Thursday, January 2, 2025
RAJJAK ALI
Friday, December 27, 2024
মৰাণ কুইজ ক্লাৱৰ পৰা মৰাণ কুইজ ফ'ৰামলৈ আমাৰ দহবছৰীয়া যাত্ৰা(Our ten-year journey from Maran Quiz Club to Maran Quiz Forum)
Saturday, February 24, 2024
তুমি আৰু মই
Wednesday, August 10, 2022
ৰাখী বন্ধন :এক আলোকপাত
Friday, June 3, 2022
"আত্মহনন:সমাজৰ এক ভয়াবহ সমস্যা " ✍️ৰাজ্জাক আলী
Tuesday, April 5, 2022
Monday, March 28, 2022
কিয় কব নোৱাৰোঁ, কিন্তু তোমাক ভাল লাগে
কিয় কব নোৱাৰোঁ, কিন্তু তোমাক ভাল লাগে"
Wednesday, September 22, 2021
গল্প- বদঅভ্যাসৰ শেষ ফলাফল
#বদঅভ্যাসৰ_শেষ_ফলাফল
✍ৰাজ্জাক আলী
প্লাৱিতাক আজি ঘৰৰ পৰা আৰক্ষীয়ে হেনকাফ লগাই লৈ গৈছে। তাই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ মহাবিদ্যালয় এখনত পঢ়ি আছে। দেখা শুনাই সহজ সৰল অমায়িক ছোৱালী। তেন্তে কিয়
আৰক্ষীয়ে হেনকাফ লগাই নিছে। কাৰো লগতে বেয়া ব্যৱহাৰ নকৰা ছোৱালী জনী। গাঁওখনত হুৱাদুৱা লাগিল। মাক-দেউতাকৰ মুখৰ মাত নাই।
ৰাইজৰ মাজত মনে সজা ফুচ ফুচ ফাচ ফাচ বাৰ্তা
। গাওঁৰে এজনে ৰ'ব নোৱাৰি আগবাঢ়ি আহি আৰক্ষীক সুধিয়ে পেলালে ,কিয় আমাৰ ছোৱালী জনীক ধৰি নিছে, কি কৰিলে তাই??
মহিলা আৰক্ষী বিষয়া গৰাকীয়ে কলে "মহাবিদ্যালয়ৰ পৰা লেপটপ চোৰ কৰিলে তাই"। সেই চুৰিকাৰ্যৰ অনুসন্ধান কৰি অৱশেষত প্লাৱিতা যে তাৰ লগত জড়িত শেষ কথা প্ৰমাণিত হ'ল। ঘৰৰ পৰা লেপটপ জব্দ।
সমাজে বিশ্বাস কৰিব নোৱাৰা ঘটনা। প্লাৱিতাই এনে কাম কৰিব পাৰে জানোঁ... ডাঙৰ প্ৰশ্নবোধক।
প্লাৱিতাৰ মাক এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ীত্ৰি, দেউতাক বিত্তীয় বিভাগৰ এখন কাৰ্যালয়ৰ চতুর্থ বৰ্গৰ কৰ্মচাৰী। ঘৰখনত থকা তিনিগৰাকী শিক্ষিত। পৰিয়ালটো ঠিকে ঠিকে চলি থাকে। সমাজত প্লাৱিতাৰ লগতে মাক -দেউতাককো মানুহে সন্মানৰ দৃষ্টিৰে চায়।
কিন্তু প্লাৱিতাৰ সেই চুৰিকাৰ্যই সমাজৰ দৃষ্টিত নাক কাটিল তেওঁলোকৰ সন্মান।
প্লাৱিতাৰ এই অপকৰ্মৰ আৰঁত কি?
তাই কিয় চুৰি কৰিব লগা হ'ল?
আগত কৰবাত চুৰি কৰাৰ ৰেকৰ্ড আছে নেকি?
চুৰি কাৰ্য কৰিবলৈ কত উৎস পালে?
