Monday, July 6, 2020

                       "বেংকৰ প্ৰেমত পৰা ল'ৰাটো"

                                                                   ✍ৰাজ্জাক আলী


ম্লান আজিকালি বেছিকৈয়ে বেংকত অহা-যোৱা হৈছে। প্ৰায় প্ৰতিদিনে বেংকৰ চাৰিবেৰৰ মাজত আবদ্ধ হয় সি। নিজৰ বেংকৰ লেনদেনত যিটো কাম এদিনতে  হয়, সেয়া সি অলপ অলপ কৈ চাৰি পাঁচদিন লগায়।
কোনোবা দিন তাৰ নিজৰ কাম নাথাকিলেও আনৰ সৰু কাম এটা লৈ হ'লেও বেংকত এভুমুকি মাৰে।
কিন্তু কিয়? এই
কিয় টোৰ উত্তৰ শিৰোনামটো  নহয় আচলতে,
বেংকৰ প্ৰেমত পৰা নাই অথবা এ চি ৰ বতাহ খাবলৈও  সি বেংকলৈ নাহে ।
আচল  কথাটো হ'ল
প্ৰেমত পৰিছে সি , বেংকতে কৰ্মৰত এজনী ছোৱালীৰ প্ৰেমত। তাইৰ নামটো পাকে প্ৰকাৰে কাৰোবাৰ পৰা এদিন উলিয়াইছিল সি।
নামটো পোৱাৰ পিছত কিবা এটা বিশেষ ফূৰ্তি পোৱাৰ দৰে কৰিছিল। কাৰণ তাৰ উপাধিৰ  লগত তাইৰ উপাধি একেই, আৰু কি লাগে।
তাইক চাবলৈকে সি বেংকলৈ সময় উলিয়াই আহেই দিনটোৰ কোনোবা এটি সময়ত।
তাইৰ কেবিনত সুধিব নলগীয়া কথাটোও তাইৰ কাষলৈ গৈ সুধেগৈ। সুবিধা পালেই মনৰ কথা কৰবাত লগ হৈ ক'ব বুলি ভাবি থাকে।

কিন্তু আজি বেংকলৈ আহি অম্লানৰ মনৰ আকাশ পটককৈ ডাৱৰীয়া হৈ পৰিল। বতৰে কেতিয়া ৰূপ সলাই কোনেও নাজানে।হিন্দী গীত এটিয়ে  আছে। "মৌচম কি তাৰাহ তুম  ভি বদল ত নাজাওগি"
মানে বতৰৰ কোনো ভৰষা নাই।
সেউজীয়া সেউজীয়া লগা বেংকত উদযাপন কৰা সময়বোৰ এটি এটি পাত সৰি পৰাৰ দৰে পৰি নাইকীয়া হৈ গ'ল।
আজি তাই শাড়ি পিন্ধি আহিছে। সদায় চুইজাৰ পিন্ধি আহে। শিৰত সেন্দুৰ টো জিলিকি আছে।

অম্লান এ একো বুজি নোপোৱাৰ দৰে হৈ পৰিল।দুখৰ বৰষুণে বুজিব পৰা শক্তিকণ হেৰুৱাই পেলালে বেচেৰাটোৰ।
কালি যদি বিবাহ হ'ল তাইৰ, আজিটো বেংকলৈ নহাটো স্বাভাবিক। কিন্তু কিয় তাই বেংকলৈ আহিছে।
সাহস নহ'ল তাইক সুধিবলৈ।
বহু সময় থিয় হৈ শেষত বহি পৰিল কাষৰ চিটত।
অৱশেষত তাইৰ কাষৰ গৰাকীয়ে কিবা এটা শুভেচ্ছা দিয়াৰ কথা কৈ আছিল। তাৰ কাণত পৰিল।
সি ভালকৈ শুনাত  গম পালে যে
সেই শুভেচ্ছা তাইৰ বিবাহ বাষির্কীৰ আছিল।
আজি দুবছৰ হ'ল তাইৰ বিবাহৰ। সেয়ে আজি অলপ বেছিকৈ সাজি কাচি আহিছে।

বেচেৰা অম্লান।
ইমানদিনে বুকুৰ মাজত লৈ ফুৰা সপোনবোৰ থানবান হৈ পৰিল। বেচেৰাটোৰ  নিজৰে ভুল। তাইৰ
নামটো কেৱল সন্ধান কৰিয়েই ইমান দূৰ আগবাঢ়িব নালাগিছিল।
"বেংকৰ প্ৰেমত পৰা ল'ৰাটো" শিৰোনামটো অৱশেষত বিপৰীত হৈ পৰিল।।

Saturday, July 4, 2020

"শিক্ষক/শিক্ষাগুৰু হোৱাটো বৰ  সহজ কথা নহয়"

                                                                                                                         ✍ৰাজ্জাক আলী


               এগৰাকী মানুহৰ জীৱনত শিক্ষকৰ অৱদান অপৰিসীম ।এটি জীৱন  শিক্ষাগুৰুৰ  অবিহনে আধৰুৱা ।জীৱনৰ খোজবোৰ শিক্ষাগুৰুৰ সু শিক্ষা দীক্ষাৰ বাবে সু ঠাইলৈ যাত্ৰা কৰে।

