Friday, February 23, 2018

স্থান, কাল,পাত্ৰ, জীৱন আৰু জীৱনৰ অধিনায়ক "

"স্থান, কাল,পাত্ৰ, জীৱন আৰু জীৱনৰ                          অধিনায়ক "

                                   👉ৰাজ্জাক আলী

মানৱ জীৱনটো শৃংখলাবদ্ধ ভাৱে বা পৰিপাতিকৈ পৰিচালনা কৰা বৰ সহজ নহয় ।বহুজনৰ বাবে সেয়া কাল্পনিক, বহুজনে বুজিয়ে নাপায় জীৱনটো শৃংখলাবদ্ধতা বুলি কিবা এটা থাকে যে ।

জীৱনটো শৃংখলাবদ্ধ কৰাৰ মাত্ৰেই জীৱন বাটৰ সকলো দিশ নিজাকৈ শৃংখলাবদ্ধ হৈ উঠে। ফলশ্ৰুতিত জীৱনৰ সৌন্দয্যতা বৃদ্ধি পায় ।

জীৱন এটি পৰিচালনাৰ বাবে এক প্ৰয়োজনীয় পদ্ধতি হ'ল স্থান ,কাল-পাত্ৰ নিৰূপণ কৰি জীৱনটো  পৰিচালনা কৰা। ব্যক্তিগৰাকী কোন স্থানত আছে, কি কৰ্মৰ আছে ,ওচৰে পাচৰে থকা মানুহৰ লগত সম্পৰ্ক কেনেকোৱা... অগ্ৰজ-অনূজ-নে বন্ধুত্বৰ ....
সকলো চালি-জাৰি জীৱনটো পৰিচালনা কৰাটো উচিত।

এটি জীৱনে নিজৰ কাৰ্যকালত বিভিন্ন পৰিবেশত বেলেগ বেলেগ ধৰণেৰে নিজকে  উপস্থাপন কৰাটো উচিত ।
ঘৰত থাকোতে ঘৰুৱাভাৱে নিজকে উপস্থাপন ,

লগৰ-সমনীয়াৰ সৈতে থাকিলে বন্ধুত্বসুলভ আলাপ -বাৰ্তা, আচৰণ,

কৰ্মক্ষেত্ৰত থকাৰ সময়ত কৰ্মক্ষেত্ৰৰ পৰিবেশমতে নিজকে উপস্থাপন ,

সভা-সমিতি উপস্থিত থাকিলে বা আমন্ত্ৰিত অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰিলে তাৰ গভীৰতা বুজি নিজকে উপস্থাপন কৰিব লাগে।

মুঠৰ ওপৰত স্থান-কাল-পৰিবেশ-পাত্ৰ  চাই প্ৰতিপলে নিজকে উপস্থাপন কৰিব লাগে।

তেনেকৈ নহ'লে অৰ্থাৎ তাৰ বিপৰীত হ'লে জীৱনটো বিশৃংখল  হোৱাৰ বাহিৰে আন একো নহ'ব । বিশৃংখল জীৱনে কেতিয়াও জীৱনৰ সৌন্দয্যতা বাট বিচাৰি নাপায় ।লগতে জীৱনৰ সুবাস ক্ৰমাৎ নাইকীয়া হয়।গভীৰতা হ্ৰাস পাই জীৱনৰ।

জীৱনৰ অধিনায়ক :
 প্ৰতিসময়ে তোমাৰ জীৱনটো শৃংখলাবদ্ধ ভাৱে পৰিচালনা হৈছে নে নাই তাক চাই থাকিবলৈ শুভাকাংক্ষী সকল  অথবা আত্মীয়স্বজন কাষৰত নাথাকিব পাৰে।
গতিকে জীৱনৰ অধিনায়ক পৰাপক্ষত নিজে হোৱাটো নিত্যন্তই প্ৰয়োজন ।

ক্ৰিকেট খেল এখনত বিজয়ী হ'বলৈ যিদৰে অধিনায়কৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে ঠিক তেনেকৈ জীৱনত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ জীৱনৰ অধিনায়ক হ'ব লাগিব। সেই অধিনায়ক নিজেই হ'ব  লাগিব।

কোন স্থানত আছা?
ক'ত আছা?
কাৰ লগত আছা?
কি কামত আছা?
এই
প্ৰতিদিশ এক অধিনায়ক ৰ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি জীৱনটো পৰিচালনা কৰি যাব লাগিব।
তেতিয়াহে জীৱনৰ চূড়ান্ত বিজয়ৰ সুবাস  কাষৰত উপস্থিত হ'বহি লগতে চিৰদিন কাষৰত থকাৰ প্ৰতিশ্ৰুতি য়ো প্ৰদান কৰিব..........।।


Monday, February 19, 2018

"বক্ৰ দৃষ্টিৰে: তামোল পাণৰ দোকানী এজন আৰু এজন গ্ৰাহক" 
                    👉ৰাজ্জাক আলী