প্ৰশ্নবোৰ মানুহৰ মুখে মুখে, ৱেব পৰ্টেলত বোৰত বাজি উঠিল। সময় বাগৰাৰ লগে লগে
লাহে লাহেকৈ উৰহীৰ উৰ ওলাবলৈ আৰম্ভ কৰিলে। কিমান দিন লুকাই থাকিব।
প্লাৱিতাৰ জন্মৰ আগৰে পৰা দেউতাক চাকৰিয়াল আছিল আৰু মাক তাই জন্মৰ দুবছৰ পাছত চাকৰিটো পালে। দেউতাক জিতেনে নিতৌ অফিচৰ পৰা যাওঁতে বহুত বস্তু লৈ যায় ঘৰলৈ। পত্নী পমীয়ে কৰ পৰা আনিলে , ইমান টকা কত পোৱা নিতৌ বস্তুবোৰ আনিবলৈ, এদিনো সুধা নাই। পমীয়ে প্ৰথমে গম পোৱা নাছিল যদিও পিছলৈ গম পালে যে অফিচৰ পৰা চুৰি কৰি জিতেনে নিতৌ ঘৰলৈ বস্তু আনে। অকল খোৱা বস্তুৱে নহয় সুযোগ লৈ বহুত বস্তু অলপ অলপ ঘৰলৈ চুৰি কৰি নিয়ে।পত্নী পমী শিক্ষয়ীত্ৰি হৈয়ো জিতেনক এদিনো মনা নকৰিলে চুৰি নকৰিবলৈ, বৰঞ্চ তাই যেন ভালহে পায়। টকা খৰচ নকৰাকৈ ইমান বস্তু ঘৰলৈ অহাৰ বাবে। অফিচত তাৰ কথা গম পাই সকিয়নি দিয়াৰ দুদিনমান ঠিক থকাৰ পাছত পুনৰ আৰম্ভ হৈ যায়। অফিচৰ পৰা উলিয়াই দিম বুলি কোৱাত পমী অফিচলৈ আহি কান্দোনৰ ৰোল।চাকৰিটো হেৰালে চলিব নোৱাৰা হৈ পৰিব হেনু। তাতে ছোৱালীৰো পঢ়াৰ খৰচ। এনেকৈ কোনোমতে চাকৰিটো হেৰুৱাৰ পৰা বচায়। এই সৰু সৰু বস্তু চুৰি কৰি অনাৰ পৰিবেশ প্লাৱিতাই সৰুৰে পৰাই দেখি আহিছে। বস্তু চুৰি কৰিও প্ৰয়োজন পূৰাব পাৰি বুলি তাইৰো মনৰ কোনোবাখিনিত বীজ এটাই পোখা মেলিবলৈ আৰম্ভ কৰিছিল। আৰু এদিনাখন সেই পোখাই ডাঙৰ বৃক্ষ হৈ পৰিল।
আজি প্লাৱিতা জেলত। সমাজতো তেওঁলোকৰ পৰিয়ালৰ প্ৰতি লাহে লাহেকৈ বেয়া ভাৱ এটা সোমাই গল। জিতেন আৰু পমী অনুশোচনা কৰিবলৈ ধৰিলে। জিতেনৰ অফিচৰ চাৰিবেৰত থকা কথাটো সমাজৰ সকলোৰে মুখে মুখে প্ৰচাৰিত হবলৈ ধৰিলে। এনে পৰিস্থিতিত সি চাকৰি কৰা অফিচখনৰ পৰা তাক চিৰদিনৰ বাবে বৰ্খাস্ত কৰিলে। আনফালে পমীয়েও শিক্ষকৰ চাকৰিটো হেৰুৱাব লগীয়া হল। প্ৰয়োজনীয়তাখিনিৰ অভাৱ নথকা ঘৰখনত আজি একোৱেই নোহোৱাৰ দৰে হৈ পৰিল। ঘৰখনলৈ বুলি আহিল বদনাম,লাঞ্ছনা, বেয়া ভাৱ, ইত্যাদি ইত্যাদি। সমাজত মুখ দেখাব নোৱাৰা