Saturday, December 30, 2017

       কাজিৰঙাৰ বাতৰি পাইছেনে আপোনালোকে? যদি নাই পোৱা তেন্তে শুনক,বৰ্তমান কাজিৰঙাৰ পৰিস্থিতি অতি ভীষম। জন্তুবিলাকৰ মাজত খঙে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।খং উঠাৰ মুখ্য কাৰণ হ'ল- সিহঁতে বানৰ কবলত অ'ত বছৰে জৰ্জৰিত হৈ গৃহহাৰা হোৱাৰ পিছতো, সিহঁতৰ বহু সদস্যই জীৱন হেৰুৱাৰ পিছতো, খাদ্যৰ অভাৱনীয় অনাটন হোৱাৰ পিছতো চৰকাৰে সিহঁতৰ সুবিধাৰ বাবে পযাপ্ত ব্যবস্থা আজিপযন্ত গ্ৰহণ কৰা নাই।বানপীড়িত মানুহক এবটল পানী আৰু মেৰিগল্ড বিস্কুট দিয়ে চৰকাৰে কিন্তু কাজিৰঙা জন্তুবাসীৰ    বাবে সেইকণ সুবিধাও নাই। সেইবোৰ কাৰণতে জন্তুবাসীৰ মাজত খং ভীষম হৈ পৰিছে।

         
       এনে বেয়া পৰিস্থিতিৰ  পৰা স্থায়ী সমাধান তথা সুৰক্ষা পাবলৈ অৱশেষত জন্তুবিলাক আগবাঢ়ি আহিল। বাঘ,সিংহ ,হাতীকে প্ৰমুখ্যে কৰি সকলো জন্তু একত্ৰিত হৈ কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে। ইয়াৰ বাবে প্ৰথম অৱস্থাত কাজিৰঙাৰ সকলো আবাসীয়ে গোট হৈ এখন বিশাল সভা আয়োজন কৰিলে। সভাখনত সভাপতিত্ব দায়িত্ব অৰ্পণ কৰা হ'ল গজৰাজক। গজৰাজে সভাখনৰ আতঁ ধৰি ক'লে, "আমি কাজিৰঙা বাসী প্ৰতি বছৰে বানৰ ভয়াবহ কবলত পৰো, বানপানীয়ে আমাৰ গৃহ উটোৱাই লৈ যায়,প্ৰাণ গৈছে আমাৰ বহুজনৰ।আমি বানৰ কবলৰ পৰা ওলাই আহি অন্য ঠাইত থাকিব বিচাৰিলেও শান্তি নোহোৱা হৈছে আমাৰ। মানুহৰ আবাসীত  উপায়বিহীত হৈ সোমালে কিছুমান মানুহে আমাক লৈ ল'ৰাধেমালি কৰি খেদা খেদি কৰিব ধৰে। আমি য'ত ত'ত ভটিয়াই ফুৰো।   যিখন  কাজিৰঙা আমাৰ বাবে দেশ বা ৰাজ্যখন বিশ্বখ্যাত;সেইখন কাজিৰঙাৰ আবাসী আমি আজিৰ তাৰিখত কিমান সুৰক্ষিত?কিমান নিৰাপদ?আমাৰ জীৱনৰ কিবা গুৰুত্ব আছেনে? চৰকাৰলৈ প্ৰশ্ন আমাৰ....চৰকাৰে কেৱল মানৱ জাতিৰ বাবেই ,মানৱজাতিৰ সুৰক্ষাৰ বাবেই মানৱ অধিকাৰৰ ব্যবস্থা কৰিছে। মানুহক শান্তিৰে বসবাস কৰিবলৈ সুবিধাকণ দিছে। কিন্তু আমাক দি দিছে ,দেখোৱাই দিয়কচোন....আমাৰ বাবে একো অধিকাৰ নাই নেকি? বছৰি বানৰ কবলত পৰি প্ৰাণ হেৰুৱাই গৈ আছে আমাৰ বহু সতীৰ্থই। কি কৰিম কেতিয়াবা তিতাঁ -কেহা লাগি যায়। চৰকাৰেটো আমাকো প্ৰয়োজনীয় সুবিধা তথা সুৰক্ষা প্ৰদান কৰিব পাৰে ,নকৰে কিয়?? আমাৰ দাবী চৰকাৰে শীঘ্ৰেই আমাৰ বাবে সুকীয়াকৈ "জন্তুৰ অধিকাৰ"নামৰ আইন এখন অনুমোদন কৰিব লাগে,য'ত আমাৰ বাবে ,আমাৰ জন্তু বিলাকৰ সুৰক্ষা তথা সুবিধাৰ বাবে প্ৰয়োজনীয় অধিকাৰবিলাক সন্নিবিষ্ট থাকিব লাগে। জীয়াই থকাৰ অধিকাৰ, শান্তিপূৰ্ণভাৱে বসবাস কৰাৰ অধিকাৰ আদি অধিকাৰবোৰ আমিও পাব লাগে। এইবিলাক দাবী পূৰণৰ বাবে আমি চৰকাৰৰ তীব্ৰভাৱে অৱগত কৰাবই লাগিব। নহ'লে আমাৰ সমস্যা বিলাক ধুৱা চাঙতে পৰি ৰ'ব সদায়ৰ দৰে। যি কেতিয়াও সমাধান নহ'ব। এইবাৰ যদি চৰকাৰে আমাৰ দাবী পূৰণ নকৰে তেন্তে আমি নিজস্ব ৰাজনৈতিক দল গঠন কৰিব লাগিব। নিৰ্বাচন খেলি বিজয়ী হৈ চৰকাৰ গঠন কৰাৰ প্ৰচেষ্ঠা কৰিব লাগিব।অন্যথা আমাৰ বিকল্প চৰকাৰক আৰু কিমান চিঞৰি থাকিম।

