Monday, May 18, 2020

স্বাভাৱিক/কৰ'ণাবিহীন মৃত্যু আজি যেন ধুনীয়া"

-------------------------------------------------------------------------------------------------------------
(ধৰণীৰ পৰা কৰ'ণা মহামাৰী সোনকালেই নিঃশেষ হৈ পৰক সম্পূর্ণকৈ, তাৰে কামনাৰে)
                                         
                                   ✍ৰাজ্জাক আলী




জীবশ্রেষ্ঠৰ ,
         জীৱন আজি প্ৰতিকূল সময়ৰ কাষৰত,
সুন্দৰকৈ জীয়াই থাকিবলৈ
আনকি মৃত্যুও আজি অনুকূল বতৰাৰ সন্ধানত

কৰ'ণা অনুজীৱৰ ভয়াবহ আক্রমণত
জীৱনৰ লগতে স্বাভাবিক মৃত্যুও শলঠেকত
প্ৰতিৰক্ষাৰ হাজাৰ চেষ্টা অথলে
প্ৰতি আক্ৰমণৰ সঠিক অস্ত্রও হাতত নাই
যেন সকলো বিফল ...
দিনে -নিশাই হাজাৰৰ হাৰত
জীৱন বোৰে বিদায় মাগিছে ...
নিঃসহায় সকলো

স্বাভাৱিক/কৰ'ণাবিহীন মৃত্যু আজি যেন ধুনীয়া
মনত ভাবি ৰখা আপোন ঠাইখনতে
আত্মীয়ৰ সহযোগত
আত্মীয়ৰ পৰশ'লৈ
সৎকাৰৰ সুবাস

কৰ'ণাই  গ্ৰাস কৰা দেহটিয়ে চোন
আপোনজনৰ কাষৰলৈকে অহাৰ সুযোগকণ নাপায়,
মৃত্যুৰ পাছতেই যেন শতৰু  হৈ পৰে
অন্য জীৱনৰ বাবে,
আত্মীয়ৰ চকুলো শুকাই যায়
আপোনজনৰ নিথৰ দেহৰ কাষৰত নপৰাকৈয়ে ...

স্বাভাবিক মৃত্যু আজি ধুনীয়া অ ধুনীয়া,
নেদেখাজনৰ কাষৰত
কাতৰ অনুৰোধ,
এনে ভয়াবহ মৃত্যুৰ পৰা মানুহক ৰেহাই দিয়ক ৰেহাই,

যি মৃত্যুত আপোনজনক,
আপোনজনে এবাৰ চুই চাবলৈ, দুচকুৰে প্ৰত্যক্ষ কৰিবলৈ অন্তিম সুযোগকণ নাই,
তেনে মৃত্যু নালাগে অ নালাগে

আমি দেখিছোঁ, আজি বাটে -ঘাটে মৃতদেহ পৰি ৰৈছে(ইকুয়েডৰ দৰে দেশত)
সৰ্বশক্তিমান ৰাষ্ট্ৰত আজি মৃতদেহ সৎকাৰৰ ঠাই নোপোৱা হৈছে ..
হাজাৰ হাজাৰ মৃতদেহ খাল খান্দি পুতি দিয়া লৈছে একেলগে ডম ডমকৈ..

মৃত্যুৰ পাছতো মৃতদেহৰ বহু সন্মান থাকে অ
এনে অপমানজনক মৃত্যু নালাগে
স্বাভাবিক/কৰ'ণাবিহীন মৃত্যু মানেই যেন চৰম সুখ আজি
মৃতকৰ বাবেও
মৃতকৰ পৰিয়ালৰ বাবেও ...... 

Sunday, May 17, 2020


এইবাৰ ঈদত  নতুন কাপোৰ নিকিনো

------------------------------------------------
                                   ✍ৰাজ্জাক আলী


কেইদিনমান আৰু ঈদৰ ন জোন আকাশত,
পিছদিনা ঈদ,
ত্ৰিশদিনীয়া ৰোজাৰ  অন্তত,
ঈদ বুলিলেই আনন্দ, উৎসাহ বুকুৰ মাজলৈ প্ৰবাহিত

