Friday, June 3, 2022

"আত্মহনন:সমাজৰ এক ভয়াবহ সমস্যা " ✍️ৰাজ্জাক আলী

আজিৰ সমাজ ব্যৱস্থাত বিভিন্ন কাৰণত বহু লোকে আত্মহনন কৰা দেখা যায়। যিটো একেবাৰে ভাল বিষয় নহয়। নিজক ভালপাবলৈ শিকাটো খুব বেছি প্ৰয়োজন। জীৱনক প্ৰকৃতাৰ্থত মনে প্ৰাণে ভালপোৱা কোনো লোকে আত্মহনন নকৰে যিকোনো পৰিস্থিতিয়ে নাহক কিয় ...... জীৱনত কিবা এটা বিচৰামতে লাভ নকৰিলে কিছুমানে ধৈর্যৰ বান হেৰুৱাই আত্মহনন কৰা দেখা যায়। কিন্তু আত্মহননে কিবা সমাধান কৰে জানোঁ? আত্মহনন কৰা এটা চামৰ কথা কব বিচাৰিছোঁ । ২০ বছৰৰো তলত লৰা-ছোৱালীয়ে আত্মহননৰ পথ বাচি লয়। বেছিভাগৰে এটাই কাৰণ- ঘৰত বিচৰা মনৰ পচন্দৰ সামগ্ৰী নোপোৱাটো আৰু কমসংখ্যকৰ প্ৰেমজনীত কাৰণ। সৰু সৰু লৰা -ছোৱালীয়ে প্ৰেমৰ নামৰ অপ্ৰেমত উঠি -ভাহি শেষত বিচৰা ফলাফল নাপালে একো চিন্তা নকৰি নিজকে হত্যা কৰে। আনফালে ঘৰত বিচৰা সামগ্রী মাক-দেউতাক বা অভিভাৱকে প্ৰদান নকৰিলে চিধাই এচামে আত্মহত্যাৰ পথ বাছি লয়। এই আত্মহত্যাৰ কাৰবাত টো সেই কম বয়সীয়া লৰা-ছোৱালীৰ মনলৈ এদিনতে আহেনে? নিজক হত্যা কৰাৰ চৰম সিদ্ধান্ত কেনেকৈ? জীৱন বোলা গ্ৰন্থখনক নপঢ়াকৈয়ে আৰম্ভণিতে কিয় এনে কাৰ্য কৰে? দায়ী অকল সিহঁতেই নে আন কোনোবাও জড়িত তাৰ লগত? আচলতে দায়ী অকল সিহঁতেই নহয় বা এদিনতে তেনে ভয়াবহ সিদ্ধান্ত সিহঁতৰ মনলৈ নাহে ... এই যে টকাত উঠি ভাহি থকা এচাম অভিভাৱকে অভাৱ কি বস্তু লৰা ছোৱালীক উপলব্ধি কৰিবলৈ নিশিকায়, যেতিয়াই যি লাগে কোৱাৰ লগে লগে দি দিয়ে, আনৰ কাষত সৰুৰ পৰাই টকাৰ ক্ষেত্রত নিজ লৰা ছোৱালীক বহু ওপৰত ৰাখে,তেনেস্থলত যেতিয়া কিবা এটা বস্তু এটা সময়ত নিদো বুলি কৈ দিয়ে , তেনে সময়ত সেই লৰা-ছোৱালীৰ এচামে মনৰ ভিতৰত ব্যাপক আঘাত পায়, আৰু একো চিন্তা নকৰি আত্মহননৰ পথ বাছি লয়। অকল যে তেনে লৰা-ছোৱালীয়ে এই পথ বাছি লয়, সেয়াও নহয়। তেনে লৰা-ছোৱালীয়ে যেতিয়া লগৰ -সমনীয়াৰ ওচৰত জোখতকৈ যেতিয়া দামী দামী সামগ্ৰীৰে নিজকে সম্ভ্ৰান্ত পৰিয়ালৰ বুলি(অভিভাৱকৰ সহায়ত) দেখুৱায়, তেন্তেস্থলত কম উপাৰ্জন কৰা পৰিয়ালৰ সমনীয়া লৰা-ছোৱালীৰ মাজতো সেই ভয়াবহ পন্থা দেখা যায়। উঠি অহা জীৱনবোৰ এনেদৰে সেয়াই যোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। গতিকে পৰিয়াল, সমাজ, শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুসকল, সমাজৰ সচেতন ব্যক্তিসকল আমি সকলোৱে পৰাপক্ষত এই ভয়াবহ বীজ যাতে কোনো লৰা-ছোৱালীৰ মনত ৰোপন নহয়, সেই বিষয়ে চোকা নজৰ দিব লাগে। জীৱনটোক ভাল পাবলৈ শিকাব লাগে প্ৰতি সময়ে,কোনো সামগ্ৰীক নহয়।অভাৱ নাথাকিলেও অভাৱ কি বস্তু শিকাব লাগে। আত্মীয়তা, মানুহৰ প্ৰতি ভালপোৱা, ভাল ভাৱধাৰা এইবোৰ সৰুৰে পৰা শিকাই যাব লাগে। প্ৰকৃতাৰ্থত এইবিলাক মনৰ ডায়েৰীত লিপিবদ্ধ হলে সামগ্ৰী লাভ নকৰিলে আত্মহত্যাৰ দৰে পন্থা কেতিয়াও গ্ৰহণ নকৰে।