   "বাকীসকলে কিবা ক'বলগীয়া থাকিলে ক'ব পাৰে ।যিহেতু আমি সকলো কম বেছি পৰিমাণে আজি একে সমস্যাৰ ভুক্তভোগী।সকলোৱে আগবাঢ়ি ওলাই আহিব লাগিবই। একতাৰে সকলো কাম সম্ভৱ হৈ উঠে" গজৰাজে ক'লে।

    বাঘ এ বহাৰ পৰা উঠি ক'লে ,' আমাৰ ওপৰত চৰকাৰ নিৰ্দয় হৈ পৰিছে। গৃহহাৰা  হৈ ,সেয়া বানপানীৰ কাৰণতে হওঁক বা অৰণ্য ধ্বংসৰ  পৰিণতিতে হওঁক আমি মানুহৰ আবাসীলৈ যাওঁ,তেতিয়া মানুহে আমাক লাঠি জুং লৈ মাৰিবলৈ,গুলিয়াই মাৰিবলৈ চেষ্টা কৰে ।কেতিয়াবা কেতিয়াবা এনে পৰিস্থিতিত আমাৰ বহু সদস্যই প্ৰাণো হেৰুৱায়।এনে সময়বোৰত নিজৰ সুৰক্ষাৰ বাবে যেতিয়া আমি প্ৰতিৰোধ  কৰিবলৈ আগবাঢ়ো,তেতিয়া আমিহে দায়ী হৈ পৰো । কিন্তু মই প্ৰতিবাদ কৰো যে দায়ী আমি নহয় ,দায়ী চৰকাৰহে,বনবিভাগহে ...যিয়ে আমাৰ প্ৰয়োজনীয় সুৰক্ষা তথা সুবিধা প্ৰদানত বিফল হৈছে। তেওঁলোকে আমাৰ আমাৰ লাগতীয়ালবোৰ দিলে জীৱন নিৰ্বাহৰ প্ৰয়োজন পৰিবেশ প্ৰদান কৰিলে আমি কেতিয়াও মানুহৰ আৱাসলৈ নাযাওঁ। আমাৰ কোনো  চখ নাই তাত যোৱাৰ ..অসুবিধাবোৰৰ বাবেহে আমি....

               মই বোলে দেশৰ ৰাষ্ট্ৰীয় জন্তু। কিন্তু আজি মোৰ এনে অৱস্থা বুজ ল'বলৈ নাই কোনো। দেশৰ ৰাষ্ট্ৰীয় জন্তু বুলি স্বীকৃতি দিয়াতহে কৰ্তব্য শেষ নেকি তেওঁলোকৰ??কিমান কষ্টত আছো আমিবোৰ,মাথো আমিহে বুজিব পাৰো।

