Sunday, February 10, 2019

     "আই'ৰ চিন্তা"

      _____________
                    ✒ৰাজ্জাক আলী

 তুমিটো আইৰ দায়িত্ব লম বুলি কৈছিলা
সু সন্তান বুলি সকলোৱে এই গুৰুদায়িত্ব তোমালৈ....

তুমি দায়িত্ব লভিলে
বতাহেও কেৱল মাথো সুবাস বিলাব  বুলি কৈছিলা
সততা আৰু প্ৰেমৰ,
এতিয়া চোন বতাহত কেৱল ধোৱা,অশান্তি,বেমেজালি,কিবা এটা হেৰুৱাব ভয়

তুমি আইক বিশুদ্ধ পানী খোৱাৰ প্ৰতিশ্ৰুতি দিছিলা
আজিচোন বিশুদ্ধ খোৱাপানীত আৰ্ছেনিক মিহলাই খুৱাব বিচাৰিছা
উদ্দেশ্যে কি তোমাৰ নাজানোঁ ,

আইক কথা দিছিলা
ঘৰলৈ অহা প্ৰতিটো কাল -আহুকাল
আঁতৰাই নিয়াৰ ...
আজিচোন সকলো পাহৰি
বিপৰীত দিশলৈ গতি তোমাৰ....

আয়ে যদি প্ৰশ্ন কৰে,
'আজিকালি চোন ইতিবাচক বতৰা কমিয়ে গৈছে,বুজিও তুমি নেতিবাচক ক প্ৰশয় দিছা বোপাই....
কোনো প্ৰত্যুত্তৰ নিদি তুমি
আইক লগে লগে বেয়া পাই যোৱা...

আজিকালি পুৱা দুচকু মেলাৰ লগে লগে
এজাক যন্ত্ৰণাই কুৰুকি কুৰুকি
সোমাই যায় আইৰ বুকুত,
প্ৰচণ্ড বিষে অসহ্যকৰ কৰি তুলে আইক..

এক দুৰ্গন্ধ য়ো আইক আমনি
কৰিব'লৈ ধৰিছে,
ঘিনো লগা হৈছে

আজিচোন অভদ্ৰতা সূচক কণ্ঠই
গতি লাভ কৰিছে,
নতুন পখী -পখিলাবোৰ
সেই গতিলৈ গুচি যাব বুলি আইৰ ভয়...

এক অচিনাকি শোকৰ ধুমুহাই
আইৰ মন -হৃদয়
ক্ষত-বিক্ষত কৰি তুলিছে

আজি আইৰ মুখনিত চিন্তাৰ অলেখ ভাঁজ
কিজানি বোপায়ে তেওঁক
বিক্ৰী কৰি দিয়ে
কোনোৱা বেপাৰীৰ হাতত .....

Thursday, February 7, 2019

আঠ ফেব্ৰুৱাৰীঃ আজি তেওঁৰ জন্মদিন"

 (শ্ৰদ্ধাৰ বাইদেউ লৈ জন্মদিনৰ শুভেচ্ছাৰে)
_________________________________________
                                         ✒ৰাজ্জাক আলী

ধৰালৈ আগমনৰ দিন
মাতৃক মাতৃত্ব ৰ সুখ প্ৰদানৰ দিন
আত্মীয়তা-আপোনত্বৰ সুবাসৰ পোখা মেলা দিন
   'জন্মদিন'

আজি তেওঁৰ জন্মদিন,
লোহিত্যৰ দৰে বহল মন,
উষ্ম উজ্জ্বলতা সম্পৰ্ক পৰিচালনাৰ দায়িত্বত,
প্ৰেৰণাৰ জ্যোতিষ্ক,
আহ্লাদিত কৰি থকা জোনাক তেওঁ
তেওঁ ...

বহু জীৱন ছবিত
আনন্দ ,সাহস,প্ৰেৰণাৰ ৰঙীলতা অঁকা
চিত্ৰকাৰৰ দায়িত্বত তেওঁ...