Tuesday, April 5, 2022

(এলিছা-চোৱা, ২০১৫ চনত তুমি ঘৰলৈ বিশ্বকাপ, মেন অৱ দা চিৰিজ আনিছিলা, এইবাৰ ময়ো দুয়োটাই লৈ আহিলোঁ মিচেল- ৱাহ ...মোৰ বাবে ইয়াতকৈ সুখ নাই, মই পুৰস্কাৰ লৈ অনা দিনটোতকৈ বেছি সুখী আজি) মহিলা বিশ্বকাপ ক্রিকেট প্ৰতিযোগিতাত সপ্তমবাৰলৈ অষ্টেলিয়াৰ ক্ৰিকেট দল চেম্পিয়ন হয়। এইবাৰৰ বিশ্বকাপৰ ফাইনেলৰ পাছত আটাইতকৈ বেছি ছেয়াৰ হৈ থকা ফটো কপি হল ফাইনেলত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান তথা প্ৰতিযোগিতাখনৰো শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰা অষ্টেলিয়ান ক্ৰিকেটাৰ এলিছা হেইলি আৰু তেওঁ স্বামী অষ্ট্ৰেলিয়ান ক্রিকেটাৰ মিচেল ষ্টাৰ্কৰ। ২০১৫ চনৰ পুৰুষ বিশ্বকাপত মিচেল ষ্টাৰ্ক শ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ(চেম্পিয়ন দলৰ সদস্য)লগতে ২০১৯ চনৰ বিশ্বকাপত যিকোনো পুৰুষ বিশ্বকাপত সৰ্বাধিক উইকেট দখলকাৰী হৈ পৰে। আনফালে পত্নী এলিছা হেইলি ২০২২ চনৰ বিশ্বকাপত শ্ৰেষ্ঠ খেলুৱৈ হোৱাৰ লগতে(চেম্পিয়ন দলৰ সদস্যা)যিকোনো মহিলা বিশ্বকাপত সৰ্বাধিক ৰাণ সংগ্রহকাৰী হৈ পৰে। এটা পৰিয়ালে ইচ্ছা কৰিলে কি কৰিব নোৱাৰে সেয়া মিচেল আৰু এলিছাই প্ৰমাণ কৰি দেখুৱালে। তেওঁলোকে বিশ্বজয় কৰিলে। দুয়ো -দুয়োৰে সহযোগিতাৰে, লগত সামাজিক ব্যবস্থা নিশ্চয়কৈ শক্তিশালী তেওঁলোকৰ (মন-মনোৱল) । প্ৰায়ভাগ মানুহৰে প্ৰতিভা থাকে ভিন্ন দিশত, এটা সময়লৈকে সেয়া উজ্জ্বলি থাকে যদিও সময়ৰ তাগিদাত পিছলৈ সেই প্ৰতিভাক কৰবাত এৰি থৈ আহিব লগীয়া হয় বা হেৰাই যায়। সকলোৱে বিশ্বজয়ে কৰিব লাগিব যে সেয়া কোনো কথা নাই। কিন্তু সময়ে বহু খেলুৱৈ, সংগীতৰ লগত জড়িত, সাংস্কৃতিক দিশৰ লগত জড়িত ব্যক্তিক সেই দিশৰ পৰা আঁতৰাই নিলে।বিভিন্ন দিশৰ সহযোগিতাৰ অভাৱ নে জীৱনৰ এটা দিশত বেছি গুৰুত্ব দিব লগা হোৱাৰ বাবে সেইবোৰ হেৰাই যায় প্ৰশ্নবোধক হৈ আছে আৰু থাকিব। নিজ নিজ মহাবিদ্যালয়ত পঢ়ি থকা সময়ত অসম তথা অসমৰ বাহিৰত সুনাম কঢ়িয়াই অনা বক্সাৰ, দৌৰবিদ, গায়িকা-গায়ক, সাংস্কৃতিক ক্ষেত্রখনত উজ্জ্বলি থকা বহু প্ৰতিভা আজিৰ তাৰিখত নাই।(সকলো প্ৰাক্তন কলেজীয়া সকলে কথাটো অনুধাৱন কৰিলে নিশ্চয়কৈ গম পাব) তেওঁলোক নিষ্ক্রিয় হৈ হোৱাৰ লগে লগে নিজৰ লগতে সমাজ জীৱনৰ এক ক্ষতিৰ সৃষ্টি হ'ল। যিটো সাধাৰণতে দেখা পোৱা নাযায় বা সমাজে সাধাৰণতে অনুধাৱন নকৰে । ক্ষতি কিন্তু হৈ আছে। সেই প্ৰতিভাবোৰৰ পৰা অনুপ্ৰেৰণা লৈ আৰু বহু প্ৰতিভাৰ সৃষ্টি হোৱা হয়। ঐশ্বৰিক প্ৰতিভাবোৰ সকলোৰে সহযোগিতাৰে যাতে সক্রিয় হৈ থাকে , অকালতে হেৰাই নাযায়, তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে এটি জীৱনৰ বাবে, এটি পৰিয়ালৰ বাবে, এটি সমাজ, ৰাজ্য, দেশৰ বাবে সেইবিলাক সক্রিয় হৈ থকাটো খুৱেই প্ৰয়োজন। নিষ্ক্রিয়তাই অজানিতে বহুত কিছু হেৰুৱায়। (ক্ৰিকেট ভালপোৱা মানুহ, ক্ৰিকেটৰ মাজেৰেও সমাজ জীৱনক অধ্যয়ন কৰি লিখিবলৈ যত্ন কৰিলোঁ) ✍ৰাজ্জাক

