ৰিজাল্ট, ভাল ৰিজাল্ট আৰু আত্মহত্যা
--------------------------------------------------------------------------- --------------------
✍ৰাজ্জাক আলী
জীৱন বাটৰ বিভিন্ন সময়ত আমি বিভিন্ন পৰীক্ষাত অৱৰ্ত্তীণ হ'বলগীয়া হয়।যাৰ ফলাফল বা ৰিজাল্ট কেতিয়াবা ভাল আৰু কেতিয়াবা বেয়া হয়, কেতিয়াবা ভাল হ'লেও ভবামতে বা আশা কৰা মতে ভাল নহয়। এইয়া স্বাভাৱিক।
বৰ্তমান সময়ত আনুষ্ঠানিক শিক্ষাৰ পৰীক্ষা সমূহৰ ৰিজাল্ট দিবলৈ আৰম্ভ হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ওলাল। শিক্ষাৰ্থী সকলৰ কোনোবাই অসমৰ ভিতৰত শীৰ্ষ ২০ তালিকাত স্থান পালে, কোনোবাই ডিচিংশ্বন, ষ্টাৰ মাৰ্ক পালে, কোনো কোনোৱে প্ৰথম বিভাগত, দ্বিতীয় বিভাগত, তৃতীয় বিভাগত উত্তীর্ণ হ'ল। আনহাতে কোনো কোনো শিক্ষাৰ্থী য়ে ৰিজাল্ট বেয়া কৰিলে ।
মেট্ৰিক পৰীক্ষা অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা এগৰাকী শিক্ষাৰ্থীৰ জীৱনৰ আটাইতকৈ চাপযুক্ত পৰীক্ষা।
চাপযুক্ত এইবাবেই কৈছোঁ, কাৰণ শতকৰা ৯৫ শতাংশ শিক্ষাৰ্থীৰ মন-মগজুত এই পৰীক্ষাৰ সম্পর্কত এনে ভাৱে অন্তর্ভুক্ত কৰি দিয়া হয় যে যদি এই পৰীক্ষাত ভাল ফল দেখুৱাব নোৱাৰে তেন্তে জীবন সম্পূর্ণ ভাৱে পৰাস্ত হৈ পৰিব, জীবনত আগবঢ়াৰ সকলো পথ- উপপথ বন্ধ হৈ পৰিব, অচল হৈ পৰিব জীৱন।
পৰীক্ষাৰ ভাল ৰিজাল্ট??
কাক কয়, ভাল ৰিজাল্ট?
সেয়াও বিভ্রান্তিকৰ ...
এই বাবেই বিভ্রান্তিকৰ কৈছোঁ কাৰণ এটা ৰিজাল্ট এচামে ভাল বুলি ক'লেও আন এচামৰ মতে সেয়া ভাল ৰিজাল্ট নহয়। সন্তুষ্ট নহয় তেনে ৰিজাল্টক লৈ।
আৰু তাৰ লগে লগে শিক্ষাৰ্থীৰ ওপৰত বিভিন্ন ধৰণেৰে চাপ দিয়া পৰিলক্ষিত হয়।
তৃতীয় বিভাগত উত্তীর্ণ হোৱা গৰাকীক দ্বিতীয় বিভাগত কিয় উত্তীর্ণ নহ'ল তাৰ চাপ ...
দ্বিতীয় বিভাগত উত্তীর্ণ হোৱা গৰাকী প্ৰথম বিভাগত কিয় উত্তীর্ণ নহ'ল তাৰ চাপ ...
প্রথম বিভাগত উত্তীর্ণ হোৱা গৰাকী কিয় ডিচিংশ্বন, ষ্টাৰ, নাপালে তাৰ চাপ ...
লেটাৰ মাৰ্ক নোপোৱাৰ চাপ ..
আনকি স্থান লাভ কৰা কেইগৰাকী কিয় আৰু কেইটামান নম্বৰ যোগ কৰিব নোৱাৰিলে তাৰো চাপ ...
এই "চাপ"টোৱে ভাল ৰিজাল্ট কাক কয় বিভ্রান্তিকত পেলায় ...
আৰু যদি কেনেবাকৈ ৰিজাল্ট বেয়া হৈ গ'ল তেনে সেই শিক্ষাৰ্থী ৰ কি অৱস্থা হয় ভাবিব নোৱাৰি। জীৱনত যেন সকলো শেষ এচামৰ ব্যবহাৰ তেনে শিক্ষাৰ্থী ৰ প্ৰতি ....
