Wednesday, September 30, 2020

 

তোমাক_ভালপাওঁ

মোৰ মাতৃভূমি তোমাক ভালপাওঁ
তোমাৰ কেচাঁ মাটিত উমলি মই ডাঙৰ হ'লো,
খোজ কাঢ়িব শিকিলো
এটি দুটিকৈ কথা পাতিব শিকিলো

তোমাক ভালপাওঁ 'মা'
তোমাৰ গৰ্ভৰ পৰাই মই.....
প্ৰতিগৰাকী মাতৃক ভালপাওঁ
মাতৃৰ বাবেই সন্তানে....
মাতৃৰ কাষত সন্তান চিৰঋণী

প্ৰতিগৰাকী সভ্য মানুহক ভালপাওঁ
যাৰ বাবে আজিৰ বিভীষিকাৰ মাজটো পৃথিৱী শুৱনী
যিয়ে অহৰহ চেষ্টা কৰে অশান্তি সন্ত্ৰাস নাশ কৰিবলে
সন্ধান কৰে শান্তি,বন্ধুত্ব ,ভ্ৰাতৃত্ববোধৰ...

প্ৰতিগৰাকী গায়ক-গায়িকাক ভালপাওঁ
যিসকলৰ গীতৰ পৰশে....
প্ৰতিগৰাকী কবিক ভালপাওঁ
যিসকলৰ কবিতাৰ স্পন্দই...

কিতাপ পঢ়ি ভালপাওঁ
যিবিলাক কিতাপে
জীবন বাটৰ খোজত...

কলম ভালপাওঁ
কলমে জীবনৰ বাটবোৰ প্ৰতিপলে
উন্নয়নৰ দিশে ..
কলমক ভালপাওঁ
কলমৰ নিপডালৰ পৰাই জন্মলাভ কৰে অগণণ ...

অগ্ৰজসকলক ভালপাওঁ
তেওঁলোকে দেখোৱাই দিয়ে জীবনক কেনেকৈ...

বন্ধুত্বক ভালপাওঁ
যাৰ মিঠা স্পৰ্শই দি যায় জীবন চিত্ৰত বহু ৰং...
বন্ধুত্বক ভালপাওঁ
জীবনত সাথঁৰ যেন লগা বহু কাম বন্ধুত্বৰ সাহসত...

প্ৰেম ভালপাওঁ
জীবন প্ৰেয়সীক ভালপাওঁ
প্ৰেম সৃষ্টিৰ আধাৰ
প্ৰেয়সীয়ে জীবনৰ কঠিনতাৰ সময়ত
জীবন বাটৰ দুৰ্যোগৰ সময়ত প্ৰতিটো ক্ষণতে প্ৰেৰণা দিয়ে,সাহস দিয়ে
প্ৰেমৰ মিঠা সুবাসে অসম্ভৱ কামো সম্ভৱ কৰে

পৰিবেশ ভালপাওঁ
গছ-গছনি ভালপাওঁ
ফুল ভালপাওঁ
ফুলেৰে আবৃস্ত ফুলনি ভালপাওঁ
আকাশ ভালপাওঁ,
বৰষুণ ভালপাওঁ,
সূৰুজক ভালপাওঁ,
সূৰুজৰ ৰশ্মিক ভালপাওঁ,
জোনক ভালপাওঁ,
জোনাক ৰাতি ভালপাওঁ,
গ্ৰীষ্মক ভালপাওঁ,
শীত ভালপাওঁ
সেই পৃথিৱী তোমাক মই ভালপাওঁ

Saturday, August 1, 2020


                                   "বায়েক"

   ****************************************************************************
                                                                   ✍ৰাজ্জাক


জীৱন  বাটত বিভিন্ন সম্পৰ্কৰ ভিতৰত বায়েক বোলা সম্পর্কটো বহুতেই গুৰুত্বপূৰ্ণ। বায়েকে ভায়েকলৈ মৰম, লঘু শাসন, সাহস ৰ বাহাৰ চাদাবাহাৰ কৰি থাকে। যাৰ বাবে ভায়েক বোৰ মনৰ শক্তিশালী হয়। মনত শক্তি থাকিলে দেহৰ শকতি নিজে নিজে বৃদ্ধি পায়। 