           গড়-- "মইনো কি ক'ম;মোৰ সমস্যাৰ অন্ত নাই। বানে আমাক জুৰুলা কৰি পেলাইছে। অকালতে প্ৰাণ হেৰুৱাটো আমাৰ পৰম্পৰাৰ দৰে হৈ পৰিছে। সেইদিনা বানৰ কবলৰ পৰা ৰক্ষা পাবলৈ মই ৰাজপথলৈ ওলাই আহোতে মানুহ কিছুমানে যিহে অপব্যবহাৰ কৰিছিল মোক,তাৰ বিষয়ে কিনো ক'ম আৰু। মই সেইদিনা অ'ত ত'ত পলাই নিজকে বচাবলে বিচাৰিলো ।অৱশেষত সৰু হাবি এটাত সোমাইহে ৰক্ষা। মোৰ সমস্যাৰ তালিকাখন বৰ দীঘল। বানৰ কবলতটো আছেই আন টাইমটো চোৰাং চিকাৰীয়ে আমাৰ জিনা হাৰাম কৰি দিয়ে। আমাৰ খৰ্গটোৰ কাৰণেই আমাৰ জীৱনটোৱে কাঢ়ি নিয়ে নিষ্ঠুৰ টকালুভিয়ে। সিহঁতৰ বাবে টকাই সকলো লাগিলে কাৰোবাৰ জীৱনটো হেৰাই নাযাওঁক কিয় ,মতলৱ নাই। এই কলংকবোৰৰ বাবেই সমগ্ৰ মানৱ জাতি বদনামত পৰিছে। হে ভগৱান, আমাৰ দুখবোৰ যদি সেই নিষ্ঠুৰচামে অলপ হ'লেও উপলব্ধি কৰিব পৰিলেহেতেঁন,আজি আমি.....। আমাৰ বহু আত্মীয়ই প্ৰায় প্ৰতিদিনে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। টি.ভি.ৰ পৰ্দাত আমাৰ আত্মীয়ৰ মৃতদেহৰ ছবি দেখাইয়ে থাকে। কাজিৰঙাত আটাইতকৈ বেছি আমাৰ আত্মীয়সকলৰহে মৃত্যু হৈছে।আমাক অসমৰ  'জাতীয় জন্তু'হিচাপে সন্মান দিয়া হৈছে।অসমৰ ডাঙৰ ডাঙৰ কাৰ্যালয় তথা বিভিন্ন পতাকা, বেনাৰ, ডিপো আদিত মোৰ পষ্টাৰ লগাই মোক সংৰক্ষিত কৰিব বিচাৰিছে জড়ভাৱে...কিন্তু জীৱহিচাপে মই সম্পূৰ্ণ অসুৰক্ষিত।আমাৰো আহ্বান চৰকাৰলৈ ,"আপোনালোকে আমাৰ সুৰক্ষা তথা নিৰাপত্তাৰ  ফালে চকু মেলি চাওঁক। মুখেৰে আমাৰ গুণ গান গাব নালাগে। আমাৰ দুখবোৰ বুজক,আমাক সহায় কৰক।
              
         হৰিণাই ক'লে,- কাজিৰঙাত আমাৰ সংখ্যা নিচেই তাকৰ। তাতে বানপানী তথা নানা সমস্যা।কিতাপে কিতাপে লিখা আছে 'হৰিণাৰ মাংসই বৈৰী'  বচ হয় গ'ল দায়িত্ব বনবিভাগৰ ,চৰকাৰৰ...মোৰ মাংসক বৈৰী কৈ চিকাৰীৰ হাতত আমাক চমজাই দিলে।(
(কথাবোৰ কৈ থাকোতে হৰিণাৰ চকুৰে অশ্ৰু নিগৰিবলৈ ধৰিলে)

      "সৌ সিদিনা অভিনেতা আমিথ খান তথা বাহিৰৰ নামি দামী ব্যক্তিসকল আমাৰ ঘৰলৈ আহোতে আমাৰ ঘৰখন কিমান যে জাকত জিলিকা কৰি সজাই তোলা হৈছিল। যদি সদায় এনেদৰে জাকত জিলিকা হৈ থাকে আমাৰ ঘৰখন,জীয়াই থকাৰ পৰিবেশ থাকে। কিমান ভাল লাগিব। আনক বা আলহীক দেখোৱাবলৈ নালাগে,আমাৰ জীৱন ধাৰণৰ সুবিধাৰ বাবে অন্ততঃ সুন্দৰ আৰু উপযোগী পৰিবেশ এটা আমাক  দিয়ক।বহুত ৰহম হ'ব আমাৰ ... । আৰু যদিহে আমি নাথাকো,কাজিৰঙা এটা জংগলৰ বাহিৰে আন একো নহ'ব",সিংহই ক'লে।