গ্ৰাহক এজন তামোল পান কিনিবলৈ দোকান এখনলৈ গ'ল

গ্ৰাহক(দোকানী উদ্দেশ্যে ): পাণ ৰ গোচি কিমান
দোকানী:কোনটো পাণ লাগিব
গ্ৰাহক :সেউজীয়া  এই পাণ কেইটাৰ কথাই কৈছো।
দোকানী: মানে কোনটো গোচি লাগিব
              তিনি প্ৰকাৰৰ গোচি আছে
             দাম বেলেগ
গ্ৰাহক :কোনটো কেনেকৈ
দোকানী:বাৰী পাণ বিশ টকা
            বৰপেটীয়া পাণ পোন্ধৰ টকা
            আৰু
              নগা পাণ পাঁচ টকা
গ্ৰাহক-বাৰী পাণটো বুজি পাইছো এই বৰপেটীয়া আৰু নগা পাণটোৰ বিষয়ে বুজা নাই।
দোকানী- মানে দাদা  এইটো বৰপেটাৰ পৰা অহা বাবে  বৰপেটীয়া পাণ আৰু
আন নগালেণ্ড পৰা অহা বাবে নগা পাণ।
গ্ৰাহক : অ হয় নি?? বাৰী পাণটো ক'ত তেন্তে?
দোকানী- দাদা এই আমাৰ অংকণ হঁতৰ বাৰীৰ পাণ।লোকেল...
গ্ৰাহক -বুজিছো বাৰী পাণ টোৰ কথা।
বাকী দুটা বাৰী পাণ নহয় তেন্তে  ন
দোকানী-নহয় দাদা
গ্ৰাহক :তেন্তে  ক'ত লাগে সেইবোৰ
দোকানী:(মূৰ খজুৱাই) দাদা ক'লো নহয় নগালেণ্ড আৰু বৰপেটা
গ্ৰাহক :নগালেণ্ড -বৰপেটা ৰ ক'ত লাগে/হয় এই পাণবোৰ
দোকানী:(অশান্তিত): দাদা খেতি কৰে তেওঁ লোকে..আমি অৰ্ডাৰ দিওঁ তেওঁলোকে পঠাই দিয়ে..
গ্ৰাহক-খেতি ক'ত কৰে তেওঁলোকে??
দোকানী-দাদা তেওঁলোকৰ ডাঙৰ ডাঙৰ বাৰী আছে।
গ্ৰাহক : তেন্তে বাৰীত হয় ন সেই পাণবোৰো
দোকানী: (উহহ) উম হয় দাদা
গ্ৰাহক :তেন্তে সেইবোৰো বাৰী পাণ
দোকানী:(ঘামী গৈছে) অ হয় ..
গ্ৰাহক : তেন্তে  তুমি কিয় আগত কৈ আছিলা সেইবোৰ বাৰী পাণ নহয়েই বুলি?
দোকানী- (খঙত)ভুলতে কৈ পালো
              আপুনি যাওঁক দাদা
গ্ৰাহক : কিয় যাম ??
           পাণ লৈ যাম
দোকানী- উহহহহ কোনটো গোচি ল'ব?
     গ্ৰাহক : অকণৰ বাৰীৰ পাণ
দোকানী:লওঁক ..পোন্ধৰ টকা দিয়ক
গ্ৰাহক :(পাণ লৈ) মোক অকৰা পাইছা নেকি
        লোৱা পাঁচ টকা
দোকানী:পোন্ধৰ টকা আৰু দহ টকা দিয়ক
গ্ৰাহক :অকণৰ ঘৰৰ পাণ পাঁচ টকাহে পাবা।ওচৰৰে হে.....
         বৰপেটা বা নগা পাণ ললেহে দহ বা পোন্ধৰ দিয়া হয় । ওচৰৰ পাণ খৰছো কম। আমি ও ব্যবসায় জানো ন ...

দোকানী-বেহুচ......

Thursday, February 15, 2018

     "মেট্ৰিক  পৰীক্ষা , পৰীক্ষাথী,  মা -দেউতা আৰু কিছু অনুভৱ..."

                                   👉ৰাজ্জাক আলী


আজিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা (মেট্ৰিক ) আৰম্ভ আৰু কেইদিনমান পিছতে চি বি এচ ই ৰ মেট্ৰিক পৰীক্ষা ।

      পৰীক্ষাৰ্থীৰ ৰ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ সময় ।কোৱা হয় ইয়াৰ পৰাই জীৱনৰ গতি বহুদূৰ নিৰ্ণয় হয়।আৰম্ভণি ...............

পৰীক্ষাৰ্থীৰ সম্পৰ্কে বেছিকৈ নিলিখো আজি ।মাথো আশা কৰো তোমালোকে ভয় নাখাই, নাৰ্ভাছ নহয়,ইতিবাচক আৰু সূৰুযমুখী মন লৈ পৰীক্ষা ত অৱত্তীৰ্ণ হ'বা। তোমালোক সকলোলৈ শুভকামনা থাকিল।

আজি পৰীক্ষাৰ্থীৰ  মা দেউতাকৰ বিষয়ে ক"ব আগবাঢ়ি ছো। বাহ্যিকভাৱে চাবলৈ গ'লে পৰীক্ষাৰ্থী গৰাকী য়ে পৰীক্ষা ত অৱত্তীৰ্ণ  হয়।কিন্তু যদি গভীৰতা লৈ পম্পা খেদি যোৱা হয় তেতিয়া দেখা যায় পৰীক্ষাৰ্থীৰ লগতে মা দেউতা য়ো পৰীক্ষা ত অৱত্তীৰ্ণ হয় । সন্তানৰ পৰীক্ষা ৰ বাবে যিমান চিন্তা গুৰুত্ব তাতকৈ হাজাৰ গুণ বেছি মা দেউতাকৰ ।