বায়েকক বিশেষকৈ ডাঙৰ বায়েকক মাতৃৰ সম জ্ঞান কৰা হয়। মা ৰ পিছতে যদি জীৱনত সৰুৰ পৰা সময়ে সময়ে ভায়েকক আটাইতকৈ বেছি শুশ্রূষা কৰে সেয়া হ'ল ডাঙৰ বায়েক। ভায়েকৰ "সৰুৰ  পৰা ডাঙৰ যিকোনো অসুবিধা, সেয়া মনৰে হওঁক বা দেহৰ অনুধাৱন কৰি যিকোনো প্ৰকাৰে সমাধান কৰাত বায়েক উঠি পৰি লাগে। আনকি মা'ক কব নোৱাৰা বহুত কথা ভায়েকে বায়েকৰ লগত অনায়াসে  বিনিময় কৰিব পাৰে। বায়েক-বায়েকৰ  বন্ধুত্ব ৰ সম্পৰ্কে যদিও ইমান প্ৰাকাশ্য নহয়, তথাপিও এই সুবাস লাভ কৰা সকলেহে উপলব্ধি কৰে ইয়াৰ মধুৰতা  আৰু তাৎপৰ্য কিমান .....



মোৰ জীৱনটো বায়েকৰ ফুলনিখন বিৰাট ধুনীয়া। যি ফুলনীৰ ফুলৰ সুবাসে জীবনৰ ছবিত  মাদকতা প্ৰদান কৰি আহিছে। জীৱনৰ ঘাট -প্ৰতিঘাত, সুখ- আনন্দ সকলো সময়তে ভায়েকৰ কাষৰত বায়েক। জীৱনৰ সন্মূখলৈ থকা বোকাময় বাটবোৰ কিদৰে পকী কৰিব পাৰি তাৰ শিক্ষা প্ৰতিক্ষণতে বায়েকৰ পৰা। বায়েকৰ প্ৰতি থকা শ্ৰদ্ধা আদৰে বেয়া কৰ্মৰ পৰা শত খোজ দূৰত ৰাখে,সেয়াও বায়েকৰে অৱদান। 

বায়েকক ভাল কৰ্মৰ ফলাফল দেখাও দেখাও মনটোৱে কৈ থকাৰ বাবেই পূৰ্বতকৈ বহু বেছি পৰিমাণে ইতিবাচক কৰ্মৰ সংখ্যা বাঢ়ি গৈছে। ক্ৰেডিট সেয়াও বায়েকৰে। 




এইয়াও নহয় যে বায়েক বোৰৰ পৰা কেৱল মৰমে পাওঁ। ধমকী/দমো খাইছোঁ, হয়টো পিটন  খাইছোঁ চাগে (পাহৰিলোঁ) । সেইবোৰে আচলতে জীৱন সজোৱাত সহায়হে  কৰিছে।

মোৰ জীৱন বোলা কিতাপখন পঢ়াত শ্ৰেষ্ঠ পাঠকৰ দায়িত্বত বায়েক,  শ্ৰেষ্ঠ সমালোচকৰ দায়িত্ব টো বায়েক। 



জীৱন কিদৰে পৰিচালনা কৰিব লাগে, জীৱনৰ ছবিবোৰত ক'ত কেনেকৈ বিচৰা মতে ৰং সানিব পাৰি তাৰো উচ্চ শিক্ষা বায়েৰৰ পৰা। ত্যাগ কৰিব পৰা গুণৰ মাত্রা বৃদ্ধি কৰাৰ আৰঁতো বায়েক।

মনোবল, সাহসৰ গভীৰতা বৃদ্ধি কৰাৰ আৰঁতো বায়েক।


মুঠৰ ওপৰত ভায়েক জীৱনলৈ বায়েকৰ অৰিহণা বহুত। কিমান লিখিব সিমানেই শব্দ-বাক্য বাঢ়িব।