          এনেদৰে এটাৰ পিছত এটাকৈ কাজিৰঙাৰ প্ৰায় সকলো সদস্যই নিজৰ সমস্যাৰ বিষয়ে সভাত ব্যক্ত কৰি গ'ল,কম বেছি পৰিমাণে। সভাখনৰ শেষত সভাপতি গজৰাজে ক'লে যে,"আমাৰ সকলোৰে সমস্যাবিলাক প্ৰায় একে।অ'তবছৰৰ পৰা আমি সমস্যাবিলাকত জৰ্জৰিত হৈয়ে আছো। শান্তি নাই আমাৰ,সুৰক্ষা,নিৰাপত্তা নাই আমাৰ ....।মই নিজেও অনেক দুখী। যদি কেনেবাকে আমাৰ পৰিয়ালৰ কোনো সদস্য কৰবাত খলা বমাত দুৰ্ভাগ্যবশতঃ পৰি যায় তেন্তে তাক উঠাবলৈকে বনবিভাগৰ বহু ঘন্টা লাগি যায়। এনে পৰিস্থিতিত আমাৰ মাজৰ বহুতৰ জীৱনো হেৰাই যায়। চোৰাং চিকাৰীয়ে আমাক আত্মীয় স্বজনক  হত্যা কৰি দেহৰ অংগ কাটি লৈ যায়। হায় হায় কি যে কষ্টকৰ জীৱন আমাৰ। কৈ থাকিলে শেষ নহ'ব। এইবাৰ আৰু আমি হাত সাবতি বহি থাকিব নোৱাৰো। ৰাজ্য চৰকাৰৰ পৰা  কোনো আশা দেখা নাপালে কেন্দ্ৰীয় চৰকাৰক শেষবাৰৰ বাবে আমাৰ সমস্যাবোৰৰ  প্ৰতিবেদন এখন দিবলৈ দিল্লীলৈ যাম। যদি কেন্দ্ৰীয় চৰকাৰে আমাৰ সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি সমাধানৰ সেউজ সংকেত দিয়ে তেন্তে ঠিকেই আছে।অন্যথা মই প্ৰথমে কোৱাৰ দৰে এটা ৰাজনৈতিক দল গঠন কৰিম। দলটোৰ নাম হ'ব-" জন্তু মুক্তি যুজাঁৰু দল(JMJD)" । প্ৰতিবাদ ,জন্তুতান্ত্ৰিক আন্দোলন কৰি থাকি কোনো লাভেই নাই আজিৰ সময়ত। গতিকে ৰাজনৈতিক দলটত শক্তিশালীৰূপে গঠন কৰি দুহেজাৰ একৈশ(2021) চনত  নিৰ্বাচন  খেলিম। জিকিব পাৰিলে চৰকাৰ গঠন কৰিম । আশা কৰা মতে ফলবোৰ পাই থাকিলে আমি আৰু কোনোদিনেই চৰকাৰৰ ভৰিত পৰিব নালাগিব । নিজেই সমাধান কৰিব পৰা হম। টকা আহিব ন,তেতিয়া আমি দুৰ্নীতি নকৰি গোটেইবোৰ আমাৰ হিতৰ বাবে খৰচ কৰি যাম। আমাৰ সৰ্বাঙ্গীন উন্নয়ন হ'ব।

        মোৰ কথাত সকলোৱে সহমত নে? গজৰাজে জুৰকৈ ক'লে।

সকলো কাজিৰঙাৰ আবাসীয়ে চিঞৰি চিঞৰি হয়ভৰ দিলে। 
'জয়তু কাজিৰঙা' 'জয়তু জন্তু মুক্তি যুজাঁৰু দল' 'জয় আই অসম'। 
 লগতে সকলোৱে জনালে যে দিল্লীলৈ যোৱাৰ পূৰ্বেই ৰাজনৈতিক দলটো গঠন কৰিব লাগে। সকলোৰে তীব্ৰ দাবীত সভাপতি গজৰাজেও সমৰ্থন দিলে। ৰাজনৈতিক দল গঠনৰ চূড়ান্ত সিদ্ধান্ত গঠন কৰা হ'ল।

