমাৰ গৃহ উটোৱাই লৈ যায়,প্ৰাণ গৈছে আমাৰ বহুজনৰ।আমি বানৰ কবলৰ পৰা ওলাই আহি অন্য ঠাইত থাকিব বিচাৰিলেও শান্তি নোহোৱা হৈছে আমাৰ। মানুহৰ আবাসীত  উপায়বিহীত হৈ সোমালে কিছুমান মানুহে আমাক লৈ ল'ৰাধেমালি কৰি খেদা খেদি কৰিব ধৰে। আমি য'ত ত'ত ভটিয়াই ফুৰো।   যিখন  কাজিৰঙা আমাৰ বাবে দেশ বা ৰাজ্যখন বিশ্বখ্যাত;সেইখন কাজিৰঙাৰ আবাসী আমি আজিৰ তাৰিখত কিমান সুৰক্ষিত?কিমান নিৰাপদ?আমাৰ জীৱনৰ কিবা গুৰুত্ব আছেনে? চৰকাৰলৈ প্ৰশ্ন আমাৰ....চৰকাৰে কেৱল মানৱ জাতিৰ বাবেই ,মানৱজাতিৰ সুৰক্ষাৰ বাবেই মানৱ অধিকাৰৰ ব্যবস্থা কৰিছে। মানুহক শান্তিৰে বসবাস কৰিবলৈ সুবিধাকণ দিছে। কিন্তু আমাক দি দিছে ,দেখোৱাই দিয়কচোন....আমাৰ বাবে একো অধিকাৰ নাই নেকি? বছৰি বানৰ কবলত পৰি প্ৰাণ হেৰুৱাই গৈ আছে আমাৰ বহু সতীৰ্থই। কি কৰিম কেতিয়াবা তিতাঁ -কেহা লাগি যায়। চৰকাৰেটো আমাকো প্ৰয়োজনীয় সুবিধা তথা সুৰক্ষা প্ৰদান কৰিব পাৰে ,নকৰে কিয়?? আমাৰ দাবী চৰকাৰে শীঘ্ৰেই আমাৰ বাবে সুকীয়াকৈ "জন্তুৰ অধিকাৰ"নামৰ আইন এখন অনুমোদন কৰিব লাগে,য'ত আমাৰ বাবে ,আমাৰ জন্তু বিলাকৰ সুৰক্ষা তথা সুবিধাৰ বাবে প্ৰয়োজনীয় অধিকাৰবিলাক সন্নিবিষ্ট থাকিব লাগে। জীয়াই থকাৰ অধিকাৰ, শান্তিপূৰ্ণভাৱে বসবাস কৰাৰ অধিকাৰ আদি অধিকাৰবোৰ আমিও পাব লাগে। এইবিলাক দাবী পূৰণৰ বাবে আমি চৰকাৰৰ তীব্ৰভাৱে অৱগত কৰাবই লাগিব। নহ'লে আমাৰ সমস্যা বিলাক ধুৱা চাঙতে পৰি ৰ'ব সদায়ৰ দৰে। যি কেতিয়াও সমাধান নহ'ব। এইবাৰ যদি চৰকাৰে আমাৰ দাবী পূৰণ নকৰে তেন্তে আমি নিজস্ব ৰাজনৈতিক দল গঠন কৰিব লাগিব। নিৰ্বাচন খেলি বিজয়ী হৈ চৰকাৰ গঠন কৰাৰ প্ৰচেষ্ঠা কৰিব লাগিব।অন্যথা আমাৰ বিকল্প চৰকাৰক আৰু কিমান চিঞৰি থাকিম।

   "বাকীসকলে কিবা ক'বলগীয়া থাকিলে ক'ব পাৰে ।যিহেতু আমি সকলো কম বেছি পৰিমাণে আজি একে সমস্যাৰ ভুক্তভোগী।সকলোৱে আগবাঢ়ি ওলাই আহিব লাগিবই। একতাৰে সকলো কাম সম্ভৱ হৈ উঠে" গজৰাজে ক'লে।