Monday, March 28, 2022

কিয় কব নোৱাৰোঁ, কিন্তু তোমাক ভাল লাগে

 কিয় কব নোৱাৰোঁ, কিন্তু তোমাক ভাল লাগে"


___________________________________
(প্ৰতিগৰাকী ভাল মনৰ ব্যক্তিলৈ অৰ্পণ) 
                                  ✍ৰাজ্জাক আলী
                                        


নাজানোঁ, 
কিয় ভালপাওঁ তোমাক, 
ভালপোৱাৰ কিবা বিশেষ কাৰণ থাকিব লাগে জানোঁ? 

হয়তো তোমাৰ সৰলতা, 
'Simple living , High Thinking'
মন্ত্ৰৰ বাবে নে
জীৱনটো কেনেকৈ উদযাপন কৰিব লাগে শিকোৱাৰ বাবে
নাজানোঁ, সচাঁকৈ নাজানোঁ 
কিন্তু ভালপাওঁ

এই যে সৰু সৰু বস্তুত  সুখ বিচাৰি পোৱা, 
বৰ ডাঙৰ একো নালাগে খোলাকৈ হাঁহি এটি মাৰিবলৈ
শিকো তোমাৰ পৰা এই সৌন্দর্যতা, 
সেইবাবেও ভাল লাগে নেকি তোমাক? 
নাই নাজানোঁ
ভালপাওঁ মাথো ভালপাওঁ তোমাক

এই যে মানুহক বেয়া পাব নোৱাৰা তোমাৰ গুণটো
বাৰুকৈয়ে আকৰ্ষিত কৰে, 
এচামটো ভাগৰি যায় তোমালৈ বেয়া কথন দলিয়াই দলিয়াই, 
ভিন্ন প্ৰকাৰে তোমাক বাধাগ্রস্ত কৰিবলৈ , 
কিন্তু তোমাৰ স্থিৰতা, অটুট মনোবলে 
সকলোকে পৰাভূত কৰে
সচাঁই  তুমি ব্যতিক্রম
শিকো প্ৰতি সময়ে, 
তোমাৰ এই গুণেও চাগে ভাল পাবলৈ শিকাই তোমাক, 
নাজানোঁ মাথো ভালপাওঁ

দুখবোৰ সযতনে লুকুৱাই সুখেই সুখ 
থকাৰ তোমাৰ অভিনয়ৰো মই সৰ্বশ্ৰেষ্ঠ দৰ্শক, 
দুখৰ প্ৰকোপত পৰাস্ত নহবলৈ তোমাৰ পৰাই শিকা
লগত থকা অলপমান সুখৰ শকতিৰে ... 