মা দেউতা ই মেট্ৰিক কেন্দ্ৰীক সন্তানৰ লগত সমানে অধ্যয়ন কষ্ট কৰাৰ দৰে হয়। সন্তানে কি পঢ়িছে,পাৰিছে নে নাই,কোনটো কোনটো বিষয়ত দুৰ্বল ,সেই বিষয়টোৰ কোনটো ভাগ বেছি দুৰ্বল সেইটো সন্তানতকৈ মা-দেউতা কেহে ভালকৈ জানে।

ৰাতিপুৱা সোনকালে উঠি ৰন্ধা ৰ কাম কৰি ,খোৱাৰ যোগাৰ দিয়াৰ পিছত মায়ে সন্তানৰ  লগত লাগি যায় অধ্যয়ন ত। কি কি লাগিব,কিবা কম হৈছে নেকি,কি বুজি পোৱা নাই।সকলোৰে ওপৰত মাৰ চকু...
বুজি নোপোৱা বোৰ নিজে বা শিক্ষকক বা জনাসকলৰ পৰা সংগ্ৰহ  কৰি সন্তানৰ কাষৰত প্ৰদান  কৰি দিয়ে।

পঢ়াৰ মাজত যাতে টোপনি  আহি নাযায় তাৰ বাবেও মায়ে যোগাৰ কৰি থয়। এইটো স্বাভাৱিক যে কিতাপ ৰ মাজৰ বেছি সময় থাকিলে টোপনি কাষৰত আহিবই।তাৰ বাবে মায়ে গৰম গৰম চাহ-কফি আদি যোগাৰ  দি থাকে।


দিনটোৰ পিছত আবেলি আৰু আবেলিৰ পিছত  নিশা।
সন্তানৰ সমানে  সমানে সাৰ পাই থাকে। তেওঁ ভালকৈ জানে যদি তেওঁ শুই যায় সন্তানে পঢ়াত বেছি গুৰুত্ব নিদিব,মা কৰ লগতে তাকো বা তাইকো শুবলৈ মন যাব। সেয়ে মাকে নিৰ্দ্ধাৰণ কৰি দিয়া সময় লৈকে ব্যস্ত মাক-সন্তান দুয়ো পৰীক্ষা ৰ প্ৰস্তুত টিত।

সন্তানে যদি এবাৰ কৈ মা এইটো বুজি পোৱা নাই।লগে লগে মায়ে সকলো একাকাৰ কি লাগি যায় সেই বিষয়ে সন্ধান কৰাত(ইণ্টাৰনেট, কিতাপ বা অন্য উৎসৰ পৰা) আৰু মা সফলো হয়।

মায়ে ইমানবোৰ  প্ৰদান কৰাৰ পিছত সন্তানৰ পৰা ইমানেই আশা কৰে যে ভাল ফলাফল এটা উপহাৰ দিব পাৰে যাতে । এগালমান মানে এশ শতাংশ নম্বৰ  নালাগে মাক। লাগে মাথো আশা কৰা ফলাফল এটা।যি ফলাফল লে সুখী কৰিব পাৰে তেওঁক।

মা এ জানে সন্তানক পৰীক্ষা ৰ বাবে বৰ বেছিকৈ পঢ় পঢ় বুলি কৈ থাকিলে পৰীক্ষা সন্তান ৰ বাবে বোজা হৈ পৰিব পাৰে।সেয়েহে সন্তান ৰ মনৰ কথা বুজি পৰিচালনা কৰি যায় মাকে।
 
দেউতাকে  প্ৰয়োজনীয় সকলো সামগ্ৰী  যোগাৰ, সময় সাপেক্ষে অধ্যয়ন ৰ খবৰ ল'বলৈ সন্তান ৰ টেবুলৰ বহি যায় ।কি কি পাৰিছে,কিমানদূৰ প্ৰস্তুত হৈছে সকলোবোৰ ৰ বিৱৰণ  লৈ থাকে ।

মুঠৰ ওপৰত মুখ্যতঃ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ লগত মা-দেউতাকে ও প্ৰস্তুতি ত থাকে
প্ৰায় পৰীক্ষা ত অৱত্তীৰ্ণ  হোৱাৰ দৰেই হয়।

  শেষত ছেবা আৰু চি বি এচ ই ৰ মেট্ৰিক পৰীক্ষা ৰ প্ৰতিগৰাকী পৰীক্ষাৰ্থীৰ মাতৃ -পিতৃক মোৰ তৰফৰ পৰা আন্তৰিক শুভকামনা যাঁচিলো।

আপোনাসৱৰ ত্যাগ, কষ্ট ৰ পৰিণতিতে ভবিষ্য বোৰে উজ্জ্বল তাৰে হাঁহিব পাৰিব। যাৰ সুবাস পৃথিৱীৰ  প্ৰায়  প্ৰতিটো প্ৰান্তত কোনোবা নহয়  কোনোৱা ক্ষেত্ৰত পোহৰাই থাকিব আন্ধাৰ ক আঁতৰাই ......