এই কথা সেই প্ৰতিগৰাকী ভায়েকে ভালকৈ হৃদয়ঙ্গম কৰিব পাৰে যাৰ শিৰত বায়েকৰ আশীর্বাদ ভৰা, প্ৰেৰণাদায়ক, মৰমীয়াল হাতখন সদায়ে আছে।।









Monday, July 6, 2020

                       "বেংকৰ প্ৰেমত পৰা ল'ৰাটো"

                                                                   ✍ৰাজ্জাক আলী


অম্লান আজিকালি বেছিকৈয়ে বেংকত অহা-যোৱা হৈছে। প্ৰায় প্ৰতিদিনে বেংকৰ চাৰিবেৰৰ মাজত আবদ্ধ হয় সি। নিজৰ বেংকৰ লেনদেনত যিটো কাম এদিনতে  হয়, সেয়া সি অলপ অলপ কৈ চাৰি পাঁচদিন লগায়।
কোনোবা দিন তাৰ নিজৰ কাম নাথাকিলেও আনৰ সৰু কাম এটা লৈ হ'লেও বেংকত এভুমুকি মাৰে।
কিন্তু কিয়? এই
কিয় টোৰ উত্তৰ শিৰোনামটো  নহয় আচলতে,
বেংকৰ প্ৰেমত পৰা নাই অথবা এ চি ৰ বতাহ খাবলৈও  সি বেংকলৈ নাহে ।
আচল  কথাটো হ'ল
প্ৰেমত পৰিছে সি , বেংকতে কৰ্মৰত এজনী ছোৱালীৰ প্ৰেমত। তাইৰ নামটো পাকে প্ৰকাৰে কাৰোবাৰ পৰা এদিন উলিয়াইছিল সি।
নামটো পোৱাৰ পিছত কিবা এটা বিশেষ ফূৰ্তি পোৱাৰ দৰে কৰিছিল। কাৰণ তাৰ উপাধিৰ  লগত তাইৰ উপাধি একেই, আৰু কি লাগে।
তাইক চাবলৈকে সি বেংকলৈ সময় উলিয়াই আহেই দিনটোৰ কোনোবা এটি সময়ত।
তাইৰ কেবিনত সুধিব নলগীয়া কথাটোও তাইৰ কাষলৈ গৈ সুধেগৈ। সুবিধা পালেই মনৰ কথা কৰবাত লগ হৈ ক'ব বুলি ভাবি থাকে।

কিন্তু আজি বেংকলৈ আহি অম্লানৰ মনৰ আকাশ পটককৈ ডাৱৰীয়া হৈ পৰিল। বতৰে কেতিয়া ৰূপ সলাই কোনেও নাজানে।হিন্দী গীত এটিয়ে  আছে। "মৌচম কি তাৰাহ তুম  ভি বদল ত নাজাওগি"
মানে বতৰৰ কোনো ভৰষা নাই।
সেউজীয়া সেউজীয়া লগা বেংকত উদযাপন কৰা সময়বোৰ এটি এটি পাত সৰি পৰাৰ দৰে পৰি নাইকীয়া হৈ গ'ল।
আজি তাই শাড়ি পিন্ধি আহিছে। সদায় চুইজাৰ পিন্ধি আহে। শিৰত সেন্দুৰ টো জিলিকি আছে।

অম্লান এ একো বুজি নোপোৱাৰ দৰে হৈ পৰিল।দুখৰ বৰষুণে বুজিব পৰা শক্তিকণ হেৰুৱাই পেলালে বেচেৰাটোৰ।
কালি যদি বিবাহ হ'ল তাইৰ, আজিটো বেংকলৈ নহাটো স্বাভাবিক। কিন্তু কিয় তাই বেংকলৈ আহিছে।
সাহস নহ'ল তাইক সুধিবলৈ।
বহু সময় থিয় হৈ শেষত বহি পৰিল কাষৰ চিটত।
অৱশেষত তাইৰ কাষৰ গৰাকীয়ে কিবা এটা শুভেচ্ছা দিয়াৰ কথা কৈ আছিল। তাৰ কাণত পৰিল।
সি ভালকৈ শুনাত  গম পালে যে
সেই শুভেচ্ছা তাইৰ বিবাহ বাষির্কীৰ আছিল।
আজি দুবছৰ হ'ল তাইৰ বিবাহৰ। সেয়ে আজি অলপ বেছিকৈ সাজি কাচি আহিছে।