জীৱন যাত্ৰাৰ
জটিল শব্দৰ শৃংখলবোৰ
শব্দৰ শক্তিৰে
সমাধান কৰা
 সৃজনীশীলতাৰ গৰাকী তেওঁ ...

জীৱনে জীৱনৰ পৰা যি বিচাৰে
সেই সকলো তেওঁৰ কাষৰত
আৰু সেয়া সুন্দৰকৈ বিনিময় ......

আজি তেওঁৰ জন্মদিন
শুভকামনা অজস্ৰ ....
কুশলতা চিৰকামনাৰে......

Sunday, February 3, 2019

   (গল্প)

         "সময়ৰ সত্য "

                                                     ✒ৰাজ্জাক আলী
                                                                 মৰাণহাট
                        অনিলৰ মন ইমান ভাল নাছিল কেইদিনমানৰ পৰা...সাম্প্ৰতিক পৰিস্থিতিৰ বাবে নে কিবা ব্যক্তিগত চিন্তা সেয়া সি
 নিজেই ধৰিব পৰা নাই ।মুঠৰ ওপৰত তাৰ মন-মগজু কিবা এটা ভাল লাগি থকা নাছিল।কিবা যে অন্ধকাৰে তাক আমনি কৰি আছিল।
মনটো এনে হ'লে সি তাৰ মাহীয়েকৰৰ ঘৰলৈ যায়।কিজানি মাহীৰ ধনাত্মক আৰু যোগাত্মক কথাবোৰে তাৰ মনটো ফৰকাল কৰি তোলে।
সেয়ে মাহীয়েকক জনাইছিল "আপোনাৰ ঘৰলৈ গৈ আছো" বুলি।
 মাহীয়েকে দুদিন মান পাছত আহিব'লৈ কৈছিল। 'ঠিক আছে' কৈ অনিল নিজৰ কামত ব্যস্ত হ'বলৈ ধৰিছিল ।কাম কৰিব লাগে কৰিছিল কিন্তু অলপো মন নাই বহা কামত কিবা ভয় ভয় ভাৱে তাক আমনি কৰি আছিল।
          ইতিমধ্যে দুদিন উকলাত মাহীয়েকক আকৌ জনাইছিল সি " মাহী,কাইলে মই গৈ আছোঁ,
মাহী- কাইলৈ আলহী আহিব লগা আছে বেলেগ আহিবা দেই।
                   এনেকৈ কেইবাদিনো পাৰ হৈ গৈছিল।
অনিল মন -প্ৰাণ বেছিহে বেয়া লাগিবলৈ ধৰিলে।
কাক ক'ব। ক'বনো কি..
মাহীয়েকে বুজি পাইছিল তাৰ মনৰ কথা।
সি একো নোকোৱাকৈ মাহীয়েকে তাৰ মন ফৰকাৰ কৰিব জানিছিল । পিছে মাহীয়েকো ব্যস্ত।
          আজি ৰাতিপুৱা মাহীয়েকলৈ ফোন অচিন নম্বৰৰ পৰা-
ৰিচিভ কৰাৰ পিছত মাথো দুটা বাক্যই নিগৰিল--
"অনিল আমাক এৰি থৈ গুছি গ'ল' কান্দোন ভৰা কন্ঠৰে "সকলো শেষ" .........মাহীয়েকে কিবা কোৱাৰ পূৰ্বেই
ফোনটো কাট খাই গ'ল।।

Tuesday, December 18, 2018

         এটি দিন- সুন্দৰৰ
_________________________

                           ✒ৰাজ্জাক আলী

       এটি সু ন্দ ৰ প্ৰভাত
(দুবৰি বনত নিয়ৰৰ আকুলতাৰে )
ধুনীয়া দুপৰীয়া
(আঘোণৰ সোনোৱালীস্পৰ্শৰে )

