Friday, March 15, 2019

হে মৃত্যু,তোমালৈ অনুৰোধ

_______________________
                     ✒ৰাজ্জাক আলী
                             

আমাৰ বহুদৰ্শিতাৰ অভাৱ
তোমাৰ মহিমাক বুজি পোৱা..,

তুমি ক'ত
      কেনেকৈ
        কেতিয়া উপস্থিত
   জীৱনৰ মাজলৈ,
     সেয়া অজ্ঞ আমি
জ্ঞাত মাথো ইমানেই
তুমি যিকোনো ক্ষণতে কাষৰলৈ....

হে মৃত্যু,
তোমালৈ এটি অনুৰোধ
যদি সাহ নাই তথাপিতো,
অসময়ত,অকালতে কাঢ়ি নিনিবাচোন জীৱনবোৰ
এটি এটি জীৱনৰ মূল্যতা বহু বেছি অ...
এনেকৈ সহজতে কাঢ়ি নি
আমাক নিঠৰুৱা নকৰিবা,নকন্দোৱাবা...

অলপ সময় দিয়া জীৱনক
জীৱনে যাতে জীৱনক উদযাপন কৰিব পাৰে,
জীৱনে যাতে আন দহটি জীৱনৰ
উদযাপনৰ উৎস হ'ব পাৰে
সিমানকন টো সময় দিয়া

অনুগ্ৰহ,বিনম্ৰ অনুৰোধ তোমালৈ
হাজাৰৰ হাৰত কাকূতি বিননি তোমালৈ
হৃদয়ত ভৰ ল'ব নোৱাৰা
গধুৰ দুখবোৰ জাপি নিদিবা,
দুচুকৰ  পৰা প্ৰবাহিত তপত চকলোৱে দুগাল
জ্বলাই পেলাই
সেয়া হ'ব নিদিবা

সহ্য কৰিব নোৱাৰো অ
সহ্য কৰিব নোৱাৰো

অপ্ৰত্যাশিত বাৰ্তা ৰে
আমাক ক্ষত-বিপক্ষ কৰি নেপেলাবা

হে মৃত্যু,
  তোমালৈ অনুৰোধ এয়া...

Friday, March 8, 2019

  " তুমি নাৰী"
_____________
                    ✒ৰাজ্জাক আলী
(আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ শুভকামনা ৰে)


    সম্পৰ্কৰ নীল গগণ
সেউজী পৰশৰে   বান্ধোন
যাৰ উচ্চতা সু উচ্চ,
যি দায়িত্বত আগভাগ  তোমাৰ

গভীৰ যন্ত্ৰণাবোৰ
অন্তৰৰ কোনোৱা চুবুৰীত লুকুৱাই
কপাহ কোমল আত্মীয়তাৰ পচোৱাৰে
মৰম বোলা অনুভূতিৰ পৰশ বিলাই থকা দায়িত্বৰ
প্ৰথম শাৰীত তুমি

প্ৰেৰণাৰ মৌ আৰু
সাহসৰ  সুবাসক মিশ্ৰণ কৰি তুমি
জীবনবোৰলৈ   চটিয়াই থাকা প্ৰতিপলে,প্ৰতিক্ষণে
আপোনজনে সফলতাৰ সুৱাদ পোৱাৰ কামনাৰে

জোনাকী বহু সপোন
কোনোৱা এচুকত ৰাখি
আপোনজনক সুখ উপহাৰ
দিয়াত ব্যস্ত তুমি

ত্যাগৰ আন এটি নাম তুমি
কষ্টৰ শয্যাত
পৰিয়ো তুমি
শান্তিৰ সন্ধান কৰা আপোনজনলৈ বুলি
নিজৰ কষ্টক আগস্থান নিদি

ধৈৰ্য্য বিশালতাৰ গৰাকী তুমি,
ধৈৰ্য্য  শক্তিৰে আত্মীয়ৰ প্ৰয়োজনীয়বোৰ
যিকোনো প্ৰকাৰে সফল কৰি লোৱাৰ
ক্ষমতা তোমাৰ

প্ৰতিপুৱাৰ সূৰুযৰ প্ৰথমটি আভাৰ পৰা
শেষ নিশাৰ অন্তিম অন্ধকাৰলৈকে
'সেৱা'ক মন হৃদয়ত কঢ়িয়াই
জীৱন বাটত খোজ তোমাৰ

