"জীবশ্রেষ্ঠ শব্দটিয়ে কেতিয়াবা কেতিয়াবা বিভ্ৰান্ত কৰে "
_________________________________________
✍ৰাজ্জাক আলী
(১)
এদিনাখন দুটা শকতকৈ সাপ কাষত ...
সাপ দেখিলেই ভয় লাগে,
লাগিবই দিয়কচোন
সৰ্পদংশনত মৃত্যু হোৱা বাতৰিবোৰে শংকা আনে মনৰ মাজত ...
সেই দিনাখন একপ্ৰকাৰৰ বন্দী হৈ পৰিলোঁ
বন্দীশালৰ মালিক- "দুটি সাপ"
জীৱন হেৰুৱাৰ ভয়ত কঁপিবলৈ ধৰিলোঁ
শেষ আশা
দুহাত মেলি কঁপা কঁপা কণ্ঠৰে (সাপ দুটিৰ উদ্দেশ্যে),
" অজানিতে ভুল হ'ল যদি ক্ষমা কৰিব,
যাবলৈ দিয়ক, কাতৰ অনুৰোধ"
মাথো এইখিনি শব্দ শুনি দুয়ো নিজৰ সম্পূর্ণ দেহ মাটিত পেলাই
লাহে লাহেকৈ আতঁৰি গ'ল।
আচৰিত লাগিল,
লগতে জীৱন ৰক্ষা পোৱাৰ উশাহটি প্ৰকাশ
(২)
ওপৰছোৱা মুকলি জিপছি এখনত
কাৰ্বিআংলংৰ পাহাৰীয়া পথত ....
বন্ধুৰ সৈতে আনন্দ ভৰা যাত্ৰাটিৰ মাজতে আহিল
'ভয়াবহ ঘটনা এটি'
চাৰিটাকৈ বাঘ এ আমাৰ বাহন
আগুৰি ধৰিলে,
এটা জপিয়াই বাহনত ...
সেইদিনা মৰিলোঁ বুলিয়ে ভাবি লৈছিলোঁ
আমি তিনিও,
বিশ্বাস কৰা নেদেখাজনৰ কাষত প্ৰাৰ্থনা কৰাৰ লগতে
তিনিওৱে হাতযোৰ কৰি চকুপানী নিগৰাই
(বাঘকেইটাৰ উদ্দেশ্যে)
"আমি যদি একো অনিষ্ট কৰা নাই,
আমাক যাবলৈ দিয়া, যাবলৈ দিয়া"
সেইসময়ত কথা কোৱাৰ সাহস কৰ পৰা আহিছিল
গম নাপালোঁ
অবিশ্বাস্য,
আমাৰ বিননি শুনি
চাৰিও হাবিলৈ গমন ....
(৩)
জীবশ্রেষ্ঠ মানুহ
সাপ বা বাঘ নহয়,
মানুহৰ ক্ষীপ্ৰ আৰু শ্ৰেষ্ঠ মগজুৰ বাবে
বাবে চাগে জীৱশ্ৰেষ্ঠৰ স্বীকৃতি ...
কিন্তু
এই মানুহৰে এচামৰ কৰ্মকাণ্ডই
বাৰুকৈ আঘাত দিয়ে বাৰে বাৰে,
হৃদয়ত জুই জ্বলাদি জ্বলি উঠে ...
জীৱশ্ৰেষ্ঠৰ শাৰীত নপৰা
সাপ, বাঘ হিংস্র জন্তুৱে যদি সময়ে সময়ে
বিননি শুনি পায়, বুজি পায়
(উদাহৰণ হাজাৰ হাজাৰ)
জীৱন ভিক্ষা খুজিলে
দিয়াৰ মহানুভবতা ৰাখে
তেন্তে কিয় ............... কিয়???????????
মানুহ হৈ মানুহৰ বেদনা নুবুজে,
কিদৰে মানুহে মানুহক মাৰিব পাৰে,
জীৱন ভিক্ষা খুজিলেও কিয় মহানুভবতা নাইকীয়া হৈ যায় ,
মানুহে মানুহক মৰিয়াই মৰিয়াই মাৰিব পাৰে নে???
কিয় বাৰে বাৰে জীৱনবোৰ কাঢ়ি নিয়ে??
জীৱন দিব পাৰিব নে ????
জীৱন এটি কিমান মূল্যবান ,তাৰ মূল্য দিয়াৰ সক্ষমতা আছেনে???
এটি জীৱনৰ লগত বহু জীৱনৰ হত্যাও হয়
মনৰ হত্যা, ভাৱনাৰ হত্যা,
সেয়া বুজি পাবনে????
ধেত , সেইচাম জীৱশ্ৰেষ্ঠই নে ???????
দুটিকৈ হাত, দুখনকৈ ভৰি,
সুগঠিত শাৰীৰিক অৱয়ব
লগতে পঞ্চ ইন্দ্ৰিয়
শ্ৰেষ্ঠতাৰ শাৰীৰ শীর্ষত পৰিলেও ,
মগজু এটা থাকিলেই
প্ৰকৃত মানুহ হৈ নাযায়.....
প্ৰকৃতাৰ্থত মানুহ হোৱাটো
ইমান সহজ কথা নহয় ...
যদি এচাম মানুহেই নহয় সম্পূর্ণ কৈ
তেন্তে তেনেচাম জীবশ্রেষ্ঠৰ তালিকাত জানোঁ??????
No comments:
Post a Comment