      পুৱাই কিতাপৰ সুবাসত লীন
যি সুবাস অতিশয় প্ৰিয় আমাৰ

     শব্দৰ মায়াময় সৃষ্টি "কবিতা"
সেই কবিতাৰ সৌন্দৰ্য্যতা
 পুনৰবাৰ উপভোগ দুটি মন একেলগে

          স্বৰ্ণীল ঐশ্বৰ্য্যৰ সন্ধান
সৃষ্টিশীলতাৰ নীল বৰণেৰে ....(মামু বা'ৰ এটি লেখাৰ পৰা)

     আবৃত্তিৰে আমোল-মোল হৈ পৰা দুপৰীয়া
"য'ত সেই বোৱাৰী জনীৰ আৰ্তনাদ-
চৰম শাস্তিবোৰ ,
"হৃদয়ঙ্গম"
যিয়ে সুখ লভাৰ আশা লৈয়ে
নিজ জন্ম লভা পদূলি এৰি
ন পদূলিলৈ খোজ পেলাইছিল...."(মোৰ এটি লেখাৰ আলম লৈ)

আবৃত্তি ত ,
মালিনীৰ সেই "মুখ"নিৰো বতৰা
"হাঁহি -কান্দোন নথকা মুখ'নিৰ পৰা
-হাঁহিলেয়ে তোৰ মুখ'খনি ইমান ধুনীয়া হৈ পৰে"...লৈ, (তাপস তৰুণ শইকীয়া দা'ৰ এটি লেখাৰ আলমত " )

কথন-আলাপ-আত্মকথন
বায়েক-ভায়েকৰ
বৰ্তমান আৰু ভবিষ্যতৰ,
মাজে মাজে প্ৰিয় কৰ্ম সমাজ সেৱা

সময়বোৰ এনেদৰেই আকৰ্ষণীয়
টেবুলত ফুলা অপৰাজিতা ফুলৰ পৰশত.....

ইতিবাচক ফুল প্ৰতিটো জীৱনৰ ফুলাৰ আশা
দুটি মনৰ
সময়বোৰ তেতিয়াহে একো একোটা ধুনীয়া হৈ ৰ'ব
আৰু এটি এটি দিন সুন্দৰৰ.......


( বাইদেউ ৰ ঘৰত  :-এটি দিনৰ অনুভৱ)

Tuesday, December 4, 2018

                "অধিনায়ক"

                               ✒ ৰাজ্জাক আলী
     খেলখনৰ ওপৰত 
অধিনায়ক ৰ সু দৃষ্টি ৰ প্ৰয়োজন 
বিজয়ৰ লক্ষ্য- সততাৰে যুঁজি

অধিনায়ক তেওঁ -   টিমৰ(দলৰ)
অধিনায়ক তেওঁ-  ৰাইজৰ-প্ৰজাৰ
অধিনায়ক তেওঁ-  দেশৰ- ৰাজ্যৰ
সেই কথা প্ৰতিক্ষণে  মন-হৃদয় চুই থকাটো 
তেওঁৰ পৰম  ধৰ্ম
অধিনায়কৰ দায়িত্ব লোৱাৰে পৰা

খেলখন তেওঁ আৰু তেওঁৰ টিমে মাথো নেখেলে,
খেলে হাজাৰ হাজাৰ মনে
সেই মনবোৰৰ লাখৰ ঘৰত দোৱা-প্ৰাৰ্থনা 

আশা -  আনন্দ পোৱাৰ 
ভৰশা-   শান্তিৰ পৰশ পোৱাৰ,
সুখ পোৱাৰ

অধিনায়কৰ লগত তেওঁৰ টিম
বিজয়ী হ'লে
এওঁলোকৰ (ৰাইজৰ-প্ৰজাৰ) বৰ বিশেষ লাভ নহয় 
এওঁলোকে অজস্ৰ তেনে  একো ও নিবিচাৰে

বিচাৰে মাথো
মনে নিশ্চিতকৈ হাঁহি থাকিব পৰা সুখ
(টকা-সম্পত্তি নালাগে এওঁলোকক)

বিচাৰে মাথো
একতাৰে আনন্দ প্ৰবাহিত কৰি
শান্তিপূৰ্ণ জীৱন উপহাৰ পোৱাটোহে.....