জীৱনৰ কোনোৱা কোনোৱা ক্ষণত
বন্ধুত্বৰ ৰঙীলতাৰে
জীৱনৰ ছবিবোৰ জিলিকাই তুলা
চিত্ৰকাৰ  হৈ পৰা তুমি
নিজ জীৱনতকৈ আত্মীয়ৰ জীৱনৰ
সুখ শান্তি আনন্দ
প্ৰদানত বৰ্তি থকা
তুমি মহান ত্যাগী
প্ৰতি যুগৰ
তুমি নাৰী

Sunday, February 10, 2019

     "আই'ৰ চিন্তা"

      _____________
                    ✒ৰাজ্জাক আলী

 তুমিটো আইৰ দায়িত্ব লম বুলি কৈছিলা
সু সন্তান বুলি সকলোৱে এই গুৰুদায়িত্ব তোমালৈ....

তুমি দায়িত্ব লভিলে
বতাহেও কেৱল মাথো সুবাস বিলাব  বুলি কৈছিলা
সততা আৰু প্ৰেমৰ,
এতিয়া চোন বতাহত কেৱল ধোৱা,অশান্তি,বেমেজালি,কিবা এটা হেৰুৱাব ভয়

তুমি আইক বিশুদ্ধ পানী খোৱাৰ প্ৰতিশ্ৰুতি দিছিলা
আজিচোন বিশুদ্ধ খোৱাপানীত আৰ্ছেনিক মিহলাই খুৱাব বিচাৰিছা
উদ্দেশ্যে কি তোমাৰ নাজানোঁ ,

আইক কথা দিছিলা
ঘৰলৈ অহা প্ৰতিটো কাল -আহুকাল
আঁতৰাই নিয়াৰ ...
আজিচোন সকলো পাহৰি
বিপৰীত দিশলৈ গতি তোমাৰ....

আয়ে যদি প্ৰশ্ন কৰে,
'আজিকালি চোন ইতিবাচক বতৰা কমিয়ে গৈছে,বুজিও তুমি নেতিবাচক ক প্ৰশয় দিছা বোপাই....
কোনো প্ৰত্যুত্তৰ নিদি তুমি
আইক লগে লগে বেয়া পাই যোৱা...

আজিকালি পুৱা দুচকু মেলাৰ লগে লগে
এজাক যন্ত্ৰণাই কুৰুকি কুৰুকি
সোমাই যায় আইৰ বুকুত,
প্ৰচণ্ড বিষে অসহ্যকৰ কৰি তুলে আইক..

এক দুৰ্গন্ধ য়ো আইক আমনি
কৰিব'লৈ ধৰিছে,
ঘিনো লগা হৈছে

আজিচোন অভদ্ৰতা সূচক কণ্ঠই
গতি লাভ কৰিছে,
নতুন পখী -পখিলাবোৰ
সেই গতিলৈ গুচি যাব বুলি আইৰ ভয়...

এক অচিনাকি শোকৰ ধুমুহাই
আইৰ মন -হৃদয়
ক্ষত-বিক্ষত কৰি তুলিছে

আজি আইৰ মুখনিত চিন্তাৰ অলেখ ভাঁজ
কিজানি বোপায়ে তেওঁক
বিক্ৰী কৰি দিয়ে
কোনোৱা বেপাৰীৰ হাতত .....

Thursday, February 7, 2019

আঠ ফেব্ৰুৱাৰীঃ আজি তেওঁৰ জন্মদিন"

 (শ্ৰদ্ধাৰ বাইদেউ লৈ জন্মদিনৰ শুভেচ্ছাৰে)
_________________________________________
                                         ✒ৰাজ্জাক আলী

ধৰালৈ আগমনৰ দিন
মাতৃক মাতৃত্ব ৰ সুখ প্ৰদানৰ দিন
আত্মীয়তা-আপোনত্বৰ সুবাসৰ পোখা মেলা দিন
   'জন্মদিন'

আজি তেওঁৰ জন্মদিন,
লোহিত্যৰ দৰে বহল মন,
উষ্ম উজ্জ্বলতা সম্পৰ্ক পৰিচালনাৰ দায়িত্বত,
প্ৰেৰণাৰ জ্যোতিষ্ক,
আহ্লাদিত কৰি থকা জোনাক তেওঁ
তেওঁ ...