এইবোৰৰ বাবেই তোমাক ভাল লাগে নেকি
নাই নাজানোঁ
কি কাৰণে? কিয়? 
কিন্তু তোমাক ভাল লাগে, ভালপাওঁ
সুহৃদয়েৰে, সযতনে ............ 

Wednesday, September 22, 2021

গল্প- বদঅভ্যাসৰ শেষ ফলাফল



#বদঅভ্যাসৰ_শেষ_ফলাফল


                   ✍ৰাজ্জাক আলী

                    


প্লাৱিতাক আজি ঘৰৰ পৰা আৰক্ষীয়ে হেনকাফ  লগাই লৈ গৈছে। তাই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ মহাবিদ্যালয় এখনত পঢ়ি আছে। দেখা শুনাই সহজ সৰল অমায়িক ছোৱালী। তেন্তে কিয় 

আৰক্ষীয়ে হেনকাফ লগাই নিছে। কাৰো লগতে বেয়া ব্যৱহাৰ নকৰা ছোৱালী জনী। গাঁওখনত হুৱাদুৱা লাগিল। মাক-দেউতাকৰ মুখৰ মাত নাই। 

ৰাইজৰ মাজত মনে সজা ফুচ ফুচ ফাচ ফাচ বাৰ্তা

। গাওঁৰে এজনে ৰ'ব নোৱাৰি আগবাঢ়ি আহি আৰক্ষীক সুধিয়ে পেলালে ,কিয় আমাৰ ছোৱালী জনীক ধৰি নিছে, কি কৰিলে তাই?? 

মহিলা আৰক্ষী বিষয়া গৰাকীয়ে কলে "মহাবিদ্যালয়ৰ পৰা লেপটপ চোৰ কৰিলে তাই"। সেই চুৰিকাৰ্যৰ অনুসন্ধান কৰি অৱশেষত প্লাৱিতা যে তাৰ লগত জড়িত শেষ কথা প্ৰমাণিত হ'ল। ঘৰৰ পৰা লেপটপ জব্দ। 

সমাজে বিশ্বাস কৰিব নোৱাৰা ঘটনা। প্লাৱিতাই এনে কাম কৰিব পাৰে জানোঁ... ডাঙৰ প্ৰশ্নবোধক। 

 প্লাৱিতাৰ মাক এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ীত্ৰি, দেউতাক  বিত্তীয় বিভাগৰ এখন কাৰ্যালয়ৰ চতুর্থ বৰ্গৰ কৰ্মচাৰী। ঘৰখনত থকা তিনিগৰাকী শিক্ষিত। পৰিয়ালটো ঠিকে ঠিকে চলি থাকে। সমাজত প্লাৱিতাৰ লগতে মাক -দেউতাককো মানুহে সন্মানৰ দৃষ্টিৰে চায়। 

কিন্তু প্লাৱিতাৰ সেই চুৰিকাৰ্যই সমাজৰ দৃষ্টিত নাক কাটিল তেওঁলোকৰ সন্মান। 

প্লাৱিতাৰ এই অপকৰ্মৰ আৰঁত কি? 

তাই কিয় চুৰি কৰিব লগা হ'ল? 

আগত কৰবাত চুৰি কৰাৰ ৰেকৰ্ড আছে নেকি? 

চুৰি কাৰ্য কৰিবলৈ কত উৎস পালে? 

