বহু দুখৰ বিষয় ,
এচাম আজিও সজাগ নহ'ল।
তেওঁলোকৰ বাবেও
জীৱন ভয়াবহতাৰ গৰাহত ৰাখি সেৱা কৰা সকলৰ ত্যাগবোৰ, কষ্টবোৰ নষ্ট হোৱাৰ পথত ...
পৰিয়াল এৰি, নিজা স্বাভাবিক জীৱন এৰি মানৱ সেৱা কৰা সকলৰ কথা অনুগ্রহ কৰি এবাৰ ভাবি চাওঁক,
চিকিৎসক,আৰক্ষীৰূপী
পিতৃ-মাতৃয়ে সন্তানৰ কাষৰত থাকিব পৰা নাই,
কাৰ বাবে ...
বৃদ্ধ পিতৃ-মাতৃৰ কাষৰত নাই পুতেক-জীয়েক
তেওঁলোক হয়তো আৰক্ষী অথবা চিকিৎসক,
কাৰ বাবে ...
এবাৰ ভাবিবলৈ যত্ন কৰক
ভয়াবহতা বুজিবলৈ নিবিচৰাসকল
এবাৰ ভাবিবলৈ যত্ন কৰক
জীবশ্রেষ্ঠ মানুহ,
এই সজাগ হ'ব নিবিচৰা চাম
আপোনাসৱক কৈছোঁ,
'আপোনালোকো মানুহ,
কিয় বুজিবলৈ নিবিচাৰে
মগজু'চোন আপোনাসৱৰো আছে,
তেন্তে কিয়, কিয় এনে কৰিছে
প্ৰশাসনে কৈছে দূৰত্ব বজাই ৰাখক
ভিৰ হোৱা ঠাইবোৰ বন্ধ ইতিমধ্যে, নিষেধাজ্ঞা,
কিন্তু
মগজু থকা এচামে ঘৰত মানুহ গোট খোৱাই আড্ডা, উপাসনা গাতে গাত লগাই,
বাটে-পথে জুম,
নানা খেলত মগ্ন,
আৰক্ষী-প্ৰশাসন আহিলেহে পলায়ন,
কিয় বুজি উঠা নাই
এয়া চুৰ পুলিচৰ খেলা নহয়
"জীৱনক বচাই ৰাখিবলৈ জীৱনৰ গৰাকীক কাতৰ অনুৰোধ"
চকুপানী ওলাই গৈছে,
শুৱলৈ পৰা নাই অ ...
মৃতদেহৰ শাৰীবোৰ দেখি ভয় খাইছোঁ,
আত্মীয়ই আপোনজনৰ মৃত্যুদেহ চাব নোৱাৰা হৃদয়বিদাৰক দৃশ্যবোৰেও আমনি কৰিছে বাৰুকৈ..
মূল্যৱান জীৱনবোৰ হেৰাই গৈছে
পৃথিৱী উন্নতিৰ বহু বছৰ পিছলৈ গুছি যাব
অনুধাবন কৰিলেই কঁপি উঠিছে বুকু ..
হায়, ইমান ভয়াবহতাৰ পিছতো
কাণসাৰ নাই,
গাৰ নোঁম এডালো কম্পিত হোৱা নাই এচামৰ,
কিমান চকু মেলি অন্ধ হৈ থাকিব,
মগজু থাকিও ব্যবহাৰ নকৰি পেলাই থ'ব,
কেতিয়ালৈকে .........
কেতিয়া বাৰু বুজি উঠিব??
ভয়াবহতা উপলব্ধি কৰিবলৈ কিমান সময় লাগিব??
সকলো হেৰুৱাৰ অপেক্ষা নেকি ...
হাত যোৰ কৰি কাতৰ অনুৰোধ
এনেকৈ আৰু নকৰিব
বুজি উঠক বুজি
"সেয়াই হ'ব "আজিৰ সময়ত আটাইতকৈ ডাঙৰ মানৱসেৱা ...... "
No comments:
Post a Comment