সৰুতে ঈদ বুলিলেই
নতুন কাপোৰ পাওঁ,
নতুন কাপোৰ পিন্ধি  ঈদ খাবলৈ অতিথি হওঁ
কাষৰ ঘৰত, আত্মীয় ৰ ঘৰত।
ঈদৰ নামাজে আৰু উৎসাহিত কৰি তুলে ,
দুদিন পূৰ্বৰ পৰাই লগোৱা ঈদৰ গেট,
ৰঙীন লাইটে ঈদৰ অগা-পিছা ৰাতিবোৰো মনোমোহা কৰি তুলে

কিন্তু, দুহেজাৰ বিশ যেন
বিষাদৰ  বছৰ হৈ পৰিল
হেঁপাহৰ বিহুটো  উৎসাহহীনকৈয়ে পাৰ হৈ গ'ল,
(এতিয়া কাষৰত ঈদ)
সময়বোৰ দুঃসময় লৈ পৰিণত
জীৱনবোৰলৈ অমানিশা নামি আহিল,
ক'ৰণা মহামাৰীয়ে ক্ষত-বিক্ষত কৰি তুলিলে মানৱ জীৱন ..

ইফালে ক'ৰণা মহামাৰীয়ে জীৱন কাঢ়ি নিয়াৰ ভয়াবহতা,
আনফালে লাখ লাখ শ্ৰমিক-দুখীয়াৰ জোখে-মাখে চলি থকা জীৱনবোৰ ৰুদ্ধ ...
হাৰি নগ'ল মধ্যবিত্ত, চহকী ও ..
স্বাভাবিক জীৱন কৰবাত নহয় কৰবাত বাধাগ্রস্ত সকলোৰে ...

আনন্দ- ফূৰ্তি বোলা শব্দবোৰ যেন কৰবাত হেৰাই গ'ল
"অনুপম জীৱন"ৰ অপহৰণ

সৰুৰে পৰা ঈদত নতুন কাপোৰ অভ্যাসটো বিগত ঈদৰ লৈকে আছিল,
(মাথো এতিয়া নিজে কিনো)
সৰুৰ দৰেই বহুত ফূৰ্তি নাই,
যদিও ঈদ বুলিলেই কিবা এটা ভাল লাগি যায়,
তাতে ৰোজাৰ অন্তত ঈদৰ মজাই বেলেগ ...

কিন্তু এইবাৰ মনবোৰত কলা ডাৱৰ
ফৰকালনো  কেনেকৈ হ'ব?
জীৱনবোৰ যেনেকৈ হেৰাই গৈছে ,
মানুহৰ জীৱনৰ ছবিবোৰত ৰঙীনতা কমি গৈছে,
তেন্তে পৰিস্থিতিত কিদৰে নতুন কাপোৰ পিন্ধো ঈদত,
মনটোৱে,
হৃদয়ে,
শৰীৰটোৱে
অনুমতি নিদিয়ে কেতিয়াও....

সাহসো  নাই, নতুন কাপোৰ কিনাৰ
কাপোৰ কিনিবলৈ দুভৰি  আগ নাবাঢ়ে
চকুৱে হৃদয়বিদাৰক দৃশ্য বোৰ দৃশ্যমান কৰি তুলে
ক'ৰণাই আঁকি পেলোৱা ভয়াবহ সেই চিত্রবোৰ

ঈদৰ নামাজ পঢ়িবলৈ ঈদগাহলৈয়ো নাযাওঁ
দেশৰ প্ৰধানৰ, প্ৰশাসনৰ নিৰ্দেশনাক স -সন্মান জনাই, 
ঘৰৰ চাৰিবেৰৰ মাজতে ঈদৰ নামাজ
(চলিত সময়ৰ প্ৰতিটো নামাজৰ দৰে)

দুহাত মেলি  ঈদৰ নামাজত দোৱাত  ,
(চলিত সময়ৰ প্ৰতিবাৰৰ দোৱাৰ দৰেই)
নেদেখাজনৰ কাষৰত বিনম্র  অনুৰোধ,
"ক'ৰণাই আঁকি পেলোৱা ভয়াবহ চিত্রবোৰ সম্পূর্ণ নষ্ট হৈ পেলাওঁক,
স্বাভাবিক জীৱনৰ ৰঙীন চিত্রবোৰ পুনৰ অংকিত হওঁক, 
সুন্দৰতা নামি আহক, প্ৰতিটো জীৱনত..."।। 