  তাৰে কামনা সকলোৰে..........

Saturday, December 30, 2017

       কাজিৰঙাৰ বাতৰি পাইছেনে আপোনালোকে? যদি নাই পোৱা তেন্তে শুনক,বৰ্তমান কাজিৰঙাৰ পৰিস্থিতি অতি ভীষম। জন্তুবিলাকৰ মাজত খঙে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।খং উঠাৰ মুখ্য কাৰণ হ'ল- সিহঁতে বানৰ কবলত অ'ত বছৰে জৰ্জৰিত হৈ গৃহহাৰা হোৱাৰ পিছতো, সিহঁতৰ বহু সদস্যই জীৱন হেৰুৱাৰ পিছতো, খাদ্যৰ অভাৱনীয় অনাটন হোৱাৰ পিছতো চৰকাৰে সিহঁতৰ সুবিধাৰ বাবে পযাপ্ত ব্যবস্থা আজিপযন্ত গ্ৰহণ কৰা নাই।বানপীড়িত মানুহক এবটল পানী আৰু মেৰিগল্ড বিস্কুট দিয়ে চৰকাৰে কিন্তু কাজিৰঙা জন্তুবাসীৰ    বাবে সেইকণ সুবিধাও নাই। সেইবোৰ কাৰণতে জন্তুবাসীৰ মাজত খং ভীষম হৈ পৰিছে।

         
       এনে বেয়া পৰিস্থিতিৰ  পৰা স্থায়ী সমাধান তথা সুৰক্ষা পাবলৈ অৱশেষত জন্তুবিলাক আগবাঢ়ি আহিল। বাঘ,সিংহ ,হাতীকে প্ৰমুখ্যে কৰি সকলো জন্তু একত্ৰিত হৈ কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সিদ্ধান্ত ল'লে। ইয়াৰ বাবে প্ৰথম অৱস্থাত কাজিৰঙাৰ সকলো আবাসীয়ে গোট হৈ এখন বিশাল সভা আয়োজন কৰিলে। সভাখনত সভাপতিত্ব দায়িত্ব অৰ্পণ কৰা হ'ল গজৰাজক। গজৰাজে সভাখনৰ আতঁ ধৰি ক'লে, "আমি কাজিৰঙা বাসী প্ৰতি বছৰে বানৰ ভয়াবহ কবলত পৰো, বানপানীয়ে আমাৰ গৃহ উটোৱাই লৈ যায়,প্ৰাণ গৈছে আমাৰ বহুজনৰ।আমি বানৰ কবলৰ পৰা ওলাই আহি অন্য ঠাইত থাকিব বিচাৰিলেও শান্তি নোহোৱা হৈছে আমাৰ। মানুহৰ আবাসীত  উপায়বিহীত হৈ সোমালে কিছুমান মানুহে আমাক লৈ ল'ৰাধেমালি কৰি খেদা খেদি কৰিব ধৰে। আমি য'ত ত'ত ভটিয়াই ফুৰো।   যিখন  কাজিৰঙা আমাৰ বাবে দেশ বা ৰাজ্যখন বিশ্বখ্যাত;সেইখন কাজিৰঙাৰ আবাসী আমি আজিৰ তাৰিখত কিমান সুৰক্ষিত?কিমান নিৰাপদ?আমাৰ জীৱনৰ কিবা গুৰুত্ব আছেনে? চৰকাৰলৈ প্ৰশ্ন আমাৰ....চৰকাৰে কেৱল মানৱ জাতিৰ বাবেই ,মানৱজাতিৰ সুৰক্ষাৰ বাবেই মানৱ অধিকাৰৰ ব্যবস্থা কৰিছে। মানুহক শান্তিৰে বসবাস কৰিবলৈ সুবিধাকণ দিছে। কিন্তু আমাক দি দিছে ,দেখোৱাই দিয়কচোন....আমাৰ বাবে একো অধিকাৰ নাই নেকি? বছৰি বানৰ কবলত পৰি প্ৰাণ হেৰুৱাই গৈ আছে আমাৰ বহু সতীৰ্থই। কি কৰিম কেতিয়াবা তিতাঁ -কেহা লাগি যায়। চৰকাৰেটো আমাকো প্ৰয়োজনীয় সুবিধা তথা সুৰক্ষা প্ৰদান কৰিব পাৰে ,নকৰে কিয়?? আমাৰ দাবী চৰকাৰে শীঘ্ৰেই আমাৰ বাবে সুকীয়াকৈ "জন্তুৰ অধিকাৰ"নামৰ আইন এখন অনুমোদন কৰিব লাগে,য'ত আমাৰ বাবে ,আমাৰ জন্তু বিলাকৰ সুৰক্ষা তথা সুবিধাৰ বাবে প্ৰয়োজনীয় অধিকাৰবিলাক সন্নিবিষ্ট থাকিব লাগে। জীয়াই থকাৰ অধিকাৰ, শান্তিপূৰ্ণভাৱে বসবাস কৰাৰ অধিকাৰ আদি অধিকাৰবোৰ আমিও পাব লাগে। এইবিলাক দাবী পূৰণৰ বাবে আমি চৰকাৰৰ তীব্ৰভাৱে অৱগত কৰাবই লাগিব। নহ'লে আমাৰ সমস্যা বিলাক ধুৱা চাঙতে পৰি ৰ'ব সদায়ৰ দৰে। যি কেতিয়াও সমাধান নহ'ব। এইবাৰ যদি চৰকাৰে আমাৰ দাবী পূৰণ নকৰে তেন্তে আমি নিজস্ব ৰাজনৈতিক দল গঠন কৰিব লাগিব। নিৰ্বাচন খেলি বিজয়ী হৈ চৰকাৰ গঠন কৰাৰ প্ৰচেষ্ঠা কৰিব লাগিব।অন্যথা আমাৰ বিকল্প চৰকাৰক আৰু কিমান চিঞৰি থাকিম।