বেচেৰা অম্লান।
ইমানদিনে বুকুৰ মাজত লৈ ফুৰা সপোনবোৰ থানবান হৈ পৰিল। বেচেৰাটোৰ  নিজৰে ভুল। তাইৰ
নামটো কেৱল সন্ধান কৰিয়েই ইমান দূৰ আগবাঢ়িব নালাগিছিল।
"বেংকৰ প্ৰেমত পৰা ল'ৰাটো" শিৰোনামটো অৱশেষত বিপৰীত হৈ পৰিল।।

Saturday, July 4, 2020

"শিক্ষক/শিক্ষাগুৰু হোৱাটো বৰ  সহজ কথা নহয়"

                                                                                                                         ✍ৰাজ্জাক আলী


               এগৰাকী মানুহৰ জীৱনত শিক্ষকৰ অৱদান অপৰিসীম ।এটি জীৱন  শিক্ষাগুৰুৰ  অবিহনে আধৰুৱা ।জীৱনৰ খোজবোৰ শিক্ষাগুৰুৰ সু শিক্ষা দীক্ষাৰ বাবে সু ঠাইলৈ যাত্ৰা কৰে।

শিক্ষাগুৰু বুলিলেই  চকুলৈ-মনলৈ আহে সৎ,সৰল,নিৰপেক্ষ, নিকা ,সুন্দৰ এটি এটি চেহেৰা,মন  ।
আজিও প্ৰাথমিক  বিদ্যালয়ত পঢ়োৱা শিক্ষাগুৰুৰ সমানে খোজ নাকাঢ়ো। লগ পালেই আমি সৰহভাগেই নমস্কাৰ জনাই মাত এষাৰ  লগাই  আহোঁ।
প্ৰাথমিক  বিদ্যালয় ৰ কথা এয়ে প্ৰথমে ক'লো কাৰণ বহু বছৰ আগতে এৰি আহিলোঁ ।কিন্তু  সেই সৎ সৰল শুদ্ধ মনৰ শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা আজিও সমানে।
ঠিক  তেনেদৰে হাইস্কুলৰ সন্মানীয় শিক্ষাগুৰু , মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰু, বিশ্ববিদ্যালয়ত লগ পোৱা সন্মানীয় শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা সমানে। এই যে সন্মান -শ্ৰদ্ধা এগৰাকী শিক্ষা গুৰুৱে যুগ যুগ ধৰি লাভ কৰি থাকে, সেয়া তেওঁৰ/তেখেতৰ প্ৰকৃৃত শিক্ষাকতাৰ মানপত্র।


         শিক্ষাগুৰু কেৱল যে কেইখনমান চাৰ্টিফিকেট আৰু উচ্চ শিক্ষা অৰ্জন  কৰিলেই নহ'ব ,লগত লাগিব এটি এটি উচ্চ ভাৱাসম্পৰ্ণ নিকা মন,প্ৰতি সময়ে নিৰপেক্ষ  আৰু ইতিবাচক চিন্তাধাৰা, ত্যাগ ,সৎ স্বভাৱৰ গৰাকী সেয়া তেওঁলোকৰ  পৰা প্ৰতি সময়ে শিকিছোঁ।