Monday, September 10, 2018

         সাম্প্ৰতিক 

জড় বনাম জীৱ সম্পদ

_______________________

                  ✒ৰাজ্জাক আলী


      
            আজিৰ দিনবোৰত জড় সম্পদৰ গুৰুত্বতা নুই                     কৰিব নোৱাৰি সেয়া সঁচা । ৰাতিপুৱা শুই        উঠাৰ পৰা নিশা চকু জাপ খোৱা লৈকে জড় সম্পদৰ প্ৰয়োজন হয় । কিন্তু সেইবুলি জীৱ সম্পদবোৰক অৱহেলা কৰাটো মুঠেই যুক্তিকৰ নহয় বা ভাল নহয় । বিজ্ঞানে আমাৰ প্ৰয়োজনৰ বাবে বহু জড় সম্পদ উপহাৰ দিছে হয় । পিছে সেইবুলি তুমি -আপুনি-মই জানো জীৱ সম্পদবোৰক গুৰুত্ব নিদিয়াটো উচিত হ'বনে.....?????

 এটা কথা সদায়ে মনত ৰখা উচিত আমাৰ সৃষ্টি জীৱৰ পৰাই হৈছে। আমাৰ নিত্য প্ৰয়োজনীয় জড় সম্পদবোৰৰ আৱিষ্কাৰকো জীৱই...। 

 জড় সম্পদ নষ্ট হ'লে হাজাৰবাৰ কিনিব পাৰি কিন্তু যদি জীৱ সম্পদ এবাৰ হেৰাই যায় তেতিয়া সেই সম্পদ পৃথিৱীৰ সমগ্ৰ টকাখিনি দিলেও উভতাই পোৱা সম্ভৱ নহয় । 

এগৰাকী সুস্থ মানুহৰ কাষৰত জড় সম্পদ অলপ সময় বা এটা দিন নাথাকিলেও তেওঁৰ বিশেষ অনিষ্ট একো নহয় ।
কিন্তু জীৱ সম্পদ নাথাকিলে....???
জীৱই দিয়া অক্সিজেন নাথাকিলে???
জীয়াই থাকিব নে ???

আজি জড় সম্পদৰ প্ৰতি আগ্ৰহী হৈ এচামেচোন নিজৰ আত্মীয় স্বজন সহিতে অন্য মানুহৰ কথা পাহৰিয়ে যায় বা গুৰুত্বহীন কৰি পেলায়।(কেৱল টকা -সম্পত্তি ,টকা -সম্পত্তি )নহ'লেনো বৃদ্ধ পিতৃ -মাতৃ বৃদ্ধাশ্ৰমত থাকেনে....
আত্মীয় স্বজন ৰ আশ্ৰয় স্থল ৰাস্তা-ঘাটত হয়নে....
জড় সম্পদেৰে ভৰপূৰ তেওঁলোক..কিন্তু জন্ম দিয়া পিতৃ -মাতৃকেই চৰম অৱহেলা...

সেয়াটো সেয়াই ..শুনিলেও বা দেখিলে আচৰিত লাগিব বা লাগে চৰম বিপদত পৰা আত্মীয়স্বজন ৰ বিপদৰ সময়তো এচামে জড় সম্পদৰ ওপৰতে অধিক কৈ গুৰুত্ব আৰোপ কৰে...
               দুৰ্ঘটনাত পতিত আত্মীয় স্বজন বা মানুহ ৰ ওপৰত গুৰুত্ব দিয়াতকৈ বাহনখনৰ বা তেওঁৰ লগত থকা জড় বোৰৰ ক্ষয়-ক্ষতিতহে মন দিয়া দেখা যায় এচাম ৰ মাজত....
            বেমাৰৰ চৰম সীমা অতিক্ৰম কৰা আত্মীয় ক শুশ্ৰূষা কৰাতকৈ সম্পতিৰ ওপৰতে গুৰুত্ব ......