প্ৰশ্নবোৰ মানুহৰ মুখে মুখে, ৱেব পৰ্টেলত বোৰত বাজি উঠিল। সময় বাগৰাৰ লগে লগে

লাহে লাহেকৈ উৰহীৰ উৰ ওলাবলৈ আৰম্ভ কৰিলে। কিমান দিন লুকাই থাকিব। 

প্লাৱিতাৰ জন্মৰ আগৰে পৰা দেউতাক চাকৰিয়াল আছিল আৰু মাক তাই জন্মৰ দুবছৰ পাছত চাকৰিটো পালে। দেউতাক জিতেনে নিতৌ অফিচৰ পৰা যাওঁতে বহুত বস্তু লৈ যায় ঘৰলৈ। পত্নী পমীয়ে কৰ পৰা আনিলে , ইমান টকা কত পোৱা নিতৌ বস্তুবোৰ আনিবলৈ, এদিনো সুধা নাই। পমীয়ে প্ৰথমে গম পোৱা নাছিল যদিও পিছলৈ গম পালে যে অফিচৰ পৰা চুৰি কৰি জিতেনে নিতৌ ঘৰলৈ বস্তু আনে। অকল খোৱা  বস্তুৱে নহয় সুযোগ লৈ বহুত বস্তু অলপ অলপ ঘৰলৈ চুৰি কৰি নিয়ে।পত্নী পমী শিক্ষয়ীত্ৰি হৈয়ো জিতেনক এদিনো মনা নকৰিলে চুৰি নকৰিবলৈ, বৰঞ্চ তাই যেন ভালহে পায়। টকা খৰচ নকৰাকৈ ইমান বস্তু ঘৰলৈ অহাৰ বাবে। অফিচত তাৰ কথা গম পাই সকিয়নি দিয়াৰ দুদিনমান ঠিক থকাৰ পাছত পুনৰ আৰম্ভ হৈ যায়। অফিচৰ পৰা উলিয়াই দিম বুলি কোৱাত পমী অফিচলৈ আহি কান্দোনৰ ৰোল।চাকৰিটো হেৰালে চলিব নোৱাৰা হৈ পৰিব হেনু। তাতে ছোৱালীৰো পঢ়াৰ খৰচ। এনেকৈ কোনোমতে চাকৰিটো হেৰুৱাৰ পৰা বচায়। এই সৰু সৰু বস্তু চুৰি কৰি অনাৰ পৰিবেশ প্লাৱিতাই সৰুৰে পৰাই দেখি আহিছে। বস্তু চুৰি কৰিও প্ৰয়োজন পূৰাব পাৰি বুলি তাইৰো মনৰ কোনোবাখিনিত বীজ এটাই পোখা মেলিবলৈ আৰম্ভ কৰিছিল। আৰু এদিনাখন সেই পোখাই ডাঙৰ বৃক্ষ হৈ পৰিল। 

আজি প্লাৱিতা জেলত। সমাজতো তেওঁলোকৰ পৰিয়ালৰ প্ৰতি লাহে লাহেকৈ বেয়া ভাৱ এটা সোমাই গল। জিতেন আৰু পমী অনুশোচনা কৰিবলৈ ধৰিলে। জিতেনৰ অফিচৰ চাৰিবেৰত থকা কথাটো সমাজৰ সকলোৰে মুখে মুখে প্ৰচাৰিত হবলৈ ধৰিলে। এনে পৰিস্থিতিত সি চাকৰি কৰা অফিচখনৰ পৰা তাক চিৰদিনৰ বাবে বৰ্খাস্ত কৰিলে। আনফালে পমীয়েও শিক্ষকৰ চাকৰিটো হেৰুৱাব লগীয়া হল। প্ৰয়োজনীয়তাখিনিৰ অভাৱ নথকা ঘৰখনত আজি একোৱেই নোহোৱাৰ দৰে হৈ পৰিল। ঘৰখনলৈ বুলি আহিল বদনাম,লাঞ্ছনা, বেয়া ভাৱ, ইত্যাদি ইত্যাদি। সমাজত মুখ দেখাব নোৱাৰা হল তেওঁলোকে। ঘৰৰ বাহিৰলৈ খোজ দিয়েই বহু মানুহে শুনাই শুনাই কবলৈ ধৰা হল "নিজৰ লগতে সৰু ছোৱালীজনীকো চুৰি কাৰ্য্য শিকালে, লাজ নাই এনে মাক-দেউতাকৰ"। তেওঁলোকৰ পৰিয়ালটোৰ অৱনতিৰ কাৰণ তেওঁলোক নিজেই, কাকো দুখিবও নোৱাৰে। যদি জিতেনে নিজৰ অফিচত বস্তু চুৰ কৰাৰ কাৰবাৰটো নকৰিলে হয়, যদি পমীয়ে জিতেনক চুৰি কৰি বস্তু ঘৰলৈ অনাত ধমকী বা বুজনি দিলেহেঁতেন,শিক্ষয়ীত্ৰি হৈয়ো তাই এদিনো সেই কামটো নকৰিলে, লোভৰ আগত যেন সকলো 