হল তেওঁলোকে। ঘৰৰ বাহিৰলৈ খোজ দিয়েই বহু মানুহে শুনাই শুনাই কবলৈ ধৰা হল "নিজৰ লগতে সৰু ছোৱালীজনীকো চুৰি কাৰ্য্য শিকালে, লাজ নাই এনে মাক-দেউতাকৰ"। তেওঁলোকৰ পৰিয়ালটোৰ অৱনতিৰ কাৰণ তেওঁলোক নিজেই, কাকো দুখিবও নোৱাৰে। যদি জিতেনে নিজৰ অফিচত বস্তু চুৰ কৰাৰ কাৰবাৰটো নকৰিলে হয়, যদি পমীয়ে জিতেনক চুৰি কৰি বস্তু ঘৰলৈ অনাত ধমকী বা বুজনি দিলেহেঁতেন,শিক্ষয়ীত্ৰি হৈয়ো তাই এদিনো সেই কামটো নকৰিলে, লোভৰ আগত যেন সকলো
পাহৰি পেলাইছিল ।আটাইতকৈ লাজৰ কথা এটকা উপাৰ্জন নকৰা জীয়েকে লেপটপ কৰ পৰা আনিল সেই কথা সুধাৰ প্ৰয়োজনবোধ নকৰিলে জিতেন আৰু পমীয়ে । কি আচৰিত। পৰিণতি আজি চকুৰ সন্মুখত। এতিয়া অনুশোচনা কৰি কি হব। সহজলভ্যৰে সুখ বিচৰাৰ পৰিণতি সন্মুখত তেওঁলোকৰ। প্ৰাথমিক বিদ্যালয়ত সকলোৱে পঢ়ি অহা "লোভেই পাপ, পাপেই মৃত্যু" কথাটিৰ দৰেই পৰিয়াল টি একপ্ৰকাৰৰ মৃত প্ৰায় হোৱাদি হল। প্লাৱিতা জেলত আৰু জিতেন, পমী মনৰ অন্ধকাৰ জেলত বন্দী হৈ পৰিল। যি অন্ধকাৰে পোহৰৰ বাট দেখুৱাটো একপ্রকাৰৰ ক্ষীণ হৈ পৰিল।
Thursday, October 22, 2020
"
মোৰ মনৰ কলমে তোমালৈ বুলি অকাঁ শব্দ বাক্যৰ ছবিটি"
(আজি দিপলীনাৰ শেহতীয়া ফটোকপি চাই কিবা এটা লিখিবলৈ মন গ'ল)
________________________________
✍ৰাজ্জাক
তোমাৰ চকুৰে মৰম বৰষে,
চকুযুৰিত অহংকাৰ শূণ্য বিশাল ছবি
উপভোগ কৰি ভাল লাগে
চুলিকোচাৰ দুই চাৰিডাল আহি যেতিয়া বতাহৰ পৰশত
তোমাৰ দিম্পলভৰা দুগালত পৰেহি,
য'ত অকৃত্রিম হাঁহিৰ বিচৰণ প্ৰায় প্ৰতি সময়ে,
ভাল লাগে।
মোৰ মনৰ কলমে আজিলৈ যিমানদূৰ তোমাৰ মন-হৃদয়ক অধ্যয়ন কৰিলে
সুন্দৰ মনৰ, সকলো মনৰ সৈতে মিলিব পৰা,
আনন্দ বিলাই ভাল পোৱা, হাঁহি উপহাৰ দিব পৰা,
কোমল হৃদয়ৰ জীৱন বিচাৰি পালে,
কৃত্রিমতাৰ স্থান নাই য'ত ...
শব্দ-বাক্যৰে তাকে আঁকিবলৈ যত্ন কৰিলোঁ
(সদায় এনেদৰেই বিচাৰোঁ)
তোমাৰ মুখৰ পৰা প্ৰবাহিত শব্দ বাক্যবোৰ
ইমান সৰলতাৰে -কোমলতাৰে বিতৰণ কৰা,
অপূৰ্ব, অতুলনীয়...