Wednesday, May 13, 2020

              স্বৰ্গ বা জন্নতৰ সোৱাদ আচলতে পৃথিবীতে আছে

_______________________________________________________________________________________

                                                                  ✍ৰাজ্জাক আলী


       মই জনাত  কোনো ধৰ্মতে মা-দেউতাকক বেয়া ব্যবহাৰ কৰা , 

মানুহৰ প্ৰতি বেয়া চিন্তা কৰিবলৈ শিকোৱা নাই। 

ধাৰ্মিক মানে ধৰ্মীয় দিশত বেছিকৈ জড়িত মানুহবোৰ এই ক্ষেত্ৰত আগভাগত হে থাকিব লাগে। মানে মা-দেউতা সহিতে মানুহক প্ৰতি ভাল দৃষ্টিভংগী তেওঁলোকৰে বেছি হ'ব লাগে,   কাৰণ তেওঁলোকে ধৰ্মক আন দহজনকৈ ভালকৈ জানে।

 প্ৰতি ধৰ্মই দেশক ভালপাবলৈ শিকাই অৰ্থাৎ ধৰ্মীয় গ্ৰন্থবোৰত লিখিত আছে। তেন্তে নিশ্চয়কৈ অত্যাধিক ধৰ্মীয় লোকসকল দেশৰ প্ৰতি ভক্তি সাধাৰণ ব্যক্তিতকৈ বেছি হ'ব। 


কিন্তু দুখৰ বিষয়, এচাম(সকলো নহয়) তেনে ব্যক্তি আপুনি -মই ভবাৰ দৰে একেবাৰে নহয়। 

মা-দেউতাকক বেয়া ব্যৱহাৰ , অপমানিত কৰা, 

মানুহৰ প্ৰতি বেয়া চিন্তা, 

লগতে দেশৰ প্ৰতি অলপো সন্মান নাই তেনে এচাম ব্যক্তিৰ। 

এতিয়া  কথাটো হ'ল এনে নেতিবাচক কৰ্মবোৰ নকৰিবলৈ সকলো ধৰ্মতে লিখিত বা খুদিত আছে। কিন্তু ধৰ্ম দিশত আগৰণুৱা বুলি চিনাকি দিয়া এচামে কিন্তু সেই নেতিবাচক কৰ্ম বোৰ কৰে। আচৰিত .... 


স্বৰ্গ বা জন্নতৰ সোৱাদ আচলতে পৃথিৱীতে আছে .. (উপৰোক্ত নেতিবাচক কৰ্মই সেই সোৱাদ কোনো ঠাইতে নিদিয়ে সম্ভৱতঃ) 

পৃথিৱীক ভালপাবলৈ শিকক,

মানুহক ভালপাবলৈ শিকক, ভাবাধাৰা ইতিবাচক কৰক, 

পৃথিৱী দেখুওৱা মা -দেউতাক শ্ৰদ্ধা-সন্মান কৰক,
যি দেশক জন্ম লৈছে সেই দেশক ভাল পাবলৈ, ভক্তি কৰিবলৈ শিকক সু-হৃদয়েৰে ,
তাতকৈ পূণ্যৰ কৰ্ম নাই আৰু তাৰ পৰিণতিত পোৱা সুৱাসবোৰ, স্বৰ্গ বা জন্নতকৈ কোনো গুণেই কম নহয়। 


Tuesday, May 12, 2020

   প্ৰতিগৰাকী নাৰ্চলৈঃ কেইশাৰীমান শব্দ-বাক্যৰ সজ্জা

                   -----------------------------------------------------------------------

                                                               ✍ৰাজ্জাক আলী

    



"এইয়া আপোনাৰ মৰমৰ সন্তানটি"
বহু মধুৰ আৰু প্ৰতিগৰাকী মাতৃৰ হৃদয়ত বুজাব নোৱাৰা প্ৰশান্তি দিয়া শ্ৰেষ্ঠ চাৰিটি শব্দ,
কণ্ঠত-নাৰ্চ
নাৰ্চৰ  মৰমীয়াল হাতৰ পৰশতে মাতৃলৈ অৰ্পণ সন্তানক
এটি এটি জীৱনৰ
আৰম্ভণি,
মাতৃত্বৰ উম