বহু জীৱন ছবিত
আনন্দ ,সাহস,প্ৰেৰণাৰ ৰঙীলতা অঁকা
চিত্ৰকাৰৰ দায়িত্বত তেওঁ...

জীৱন যাত্ৰাৰ
জটিল শব্দৰ শৃংখলবোৰ
শব্দৰ শক্তিৰে
সমাধান কৰা
 সৃজনীশীলতাৰ গৰাকী তেওঁ ...

জীৱনে জীৱনৰ পৰা যি বিচাৰে
সেই সকলো তেওঁৰ কাষৰত
আৰু সেয়া সুন্দৰকৈ বিনিময় ......

আজি তেওঁৰ জন্মদিন
শুভকামনা অজস্ৰ ....
কুশলতা চিৰকামনাৰে......

Sunday, February 3, 2019

   (গল্প)

         "সময়ৰ সত্য "

                                                     ✒ৰাজ্জাক আলী
                                                                 মৰাণহাট
                        অনিলৰ মন ইমান ভাল নাছিল কেইদিনমানৰ পৰা...সাম্প্ৰতিক পৰিস্থিতিৰ বাবে নে কিবা ব্যক্তিগত চিন্তা সেয়া সি
 নিজেই ধৰিব পৰা নাই ।মুঠৰ ওপৰত তাৰ মন-মগজু কিবা এটা ভাল লাগি থকা নাছিল।কিবা যে অন্ধকাৰে তাক আমনি কৰি আছিল।
মনটো এনে হ'লে সি তাৰ মাহীয়েকৰৰ ঘৰলৈ যায়।কিজানি মাহীৰ ধনাত্মক আৰু যোগাত্মক কথাবোৰে তাৰ মনটো ফৰকাল কৰি তোলে।
সেয়ে মাহীয়েকক জনাইছিল "আপোনাৰ ঘৰলৈ গৈ আছো" বুলি।
 মাহীয়েকে দুদিন মান পাছত আহিব'লৈ কৈছিল। 'ঠিক আছে' কৈ অনিল নিজৰ কামত ব্যস্ত হ'বলৈ ধৰিছিল ।কাম কৰিব লাগে কৰিছিল কিন্তু অলপো মন নাই বহা কামত কিবা ভয় ভয় ভাৱে তাক আমনি কৰি আছিল।
          ইতিমধ্যে দুদিন উকলাত মাহীয়েকক আকৌ জনাইছিল সি " মাহী,কাইলে মই গৈ আছোঁ,
মাহী- কাইলৈ আলহী আহিব লগা আছে বেলেগ আহিবা দেই।
                   এনেকৈ কেইবাদিনো পাৰ হৈ গৈছিল।
অনিল মন -প্ৰাণ বেছিহে বেয়া লাগিবলৈ ধৰিলে।
কাক ক'ব। ক'বনো কি..
মাহীয়েকে বুজি পাইছিল তাৰ মনৰ কথা।
সি একো নোকোৱাকৈ মাহীয়েকে তাৰ মন ফৰকাৰ কৰিব জানিছিল । পিছে মাহীয়েকো ব্যস্ত।
          আজি ৰাতিপুৱা মাহীয়েকলৈ ফোন অচিন নম্বৰৰ পৰা-
ৰিচিভ কৰাৰ পিছত মাথো দুটা বাক্যই নিগৰিল--
"অনিল আমাক এৰি থৈ গুছি গ'ল' কান্দোন ভৰা কন্ঠৰে "সকলো শেষ" .........মাহীয়েকে কিবা কোৱাৰ পূৰ্বেই
ফোনটো কাট খাই গ'ল।।

Tuesday, December 18, 2018

         এটি দিন- সুন্দৰৰ
_________________________

                           ✒ৰাজ্জাক আলী

       এটি সু ন্দ ৰ প্ৰভাত
(দুবৰি বনত নিয়ৰৰ আকুলতাৰে )
ধুনীয়া দুপৰীয়া
(আঘোণৰ সোনোৱালীস্পৰ্শৰে )