শিক্ষাগুৰু বুলিলেই  চকুলৈ-মনলৈ আহে সৎ,সৰল,নিৰপেক্ষ, নিকা ,সুন্দৰ এটি এটি চেহেৰা,মন  ।
আজিও প্ৰাথমিক  বিদ্যালয়ত পঢ়োৱা শিক্ষাগুৰুৰ সমানে খোজ নাকাঢ়ো। লগ পালেই আমি সৰহভাগেই নমস্কাৰ জনাই মাত এষাৰ  লগাই  আহোঁ।
প্ৰাথমিক  বিদ্যালয় ৰ কথা এয়ে প্ৰথমে ক'লো কাৰণ বহু বছৰ আগতে এৰি আহিলোঁ ।কিন্তু  সেই সৎ সৰল শুদ্ধ মনৰ শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা আজিও সমানে।
ঠিক  তেনেদৰে হাইস্কুলৰ সন্মানীয় শিক্ষাগুৰু , মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰু, বিশ্ববিদ্যালয়ত লগ পোৱা সন্মানীয় শিক্ষাগুৰুৰ প্ৰতি শ্ৰদ্ধা সমানে। এই যে সন্মান -শ্ৰদ্ধা এগৰাকী শিক্ষা গুৰুৱে যুগ যুগ ধৰি লাভ কৰি থাকে, সেয়া তেওঁৰ/তেখেতৰ প্ৰকৃৃত শিক্ষাকতাৰ মানপত্র।


         শিক্ষাগুৰু কেৱল যে কেইখনমান চাৰ্টিফিকেট আৰু উচ্চ শিক্ষা অৰ্জন  কৰিলেই নহ'ব ,লগত লাগিব এটি এটি উচ্চ ভাৱাসম্পৰ্ণ নিকা মন,প্ৰতি সময়ে নিৰপেক্ষ  আৰু ইতিবাচক চিন্তাধাৰা, ত্যাগ ,সৎ স্বভাৱৰ গৰাকী সেয়া তেওঁলোকৰ  পৰা প্ৰতি সময়ে শিকিছোঁ।

           কিন্তু  সময়ৰ তাগিদাত  সময়ে সময়ে আমি দেখিবলৈ পাওঁ বিশেষকৈ বৰ্তমান সময়ত এচামে শিক্ষকটো হয় পৰে,শিক্ষাগত অৰ্হতাৰ পৰা ,কিন্তু আন প্ৰয়োজনীয় অৰ্হতাবোৰৰ অভাৱত শিক্ষকৰ পদমৰ্যাদা বিনষ্ট কৰে।
 শিক্ষকৰ চাৰ্টিফিকেট  পালে শিক্ষক হৈ গ'ল। 
কিন্তু নিৰপেক্ষ  নহ'ল।
শিক্ষক হৈ নিজ ধৰ্মৰ বাহিৰে অন্যান্য ধৰ্মক অপমান, উচ্চ-নীচ বিবেচনা,
শিক্ষক হৈ ঠেক মনোবৃত্তি,
শিক্ষক হৈ অনৈতিক কাৰ্য,
শিক্ষক হৈ অসৎ স্বভাৱ,
শিক্ষক হৈ নেতিবাচক চিন্তা...
সেয়া প্ৰকৃত অৰ্থত শিক্ষক হ'লনে?? বৃহৎ প্ৰশ্নবোধক সেয়া ... 

     প্ৰকৃত শিক্ষক/শিক্ষাগুৰুৰ গুণগত মানদণ্ডৰ সম্পূৰ্ণ অভাৱ এইচামৰ মাজত।
পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ কৰ্ম হ'ল শিক্ষকতা।
শিক্ষকতা নাথাকিলে ডাক্তৰ, অভিযন্তা, নতুন শিক্ষক,বিজ্ঞানী ইত্যাদি সকলো কেতিয়াবাই নাইকীয়া হৈ গ'ল হয়।আটাইতকৈ ডাঙৰ কথা প্ৰকৃত শিক্ষকৰ শিক্ষাৰ দ্বাৰাহে মানৱতাৰ সৃষ্টি ।মানৱ সম্পদৰ সৃষ্টি।
শিক্ষকতা ৰ সুফলৰ বাবেই নতুন নতুনকৈ জীৱন অংকুৰিত হৈ আছে।
কিন্তু মনে  প্ৰাণে প্ৰকৃত শিক্ষাগুৰুৰ বাবেহে এইবোৰ সম্ভৱ। 

শিক্ষক /শিক্ষাগুৰু হোৱাটো বৰ সহজ কথা নহয়  অ। পুনৰ কওঁ
কেইখনমান চাৰ্টিফিকেট আৰু শিক্ষাবৰ্ষ উত্তীৰ্ণ হ'লেই শিক্ষাগুৰু নহয় প্ৰকৃতাৰ্থত ,
শিক্ষাগুৰু হ'বলৈ বহল-নিকা মন, সু-উচ্চ চিন্তাধাৰা, বহুল
ত্যাগ কৰিব পৰা অৰ্হতা লাগিব।

           মমৰ লগত তুলনা কৰা হৈছিল  বহু যুগ পূৰ্বেই শিক্ষকতাক।
 যি নিজে জ্বলি জ্বলি পোহৰ বিলাই,প্ৰকৃত মানুহ সৃষ্টি কৰে।
শিক্ষক-শিক্ষাগুৰু হোৱাটো বৰ প্ৰকৃতাৰ্থত বৰ কঠিন কাম।সহজলভ্য হ'লেই বিপথে পৰিচাৰিত হয় ।