শিকাৰু দেই মই এনেবোৰ সুন্দৰ বতৰাৰ,
কথাত মণি মুকুতা সৰাটো সহজ কথা নহয়,
মুখৰ মাতষাৰ শ্ৰেষ্ঠ সম্পদ মানৱ জীৱনত
শ্ৰদ্ধা কৰোঁ সদায়
অভিনয়-কণ্ঠৰ কথা
নতুনকৈ নকওঁ,
যদিও লিখিতভাৱে কোৱা নাই
সকলোৰে দৰে মোৰো প্ৰিয় তোমাৰ প্ৰতিটো গীত,
সু অভিনয়ৰ ময়ো দৰ্শক
এই যে তোমাৰ মিঠাকৈ মিছিকিয়া হাঁহিটি
য'ৰ মোহনা মন-হৃদয় ,
মুকলি /বহল সেই মন-হৃদয়ক সন্মান যাঁচিলো
অনুৰাগী আমি(মই) তেনে মুকলি/বিশাল মন-হৃদয়ৰ।।
(বি . দ্ৰ .---ক্ৰাছ সকলে দায়-দুখ নধৰে যেন🤣 আমাৰো প্ৰিয় আৰু মৰমৰ শিল্পী তাই)
Wednesday, September 30, 2020
তোমাক_ভালপাওঁ
মোৰ মাতৃভূমি তোমাক ভালপাওঁ
তোমাৰ কেচাঁ মাটিত উমলি মই ডাঙৰ হ'লো,
খোজ কাঢ়িব শিকিলো
এটি দুটিকৈ কথা পাতিব শিকিলো
তোমাক ভালপাওঁ 'মা'
তোমাৰ গৰ্ভৰ পৰাই মই.....
প্ৰতিগৰাকী মাতৃক ভালপাওঁ
মাতৃৰ বাবেই সন্তানে....
মাতৃৰ কাষত সন্তান চিৰঋণী
প্ৰতিগৰাকী সভ্য মানুহক ভালপাওঁ
যাৰ বাবে আজিৰ বিভীষিকাৰ মাজটো পৃথিৱী শুৱনী
যিয়ে অহৰহ চেষ্টা কৰে অশান্তি সন্ত্ৰাস নাশ কৰিবলে
সন্ধান কৰে শান্তি,বন্ধুত্ব ,ভ্ৰাতৃত্ববোধৰ...
প্ৰতিগৰাকী গায়ক-গায়িকাক ভালপাওঁ
যিসকলৰ গীতৰ পৰশে....
প্ৰতিগৰাকী কবিক ভালপাওঁ
যিসকলৰ কবিতাৰ স্পন্দই...
কিতাপ পঢ়ি ভালপাওঁ
যিবিলাক কিতাপে
জীবন বাটৰ খোজত...
কলম ভালপাওঁ
কলমে জীবনৰ বাটবোৰ প্ৰতিপলে
উন্নয়নৰ দিশে ..
কলমক ভালপাওঁ
কলমৰ নিপডালৰ পৰাই জন্মলাভ কৰে অগণণ ...
অগ্ৰজসকলক ভালপাওঁ
তেওঁলোকে দেখোৱাই দিয়ে জীবনক কেনেকৈ...
বন্ধুত্বক ভালপাওঁ
যাৰ মিঠা স্পৰ্শই দি যায় জীবন চিত্ৰত বহু ৰং...
বন্ধুত্বক ভালপাওঁ
জীবনত সাথঁৰ যেন লগা বহু কাম বন্ধুত্বৰ সাহসত...
প্ৰেম ভালপাওঁ
জীবন প্ৰেয়সীক ভালপাওঁ
প্ৰেম সৃষ্টিৰ আধাৰ
প্ৰেয়সীয়ে জীবনৰ কঠিনতাৰ সময়ত
জীবন বাটৰ দুৰ্যোগৰ সময়ত প্ৰতিটো ক্ষণতে প্ৰেৰণা দিয়ে,সাহস দিয়ে
প্ৰেমৰ মিঠা সুবাসে অসম্ভৱ কামো সম্ভৱ কৰে
পৰিবেশ ভালপাওঁ
গছ-গছনি ভালপাওঁ
ফুল ভালপাওঁ
ফুলেৰে আবৃস্ত ফুলনি ভালপাওঁ
আকাশ ভালপাওঁ,
বৰষুণ ভালপাওঁ,
সূৰুজক ভালপাওঁ,
সূৰুজৰ ৰশ্মিক ভালপাওঁ,
জোনক ভালপাওঁ,
জোনাক ৰাতি ভালপাওঁ,
গ্ৰীষ্মক ভালপাওঁ,
শীত ভালপাওঁ
সেই পৃথিৱী তোমাক মই ভালপাওঁ