পাহৰি পেলাইছিল ।আটাইতকৈ লাজৰ কথা এটকা উপাৰ্জন নকৰা জীয়েকে লেপটপ কৰ পৰা আনিল সেই কথা সুধাৰ প্ৰয়োজনবোধ নকৰিলে জিতেন আৰু পমীয়ে । কি আচৰিত। পৰিণতি আজি চকুৰ সন্মুখত।  এতিয়া অনুশোচনা কৰি কি হব। সহজলভ্যৰে সুখ বিচৰাৰ পৰিণতি সন্মুখত তেওঁলোকৰ। প্ৰাথমিক বিদ্যালয়ত সকলোৱে পঢ়ি অহা "লোভেই পাপ, পাপেই মৃত্যু" কথাটিৰ দৰেই পৰিয়াল টি একপ্ৰকাৰৰ মৃত প্ৰায় হোৱাদি হল। প্লাৱিতা  জেলত আৰু জিতেন, পমী মনৰ অন্ধকাৰ জেলত বন্দী হৈ পৰিল। যি অন্ধকাৰে পোহৰৰ বাট দেখুৱাটো একপ্রকাৰৰ ক্ষীণ হৈ পৰিল।

Thursday, October 22, 2020

"


মোৰ মনৰ কলমে তোমালৈ বুলি অকাঁ শব্দ বাক্যৰ ছবিটি"

(আজি  দিপলীনাৰ শেহতীয়া ফটোকপি চাই কিবা এটা লিখিবলৈ মন গ'ল)
________________________________
                                           ✍ৰাজ্জাক

তোমাৰ চকুৰে মৰম বৰষে,
চকুযুৰিত অহংকাৰ শূণ্য বিশাল ছবি
উপভোগ কৰি ভাল লাগে

চুলিকোচাৰ দুই চাৰিডাল আহি যেতিয়া   বতাহৰ পৰশত
তোমাৰ দিম্পলভৰা দুগালত পৰেহি,
য'ত অকৃত্রিম হাঁহিৰ  বিচৰণ প্ৰায় প্ৰতি সময়ে,
ভাল লাগে।

মোৰ মনৰ কলমে আজিলৈ যিমানদূৰ তোমাৰ মন-হৃদয়ক অধ্যয়ন কৰিলে
সুন্দৰ মনৰ, সকলো মনৰ সৈতে মিলিব পৰা,
আনন্দ বিলাই ভাল পোৱা, হাঁহি উপহাৰ দিব পৰা,
কোমল হৃদয়ৰ জীৱন বিচাৰি পালে,
কৃত্রিমতাৰ  স্থান নাই য'ত ...
শব্দ-বাক্যৰে তাকে আঁকিবলৈ যত্ন কৰিলোঁ
(সদায় এনেদৰেই বিচাৰোঁ)

তোমাৰ মুখৰ পৰা প্ৰবাহিত শব্দ বাক্যবোৰ
ইমান সৰলতাৰে -কোমলতাৰে বিতৰণ কৰা,
অপূৰ্ব, অতুলনীয়...
শিকাৰু দেই মই এনেবোৰ সুন্দৰ বতৰাৰ,
কথাত মণি মুকুতা সৰাটো সহজ কথা নহয়,
মুখৰ মাতষাৰ শ্ৰেষ্ঠ সম্পদ মানৱ জীৱনত
শ্ৰদ্ধা কৰোঁ সদায়


অভিনয়-কণ্ঠৰ  কথা
নতুনকৈ নকওঁ,
যদিও লিখিতভাৱে কোৱা নাই
সকলোৰে দৰে মোৰো প্ৰিয় তোমাৰ প্ৰতিটো গীত,
সু অভিনয়ৰ ময়ো দৰ্শক

এই যে তোমাৰ মিঠাকৈ মিছিকিয়া হাঁহিটি
য'ৰ মোহনা মন-হৃদয় ,
মুকলি /বহল সেই মন-হৃদয়ক  সন্মান যাঁচিলো
অনুৰাগী আমি(মই) তেনে মুকলি/বিশাল মন-হৃদয়ৰ।।