     এনেদৰেই অসম তথা বিশ্বৰ ৰাজনৈতিক জগতত নতুন যুগৰ সূচনা হ'ল। কাজিৰঙাৰ জন্তু বিলাকে ৰাজনৈতিক দল গঠনৰ খচৰা প্ৰস্তুত কৰাৰ লগে লগে পোনপ্ৰথমবাৰৰ বাবে অনা-মানুহ ৰাজনৈতিক দল সৃষ্টি হ'ল। যি কেৱল জন্তুৰ দ্বাৰা গঠিত। 

   পিছদিনাৰ পৰা সমগ্ৰ বিশ্বৰ নিউজ চেনেল তথা বাতৰি কাকতত 'জন্তু মুক্তি যুজাঁৰু দল'ৰ খবৰে খলকনি সৃষ্টি কৰিবলৈ ধৰিলে। সকলোৰে মুখে মুখে JMJD ,JMJD....

(বি.দূ.-- সকলোলৈ অনুৰোধ জীৱ জন্তুৰ ঘৰবিলাক (অৰণ্য)  ধ্বংস নকৰিব। বনাঞ্চলক জনাঞ্চললৈ ৰূপান্তৰ নকৰিব।)

Sunday, December 24, 2017

"জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱা"
       
                          👉ৰাজ্জাক আলী
                   
                     
       (এক)

জীৱনৰ বাট,
           মাতৃৰ গৰ্ভৰ পৰা
      ধৰালৈ প্ৰকাশিত হোৱা ক্ষণৰ পৰাই মুকলি

মা, জীৱন বাটৰ উদ্ধোধক
মা,জীৱন বাটৰ
       প্ৰদূষণমুক্ত বাটৰুৱাৰ
     প্ৰথম পথপ্ৰদৰ্শক

     (দুই)

আজি জীৱনৰ বাট
সচৰাচৰ বাটপথৰ দৰেই
য'তে ত'তে ধূলি বালি,খলা বমা আবৰ্জনা
যাৰ লক্ষ্য জীৱনবোৰক লেতেৰা কৰা

জীৱন বাটত যিয়ে
   সেইবোৰৰ পৰা সংৰক্ষিত হ'বলৈ সক্ষম
তেওঁ প্ৰদূষণমুক্ত বাটৰুৱাৰ শাৰীত.....


জীৱনৰ বাটচোৱাত
অচিন ঘূৰ্ণী বতাহজাকেও
অহৰহ চেষ্টা কৰে
মাজ বাটতে জীৱনবোৰক
নিজ ফলীয়া কৰা,
যি  বাছি আহিছে
জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱা তেওঁ


জীৱনৰ বাটৰ পুৱা -দুপৰীয়াৰ মধ্যভাগত
দূষিতবোৰ লানি নিচিঙা হয়
চৌদিশে ...
উশাহ লোৱাটো সাৱধানতা লাগে
যি সচেতন
তেওঁৱেই জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱা


নিকা সংকল্পৰ এনাজৰীৰে
খোজ দিয়া
যাত্ৰাপথত
এনাজৰীক টুকুৰা টুকুৰ কৰাৰ পৰিকল্পনা
পয়োভৰ প্ৰদৰ্শন
সহজতে সফল জীৱন উপহাৰ দিয়াৰ
যি পয়োভৰত প্ৰলুব্ধ হৈ
বহু জীৱনৰ এনাজৰীডাল
টুকুৰা-টুকুৰ হৈ পৰে
মূল সূতিঁৰ পৰা,
আৰম্ভ হয় অসৎ ,নেতিবাচক ধাৰা


জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱাই
এনেবোৰৰ পৰা বহু নিলগত
বিচৰা সফলতা সম্পূৰ্ণকৈ পাওঁক বা নাপাওঁক
জীৱন পৰিচালনা কৰে ইতিবাচকেৰে প্ৰতিপলে..

সৃষ্টি -"প্ৰকৃত মানুহ ...সফল জীৱন..."

