Sunday, February 10, 2019

     "আই'ৰ চিন্তা"

      _____________
                    ✒ৰাজ্জাক আলী

 তুমিটো আইৰ দায়িত্ব লম বুলি কৈছিলা
সু সন্তান বুলি সকলোৱে এই গুৰুদায়িত্ব তোমালৈ....

তুমি দায়িত্ব লভিলে
বতাহেও কেৱল মাথো সুবাস বিলাব  বুলি কৈছিলা
সততা আৰু প্ৰেমৰ,
এতিয়া চোন বতাহত কেৱল ধোৱা,অশান্তি,বেমেজালি,কিবা এটা হেৰুৱাব ভয়

তুমি আইক বিশুদ্ধ পানী খোৱাৰ প্ৰতিশ্ৰুতি দিছিলা
আজিচোন বিশুদ্ধ খোৱাপানীত আৰ্ছেনিক মিহলাই খুৱাব বিচাৰিছা
উদ্দেশ্যে কি তোমাৰ নাজানোঁ ,

আইক কথা দিছিলা
ঘৰলৈ অহা প্ৰতিটো কাল -আহুকাল
আঁতৰাই নিয়াৰ ...
আজিচোন সকলো পাহৰি
বিপৰীত দিশলৈ গতি তোমাৰ....

আয়ে যদি প্ৰশ্ন কৰে,
'আজিকালি চোন ইতিবাচক বতৰা কমিয়ে গৈছে,বুজিও তুমি নেতিবাচক ক প্ৰশয় দিছা বোপাই....
কোনো প্ৰত্যুত্তৰ নিদি তুমি
আইক লগে লগে বেয়া পাই যোৱা...

আজিকালি পুৱা দুচকু মেলাৰ লগে লগে
এজাক যন্ত্ৰণাই কুৰুকি কুৰুকি
সোমাই যায় আইৰ বুকুত,
প্ৰচণ্ড বিষে অসহ্যকৰ কৰি তুলে আইক..

এক দুৰ্গন্ধ য়ো আইক আমনি
কৰিব'লৈ ধৰিছে,
ঘিনো লগা হৈছে

আজিচোন অভদ্ৰতা সূচক কণ্ঠই
গতি লাভ কৰিছে,
নতুন পখী -পখিলাবোৰ
সেই গতিলৈ গুচি যাব বুলি আইৰ ভয়...

এক অচিনাকি শোকৰ ধুমুহাই
আইৰ মন -হৃদয়
ক্ষত-বিক্ষত কৰি তুলিছে

আজি আইৰ মুখনিত চিন্তাৰ অলেখ ভাঁজ
কিজানি বোপায়ে তেওঁক
বিক্ৰী কৰি দিয়ে
কোনোৱা বেপাৰীৰ হাতত .....

Thursday, February 7, 2019

আঠ ফেব্ৰুৱাৰীঃ আজি তেওঁৰ জন্মদিন"

 (শ্ৰদ্ধাৰ বাইদেউ লৈ জন্মদিনৰ শুভেচ্ছাৰে)
_________________________________________
                                         ✒ৰাজ্জাক আলী

ধৰালৈ আগমনৰ দিন
মাতৃক মাতৃত্ব ৰ সুখ প্ৰদানৰ দিন
আত্মীয়তা-আপোনত্বৰ সুবাসৰ পোখা মেলা দিন
   'জন্মদিন'

আজি তেওঁৰ জন্মদিন,
লোহিত্যৰ দৰে বহল মন,
উষ্ম উজ্জ্বলতা সম্পৰ্ক পৰিচালনাৰ দায়িত্বত,
প্ৰেৰণাৰ জ্যোতিষ্ক,
আহ্লাদিত কৰি থকা জোনাক তেওঁ
তেওঁ ...

বহু জীৱন ছবিত
আনন্দ ,সাহস,প্ৰেৰণাৰ ৰঙীলতা অঁকা
চিত্ৰকাৰৰ দায়িত্বত তেওঁ...

জীৱন যাত্ৰাৰ
জটিল শব্দৰ শৃংখলবোৰ
শব্দৰ শক্তিৰে
সমাধান কৰা
 সৃজনীশীলতাৰ গৰাকী তেওঁ ...

জীৱনে জীৱনৰ পৰা যি বিচাৰে
সেই সকলো তেওঁৰ কাষৰত
আৰু সেয়া সুন্দৰকৈ বিনিময় ......

আজি তেওঁৰ জন্মদিন
শুভকামনা অজস্ৰ ....
কুশলতা চিৰকামনাৰে......

Sunday, February 3, 2019

   (গল্প)

         "সময়ৰ সত্য "

                                                     ✒ৰাজ্জাক আলী
                                                                 মৰাণহাট
                        অনিলৰ মন ইমান ভাল নাছিল কেইদিনমানৰ পৰা...সাম্প্ৰতিক পৰিস্থিতিৰ বাবে নে কিবা ব্যক্তিগত চিন্তা সেয়া সি
 নিজেই ধৰিব পৰা নাই ।মুঠৰ ওপৰত তাৰ মন-মগজু কিবা এটা ভাল লাগি থকা নাছিল।কিবা যে অন্ধকাৰে তাক আমনি কৰি আছিল।
মনটো এনে হ'লে সি তাৰ মাহীয়েকৰৰ ঘৰলৈ যায়।কিজানি মাহীৰ ধনাত্মক আৰু যোগাত্মক কথাবোৰে তাৰ মনটো ফৰকাল কৰি তোলে।
সেয়ে মাহীয়েকক জনাইছিল "আপোনাৰ ঘৰলৈ গৈ আছো" বুলি।
 মাহীয়েকে দুদিন মান পাছত আহিব'লৈ কৈছিল। 'ঠিক আছে' কৈ অনিল নিজৰ কামত ব্যস্ত হ'বলৈ ধৰিছিল ।কাম কৰিব লাগে কৰিছিল কিন্তু অলপো মন নাই বহা কামত কিবা ভয় ভয় ভাৱে তাক আমনি কৰি আছিল।
          ইতিমধ্যে দুদিন উকলাত মাহীয়েকক আকৌ জনাইছিল সি " মাহী,কাইলে মই গৈ আছোঁ,
মাহী- কাইলৈ আলহী আহিব লগা আছে বেলেগ আহিবা দেই।
                   এনেকৈ কেইবাদিনো পাৰ হৈ গৈছিল।
অনিল মন -প্ৰাণ বেছিহে বেয়া লাগিবলৈ ধৰিলে।
কাক ক'ব। ক'বনো কি..
মাহীয়েকে বুজি পাইছিল তাৰ মনৰ কথা।
সি একো নোকোৱাকৈ মাহীয়েকে তাৰ মন ফৰকাৰ কৰিব জানিছিল । পিছে মাহীয়েকো ব্যস্ত।
          আজি ৰাতিপুৱা মাহীয়েকলৈ ফোন অচিন নম্বৰৰ পৰা-
ৰিচিভ কৰাৰ পিছত মাথো দুটা বাক্যই নিগৰিল--
"অনিল আমাক এৰি থৈ গুছি গ'ল' কান্দোন ভৰা কন্ঠৰে "সকলো শেষ" .........মাহীয়েকে কিবা কোৱাৰ পূৰ্বেই
ফোনটো কাট খাই গ'ল।।