   "বাকীসকলে কিবা ক'বলগীয়া থাকিলে ক'ব পাৰে ।যিহেতু আমি সকলো কম বেছি পৰিমাণে আজি একে সমস্যাৰ ভুক্তভোগী।সকলোৱে আগবাঢ়ি ওলাই আহিব লাগিবই। একতাৰে সকলো কাম সম্ভৱ হৈ উঠে" গজৰাজে ক'লে।

    বাঘ এ বহাৰ পৰা উঠি ক'লে ,' আমাৰ ওপৰত চৰকাৰ নিৰ্দয় হৈ পৰিছে। গৃহহাৰা  হৈ ,সেয়া বানপানীৰ কাৰণতে হওঁক বা অৰণ্য ধ্বংসৰ  পৰিণতিতে হওঁক আমি মানুহৰ আবাসীলৈ যাওঁ,তেতিয়া মানুহে আমাক লাঠি জুং লৈ মাৰিবলৈ,গুলিয়াই মাৰিবলৈ চেষ্টা কৰে ।কেতিয়াবা কেতিয়াবা এনে পৰিস্থিতিত আমাৰ বহু সদস্যই প্ৰাণো হেৰুৱায়।এনে সময়বোৰত নিজৰ সুৰক্ষাৰ বাবে যেতিয়া আমি প্ৰতিৰোধ  কৰিবলৈ আগবাঢ়ো,তেতিয়া আমিহে দায়ী হৈ পৰো । কিন্তু মই প্ৰতিবাদ কৰো যে দায়ী আমি নহয় ,দায়ী চৰকাৰহে,বনবিভাগহে ...যিয়ে আমাৰ প্ৰয়োজনীয় সুৰক্ষা তথা সুবিধা প্ৰদানত বিফল হৈছে। তেওঁলোকে আমাৰ আমাৰ লাগতীয়ালবোৰ দিলে জীৱন নিৰ্বাহৰ প্ৰয়োজন পৰিবেশ প্ৰদান কৰিলে আমি কেতিয়াও মানুহৰ আৱাসলৈ নাযাওঁ। আমাৰ কোনো  চখ নাই তাত যোৱাৰ ..অসুবিধাবোৰৰ বাবেহে আমি....

               মই বোলে দেশৰ ৰাষ্ট্ৰীয় জন্তু। কিন্তু আজি মোৰ এনে অৱস্থা বুজ ল'বলৈ নাই কোনো। দেশৰ ৰাষ্ট্ৰীয় জন্তু বুলি স্বীকৃতি দিয়াতহে কৰ্তব্য শেষ নেকি তেওঁলোকৰ??কিমান কষ্টত আছো আমিবোৰ,মাথো আমিহে বুজিব পাৰো।

           গড়-- "মইনো কি ক'ম;মোৰ সমস্যাৰ অন্ত নাই। বানে আমাক জুৰুলা কৰি পেলাইছে। অকালতে প্ৰাণ হেৰুৱাটো আমাৰ পৰম্পৰাৰ দৰে হৈ পৰিছে। সেইদিনা বানৰ কবলৰ পৰা ৰক্ষা পাবলৈ মই ৰাজপথলৈ ওলাই আহোতে মানুহ কিছুমানে যিহে অপব্যবহাৰ কৰিছিল মোক,তাৰ বিষয়ে কিনো ক'ম আৰু। মই সেইদিনা অ'ত ত'ত পলাই নিজকে বচাবলে বিচাৰিলো ।অৱশেষত সৰু হাবি এটাত সোমাইহে ৰক্ষা। মোৰ সমস্যাৰ তালিকাখন বৰ দীঘল। বানৰ কবলতটো আছেই আন টাইমটো চোৰাং চিকাৰীয়ে আমাৰ জিনা হাৰাম কৰি দিয়ে। আমাৰ খৰ্গটোৰ কাৰণেই আমাৰ জীৱনটোৱে কাঢ়ি নিয়ে নিষ্ঠুৰ টকালুভিয়ে। সিহঁতৰ বাবে টকাই সকলো লাগিলে কাৰোবাৰ জীৱনটো হেৰাই নাযাওঁক কিয় ,মতলৱ নাই। এই কলংকবোৰৰ বাবেই সমগ্ৰ মানৱ জাতি বদনামত পৰিছে। হে ভগৱান, আমাৰ দুখবোৰ যদি সেই নিষ্ঠুৰচামে অলপ হ'লেও উপলব্ধি কৰিব পৰিলেহেতেঁন,আজি আমি.....। আমাৰ বহু আত্মীয়ই প্ৰায় প্ৰতিদিনে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। টি.ভি.ৰ পৰ্দাত আমাৰ আত্মীয়ৰ মৃতদেহৰ ছবি দেখাইয়ে থাকে। কাজিৰঙাত আটাইতকৈ বেছি আমাৰ আত্মীয়সকলৰহে মৃত্যু হৈছে।আমাক অসমৰ  'জাতীয় জন্তু'হিচাপে সন্মান দিয়া হৈছে।অসমৰ ডাঙৰ ডাঙৰ কাৰ্যালয় তথা বিভিন্ন পতাকা, বেনাৰ, ডিপো আদিত মোৰ পষ্টাৰ লগাই মোক সংৰক্ষিত কৰিব বিচাৰিছে জড়ভাৱে...কিন্তু জীৱহিচাপে মই সম্পূৰ্ণ অসুৰক্ষিত।আমাৰো আহ্বান চৰকাৰলৈ ,"আপোনালোকে আমাৰ সুৰক্ষা তথা নিৰাপত্তাৰ  ফালে চকু মেলি চাওঁক। মুখেৰে আমাৰ গুণ গান গাব নালাগে। আমাৰ দুখবোৰ বুজক,আমাক সহায় কৰক।
              