    বাঘ এ বহাৰ পৰা উঠি ক'লে ,' আমাৰ ওপৰত চৰকাৰ নিৰ্দয় হৈ পৰিছে। গৃহহাৰা  হৈ ,সেয়া বানপানীৰ কাৰণতে হওঁক বা অৰণ্য ধ্বংসৰ  পৰিণতিতে হওঁক আমি মানুহৰ আবাসীলৈ যাওঁ,তেতিয়া মানুহে আমাক লাঠি জুং লৈ মাৰিবলৈ,গুলিয়াই মাৰিবলৈ চেষ্টা কৰে ।কেতিয়াবা কেতিয়াবা এনে পৰিস্থিতিত আমাৰ বহু সদস্যই প্ৰাণো হেৰুৱায়।এনে সময়বোৰত নিজৰ সুৰক্ষাৰ বাবে যেতিয়া আমি প্ৰতিৰোধ  কৰিবলৈ আগবাঢ়ো,তেতিয়া আমিহে দায়ী হৈ পৰো । কিন্তু মই প্ৰতিবাদ কৰো যে দায়ী আমি নহয় ,দায়ী চৰকাৰহে,বনবিভাগহে ...যিয়ে আমাৰ প্ৰয়োজনীয় সুৰক্ষা তথা সুবিধা প্ৰদানত বিফল হৈছে। তেওঁলোকে আমাৰ আমাৰ লাগতীয়ালবোৰ দিলে জীৱন নিৰ্বাহৰ প্ৰয়োজন পৰিবেশ প্ৰদান কৰিলে আমি কেতিয়াও মানুহৰ আৱাসলৈ নাযাওঁ। আমাৰ কোনো  চখ নাই তাত যোৱাৰ ..অসুবিধাবোৰৰ বাবেহে আমি....

               মই বোলে দেশৰ ৰাষ্ট্ৰীয় জন্তু। কিন্তু আজি মোৰ এনে অৱস্থা বুজ ল'বলৈ নাই কোনো। দেশৰ ৰাষ্ট্ৰীয় জন্তু বুলি স্বীকৃতি দিয়াতহে কৰ্তব্য শেষ নেকি তেওঁলোকৰ??কিমান কষ্টত আছো আমিবোৰ,মাথো আমিহে বুজিব পাৰো।

           গড়-- "মইনো কি ক'ম;মোৰ সমস্যাৰ অন্ত নাই। বানে আমাক জুৰুলা কৰি পেলাইছে। অকালতে প্ৰাণ হেৰুৱাটো আমাৰ পৰম্পৰাৰ দৰে হৈ পৰিছে। সেইদিনা বানৰ কবলৰ পৰা ৰক্ষা পাবলৈ মই ৰাজপথলৈ ওলাই আহোতে মানুহ কিছুমানে যিহে অপব্যবহাৰ কৰিছিল মোক,তাৰ বিষয়ে কিনো ক'ম আৰু। মই সেইদিনা অ'ত ত'ত পলাই নিজকে বচাবলে বিচাৰিলো ।অৱশেষত সৰু হাবি এটাত সোমাইহে ৰক্ষা। মোৰ সমস্যাৰ তালিকাখন বৰ দীঘল। বানৰ কবলতটো আছেই আন টাইমটো চোৰাং চিকাৰীয়ে আমাৰ জিনা হাৰাম কৰি দিয়ে। আমাৰ খৰ্গটোৰ কাৰণেই আমাৰ জীৱনটোৱে কাঢ়ি নিয়ে নিষ্ঠুৰ টকালুভিয়ে। সিহঁতৰ বাবে টকাই সকলো লাগিলে কাৰোবাৰ জীৱনটো হেৰাই নাযাওঁক কিয় ,মতলৱ নাই। এই কলংকবোৰৰ বাবেই সমগ্ৰ মানৱ জাতি বদনামত পৰিছে। হে ভগৱান, আমাৰ দুখবোৰ যদি সেই নিষ্ঠুৰচামে অলপ হ'লেও উপলব্ধি কৰিব পৰিলেহেতেঁন,আজি আমি.....। আমাৰ বহু আত্মীয়ই প্ৰায় প্ৰতিদিনে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। টি.ভি.ৰ পৰ্দাত আমাৰ আত্মীয়ৰ মৃতদেহৰ ছবি দেখাইয়ে থাকে। কাজিৰঙাত আটাইতকৈ বেছি আমাৰ আত্মীয়সকলৰহে মৃত্যু হৈছে।আমাক অসমৰ  'জাতীয় জন্তু'হিচাপে সন্মান দিয়া হৈছে।অসমৰ ডাঙৰ ডাঙৰ কাৰ্যালয় তথা বিভিন্ন পতাকা, বেনাৰ, ডিপো আদিত মোৰ পষ্টাৰ লগাই মোক সংৰক্ষিত কৰিব বিচাৰিছে জড়ভাৱে...কিন্তু জীৱহিচাপে মই সম্পূৰ্ণ অসুৰক্ষিত।আমাৰো আহ্বান চৰকাৰলৈ ,"আপোনালোকে আমাৰ সুৰক্ষা তথা নিৰাপত্তাৰ  ফালে চকু মেলি চাওঁক। মুখেৰে আমাৰ গুণ গান গাব নালাগে। আমাৰ দুখবোৰ বুজক,আমাক সহায় কৰক।
              