Tuesday, November 14, 2017

  " আজিৰ দিনটোক লৈ মোৰ একলম"

                          👉ৰাজ্জাক আলী


দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী গৰাকীৰ উপজা দিনৰ ওলগ জনোৱাৰ লগতে প্ৰতিগৰাকী শিশুক
"শিশু_দিৱসৰ_আন্তৰিক_শুভেচ্ছা_যাচিঁলো

আজিৰ দিনটোত সচৰাচত শিশুসকলৰ প্ৰতিভাৰ ওপৰত কাৰ্যসূচী গ্ৰহণ কৰা হয়।
শিশু উপযোগী আলোচনা কৰা হয়
আলাপ হয় শিশুসকলৰ মনৰ কথাৰ

শিশুসকলৰ প্ৰতিভাৰ মঞ্চ হয় আজিৰ দিনবোৰ
তাৰ বাবেহে সুবিধা দিয়া উচিত

শিশুসকলক বয়স অনুপাতে আনন্দ কৰিবলৈ সুবিধা দিয়ক

যদি আমি শিশুক প্লেটো,এৰিষ্টটলৰ দৰে ডাঙৰ ডাঙৰ সূত্ৰবোৰ পঢ়িবলৈ ডাঙৰ ডাঙৰ কিতাপ জাপি দিওঁ তেতিয়া যি পৰিস্থিতি হ'ব শিশু মনত ঠিক তেনেদৰেই বয়সতকৈ বেছি আনন্দ কৰাৰ পৰিবেশ শিশুক প্ৰদান কৰিলে খন্তেকীয়া আনন্দৰ বাহিৰে বেয়াহে অধিক হ'ব শিশুৰ জীৱনত

আজি শিশু দিৱস
কিন্তু শিশু দিৱসৰ উদ্দেশ্যৰ বিপৰীতে গৈ
কৰবাত কৰবাত(নাম উল্লেখ নকৰো)
হিন্দী - ইংৰাজী গান ডাঙৰ ডাঙৰকৈ লগাই শিশুক নাচিবলৈ সুবিধা কৰি দিয়া হৈছে। নাচোনৰ প্ৰকাৰো অদ্ভুত ধৰণৰ... যিবোৰ গান শিশু উপযোগী একেবাৰেই নহয়, যিবোৰ নাচ শিশুৰ বাবে নহয়...

শিশু দিৱসত ফটকা-বম ফুটাই নেকি? আজি কিন্তু বম ফুটুৱাৰ সুবিধা প্ৰদান কৰা হৈছে শিশুক.....

(অভিভাৱকসকল সচেতন হওঁক দেই)

@আজিৰ দিনটোত দেখা কিছুমান মুহূৰ্তক লৈয়ে লিখিলো। ফেচবুকত দিবলৈ মন   গ'ল সেয়ে প্ৰকাশ কৰিলো@

Sunday, November 5, 2017

   😁😁😂😂😃😃😃😃
                                                

                                                               👉   মঃ ৰাজ্জাক আলী



দাতঁ -( জিভাৰ উদ্দেশ্য) মোৰ বৰ অশান্তি অ....

জিভা -কেলে কি হ'ল??

দাতঁ- নক'বি আৰু এই অবধ্য অনুপ্ৰবেশকাৰী পোকবোৰে বৰ অশান্তি কৰি আছে

জিভা- গুলিয়াই দিব লাগে


দাতঁ- নাই,গুলিয়ে কাম নকৰা হৈছেগৈ। ৰকম ৰকম গুলি মাৰিছো কাম নাই। অলপ দেৰি লুকাই পিছত আকৌ ওলাই...

জিভা- তেন্তে এটা বেষ্ট আইডিয়া দিওঁ ...

দাতঁ- দে বন্ধু দে
       এইবোৰৰ পৰা ৰেহাই পাবলৈ মই যিকোনো কাম কৰিম।

জিভা-তই ঘৰ তলা মজবুতকৈ মাৰি দুদিনমান কৰবাত ফুৰিবলৈ যাগে ..তোক দেখা নাপালে  পোকবোৰ তোৰ  ঘৰলৈ অহা এৰি দিব

দাতঁ- ঠিক আছে। কিন্তু যদি তলা ভাঙি মোৰ ঘৰ দখল কৰি লয়...