         হৰিণাই ক'লে,- কাজিৰঙাত আমাৰ সংখ্যা নিচেই তাকৰ। তাতে বানপানী তথা নানা সমস্যা।কিতাপে কিতাপে লিখা আছে 'হৰিণাৰ মাংসই বৈৰী'  বচ হয় গ'ল দায়িত্ব বনবিভাগৰ ,চৰকাৰৰ...মোৰ মাংসক বৈৰী কৈ চিকাৰীৰ হাতত আমাক চমজাই দিলে।(
(কথাবোৰ কৈ থাকোতে হৰিণাৰ চকুৰে অশ্ৰু নিগৰিবলৈ ধৰিলে)

      "সৌ সিদিনা অভিনেতা আমিথ খান তথা বাহিৰৰ নামি দামী ব্যক্তিসকল আমাৰ ঘৰলৈ আহোতে আমাৰ ঘৰখন কিমান যে জাকত জিলিকা কৰি সজাই তোলা হৈছিল। যদি সদায় এনেদৰে জাকত জিলিকা হৈ থাকে আমাৰ ঘৰখন,জীয়াই থকাৰ পৰিবেশ থাকে। কিমান ভাল লাগিব। আনক বা আলহীক দেখোৱাবলৈ নালাগে,আমাৰ জীৱন ধাৰণৰ সুবিধাৰ বাবে অন্ততঃ সুন্দৰ আৰু উপযোগী পৰিবেশ এটা আমাক  দিয়ক।বহুত ৰহম হ'ব আমাৰ ... । আৰু যদিহে আমি নাথাকো,কাজিৰঙা এটা জংগলৰ বাহিৰে আন একো নহ'ব",সিংহই ক'লে।

          এনেদৰে এটাৰ পিছত এটাকৈ কাজিৰঙাৰ প্ৰায় সকলো সদস্যই নিজৰ সমস্যাৰ বিষয়ে সভাত ব্যক্ত কৰি গ'ল,কম বেছি পৰিমাণে। সভাখনৰ শেষত সভাপতি গজৰাজে ক'লে যে,"আমাৰ সকলোৰে সমস্যাবিলাক প্ৰায় একে।অ'তবছৰৰ পৰা আমি সমস্যাবিলাকত জৰ্জৰিত হৈয়ে আছো। শান্তি নাই আমাৰ,সুৰক্ষা,নিৰাপত্তা নাই আমাৰ ....।মই নিজেও অনেক দুখী। যদি কেনেবাকে আমাৰ পৰিয়ালৰ কোনো সদস্য কৰবাত খলা বমাত দুৰ্ভাগ্যবশতঃ পৰি যায় তেন্তে তাক উঠাবলৈকে বনবিভাগৰ বহু ঘন্টা লাগি যায়। এনে পৰিস্থিতিত আমাৰ মাজৰ বহুতৰ জীৱনো হেৰাই যায়। চোৰাং চিকাৰীয়ে আমাক আত্মীয় স্বজনক  হত্যা কৰি দেহৰ অংগ কাটি লৈ যায়। হায় হায় কি যে কষ্টকৰ জীৱন আমাৰ। কৈ থাকিলে শেষ নহ'ব। এইবাৰ আৰু আমি হাত সাবতি বহি থাকিব নোৱাৰো। ৰাজ্য চৰকাৰৰ পৰা  কোনো আশা দেখা নাপালে কেন্দ্ৰীয় চৰকাৰক শেষবাৰৰ বাবে আমাৰ সমস্যাবোৰৰ  প্ৰতিবেদন এখন দিবলৈ দিল্লীলৈ যাম। যদি কেন্দ্ৰীয় চৰকাৰে আমাৰ সমস্যাবিলাকৰ ওপৰত আলোচনা কৰি সমাধানৰ সেউজ সংকেত দিয়ে তেন্তে ঠিকেই আছে।অন্যথা মই প্ৰথমে কোৱাৰ দৰে এটা ৰাজনৈতিক দল গঠন কৰিম। দলটোৰ নাম হ'ব-" জন্তু মুক্তি যুজাঁৰু দল(JMJD)" । প্ৰতিবাদ ,জন্তুতান্ত্ৰিক আন্দোলন কৰি থাকি কোনো লাভেই নাই আজিৰ সময়ত। গতিকে ৰাজনৈতিক দলটত শক্তিশালীৰূপে গঠন কৰি দুহেজাৰ একৈশ(2021) চনত  নিৰ্বাচন  খেলিম। জিকিব পাৰিলে চৰকাৰ গঠন কৰিম । আশা কৰা মতে ফলবোৰ পাই থাকিলে আমি আৰু কোনোদিনেই চৰকাৰৰ ভৰিত পৰিব নালাগিব । নিজেই সমাধান কৰিব পৰা হম। টকা আহিব ন,তেতিয়া আমি দুৰ্নীতি নকৰি গোটেইবোৰ আমাৰ হিতৰ বাবে খৰচ কৰি যাম। আমাৰ সৰ্বাঙ্গীন উন্নয়ন হ'ব।