(বি . দ্ৰ .---ক্ৰাছ সকলে দায়-দুখ নধৰে যেন🤣 আমাৰো প্ৰিয় আৰু মৰমৰ শিল্পী তাই)

Wednesday, September 30, 2020

 

তোমাক_ভালপাওঁ

মোৰ মাতৃভূমি তোমাক ভালপাওঁ
তোমাৰ কেচাঁ মাটিত উমলি মই ডাঙৰ হ'লো,
খোজ কাঢ়িব শিকিলো
এটি দুটিকৈ কথা পাতিব শিকিলো

তোমাক ভালপাওঁ 'মা'
তোমাৰ গৰ্ভৰ পৰাই মই.....
প্ৰতিগৰাকী মাতৃক ভালপাওঁ
মাতৃৰ বাবেই সন্তানে....
মাতৃৰ কাষত সন্তান চিৰঋণী

প্ৰতিগৰাকী সভ্য মানুহক ভালপাওঁ
যাৰ বাবে আজিৰ বিভীষিকাৰ মাজটো পৃথিৱী শুৱনী
যিয়ে অহৰহ চেষ্টা কৰে অশান্তি সন্ত্ৰাস নাশ কৰিবলে
সন্ধান কৰে শান্তি,বন্ধুত্ব ,ভ্ৰাতৃত্ববোধৰ...

প্ৰতিগৰাকী গায়ক-গায়িকাক ভালপাওঁ
যিসকলৰ গীতৰ পৰশে....
প্ৰতিগৰাকী কবিক ভালপাওঁ
যিসকলৰ কবিতাৰ স্পন্দই...

কিতাপ পঢ়ি ভালপাওঁ
যিবিলাক কিতাপে
জীবন বাটৰ খোজত...

কলম ভালপাওঁ
কলমে জীবনৰ বাটবোৰ প্ৰতিপলে
উন্নয়নৰ দিশে ..
কলমক ভালপাওঁ
কলমৰ নিপডালৰ পৰাই জন্মলাভ কৰে অগণণ ...

অগ্ৰজসকলক ভালপাওঁ
তেওঁলোকে দেখোৱাই দিয়ে জীবনক কেনেকৈ...

বন্ধুত্বক ভালপাওঁ
যাৰ মিঠা স্পৰ্শই দি যায় জীবন চিত্ৰত বহু ৰং...
বন্ধুত্বক ভালপাওঁ
জীবনত সাথঁৰ যেন লগা বহু কাম বন্ধুত্বৰ সাহসত...

প্ৰেম ভালপাওঁ
জীবন প্ৰেয়সীক ভালপাওঁ
প্ৰেম সৃষ্টিৰ আধাৰ
প্ৰেয়সীয়ে জীবনৰ কঠিনতাৰ সময়ত
জীবন বাটৰ দুৰ্যোগৰ সময়ত প্ৰতিটো ক্ষণতে প্ৰেৰণা দিয়ে,সাহস দিয়ে
প্ৰেমৰ মিঠা সুবাসে অসম্ভৱ কামো সম্ভৱ কৰে

পৰিবেশ ভালপাওঁ
গছ-গছনি ভালপাওঁ
ফুল ভালপাওঁ
ফুলেৰে আবৃস্ত ফুলনি ভালপাওঁ
আকাশ ভালপাওঁ,
বৰষুণ ভালপাওঁ,
সূৰুজক ভালপাওঁ,
সূৰুজৰ ৰশ্মিক ভালপাওঁ,
জোনক ভালপাওঁ,
জোনাক ৰাতি ভালপাওঁ,
গ্ৰীষ্মক ভালপাওঁ,
শীত ভালপাওঁ
সেই পৃথিৱী তোমাক মই ভালপাওঁ

Saturday, August 1, 2020


                                   "বায়েক"

   ****************************************************************************
                                                                   ✍ৰাজ্জাক


জীৱন  বাটত বিভিন্ন সম্পৰ্কৰ ভিতৰত বায়েক বোলা সম্পর্কটো বহুতেই গুৰুত্বপূৰ্ণ। বায়েকে ভায়েকলৈ মৰম, লঘু শাসন, সাহস ৰ বাহাৰ চাদাবাহাৰ কৰি থাকে। যাৰ বাবে ভায়েক বোৰ মনৰ শক্তিশালী হয়। মনত শক্তি থাকিলে দেহৰ শকতি নিজে নিজে বৃদ্ধি পায়। 