           কিন্তু  সময়ৰ তাগিদাত  সময়ে সময়ে আমি দেখিবলৈ পাওঁ বিশেষকৈ বৰ্তমান সময়ত এচামে শিক্ষকটো হয় পৰে,শিক্ষাগত অৰ্হতাৰ পৰা ,কিন্তু আন প্ৰয়োজনীয় অৰ্হতাবোৰৰ অভাৱত শিক্ষকৰ পদমৰ্যাদা বিনষ্ট কৰে।
 শিক্ষকৰ চাৰ্টিফিকেট  পালে শিক্ষক হৈ গ'ল। 
কিন্তু নিৰপেক্ষ  নহ'ল।
শিক্ষক হৈ নিজ ধৰ্মৰ বাহিৰে অন্যান্য ধৰ্মক অপমান, উচ্চ-নীচ বিবেচনা,
শিক্ষক হৈ ঠেক মনোবৃত্তি,
শিক্ষক হৈ অনৈতিক কাৰ্য,
শিক্ষক হৈ অসৎ স্বভাৱ,
শিক্ষক হৈ নেতিবাচক চিন্তা...
সেয়া প্ৰকৃত অৰ্থত শিক্ষক হ'লনে?? বৃহৎ প্ৰশ্নবোধক সেয়া ... 

     প্ৰকৃত শিক্ষক/শিক্ষাগুৰুৰ গুণগত মানদণ্ডৰ সম্পূৰ্ণ অভাৱ এইচামৰ মাজত।
পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ কৰ্ম হ'ল শিক্ষকতা।
শিক্ষকতা নাথাকিলে ডাক্তৰ, অভিযন্তা, নতুন শিক্ষক,বিজ্ঞানী ইত্যাদি সকলো কেতিয়াবাই নাইকীয়া হৈ গ'ল হয়।আটাইতকৈ ডাঙৰ কথা প্ৰকৃত শিক্ষকৰ শিক্ষাৰ দ্বাৰাহে মানৱতাৰ সৃষ্টি ।মানৱ সম্পদৰ সৃষ্টি।
শিক্ষকতা ৰ সুফলৰ বাবেই নতুন নতুনকৈ জীৱন অংকুৰিত হৈ আছে।
কিন্তু মনে  প্ৰাণে প্ৰকৃত শিক্ষাগুৰুৰ বাবেহে এইবোৰ সম্ভৱ। 

শিক্ষক /শিক্ষাগুৰু হোৱাটো বৰ সহজ কথা নহয়  অ। পুনৰ কওঁ
কেইখনমান চাৰ্টিফিকেট আৰু শিক্ষাবৰ্ষ উত্তীৰ্ণ হ'লেই শিক্ষাগুৰু নহয় প্ৰকৃতাৰ্থত ,
শিক্ষাগুৰু হ'বলৈ বহল-নিকা মন, সু-উচ্চ চিন্তাধাৰা, বহুল
ত্যাগ কৰিব পৰা অৰ্হতা লাগিব।

           মমৰ লগত তুলনা কৰা হৈছিল  বহু যুগ পূৰ্বেই শিক্ষকতাক।
 যি নিজে জ্বলি জ্বলি পোহৰ বিলাই,প্ৰকৃত মানুহ সৃষ্টি কৰে।
শিক্ষক-শিক্ষাগুৰু হোৱাটো বৰ প্ৰকৃতাৰ্থত বৰ কঠিন কাম।সহজলভ্য হ'লেই বিপথে পৰিচাৰিত হয় ।

Tuesday, June 30, 2020

       ৰিজাল্ট, ভাল ৰিজাল্ট আৰু আত্মহত্যা

                       -----------------------------------------------------------------------------------------------
                                                                     ✍ৰাজ্জাক আলী


জীৱন বাটৰ বিভিন্ন সময়ত আমি বিভিন্ন পৰীক্ষাত অৱৰ্ত্তীণ হ'বলগীয়া হয়।যাৰ ফলাফল বা ৰিজাল্ট কেতিয়াবা ভাল আৰু কেতিয়াবা বেয়া হয়, কেতিয়াবা ভাল হ'লেও ভবামতে বা আশা কৰা মতে ভাল নহয়। এইয়া স্বাভাৱিক। 