        মোৰ কথাত সকলোৱে সহমত নে? গজৰাজে জুৰকৈ ক'লে।

সকলো কাজিৰঙাৰ আবাসীয়ে চিঞৰি চিঞৰি হয়ভৰ দিলে। 
'জয়তু কাজিৰঙা' 'জয়তু জন্তু মুক্তি যুজাঁৰু দল' 'জয় আই অসম'। 
 লগতে সকলোৱে জনালে যে দিল্লীলৈ যোৱাৰ পূৰ্বেই ৰাজনৈতিক দলটো গঠন কৰিব লাগে। সকলোৰে তীব্ৰ দাবীত সভাপতি গজৰাজেও সমৰ্থন দিলে। ৰাজনৈতিক দল গঠনৰ চূড়ান্ত সিদ্ধান্ত গঠন কৰা হ'ল।

     এনেদৰেই অসম তথা বিশ্বৰ ৰাজনৈতিক জগতত নতুন যুগৰ সূচনা হ'ল। কাজিৰঙাৰ জন্তু বিলাকে ৰাজনৈতিক দল গঠনৰ খচৰা প্ৰস্তুত কৰাৰ লগে লগে পোনপ্ৰথমবাৰৰ বাবে অনা-মানুহ ৰাজনৈতিক দল সৃষ্টি হ'ল। যি কেৱল জন্তুৰ দ্বাৰা গঠিত। 

   পিছদিনাৰ পৰা সমগ্ৰ বিশ্বৰ নিউজ চেনেল তথা বাতৰি কাকতত 'জন্তু মুক্তি যুজাঁৰু দল'ৰ খবৰে খলকনি সৃষ্টি কৰিবলৈ ধৰিলে। সকলোৰে মুখে মুখে JMJD ,JMJD....

(বি.দূ.-- সকলোলৈ অনুৰোধ জীৱ জন্তুৰ ঘৰবিলাক (অৰণ্য)  ধ্বংস নকৰিব। বনাঞ্চলক জনাঞ্চললৈ ৰূপান্তৰ নকৰিব।)

Sunday, December 24, 2017

"জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱা"
       
                          👉ৰাজ্জাক আলী
                   
                     
       (এক)

জীৱনৰ বাট,
           মাতৃৰ গৰ্ভৰ পৰা
      ধৰালৈ প্ৰকাশিত হোৱা ক্ষণৰ পৰাই মুকলি

মা, জীৱন বাটৰ উদ্ধোধক
মা,জীৱন বাটৰ
       প্ৰদূষণমুক্ত বাটৰুৱাৰ
     প্ৰথম পথপ্ৰদৰ্শক

     (দুই)

আজি জীৱনৰ বাট
সচৰাচৰ বাটপথৰ দৰেই
য'তে ত'তে ধূলি বালি,খলা বমা আবৰ্জনা
যাৰ লক্ষ্য জীৱনবোৰক লেতেৰা কৰা

জীৱন বাটত যিয়ে
   সেইবোৰৰ পৰা সংৰক্ষিত হ'বলৈ সক্ষম
তেওঁ প্ৰদূষণমুক্ত বাটৰুৱাৰ শাৰীত.....


জীৱনৰ বাটচোৱাত
অচিন ঘূৰ্ণী বতাহজাকেও
অহৰহ চেষ্টা কৰে
মাজ বাটতে জীৱনবোৰক
নিজ ফলীয়া কৰা,
যি  বাছি আহিছে
জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱা তেওঁ


জীৱনৰ বাটৰ পুৱা -দুপৰীয়াৰ মধ্যভাগত
দূষিতবোৰ লানি নিচিঙা হয়
চৌদিশে ...
উশাহ লোৱাটো সাৱধানতা লাগে
যি সচেতন
তেওঁৱেই জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱা


নিকা সংকল্পৰ এনাজৰীৰে
খোজ দিয়া
যাত্ৰাপথত
এনাজৰীক টুকুৰা টুকুৰ কৰাৰ পৰিকল্পনা
পয়োভৰ প্ৰদৰ্শন
সহজতে সফল জীৱন উপহাৰ দিয়াৰ
যি পয়োভৰত প্ৰলুব্ধ হৈ
বহু জীৱনৰ এনাজৰীডাল
টুকুৰা-টুকুৰ হৈ পৰে
মূল সূতিঁৰ পৰা,
আৰম্ভ হয় অসৎ ,নেতিবাচক ধাৰা


জীৱন বাটৰ প্ৰদূষণমুক্ত বাটৰুৱাই
এনেবোৰৰ পৰা বহু নিলগত
বিচৰা সফলতা সম্পূৰ্ণকৈ পাওঁক বা নাপাওঁক
জীৱন পৰিচালনা কৰে ইতিবাচকেৰে প্ৰতিপলে..