      পুৱাই কিতাপৰ সুবাসত লীন
যি সুবাস অতিশয় প্ৰিয় আমাৰ

     শব্দৰ মায়াময় সৃষ্টি "কবিতা"
সেই কবিতাৰ সৌন্দৰ্য্যতা
 পুনৰবাৰ উপভোগ দুটি মন একেলগে

          স্বৰ্ণীল ঐশ্বৰ্য্যৰ সন্ধান
সৃষ্টিশীলতাৰ নীল বৰণেৰে ....(মামু বা'ৰ এটি লেখাৰ পৰা)

     আবৃত্তিৰে আমোল-মোল হৈ পৰা দুপৰীয়া
"য'ত সেই বোৱাৰী জনীৰ আৰ্তনাদ-
চৰম শাস্তিবোৰ ,
"হৃদয়ঙ্গম"
যিয়ে সুখ লভাৰ আশা লৈয়ে
নিজ জন্ম লভা পদূলি এৰি
ন পদূলিলৈ খোজ পেলাইছিল...."(মোৰ এটি লেখাৰ আলম লৈ)

আবৃত্তি ত ,
মালিনীৰ সেই "মুখ"নিৰো বতৰা
"হাঁহি -কান্দোন নথকা মুখ'নিৰ পৰা
-হাঁহিলেয়ে তোৰ মুখ'খনি ইমান ধুনীয়া হৈ পৰে"...লৈ, (তাপস তৰুণ শইকীয়া দা'ৰ এটি লেখাৰ আলমত " )

কথন-আলাপ-আত্মকথন
বায়েক-ভায়েকৰ
বৰ্তমান আৰু ভবিষ্যতৰ,
মাজে মাজে প্ৰিয় কৰ্ম সমাজ সেৱা

সময়বোৰ এনেদৰেই আকৰ্ষণীয়
টেবুলত ফুলা অপৰাজিতা ফুলৰ পৰশত.....

ইতিবাচক ফুল প্ৰতিটো জীৱনৰ ফুলাৰ আশা
দুটি মনৰ
সময়বোৰ তেতিয়াহে একো একোটা ধুনীয়া হৈ ৰ'ব
আৰু এটি এটি দিন সুন্দৰৰ.......


( বাইদেউ ৰ ঘৰত  :-এটি দিনৰ অনুভৱ)

Tuesday, December 4, 2018

                "অধিনায়ক"

                               ✒ ৰাজ্জাক আলী
     খেলখনৰ ওপৰত 
অধিনায়ক ৰ সু দৃষ্টি ৰ প্ৰয়োজন 
বিজয়ৰ লক্ষ্য- সততাৰে যুঁজি

অধিনায়ক তেওঁ -   টিমৰ(দলৰ)
অধিনায়ক তেওঁ-  ৰাইজৰ-প্ৰজাৰ
অধিনায়ক তেওঁ-  দেশৰ- ৰাজ্যৰ
সেই কথা প্ৰতিক্ষণে  মন-হৃদয় চুই থকাটো 
তেওঁৰ পৰম  ধৰ্ম
অধিনায়কৰ দায়িত্ব লোৱাৰে পৰা

খেলখন তেওঁ আৰু তেওঁৰ টিমে মাথো নেখেলে,
খেলে হাজাৰ হাজাৰ মনে
সেই মনবোৰৰ লাখৰ ঘৰত দোৱা-প্ৰাৰ্থনা 

আশা -  আনন্দ পোৱাৰ 
ভৰশা-   শান্তিৰ পৰশ পোৱাৰ,
সুখ পোৱাৰ

অধিনায়কৰ লগত তেওঁৰ টিম
বিজয়ী হ'লে
এওঁলোকৰ (ৰাইজৰ-প্ৰজাৰ) বৰ বিশেষ লাভ নহয় 
এওঁলোকে অজস্ৰ তেনে  একো ও নিবিচাৰে

বিচাৰে মাথো
মনে নিশ্চিতকৈ হাঁহি থাকিব পৰা সুখ
(টকা-সম্পত্তি নালাগে এওঁলোকক)

বিচাৰে মাথো
একতাৰে আনন্দ প্ৰবাহিত কৰি
শান্তিপূৰ্ণ জীৱন উপহাৰ পোৱাটোহে.....