বৰ্তমান সময়ত আনুষ্ঠানিক শিক্ষাৰ পৰীক্ষা সমূহৰ ৰিজাল্ট দিবলৈ আৰম্ভ হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট ওলাল। শিক্ষাৰ্থী সকলৰ কোনোবাই অসমৰ ভিতৰত শীৰ্ষ ২০ তালিকাত স্থান পালে, কোনোবাই ডিচিংশ্বন, ষ্টাৰ মাৰ্ক পালে, কোনো কোনোৱে প্ৰথম বিভাগত, দ্বিতীয় বিভাগত, তৃতীয় বিভাগত উত্তীর্ণ হ'ল। আনহাতে কোনো কোনো শিক্ষাৰ্থী য়ে ৰিজাল্ট বেয়া কৰিলে  । 


মেট্ৰিক পৰীক্ষা অৰ্থাৎ  হাইস্কুল শিক্ষান্ত পৰীক্ষা এগৰাকী শিক্ষাৰ্থীৰ জীৱনৰ আটাইতকৈ চাপযুক্ত পৰীক্ষা। 
চাপযুক্ত এইবাবেই কৈছোঁ, কাৰণ শতকৰা ৯৫ শতাংশ শিক্ষাৰ্থীৰ মন-মগজুত এই পৰীক্ষাৰ সম্পর্কত এনে ভাৱে অন্তর্ভুক্ত কৰি দিয়া হয় যে যদি এই পৰীক্ষাত ভাল ফল দেখুৱাব নোৱাৰে তেন্তে জীবন সম্পূর্ণ ভাৱে পৰাস্ত হৈ পৰিব, জীবনত আগবঢ়াৰ সকলো পথ- উপপথ বন্ধ হৈ পৰিব, অচল হৈ পৰিব জীৱন। 

    পৰীক্ষাৰ ভাল ৰিজাল্ট?? 
কাক কয়, ভাল ৰিজাল্ট? 
সেয়াও বিভ্রান্তিকৰ ... 
এই বাবেই বিভ্রান্তিকৰ কৈছোঁ কাৰণ এটা ৰিজাল্ট এচামে ভাল বুলি ক'লেও আন এচামৰ মতে সেয়া ভাল ৰিজাল্ট নহয়। সন্তুষ্ট নহয় তেনে ৰিজাল্টক লৈ। 
আৰু তাৰ লগে লগে শিক্ষাৰ্থীৰ ওপৰত বিভিন্ন ধৰণেৰে চাপ দিয়া পৰিলক্ষিত হয়। 
  
 তৃতীয় বিভাগত উত্তীর্ণ হোৱা গৰাকীক দ্বিতীয় বিভাগত কিয় উত্তীর্ণ নহ'ল তাৰ চাপ ... 
দ্বিতীয় বিভাগত উত্তীর্ণ হোৱা গৰাকী প্ৰথম বিভাগত কিয় উত্তীর্ণ নহ'ল তাৰ চাপ  ... 
প্রথম বিভাগত উত্তীর্ণ হোৱা গৰাকী কিয় ডিচিংশ্বন, ষ্টাৰ, নাপালে তাৰ চাপ ... 
লেটাৰ মাৰ্ক নোপোৱাৰ চাপ .. 
আনকি স্থান লাভ কৰা কেইগৰাকী কিয় আৰু কেইটামান নম্বৰ যোগ কৰিব নোৱাৰিলে তাৰো চাপ ... 
এই "চাপ"টোৱে ভাল ৰিজাল্ট কাক কয় বিভ্রান্তিকত পেলায়  ... 

আৰু যদি কেনেবাকৈ ৰিজাল্ট বেয়া হৈ গ'ল তেনে সেই শিক্ষাৰ্থী ৰ কি অৱস্থা হয় ভাবিব নোৱাৰি। জীৱনত যেন সকলো শেষ এচামৰ ব্যবহাৰ তেনে শিক্ষাৰ্থী ৰ প্ৰতি .... 