Saturday, August 1, 2020
"বায়েক"
জীৱন বাটত বিভিন্ন সম্পৰ্কৰ ভিতৰত বায়েক বোলা সম্পর্কটো বহুতেই গুৰুত্বপূৰ্ণ। বায়েকে ভায়েকলৈ মৰম, লঘু শাসন, সাহস ৰ বাহাৰ চাদাবাহাৰ কৰি থাকে। যাৰ বাবে ভায়েক বোৰ মনৰ শক্তিশালী হয়। মনত শক্তি থাকিলে দেহৰ শকতি নিজে নিজে বৃদ্ধি পায়।
বায়েকক বিশেষকৈ ডাঙৰ বায়েকক মাতৃৰ সম জ্ঞান কৰা হয়। মা ৰ পিছতে যদি জীৱনত সৰুৰ পৰা সময়ে সময়ে ভায়েকক আটাইতকৈ বেছি শুশ্রূষা কৰে সেয়া হ'ল ডাঙৰ বায়েক। ভায়েকৰ "সৰুৰ পৰা ডাঙৰ যিকোনো অসুবিধা, সেয়া মনৰে হওঁক বা দেহৰ অনুধাৱন কৰি যিকোনো প্ৰকাৰে সমাধান কৰাত বায়েক উঠি পৰি লাগে। আনকি মা'ক কব নোৱাৰা বহুত কথা ভায়েকে বায়েকৰ লগত অনায়াসে বিনিময় কৰিব পাৰে। বায়েক-বায়েকৰ বন্ধুত্ব ৰ সম্পৰ্কে যদিও ইমান প্ৰাকাশ্য নহয়, তথাপিও এই সুবাস লাভ কৰা সকলেহে উপলব্ধি কৰে ইয়াৰ মধুৰতা আৰু তাৎপৰ্য কিমান .....
মোৰ জীৱনটো বায়েকৰ ফুলনিখন বিৰাট ধুনীয়া। যি ফুলনীৰ ফুলৰ সুবাসে জীবনৰ ছবিত মাদকতা প্ৰদান কৰি আহিছে। জীৱনৰ ঘাট -প্ৰতিঘাত, সুখ- আনন্দ সকলো সময়তে ভায়েকৰ কাষৰত বায়েক। জীৱনৰ সন্মূখলৈ থকা বোকাময় বাটবোৰ কিদৰে পকী কৰিব পাৰি তাৰ শিক্ষা প্ৰতিক্ষণতে বায়েকৰ পৰা। বায়েকৰ প্ৰতি থকা শ্ৰদ্ধা আদৰে বেয়া কৰ্মৰ পৰা শত খোজ দূৰত ৰাখে,সেয়াও বায়েকৰে অৱদান।
বায়েকক ভাল কৰ্মৰ ফলাফল দেখাও দেখাও মনটোৱে কৈ থকাৰ বাবেই পূৰ্বতকৈ বহু বেছি পৰিমাণে ইতিবাচক কৰ্মৰ সংখ্যা বাঢ়ি গৈছে। ক্ৰেডিট সেয়াও বায়েকৰে।
এইয়াও নহয় যে বায়েক বোৰৰ পৰা কেৱল মৰমে পাওঁ। ধমকী/দমো খাইছোঁ, হয়টো পিটন খাইছোঁ চাগে (পাহৰিলোঁ) । সেইবোৰে আচলতে জীৱন সজোৱাত সহায়হে কৰিছে।
মোৰ জীৱন বোলা কিতাপখন পঢ়াত শ্ৰেষ্ঠ পাঠকৰ দায়িত্বত বায়েক, শ্ৰেষ্ঠ সমালোচকৰ দায়িত্ব টো বায়েক।
জীৱন কিদৰে পৰিচালনা কৰিব লাগে, জীৱনৰ ছবিবোৰত ক'ত কেনেকৈ বিচৰা মতে ৰং সানিব পাৰি তাৰো উচ্চ শিক্ষা বায়েৰৰ পৰা। ত্যাগ কৰিব পৰা গুণৰ মাত্রা বৃদ্ধি কৰাৰ আৰঁতো বায়েক।
মনোবল, সাহসৰ গভীৰতা বৃদ্ধি কৰাৰ আৰঁতো বায়েক।
এই কথা সেই প্ৰতিগৰাকী ভায়েকে ভালকৈ হৃদয়ঙ্গম কৰিব পাৰে যাৰ শিৰত বায়েকৰ আশীর্বাদ ভৰা, প্ৰেৰণাদায়ক, মৰমীয়াল হাতখন সদায়ে আছে।।