আত্মহত্যা;
পৰীক্ষাৰ ফলাফলৰ লগত নো আত্মহত্যা কিদৰে জড়িত....
যিমান দিনৰ পৰা মগজুৱে বুজি পোৱা হৈছে সেইদিনৰ পৰাই প্ৰতিবছৰে মেট্ৰিকৰ ৰিজাল্টৰ দিনা অসমত কৰবাত নহয় কৰবাত শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে। কেৱল ময়েই নহয়, এই লেখাটি পঢ়ি থকা প্ৰায় সকলোৱে তেনে আত্মহত্যাৰ তেনে ঘটনা দেখিছে বা শুনিছে, সেয়া নিশ্চিত।
কিয় কৰে প্ৰতিবছৰে মেট্ৰিকৰ ৰিজাল্ট ৰ দিনা শিক্ষাৰ্থীয়ে আত্মহত্যা?
দায়ী কোন?
লেখাটিৰ মাজতে প্ৰকাশ পাইছে আচলতে দায়ী কোন?
আচলতে মেট্ৰিকৰ ফলাফলক লৈ আমাৰ সমাজ ব্যবস্থাত এচাম অভিভাবক আৰু এচামে মানুহে শিক্ষাৰ্থী সকলৰ ওপৰত পেলোৱা অতিমাত্রা মানসিক চাপৰ বাবে সিহঁতে(শিক্ষাৰ্থী) সহিব বা সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লয়।
মানে বাধ্য কৰা হয় আত্মহত্যাৰ বাবে .. অপ্ৰিয় হ'লেও সত্য সেয়া।
কেইটামান বেছিকৈ নম্বৰ নাপালে বুলি বা অনুৰ্ত্তীণ হ'ল বুলিয়ে জীৱনত সকলো শেষ,
মান-সন্মান নষ্ট কৰা বুলি অভিযোগ, সামাজিক মাধ্যমৰ যোগেদি ৰাজহুৱা ঠাট্টা কৰা ইত্যাদিৰ বাবেই প্ৰতিবছৰে বহু "মানৱ সম্পদ"
মেট্ৰিকৰ ফলাফলৰ দিনা হেৰুৱাই আছোঁ আমি।
চলিত বৰ্ষৰ উক্ত দিনটোতো ব্যতিক্রম নহ'ল সেয়া।
এনে হোৱা অনুচিত।
পঢ়াটো,শিক্ষা গ্ৰহণ কৰাটো বা পৰীক্ষা ছাত্র-ছাত্ৰীৰ বাবে বোজা স্বৰূপ কৰি পেলোৱাটো ভাল পদক্ষেপ হ'ব নোৱাৰে।
কেইটামান নম্বৰৰ বাবেই এটি এটি সুন্দৰ জীৱন, বহু সম্ভাবনাৰ সুযোগ থকা জীৱনবোৰ এনেদৰে আধাবাটতে হেৰাই যাবলৈ নিদিব।
এটি পৰীক্ষাত বিচৰা মতে নম্বৰ নোপোৱা বহু শিক্ষাৰ্থীও পৰৱৰ্তী সময়ত একো একোগৰাকী বিখ্যাত, লেখত ল'বলগীয়া, সমাজৰ বিভিন্ন দিশত আগৰণুৱা মানৱ সম্পদ ৰূপে প্ৰতিষ্ঠা লাভ কৰা উদাহৰণৰ অভাৱ নাই।
গতিকে কোমল জীৱনবোৰ যাতে হতাশাত ভুগি এনেদৰে আত্মহত্যা নকৰে যাতে
সেইবাবে সমাজৰ সকলো লোকে আগভাগ ল'ব লাগিব।
শেষত এটাই কাতৰ অনুৰোধ, সমাজ ব্যবস্থাৰ এই ভয়াবহ আসোৱাহটো সমাপ্তি হওঁক সম্পূর্ণকৈ ।
বৰ ধুনীয়া লিখনি শিক্ষকতাৰ ওপৰত ৷ ভাল লাগিল ৷
ReplyDeleteআন্তৰিকতাৰে ধন্যবাদ জনালোঁ।
ReplyDeleteHundor
ReplyDelete