জিভা- ইমান চিন্তা কিয় কৰিচ'
            মই আছো ন তোৰ চুবুৰীয়া
       চাই থাকিম তোৰ ঘৰ।
তলাৰ আশে-পাশে সিহঁতে আহিলেই ঢকিয়াই মুখৰ বাহিৰ কৰি দিম।

দাতঁ-  ধন্যবাদ বন্ধু

জিভা-স্বাগতম বন্ধু

Monday, October 9, 2017


"অসমলৈ এদিন শান্তিৰ ন'বেল বটাঁ আহিব"

                                                               👉 মঃ ৰাজ্জাক আলী
                                                                      (মৰাণহাট)
অসমলৈ এদিন শান্তিৰ ন'বেল বটাঁ আহিব
কিমান যে আকৰ্ষণীয় হ'ব সেই দিন
ন'বেল কমিটিয়ে ঘোষণা কৰা সময়ৰ পৰা
অসমলৈ আহি পোৱা সময়লৈকে
মৌ মধুৰ হৈ পৰিব সকলো

অসমী আই দুচকুৰে অশ্ৰুৰে
ভৰি পৰিব
সন্তানে শান্তিৰ ন'বেল পোৱাৰ বাৰ্তা পাই,
সেই অশ্ৰু হ'ব
সুখৰ,গভীৰ আনন্দৰ


লোহিত-বৰাকৰ চৌদিশে
একতাৰ বতাহ বলিব
ব্যাপকভাৱে
বতাহজাকে পহৰাই দিব
খণ্ডতা,বিশৃংখলতা,অৰাজকতা
একাকাৰ হ'ব সকলো

নিউজ চেনেলবোৰত

   
উপভোগ কৰি ভাল লাগিব বহু
য'ত কেৱল মাথো শান্তিৰ ন'বেলৰ খবৰ প্ৰচাৰিত হ'ব
টক শ্ব হ'ব অসমলৈ অহা শান্তিৰ ন'বেলক  লৈ

অসমৰ আকাশে বতাহে
সৰ্বচৰ্চিত শব্দ দুটা হ'ব

শান্তি আৰু ন'বেল

কিমান যে লাগিব ভাল



বাহিৰৰ অৰ্থাৎ অসমৰ বাহিৰৰ
বহুতৰ মনত অসমক হাবি বুলি ভবা আৰু বহু কিবা কিবি ভবা
ধাৰণাবোৰত ধাক্কা লাগিব
সলনি হ'ব সকলো
অসমত যিদিনাখন ন'বেল বটাঁ আহি পাব
শান্তিৰ


অসমলৈ এদিন শান্তিৰ ন'বেল বটাঁ আহিব

Monday, October 2, 2017

মন পৰিস্কাৰ অভিযান

          মন পৰিস্কাৰ অভিযান

                                                👉ৰাজ্জাক আলী

মই এটি নতুন অভিযানৰ কথা ভাবিছো। নাম প্ৰায় ঠিক কৰিলো।
নামটো হ'ব "মন পৰিস্কাৰ অভিযান"

মনবোৰ পৰিস্কাৰ হ'লে সকলো পৰিস্কাৰ হ'ব। মন পৰিস্কাৰ হ'লে পৰিবেশ পৰিস্কাৰ হ'ব। মন পৰিস্কাৰ হ'লে বাট-পথ,ৰাস্তা ঘাট পৰিস্কাৰ আৰু উন্নত হ'ব,মন পৰিস্কাৰ হ'লে ধৰণী সেউজীয়াৰে পৰিপূৰ্ণ হ'ব,মন পৰিস্কাৰ হ'লে অশান্তি আতঁৰি কেৱল শান্তি থাকিব ইত্যাদি ইত্যাদি।

দুটামান উদাহৰণ দিওঁ:-
                                  যদি মন পৰিস্কাৰ হয় তেন্তে ৰাস্তা ঘাটবোৰো পৰিস্কাৰ হ'ব। এতিয়া মন পৰিস্কাৰ হ'লে ৰাস্তা ঘাট কেনেকৈ পৰিস্কাৰ হ'ব প্ৰশ্ন উত্থাপন হ'ব
তাৰ উত্তৰ হ'ব- আজিৰ সময়ত আমাৰ ৰাস্তা-পথবোৰৰ অৱস্থা প্ৰায়েই শোচনীয় ।  নিৰ্মাণৰ  বাবে টকা আহে যদিও জখলা জখলাকৈ আহোতে কমি কমি আহে ।শেষত যাৰ হাতত পৰে তেওঁয়ো কামটো ভালকৈ নকৰাৰ বাবে ৰাস্তা -পথ দুদিনহে ধুনীয়া তৃতীয় দিনাখন একেই শোচনীয় হৈ পৰে। মন ভাল থাকিলে কামটো ভালকৈ হ'লহেতেঁন বা কৰিল হয়।

