"সময়বোৰ কিয় বাৰু এনেকৈ"
✍ৰাজ্জাক আলী(টোকোৰা চৰাইৰ মনৰ বেদনাবোৰ)
সূদূৰ ধাননি পথাৰলৈ যাত্ৰা বহুবাৰ,
ঠোঁটতো যোৰা মানে খেৰৰ যোগাৰ
ডেউকাত বিষৰ ৰাজত্ব
তথাপিও ঘৰটি সঁজাৰ বাবেই কষ্টখিনি...
ঘন হাবিৰ মাজলৈও কেতিয়াবা কেতিয়াবা,
য'ত হিংসুক প্ৰাণীৰ চিকাৰ হোৱাৰ পৰা
কথমপি হে বাচি আহিছোঁ বহুবাৰ
অন্নৰ সন্ধান, ঘৰ সঁজা যতনৰ সন্ধান
যুঁজ -জীৱনৰ বাবে
যুঁজ -আশ্ৰয়ৰ বাবে
যুঁজ -পিছৰ প্ৰজন্মৰ বাবে
বহু যুঁজৰ বিৰতিত
এদিনাখন হেঁপাহৰ ঘৰটি সম্পূৰ্ণ
আশ্ৰয় লাভ,
অন্নও কম কম কৈ যোগাৰ .....
এইখিনিতে আৰম্ভ হয়
নতুন সংগ্ৰাম,
আশ্ৰয়স্থলী উচ্ছেদ কৰাৰ পৰিকল্পনা
বহুদিশৰ পৰা,
হয়তো কেতিয়াবা বলৱান হিংস্ৰ পখীৰ আক্ৰমণ,
কেতিয়াবা মানুহ সদৃশ প্ৰাণীৰ,
কেতিয়াবা ধুমুহাই ,
আৰু কেতিয়াবা জীৱশ্ৰেষ্ঠ ৰ সন্ত্ৰাস চলে
মোৰ প্ৰজাত....
সময়বোৰ কিয় এনেকৈ
এই ঠাইখিনি মোৰ বুলি
কিমান বাৰ ক'ম,
মোৰো সুখৰ জীৱন এটি লাগে,
কণ্ঠ মোৰ উচ্চস্বৰীয় নহয়
প্ৰভাৱশালী কোনো জীৱৰ শাৰীটো নপৰো
যুঁজি গৈছিলোঁ মাথোঁ
যুঁজি যুঁজি অৱশেষত আশ্ৰয়স্থল হেৰুৱালো
নোৱাৰিলোঁ বচাই ৰাখিবলৈ ...
ন - সন্তান দুটিও ক'ত হেৰাল বিচাৰি নাপালোঁ
দুখৰ প্ৰবাহে
জীয়াই থকাৰ হেঁপাহকণ হেৰাল,
কণমানকৈ থকা ক্ষমতাও হেৰুৱালোঁ
যুঁজ দিবলৈ অসমৰ্থ ..
আৰু সৰ্বশেষত এদিন ক্ষমতাশালীৰ কাষৰত নতি স্বীকাৰ ...
সময়বোৰ কিয় বাৰু এনেকৈ ...
মই সঁজা ঘৰখন
আজি কোনোবা মানুহৰ
ঘৰৰ কোঠালিৰ সৌন্দৰ্য্যবৰ্দ্ধক....
No comments:
Post a Comment