         হৰিণাই ক'লে,- কাজিৰঙাত আমাৰ সংখ্যা নিচেই তাকৰ। তাতে বানপানী তথা নানা সমস্যা।কিতাপে কিতাপে লিখা আছে 'হৰিণাৰ মাংসই বৈৰী'  বচ হয় গ'ল দায়িত্ব বনবিভাগৰ ,চৰকাৰৰ...মোৰ মাংসক বৈৰী কৈ চিকাৰীৰ হাতত আমাক চমজাই দিলে।(
(কথাবোৰ কৈ থাকোতে হৰিণাৰ চকুৰে অশ্ৰু নিগৰিবলৈ ধৰিলে)

      "সৌ সিদিনা অভিনেতা আমিথ খান তথা বাহিৰৰ নামি দামী ব্যক্তিসকল আমাৰ ঘৰলৈ আহোতে আমাৰ ঘৰখন কিমান যে জাকত জিলিকা কৰি সজাই তোলা হৈছিল। যদি সদায় এনেদৰে জাকত জিলিকা হৈ থাকে আমাৰ ঘৰখন,জীয়াই থকাৰ পৰিবেশ থাকে। কিমান ভাল লাগিব। আনক বা আলহীক দেখোৱাবলৈ নালাগে,আমাৰ জীৱন ধাৰণৰ সুবিধাৰ বাবে অন্ততঃ সুন্দৰ আৰু উপযোগী পৰিবেশ এটা আমাক  দিয়ক।বহুত ৰহম হ'ব আমাৰ ... । আৰু যদিহে আমি নাথাকো,কাজিৰঙা এটা জংগলৰ বাহিৰে আন একো নহ'ব",সিংহই ক'লে।

          এনেদৰে এটাৰ পিছত এটাকৈ কাজিৰঙাৰ প্ৰায় সকলো সদস্যই নিজৰ সমস্যাৰ বিষয়ে সভাত ব্যক্ত কৰি গ'ল,কম বেছি পৰিমাণে। সভাখনৰ শেষত সভাপতি গজৰাজে ক'লে যে,"আমাৰ সকলোৰে সমস্যাবিলাক প্ৰায় একে।অ'তবছৰৰ পৰা আমি সমস্যাবিলাকত জৰ্জৰিত হৈয়ে আছো। শান্তি নাই আমাৰ,সুৰক্ষা,নিৰাপত্তা নাই আমাৰ ....।মই নিজেও অনেক দুখী। যদি কেনেবাকে আমাৰ পৰিয়ালৰ কোনো সদস্য কৰবাত খলা বমাত দুৰ্ভাগ্যবশতঃ পৰি যায় তেন্তে তাক উঠাবলৈকে বনবিভাগৰ বহু ঘন্টা লাগি যায়। এনে পৰিস্থিতিত আমাৰ মাজৰ বহুতৰ জীৱনো হেৰাই যায়। চোৰাং চিকাৰীয়ে আমাক আত্মীয় স্বজনক  হত্যা কৰি দেহৰ অংগ কাটি লৈ যায়। হায় হায় কি যে কষ্টকৰ জীৱন আমাৰ। কৈ থাকিলে শেষ নহ'ব। এইবাৰ আৰু আমি হাত সাবতি বহি থাকিব নোৱাৰো। ৰাজ্য চৰকাৰৰ পৰা  কোনো আশা দেখা নাপালে কেন্দ্ৰীয় চৰকাৰক শেষবাৰৰ বাবে আমাৰ সমস্যাবোৰৰ  প্ৰতিবেদন এখন দিবলৈ দিল্লীলৈ যাম। যদি কেন্দ্ৰীয় চৰকাৰে আমাৰ সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি সমাধানৰ সেউজ সংকেত দিয়ে তেন্তে ঠিকেই আছে।অন্যথা মই প্ৰথমে কোৱাৰ দৰে এটা ৰাজনৈতিক দল গঠন কৰিম। দলটোৰ নাম হ'ব-" জন্তু মুক্তি যুজাঁৰু দল(JMJD)" । প্ৰতিবাদ ,জন্তুতান্ত্ৰিক আন্দোলন কৰি থাকি কোনো লাভেই নাই আজিৰ সময়ত। গতিকে ৰাজনৈতিক দলটত শক্তিশালীৰূপে গঠন কৰি দুহেজাৰ একৈশ(2021) চনত  নিৰ্বাচন  খেলিম। জিকিব পাৰিলে চৰকাৰ গঠন কৰিম । আশা কৰা মতে ফলবোৰ পাই থাকিলে আমি আৰু কোনোদিনেই চৰকাৰৰ ভৰিত পৰিব নালাগিব । নিজেই সমাধান কৰিব পৰা হম। টকা আহিব ন,তেতিয়া আমি দুৰ্নীতি নকৰি গোটেইবোৰ আমাৰ হিতৰ বাবে খৰচ কৰি যাম। আমাৰ সৰ্বাঙ্গীন উন্নয়ন হ'ব।