দ্বিতীয় উদাহৰণ- আমি মানুহে যদি প্ৰতিদিনেই নিজৰ কাষৰীয় ঠাইবোৰ চাফ চিকুণ কৰি থয়। জধে মধে য'ত ত'ত জাৱৰ নেপেলাই তেন্তে বিশেষ বিশেষ দিনত চফা কৰাৰ প্ৰয়োজনীয়তা নাথাকিব বোধ হয়। পৰিবেশ নিকা কৰি ৰাখিবলৈ, আৰ্বজনামুক্ত কৰি ৰাখিবলৈ পৰিস্কাৰ মন থাকিব লাগিব।

তৃতীয়তে  শিশু শ্ৰমিক বন্ধ কৰিব লাগে বুলি সকলোৱে কয়। যাৰ ঘৰত শিশু শ্ৰমিক থাকে তেওঁয়ো কয়।ঘৰত থকা শিশু শ্ৰমিকজনক কাম কৰোৱাতকৈ পঢ়োৱাৰ ব্যবস্থা কৰিব লাগে। তেনে কৰিবলৈয়ো পৰিস্কাৰ মনৰ আৱশ্যক।


চতুৰ্থতে  যিকোনো বিষয় বা সমস্যা ৰ বাবে অযথা বিতৰ্ক কৰি সমস্যাটো আৰু বৃদ্ধি কৰাতকৈ ভালকৈ আলোচনাৰ মাধ্যমেদি সমাধান কৰিব পাৰি।অসম্ভৱ নহয়। তাৰ বাবেও প্ৰয়োজন পৰিস্কাৰ  মন।

এনে হাজাৰ উদাহৰণ আছে আজি আমাৰ মাজত।

গতিকে আহক আজিৰ পৰা "মন পৰিস্কাৰ অভিযান" আৰম্ভ কৰো।

সময়সীমা - দুহেজাৰ পঞ্চাছ চন

অন্ততঃ আমি উপভোগ কৰিব নাপালেও এই পৃথিৱীৰ কোনোৱা এটা চামে মন পৰিস্কাৰ অভিযানৰ সফল ৰূপায়ন উপভোগ কৰিব পাৰিব।

       মন পৰিস্কাৰ অভিযান আৰম্ভ হওঁক ,কাৰ্যকৰী হওঁক আৰু সফল হওঁক ...

Sunday, August 6, 2017

বন্ধুত্ব

      

           বন্ধুত্ব

                                     
                                                 মঃ ৰাজ্জাক আলী
                                                       মৰাণহাট
বন্ধুত্ব
   অৰ্থৰ বিৱৰণ দিয়াৰ সাহস মোৰ নাই
উৰে জীৱনৰ সাধনায়ো
বন্ধুত্বৰ নিখুঁত সংজ্ঞা দিয়াত অপৰাগত

বন্ধুত্ব,
        তুমি,মই,আপুনি ভবাৰ দৰে
    বন্ধুত্বৰ সংজ্ঞা ইমান সহজলভ্য নহয়

বন্ধুত্ব চাগে সেয়াই
   য'ত দ্বিতীয়গৰাকীয়ে গম নোপোৱাকৈ
কাষৰত অহা বিপয্যয়
প্ৰথম গৰাকীয়ে সমাধা কৰি আহিছে

বন্ধুত্ব চাগে সেয়াই
         সুখত বাটত সংগী নহ'লেও
       দুখৰ বিপদসংকুল বাটৰ সংগী লৈ খোজ দিবলৈ আগবাঢ়ি আহে

বন্ধুত্ব পিছে এয়াও নহয়
     যাৰ পৰা তুমি প্ৰতিটো কৰ্ম
 আদায় কৰিব বিচাৰিবা
আদায় নকৰিলে শূণ্য কৰিবা সম্পৰ্ক

বন্ধুত্ব  চাগে এক স্বৰ্গীয় সুৱাস
যাৰ  প্ৰকৃত   পৰশ লভিবলৈ
ভাগ্যৰ প্ৰয়োজন

বন্ধুত্ব গঢ়িবলৈ
বয়সৰ ব্যবধান নালাগে
নালাগে
নালাগে ধৰ্ম
নালাগে জাতি

প্ৰয়োজন
             সচাঁ মানৱীয় গুণৰ
দুটি মনৰ

যি মনে প্ৰকৃতাৰ্থত
                    বন্ধুত্বৰ সেউজীয়া বোৰ সন্মান কৰিব জানে