আত্মহত্যা; 
পৰীক্ষাৰ ফলাফলৰ লগত নো আত্মহত্যা কিদৰে জড়িত.... 
যিমান দিনৰ পৰা মগজুৱে বুজি পোৱা হৈছে সেইদিনৰ পৰাই প্ৰতিবছৰে মেট্ৰিকৰ ৰিজাল্টৰ দিনা অসমত কৰবাত নহয় কৰবাত শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে। কেৱল ময়েই নহয়, এই লেখাটি পঢ়ি থকা প্ৰায় সকলোৱে তেনে আত্মহত্যাৰ তেনে ঘটনা দেখিছে বা শুনিছে, সেয়া নিশ্চিত। 

কিয় কৰে প্ৰতিবছৰে মেট্ৰিকৰ ৰিজাল্ট ৰ দিনা শিক্ষাৰ্থীয়ে আত্মহত্যা? 
দায়ী কোন? 
লেখাটিৰ মাজতে প্ৰকাশ পাইছে আচলতে দায়ী কোন? 
আচলতে মেট্ৰিকৰ ফলাফলক লৈ আমাৰ সমাজ ব্যবস্থাত এচাম অভিভাবক আৰু এচামে মানুহে শিক্ষাৰ্থী সকলৰ ওপৰত  পেলোৱা অতিমাত্রা মানসিক চাপৰ বাবে সিহঁতে(শিক্ষাৰ্থী) সহিব বা সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাছি লয়। 
মানে বাধ্য কৰা হয় আত্মহত্যাৰ বাবে .. অপ্ৰিয় হ'লেও সত্য সেয়া। 


কেইটামান বেছিকৈ নম্বৰ নাপালে বুলি বা অনুৰ্ত্তীণ হ'ল বুলিয়ে জীৱনত সকলো শেষ,
 মান-সন্মান নষ্ট কৰা বুলি অভিযোগ,  সামাজিক মাধ্যমৰ যোগেদি ৰাজহুৱা ঠাট্টা কৰা  ইত্যাদিৰ বাবেই প্ৰতিবছৰে বহু "মানৱ সম্পদ"
 মেট্ৰিকৰ ফলাফলৰ দিনা হেৰুৱাই আছোঁ আমি। 
চলিত বৰ্ষৰ উক্ত দিনটোতো ব্যতিক্রম নহ'ল সেয়া।
এনে হোৱা অনুচিত। 
পঢ়াটো,শিক্ষা গ্ৰহণ কৰাটো  বা পৰীক্ষা  ছাত্র-ছাত্ৰীৰ বাবে বোজা স্বৰূপ কৰি পেলোৱাটো ভাল পদক্ষেপ হ'ব নোৱাৰে। 

 

কেইটামান নম্বৰৰ বাবেই এটি এটি সুন্দৰ জীৱন,  বহু সম্ভাবনাৰ সুযোগ থকা জীৱনবোৰ এনেদৰে আধাবাটতে হেৰাই যাবলৈ নিদিব।

 এটি পৰীক্ষাত বিচৰা মতে নম্বৰ নোপোৱা বহু শিক্ষাৰ্থীও পৰৱৰ্তী সময়ত একো একোগৰাকী বিখ্যাত, লেখত ল'বলগীয়া, সমাজৰ বিভিন্ন দিশত আগৰণুৱা মানৱ সম্পদ ৰূপে প্ৰতিষ্ঠা লাভ কৰা উদাহৰণৰ অভাৱ নাই। 
গতিকে   কোমল জীৱনবোৰ যাতে হতাশাত  ভুগি এনেদৰে আত্মহত্যা নকৰে যাতে 
সেইবাবে সমাজৰ সকলো লোকে আগভাগ ল'ব লাগিব। 

শেষত এটাই কাতৰ অনুৰোধ, সমাজ ব্যবস্থাৰ এই ভয়াবহ আসোৱাহটো সমাপ্তি হওঁক সম্পূর্ণকৈ । 

 

Friday, June 19, 2020

মাহেকীয়া আলোচনীৰ পৃষ্ঠা ত
বাতৰি কাকতৰ পৃষ্ঠা ত