Monday, July 6, 2020
"বেংকৰ প্ৰেমত পৰা ল'ৰাটো"
✍ৰাজ্জাক আলী
অম্লান আজিকালি বেছিকৈয়ে বেংকত অহা-যোৱা হৈছে। প্ৰায় প্ৰতিদিনে বেংকৰ চাৰিবেৰৰ মাজত আবদ্ধ হয় সি। নিজৰ বেংকৰ লেনদেনত যিটো কাম এদিনতে হয়, সেয়া সি অলপ অলপ কৈ চাৰি পাঁচদিন লগায়।
কোনোবা দিন তাৰ নিজৰ কাম নাথাকিলেও আনৰ সৰু কাম এটা লৈ হ'লেও বেংকত এভুমুকি মাৰে।
কিন্তু কিয়? এই
কিয় টোৰ উত্তৰ শিৰোনামটো নহয় আচলতে,
বেংকৰ প্ৰেমত পৰা নাই অথবা এ চি ৰ বতাহ খাবলৈও সি বেংকলৈ নাহে ।
আচল কথাটো হ'ল
প্ৰেমত পৰিছে সি , বেংকতে কৰ্মৰত এজনী ছোৱালীৰ প্ৰেমত। তাইৰ নামটো পাকে প্ৰকাৰে কাৰোবাৰ পৰা এদিন উলিয়াইছিল সি।
নামটো পোৱাৰ পিছত কিবা এটা বিশেষ ফূৰ্তি পোৱাৰ দৰে কৰিছিল। কাৰণ তাৰ উপাধিৰ লগত তাইৰ উপাধি একেই, আৰু কি লাগে।
তাইক চাবলৈকে সি বেংকলৈ সময় উলিয়াই আহেই দিনটোৰ কোনোবা এটি সময়ত।
তাইৰ কেবিনত সুধিব নলগীয়া কথাটোও তাইৰ কাষলৈ গৈ সুধেগৈ। সুবিধা পালেই মনৰ কথা কৰবাত লগ হৈ ক'ব বুলি ভাবি থাকে।
কিন্তু আজি বেংকলৈ আহি অম্লানৰ মনৰ আকাশ পটককৈ ডাৱৰীয়া হৈ পৰিল। বতৰে কেতিয়া ৰূপ সলাই কোনেও নাজানে।হিন্দী গীত এটিয়ে আছে। "মৌচম কি তাৰাহ তুম ভি বদল ত নাজাওগি"
মানে বতৰৰ কোনো ভৰষা নাই।
সেউজীয়া সেউজীয়া লগা বেংকত উদযাপন কৰা সময়বোৰ এটি এটি পাত সৰি পৰাৰ দৰে পৰি নাইকীয়া হৈ গ'ল।
আজি তাই শাড়ি পিন্ধি আহিছে। সদায় চুইজাৰ পিন্ধি আহে। শিৰত সেন্দুৰ টো জিলিকি আছে।
অম্লান এ একো বুজি নোপোৱাৰ দৰে হৈ পৰিল।দুখৰ বৰষুণে বুজিব পৰা শক্তিকণ হেৰুৱাই পেলালে বেচেৰাটোৰ।
কালি যদি বিবাহ হ'ল তাইৰ, আজিটো বেংকলৈ নহাটো স্বাভাবিক। কিন্তু কিয় তাই বেংকলৈ আহিছে।
সাহস নহ'ল তাইক সুধিবলৈ।
বহু সময় থিয় হৈ শেষত বহি পৰিল কাষৰ চিটত।
অৱশেষত তাইৰ কাষৰ গৰাকীয়ে কিবা এটা শুভেচ্ছা দিয়াৰ কথা কৈ আছিল। তাৰ কাণত পৰিল।
সি ভালকৈ শুনাত গম পালে যে
সেই শুভেচ্ছা তাইৰ বিবাহ বাষির্কীৰ আছিল।
আজি দুবছৰ হ'ল তাইৰ বিবাহৰ। সেয়ে আজি অলপ বেছিকৈ সাজি কাচি আহিছে।
বেচেৰা অম্লান।
ইমানদিনে বুকুৰ মাজত লৈ ফুৰা সপোনবোৰ থানবান হৈ পৰিল। বেচেৰাটোৰ নিজৰে ভুল। তাইৰ