        মোৰ কথাত সকলোৱে সহমত নে? গজৰাজে জুৰকৈ ক'লে।

সকলো কাজিৰঙাৰ আবাসীয়ে চিঞৰি চিঞৰি হয়ভৰ দিলে। 
'জয়তু কাজিৰঙা' 'জয়তু জন্তু মুক্তি যুজাঁৰু দল' 'জয় আই অসম'। 
 লগতে সকলোৱে জনালে যে দিল্লীলৈ যোৱাৰ পূৰ্বেই ৰাজনৈতিক দলটো গঠন কৰিব লাগে। সকলোৰে তীব্ৰ দাবীত সভাপতি গজৰাজেও সমৰ্থন দিলে। ৰাজনৈতিক দল গঠনৰ চূড়ান্ত সিদ্ধান্ত গঠন কৰা হ'ল।

     এনেদৰেই অসম তথা বিশ্বৰ ৰাজনৈতিক জগতত নতুন যুগৰ সূচনা হ'ল। কাজিৰঙাৰ জন্তু বিলাকে ৰাজনৈতিক দল গঠনৰ খচৰা প্ৰস্তুত কৰাৰ লগে লগে পোনপ্ৰথমবাৰৰ বাবে অনা-মানুহ ৰাজনৈতিক দল সৃষ্টি হ'ল। যি কেৱল জন্তুৰ দ্বাৰা গঠিত। 

   পিছদিনাৰ পৰা সমগ্ৰ বিশ্বৰ নিউজ চেনেল তথা বাতৰি কাকতত 'জন্তু মুক্তি যুজাঁৰু দল'ৰ খবৰে খলকনি সৃষ্টি কৰিবলৈ ধৰিলে। সকলোৰে মুখে মুখে JMJD ,JMJD....

(বি.দূ.-- সকলোলৈ অনুৰোধ জীৱ জন্তুৰ ঘৰবিলাক (অৰণ্য)  ধ্বংস নকৰিব। বনাঞ্চলক জনাঞ্চললৈ ৰূপান্তৰ নকৰিব।)

Sunday, December 24, 2017

"জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱা"
       
                          👉ৰাজ্জাক আলী
                   
                     
       (এক)

জীৱনৰ বাট,
           মাতৃৰ গৰ্ভৰ পৰা
      ধৰালৈ প্ৰকাশিত হোৱা ক্ষণৰ পৰাই মুকলি

মা, জীৱন বাটৰ উদ্ধোধক
মা,জীৱন বাটৰ
       প্ৰদূষণমুক্ত বাটৰুৱাৰ
     প্ৰথম পথপ্ৰদৰ্শক

     (দুই)

আজি জীৱনৰ বাট
সচৰাচৰ বাটপথৰ দৰেই
য'তে ত'তে ধূলি বালি,খলা বমা আবৰ্জনা
যাৰ লক্ষ্য জীৱনবোৰক লেতেৰা কৰা

জীৱন বাটত যিয়ে
   সেইবোৰৰ পৰা সংৰক্ষিত হ'বলৈ সক্ষম
তেওঁ প্ৰদূষণমুক্ত বাটৰুৱাৰ শাৰীত.....


জীৱনৰ বাটচোৱাত
অচিন ঘূৰ্ণী বতাহজাকেও
অহৰহ চেষ্টা কৰে
মাজ বাটতে জীৱনবোৰক
নিজ ফলীয়া কৰা,
যি  বাছি আহিছে
জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱা তেওঁ


জীৱনৰ বাটৰ পুৱা -দুপৰীয়াৰ মধ্যভাগত
দূষিতবোৰ লানি নিচিঙা হয়
চৌদিশে ...
উশাহ লোৱাটো সাৱধানতা লাগে
যি সচেতন
তেওঁৱেই জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱা


নিকা সংকল্পৰ এনাজৰীৰে
খোজ দিয়া
যাত্ৰাপথত
এনাজৰীক টুকুৰা টুকুৰ কৰাৰ পৰিকল্পনা
পয়োভৰ প্ৰদৰ্শন
সহজতে সফল জীৱন উপহাৰ দিয়াৰ
যি পয়োভৰত প্ৰলুব্ধ হৈ
বহু জীৱনৰ এনাজৰীডাল
টুকুৰা-টুকুৰ হৈ পৰে
মূল সূতিঁৰ পৰা,
আৰম্ভ হয় অসৎ ,নেতিবাচক ধাৰা


জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱাই
এনেবোৰৰ পৰা বহু নিলগত
বিচৰা সফলতা সম্পূৰ্ণকৈ পাওঁক বা নাপাওঁক
জীৱন পৰিচালনা কৰে ইতিবাচকেৰে প্ৰতিপলে..

সৃষ্টি -"প্ৰকৃত মানুহ ...সফল জীৱন..."