"অধিনায়ক"
খেলখনৰ ওপৰত
অধিনায়ক ৰ সু দৃষ্টি ৰ প্ৰয়োজন বিজয়ৰ লক্ষ্য- সততাৰে যুঁজি
অধিনায়ক তেওঁ - টিমৰ(দলৰ)
অধিনায়ক তেওঁ- ৰাইজৰ-প্ৰজাৰ
অধিনায়ক তেওঁ- দেশৰ- ৰাজ্যৰ
সেই কথা প্ৰতিক্ষণে মন-হৃদয় চুই থকাটো
তেওঁৰ পৰম ধৰ্ম
অধিনায়কৰ দায়িত্ব লোৱাৰে পৰা
খেলখন তেওঁ আৰু তেওঁৰ টিমে মাথো নেখেলে,
খেলে হাজাৰ হাজাৰ মনে
সেই মনবোৰৰ লাখৰ ঘৰত দোৱা-প্ৰাৰ্থনা
আশা - আনন্দ পোৱাৰ
ভৰশা- শান্তিৰ পৰশ পোৱাৰ,
সুখ পোৱাৰ
অধিনায়কৰ লগত তেওঁৰ টিম
বিজয়ী হ'লে
এওঁলোকৰ (ৰাইজৰ-প্ৰজাৰ) বৰ বিশেষ লাভ নহয়
এওঁলোকে অজস্ৰ তেনে একো ও নিবিচাৰে
বিচাৰে মাথো
মনে নিশ্চিতকৈ হাঁহি থাকিব পৰা সুখ
(টকা-সম্পত্তি নালাগে এওঁলোকক)
বিচাৰে মাথো
একতাৰে আনন্দ প্ৰবাহিত কৰি
শান্তিপূৰ্ণ জীৱন উপহাৰ পোৱাটোহে.....
No comments:
Post a Comment