নামটো কেৱল সন্ধান কৰিয়েই ইমান দূৰ আগবাঢ়িব নালাগিছিল।
"বেংকৰ প্ৰেমত পৰা ল'ৰাটো" শিৰোনামটো অৱশেষত বিপৰীত হৈ পৰিল।।
Saturday, July 4, 2020
"শিক্ষক/শিক্ষাগুৰু হোৱাটো বৰ সহজ কথা নহয়"
✍ৰাজ্জাক আলী
এগৰাকী মানুহৰ জীৱনত শিক্ষকৰ অৱদান অপৰিসীম ।এটি জীৱন শিক্ষাগুৰুৰ অবিহনে আধৰুৱা ।জীৱনৰ খোজবোৰ শিক্ষাগুৰুৰ সু শিক্ষা দীক্ষাৰ বাবে সু ঠাইলৈ যাত্ৰা কৰে।
শিক্ষাগুৰু বুলিলেই চকুলৈ-মনলৈ আহে সৎ,সৰল,নিৰপেক্ষ, নিকা ,সুন্দৰ এটি এটি চেহেৰা,মন ।আজিও প্ৰাথমিক বিদ্যালয়ত পঢ়োৱা শিক্ষাগুৰুৰ সমানে খোজ নাকাঢ়ো। লগ পালেই আমি সৰহভাগেই নমস্কাৰ জনাই মাত এষাৰ লগাই আহোঁ।
প্ৰাথমিক বিদ্যালয় ৰ কথা এয়ে প্ৰথমে ক'লো কাৰণ বহু বছৰ আগতে এৰি আহিলোঁ ।কিন্তু সেই সৎ সৰল শুদ্ধ মনৰ শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা আজিও সমানে।
ঠিক তেনেদৰে হাইস্কুলৰ সন্মানীয় শিক্ষাগুৰু , মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰু, বিশ্ববিদ্যালয়ত লগ পোৱা সন্মানীয় শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা সমানে। এই যে সন্মান -শ্ৰদ্ধা এগৰাকী শিক্ষা গুৰুৱে যুগ যুগ ধৰি লাভ কৰি থাকে, সেয়া তেওঁৰ/তেখেতৰ প্ৰকৃৃত শিক্ষাকতাৰ মানপত্র।
শিক্ষাগুৰু কেৱল যে কেইখনমান চাৰ্টিফিকেট আৰু উচ্চ শিক্ষা অৰ্জন কৰিলেই নহ'ব ,লগত লাগিব এটি এটি উচ্চ ভাৱাসম্পৰ্ণ নিকা মন,প্ৰতি সময়ে নিৰপেক্ষ আৰু ইতিবাচক চিন্তাধাৰা, ত্যাগ ,সৎ স্বভাৱৰ গৰাকী সেয়া তেওঁলোকৰ পৰা প্ৰতি সময়ে শিকিছোঁ।
শিক্ষক হৈ ঠেক মনোবৃত্তি,
শিক্ষক হৈ অনৈতিক কাৰ্য,
শিক্ষক হৈ অসৎ স্বভাৱ,
শিক্ষক হৈ নেতিবাচক চিন্তা...
শিক্ষকতা নাথাকিলে ডাক্তৰ, অভিযন্তা, নতুন শিক্ষক,বিজ্ঞানী ইত্যাদি সকলো কেতিয়াবাই নাইকীয়া হৈ গ'ল হয়।আটাইতকৈ ডাঙৰ কথা প্ৰকৃত শিক্ষকৰ শিক্ষাৰ দ্বাৰাহে মানৱতাৰ সৃষ্টি ।মানৱ সম্পদৰ সৃষ্টি।
শিক্ষকতা ৰ সুফলৰ বাবেই নতুন নতুনকৈ জীৱন অংকুৰিত হৈ আছে।
কিন্তু মনে প্ৰাণে প্ৰকৃত শিক্ষাগুৰুৰ বাবেহে এইবোৰ সম্ভৱ।
কেইখনমান চাৰ্টিফিকেট আৰু শিক্ষাবৰ্ষ উত্তীৰ্ণ হ'লেই শিক্ষাগুৰু নহয় প্ৰকৃতাৰ্থত ,