বিশ্ব স্বাস্থ্যৰ সু নেতৃত্বত,
স্বাস্থ্য সেৱাৰে মানৱ সম্পদ সংৰক্ষণ,
নাৰ্চিং কেৱল চিকিৎসা যন্ত্রৰেই নহয়
  ইতিবাচক কন্ঠৰে, আনন্দময় হাঁহিয়াল পৰিবেশেৰে, আলসেৰে  প্ৰতি ৰোগীৰ মানসিক শকতি আধাৰস্বৰূপ,
চিকিৎসকৰ প্ৰতি চেকেণ্ডৰ সহযোগী,
চিকিৎসক অবিহনে নাৰ্চ যিদৰে
নাৰ্চ অবিহনে চিকিৎসক তেনেদৰেই  আধৰুৱা
চিকিৎসককৈও  ৰোগীৰ কাষৰত
ক্ষণৰ সংখ্যাত অধিকতম
থিয় দিয়া গৰাকীয়ে নাৰ্চ,
দিন হওঁক অথবা ৰাতি


বিশ্বত আজি ক'ৰণাতংগ
লক্ষ লক্ষ জীৱন মুহূর্ততে নিঃশেষ
কোটিৰ শাৰীত জীৱন কিন্তু আৰোগ্য
সৰ্বাধিক শ্ৰেয়, চিকিৎসক, নাৰ্চ(চেলুট)
পৰিয়াল-সংসাৰ,  সামূহিক বিৰতি দি
নিজা সন্তানৰ পৰা আঁতৰি,
কণমানি সন্তানৰ কাষ চাপিব নোৱাৰা,
চুবলৈ নোৱাৰা বেদনা
নাৰ্চৰূপী মাতৃৰ,চিকিৎসক ৰূপী মাকৰ
সন্মুখত কৰ্তব্য, "জীৱন বচোৱা"ৰ,
কেৱল  ৰোগীৰ সেৱাত  নিমগ্ন
ইয়াতো সৰ্বাধিক কাষৰত "নাৰ্চ"


সদ্য প্ৰসূতিত কেঁচুৱাৰ
পৰা বৃদ্ধলৈ স্বাস্থ্যসেৱাত অভুতপূৰ্ব বৰঙণি
নাৰ্চৰ .....
চেলুট নাৰ্চ
চেলুট চিকিৎসা সেৱা




Thursday, April 16, 2020

               "সেয়াই হ'ব, আজিৰ সময়ত আটাইতকৈ ডাঙৰ মানৱসেৱা.."

_______________________________________________

                           ✍ ৰাজ্জাক আলী

                                                                                  


কিয় এনে কৰিছে


বহু দুখৰ বিষয় , 
এচাম আজিও সজাগ নহ'ল। 
তেওঁলোকৰ বাবেও
 জীৱন ভয়াবহতাৰ গৰাহত ৰাখি সেৱা কৰা সকলৰ ত্যাগবোৰ, কষ্টবোৰ নষ্ট হোৱাৰ পথত ... 

পৰিয়াল এৰি, নিজা স্বাভাবিক জীৱন এৰি মানৱ সেৱা কৰা সকলৰ কথা অনুগ্রহ কৰি এবাৰ ভাবি চাওঁক, 

চিকিৎসক,আৰক্ষীৰূপী 
পিতৃ-মাতৃয়ে সন্তানৰ কাষৰত থাকিব পৰা নাই, 
কাৰ বাবে ... 
বৃদ্ধ পিতৃ-মাতৃৰ কাষৰত নাই পুতেক-জীয়েক
তেওঁলোক হয়তো আৰক্ষী অথবা চিকিৎসক, 
কাৰ বাবে ... 
এবাৰ ভাবিবলৈ যত্ন কৰক
ভয়াবহতা বুজিবলৈ নিবিচৰাসকল
এবাৰ ভাবিবলৈ যত্ন কৰক



জীবশ্রেষ্ঠ মানুহ, 
এই সজাগ হ'ব নিবিচৰা চাম
আপোনাসৱক কৈছোঁ, 
'আপোনালোকো মানুহ, 
কিয় বুজিবলৈ নিবিচাৰে 
মগজু'চোন আপোনাসৱৰো আছে, 
তেন্তে কিয়, কিয় এনে কৰিছে

প্ৰশাসনে কৈছে দূৰত্ব বজাই ৰাখক
ভিৰ হোৱা ঠাইবোৰ বন্ধ ইতিমধ্যে, নিষেধাজ্ঞা, 
কিন্তু 
মগজু থকা এচামে ঘৰত মানুহ গোট খোৱাই আড্ডা, উপাসনা গাতে গাত লগাই, 
বাটে-পথে জুম, 
নানা খেলত মগ্ন, 
আৰক্ষী-প্ৰশাসন আহিলেহে পলায়ন, 

কিয় বুজি উঠা নাই 
এয়া চুৰ পুলিচৰ খেলা নহয়
"জীৱনক বচাই ৰাখিবলৈ জীৱনৰ গৰাকীক কাতৰ অনুৰোধ"

চকুপানী ওলাই গৈছে, 
শুৱলৈ পৰা নাই অ ... 
মৃতদেহৰ শাৰীবোৰ দেখি ভয় খাইছোঁ, 
আত্মীয়ই  আপোনজনৰ মৃত্যুদেহ চাব নোৱাৰা হৃদয়বিদাৰক দৃশ্যবোৰেও আমনি কৰিছে বাৰুকৈ.. 