   এনে বহু উদাহৰণ আজিৰ সমাজ ত।
মুঠৰ ওপৰত আজিৰ সময়ত জীৱ সম্পদৰ প্ৰতি আদৰ তথা গুৰুত্বতা এচামৰ মনৰ পৰা সম্পূৰ্ণ কৈ আঁতৰি গৈছে। জড় সম্পদৰ পিছতে দৌৰি ফুৰিছে...
যি লজ্জাজনক, ধিক্কাৰ জনক...
পাহৰি যোৱাটো একেবাৰেই উচিত নহয় যে যি দৌৰ মাৰি আছে কেনেবাকে উজুতি খালে জীৱ সম্পদেহে সহায় ৰ কৰিব কোনো জড় সম্পদে নহয় ......

Wednesday, May 9, 2018

             "নিজৰ আই মাতৃৰ দুচকু অশ্ৰুৰে তিতাঁই                                           নেপেলাবি"
          ______________________________

                                     ✒ৰাজ্জাক আলী


মা- তই কিয় ঘৰখনক ধ্বংস কৰিব আগবাঢ়ি চ'??

পুতেক- মানুহৰ কথা পাট্টা নিদিবিচোন

মা-মই তোৰ মা হয়, দেখিছো চকুৰে সকলো

পুতেক-তই এইবোৰত নোসোমাবিছোন

মা-তই ঘৰখন ছান-বান কৰিব আগবাঢ়িছ' আৰু কৈছ' এইবোৰত নোসোমাবি

পুতেক- কি ঘৰ ঘৰ কৰি আছ...সেইখন আমাৰ ঘৰ নহয়। আমাৰ ঘৰ ধ্বংস নহয় বৰং উন্নতিয়ে হ'ব ...

মা-বোপাই,ইমান ডাঙৰ হৈ গ'লি সেইখন যে আমাৰ আপোন ঘৰ চিনি নেপালি

পুতেক- মা,সেইবোৰ কিতাপৰ কথা...আনৰ কথা চিন্তা কৰি লাভ নাই। কেৱল নিজৰ কৰা...

মা- বোপাই,
         কেৱল নিজৰ কথা চিন্তা কৰিলে
 আজি তই মোৰ সম বহি এইবোৰ কথা পাতিবই নোৱাৰিলি হয়

কেৱল নিজৰ কথা চিন্তা কৰিলে ন মাহ দহ দিন তোক গৰ্ভত নাৰাখিলো হয়

কেৱল নিজৰ কথা চিন্তা কৰিলে
তোক কোলাত লৈ তোৰ প্ৰয়োজনীয় বোৰ যোগাৰ দি তোক ডাঙৰ নকৰিলো হয়

কেৱল নিজৰ কথা চিন্তা কৰিলে
তই খোজ,কথা,জ্ঞান একোৱেই নাপালি হয়

অসমখন আমাৰ ঘৰ
আৰু অসমী আই আমাৰ মাতৃ হয়
তই সেয়া "আনৰ কথা" কৈছ'
নিজৰ এই ঘৰখনৰ ৰক্ষা কৰাৰ সলনি ধ্বংস কৰিব ওলাই চ'
নিজ আই মাতৃৰ বুকুত ,কোলাত জুইসদৃশ অস্ৰৰে   আঘাত সানিব বিচাৰি চ'

কেনে সন্তান তই
কেনে সন্তান তই?????

চিন্তা কৰ' বোপাই
তই জন্ম পোৱা অসমখনৰ কথা চিন্তা কৰ'
তই উমলি ডাঙৰ হোৱা অসমী আই কোলা'টোৰ কথা চিন্তা কৰ'

চিন্তা কৰ' বোপাই চিন্তা কৰ'
নিজৰ আই মাতৃৰ দুচকু অশ্ৰুৰে
 তিতাঁই নেপেলাবি.............