বায়েকক বিশেষকৈ ডাঙৰ বায়েকক মাতৃৰ সম জ্ঞান কৰা হয়। মা ৰ পিছতে যদি জীৱনত সৰুৰ পৰা সময়ে সময়ে ভায়েকক আটাইতকৈ বেছি শুশ্রূষা কৰে সেয়া হ'ল ডাঙৰ বায়েক। ভায়েকৰ "সৰুৰ  পৰা ডাঙৰ যিকোনো অসুবিধা, সেয়া মনৰে হওঁক বা দেহৰ অনুধাৱন কৰি যিকোনো প্ৰকাৰে সমাধান কৰাত বায়েক উঠি পৰি লাগে। আনকি মা'ক কব নোৱাৰা বহুত কথা ভায়েকে বায়েকৰ লগত অনায়াসে  বিনিময় কৰিব পাৰে। বায়েক-বায়েকৰ  বন্ধুত্ব ৰ সম্পৰ্কে যদিও ইমান প্ৰাকাশ্য নহয়, তথাপিও এই সুবাস লাভ কৰা সকলেহে উপলব্ধি কৰে ইয়াৰ মধুৰতা  আৰু তাৎপৰ্য কিমান .....



মোৰ জীৱনটো বায়েকৰ ফুলনিখন বিৰাট ধুনীয়া। যি ফুলনীৰ ফুলৰ সুবাসে জীবনৰ ছবিত  মাদকতা প্ৰদান কৰি আহিছে। জীৱনৰ ঘাট -প্ৰতিঘাত, সুখ- আনন্দ সকলো সময়তে ভায়েকৰ কাষৰত বায়েক। জীৱনৰ সন্মূখলৈ থকা বোকাময় বাটবোৰ কিদৰে পকী কৰিব পাৰি তাৰ শিক্ষা প্ৰতিক্ষণতে বায়েকৰ পৰা। বায়েকৰ প্ৰতি থকা শ্ৰদ্ধা আদৰে বেয়া কৰ্মৰ পৰা শত খোজ দূৰত ৰাখে,সেয়াও বায়েকৰে অৱদান। 

বায়েকক ভাল কৰ্মৰ ফলাফল দেখাও দেখাও মনটোৱে কৈ থকাৰ বাবেই পূৰ্বতকৈ বহু বেছি পৰিমাণে ইতিবাচক কৰ্মৰ সংখ্যা বাঢ়ি গৈছে। ক্ৰেডিট সেয়াও বায়েকৰে। 




এইয়াও নহয় যে বায়েক বোৰৰ পৰা কেৱল মৰমে পাওঁ। ধমকী/দমো খাইছোঁ, হয়টো পিটন  খাইছোঁ চাগে (পাহৰিলোঁ) । সেইবোৰে আচলতে জীৱন সজোৱাত সহায়হে  কৰিছে।

মোৰ জীৱন বোলা কিতাপখন পঢ়াত শ্ৰেষ্ঠ পাঠকৰ দায়িত্বত বায়েক,  শ্ৰেষ্ঠ সমালোচকৰ দায়িত্ব টো বায়েক। 



জীৱন কিদৰে পৰিচালনা কৰিব লাগে, জীৱনৰ ছবিবোৰত ক'ত কেনেকৈ বিচৰা মতে ৰং সানিব পাৰি তাৰো উচ্চ শিক্ষা বায়েৰৰ পৰা। ত্যাগ কৰিব পৰা গুণৰ মাত্রা বৃদ্ধি কৰাৰ আৰঁতো বায়েক।

মনোবল, সাহসৰ গভীৰতা বৃদ্ধি কৰাৰ আৰঁতো বায়েক।


মুঠৰ ওপৰত ভায়েক জীৱনলৈ বায়েকৰ অৰিহণা বহুত। কিমান লিখিব সিমানেই শব্দ-বাক্য বাঢ়িব।

এই কথা সেই প্ৰতিগৰাকী ভায়েকে ভালকৈ হৃদয়ঙ্গম কৰিব পাৰে যাৰ শিৰত বায়েকৰ আশীর্বাদ ভৰা, প্ৰেৰণাদায়ক, মৰমীয়াল হাতখন সদায়ে আছে।।