সৃষ্টি -"প্ৰকৃত মানুহ ...সফল জীৱন..."

Tuesday, November 14, 2017

  " আজিৰ দিনটোক লৈ মোৰ একলম"

                          👉ৰাজ্জাক আলী


দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী গৰাকীৰ উপজা দিনৰ ওলগ জনোৱাৰ লগতে প্ৰতিগৰাকী শিশুক
"শিশু_দিৱসৰ_আন্তৰিক_শুভেচ্ছা_যাচিঁলো

আজিৰ দিনটোত সচৰাচত শিশুসকলৰ প্ৰতিভাৰ ওপৰত কাৰ্যসূচী গ্ৰহণ কৰা হয়।
শিশু উপযোগী আলোচনা কৰা হয়
আলাপ হয় শিশুসকলৰ মনৰ কথাৰ

শিশুসকলৰ প্ৰতিভাৰ মঞ্চ হয় আজিৰ দিনবোৰ
তাৰ বাবেহে সুবিধা দিয়া উচিত

শিশুসকলক বয়স অনুপাতে আনন্দ কৰিবলৈ সুবিধা দিয়ক

যদি আমি শিশুক প্লেটো,এৰিষ্টটলৰ দৰে ডাঙৰ ডাঙৰ সূত্ৰবোৰ পঢ়িবলৈ ডাঙৰ ডাঙৰ কিতাপ জাপি দিওঁ তেতিয়া যি পৰিস্থিতি হ'ব শিশু মনত ঠিক তেনেদৰেই বয়সতকৈ বেছি আনন্দ কৰাৰ পৰিবেশ শিশুক প্ৰদান কৰিলে খন্তেকীয়া আনন্দৰ বাহিৰে বেয়াহে অধিক হ'ব শিশুৰ জীৱনত

আজি শিশু দিৱস
কিন্তু শিশু দিৱসৰ উদ্দেশ্যৰ বিপৰীতে গৈ
কৰবাত কৰবাত(নাম উল্লেখ নকৰো)
হিন্দী - ইংৰাজী গান ডাঙৰ ডাঙৰকৈ লগাই শিশুক নাচিবলৈ সুবিধা কৰি দিয়া হৈছে। নাচোনৰ প্ৰকাৰো অদ্ভুত ধৰণৰ... যিবোৰ গান শিশু উপযোগী একেবাৰেই নহয়, যিবোৰ নাচ শিশুৰ বাবে নহয়...

শিশু দিৱসত ফটকা-বম ফুটাই নেকি? আজি কিন্তু বম ফুটুৱাৰ সুবিধা প্ৰদান কৰা হৈছে শিশুক.....

(অভিভাৱকসকল সচেতন হওঁক দেই)

@আজিৰ দিনটোত দেখা কিছুমান মুহূৰ্তক লৈয়ে লিখিলো। ফেচবুকত দিবলৈ মন   গ'ল সেয়ে প্ৰকাশ কৰিলো@

Sunday, November 5, 2017

   😁😁😂😂😃😃😃😃
                                                

                                                               👉   মঃ ৰাজ্জাক আলী



দাতঁ -( জিভাৰ উদ্দেশ্য) মোৰ বৰ অশান্তি অ....

জিভা -কেলে কি হ'ল??

দাতঁ- নক'বি আৰু এই অবধ্য অনুপ্ৰবেশকাৰী পোকবোৰে বৰ অশান্তি কৰি আছে

জিভা- গুলিয়াই দিব লাগে


দাতঁ- নাই,গুলিয়ে কাম নকৰা হৈছেগৈ। ৰকম ৰকম গুলি মাৰিছো কাম নাই। অলপ দেৰি লুকাই পিছত আকৌ ওলাই...

জিভা- তেন্তে এটা বেষ্ট আইডিয়া দিওঁ ...

দাতঁ- দে বন্ধু দে
       এইবোৰৰ পৰা ৰেহাই পাবলৈ মই যিকোনো কাম কৰিম।

জিভা-তই ঘৰ তলা মজবুতকৈ মাৰি দুদিনমান কৰবাত ফুৰিবলৈ যাগে ..তোক দেখা নাপালে  পোকবোৰ তোৰ  ঘৰলৈ অহা এৰি দিব

দাতঁ- ঠিক আছে। কিন্তু যদি তলা ভাঙি মোৰ ঘৰ দখল কৰি লয়...

জিভা- ইমান চিন্তা কিয় কৰিচ'
            মই আছো ন তোৰ চুবুৰীয়া
       চাই থাকিম তোৰ ঘৰ।
তলাৰ আশে-পাশে সিহঁতে আহিলেই ঢকিয়াই মুখৰ বাহিৰ কৰি দিম।

দাতঁ-  ধন্যবাদ বন্ধু

জিভা-স্বাগতম বন্ধু