মূল্যৱান জীৱনবোৰ হেৰাই গৈছে
পৃথিৱী উন্নতিৰ বহু বছৰ পিছলৈ গুছি যাব
অনুধাবন কৰিলেই কঁপি উঠিছে বুকু .. 

হায়, ইমান ভয়াবহতাৰ পিছতো 
কাণসাৰ নাই, 
গাৰ নোঁম এডালো কম্পিত হোৱা নাই এচামৰ, 
কিমান চকু মেলি অন্ধ হৈ থাকিব, 
মগজু থাকিও ব্যবহাৰ নকৰি পেলাই থ'ব, 
কেতিয়ালৈকে ......... 
কেতিয়া বাৰু বুজি উঠিব?? 
ভয়াবহতা উপলব্ধি কৰিবলৈ কিমান সময় লাগিব?? 
সকলো হেৰুৱাৰ অপেক্ষা নেকি ... 

হাত যোৰ কৰি কাতৰ অনুৰোধ
এনেকৈ আৰু নকৰিব
বুজি উঠক বুজি
"সেয়াই হ'ব  "আজিৰ সময়ত আটাইতকৈ ডাঙৰ মানৱসেৱা ...... "


Friday, April 10, 2020

" চেলুট বেংকাৰ"
আপোনালোক কুশলে থাকক
_______________________

                               ✍ৰাজ্জাক আলী





চিকিৎসক,আৰক্ষী-প্ৰশাসনৰ লগতে
বেংকাৰসকলো সেৱাত
বেংকাৰৰ বন্ধ  নাই
'ঘৰতে থাকক সুৰক্ষিত থাকক 'ৰ শাৰীত তেওঁলোকেও নপৰে
বিত্তীয়  প্ৰতিষ্ঠানসমূহ কৰ্মৰত
উদ্দেশ্য-কৰ'ণা মহামাৰীৰ দুৰ্যোগৰ এই ক্ষণত যাতে ৰাইজৰ সেৱাত  কোনো ত্ৰুটি নৰয় ...

বেংক বন্ধ হৈ থাকিলে বহু ঘৰ
পৰিচালনাত ব্যাঘাত,
বহু অৰ্থনৈতিক কৰ্মৰাজি ৰুদ্ধ....
সেয়েহে মৃত্যুব্যাপী   ভয়াবহতাৰ ক্ষণটো  জীৱনক শলঠেকত পেলায়ো কৰ্মত বেংকাৰ....

নিজে সজাগ,সচেতন হ'লেই নহ'ব
এই  সময়  ,
প্ৰতি ব্যক্তি সচেতন, সজাগ হোৱা নিতান্তই ,
কিন্তু  কিমানজনে হৃদয়ঙ্গম কৰে,উপলব্ধি কৰে এই ভয়াবহতা,
ক'বলৈ গ'লেও ওলোটা খৰ বাক্যবাণ , গালিহে পাৰে ( সাধাৰণ দিনবোৰটো ব্যতিক্ৰম নহয় )
বেংকাৰসকল এচাম তেনে গ্ৰাহকৰ সন্মুখীন ,
বহু সহ্যৰে জনসেৱা.....
অতিষ্ঠ হৈ কেতিয়াবা দুষাৰ মাতিবলৈ বাধ্য

বেংকাৰ সকলৰো নিজা জীৱন আছে,
পৰিয়াল আছে, চিন্তা  আছে
তেওঁলোকৰ সাৱধানতা
এজাক অসাৱধানতাই নষ্ট কৰি পেলোৱা ভয় তেওঁলোকৰো আছে,
এই সময় স্বাভাবিক নহয়

গ্ৰাহকৰ সেৱা -জীৱনৰ প্ৰয়োজনীয় সুৰক্ষা বাবে
ভয়াবহতাৰ মাজতো বেংকৰ দুৱাৰখন মুকলি,
বেংকাৰসকল কৰ্মস্থলীত......
পুনৰ কওঁ "ঘৰতে থাকক সুৰক্ষিত থাকক" তেওঁলোকৰ শাৰীত নপৰে


বেংকাৰসকলৈ স-সন্মান
শ্ৰদ্ধা অজস্র
আপোনালোকো  কুশলে থাকক
পৃথিৱীৰ অসুখৰ এই ক্ষণত
জনতাৰ জনসেৱাৰ অব্যাহত ৰাখিছে
চেলুট বেংকাৰ .........

Tuesday, April 7, 2020


"সমীপেষু 'আৰক্ষী'

আপোনালোক কুশলে থাকক"_______________________________


                                ✍ৰাজ্জাক আলী



অস্থিৰ আজি সময়
চকুলো নিগৰিছে ধৰাৰ,
সন্মূখত মুহূর্ততে জীৱন নিঃশেষ কৰা মহামাৰী

জীৱন ৰক্ষাৰ আন্দোলনত
আৰক্ষী-প্ৰশাসন
"জনহিত জনসেৱাৰ্থে"

সময়ত আপোনাক-আমাক ঘৰতে থাকিবলৈ
কাতৰ অনুৰোধ আৰক্ষী-প্ৰশাসনৰ
কাৰণ -জীৱন হেৰুৱাৰ শংকা

আপোনাৰ-আমাৰ জীৱনৰ ৰক্ষণাবেক্ষণৰ বাবে
আপোনালৈ
আমালৈ অনুৰোধ,
ই চুৰ পুলিচৰ কোনো খেলা নহয়,
ভয়াবহ মহামাৰী
সংক্ৰমণ ইজনৰ পৰা সিজনলৈ তীব্র গতিৰে

তথাপিও সমাজৰ সৰহসংখ্যকে বুজাবলৈ অপাৰগ,
তৰলভাৱে লৈ ,নিৰ্দেশনা উলংঘা,
অসভ্যালী- ল'ৰা -ধেমালি ,
এইচামৰ বাবেই আৰক্ষীৰ ঘনাই ঘনাই
পেট্ৰলিং অলিয়ে -গলিয়ে

আৰক্ষীও মানুহেই অ,
তেওঁলোকেও সংক্ৰমণত জৰ্জৰিত হ'ব পাৰে
তথাপিও আপোনাৰ -আমাৰ জীৱনক লৈ চিন্তা,
তেওঁলোকৰো পৰিয়াল আছে
কিছুমানে ভুকে -পিয়াহেও মানুহৰ জীৱনৰ সুৰক্ষাৰ  অৰ্থে কৰ্মৰত
ৰ'দে-ৰ'দে ....
লক্ষ্য- যাতে কোনো জীৱন আক্রান্ত হৈ  হেৰাই নাযায়

অনুগ্রহ কৰি সকলোৱে আৰক্ষী-প্ৰশাসনক সহযোগিতা কৰক, সহযোগ  কৰক
তেওঁলোকৰ কষ্ট-ত্যাগক
উপলুঙা নকৰিব,
আমাৰো হাতযোৰ কৰি অনুৰোধ ...

পেট্ৰলিং ৰ গাড়ী আতঁৰি গৈছে
এচাম  লোক আকৌ গোট খাইছে,
বহু ঘৰৰ ভিতৰত এজাক লোক গোট খাই আড্ডা ,
কিয় কৰিছে এনেকুৱা
পুনৰ কওঁ, এইয়া চুৰ -পুলিচৰ খেল নহয়
ভয়াবহ মহামাৰী ৰ বিপক্ষে যুজঁহে,
লুকাই থকা অথবা নিৰ্দেশনা উলংঘা কৰাজনৰো
জীৱন কাঢ়ি লৈ যাব পাৰে এই মহামাৰীয়ে ।

ভুলটোৰ  বাবে আত্মীয়-স্বজনৰ, সমাজখনৰো অনিষ্ট..

প্ৰশাসন-আৰক্ষীক শ্ৰদ্ধা কৰক
তেওঁলোকৰ নিৰ্দেশনা মানি চলক


সকলো আৰক্ষী বিষয়া-কৰ্মচাৰীলৈ
সহস্ৰ প্ৰণাম,
আপোনাসৱৰ কষ্ট-ত্যাগক সন্মান,
কুশলে থাকক আপোনালোক .....