Sunday, August 6, 2017

বন্ধুত্ব

      

           বন্ধুত্ব

                                     
                                                 মঃ ৰাজ্জাক আলী
                                                       মৰাণহাট
বন্ধুত্ব
   অৰ্থৰ বিৱৰণ দিয়াৰ সাহস মোৰ নাই
উৰে জীৱনৰ সাধনায়ো
বন্ধুত্বৰ নিখুঁত সংজ্ঞা দিয়াত অপৰাগত

বন্ধুত্ব,
        তুমি,মই,আপুনি ভবাৰ দৰে
    বন্ধুত্বৰ সংজ্ঞা ইমান সহজলভ্য নহয়

বন্ধুত্ব চাগে সেয়াই
   য'ত দ্বিতীয়গৰাকীয়ে গম নোপোৱাকৈ
কাষৰত অহা বিপয্যয়
প্ৰথম গৰাকীয়ে সমাধা কৰি আহিছে

বন্ধুত্ব চাগে সেয়াই
         সুখত বাটত সংগী নহ'লেও
       দুখৰ বিপদসংকুল বাটৰ সংগী লৈ খোজ দিবলৈ আগবাঢ়ি আহে

বন্ধুত্ব পিছে এয়াও নহয়
     যাৰ পৰা তুমি প্ৰতিটো কৰ্ম
 আদায় কৰিব বিচাৰিবা
আদায় নকৰিলে শূণ্য কৰিবা সম্পৰ্ক

বন্ধুত্ব  চাগে এক স্বৰ্গীয় সুৱাস
যাৰ  প্ৰকৃত   পৰশ লভিবলৈ
ভাগ্যৰ প্ৰয়োজন

বন্ধুত্ব গঢ়িবলৈ
বয়সৰ ব্যবধান নালাগে
নালাগে
নালাগে ধৰ্ম
নালাগে জাতি

প্ৰয়োজন
             সচাঁ মানৱীয় গুণৰ
দুটি মনৰ

যি মনে প্ৰকৃতাৰ্থত
                    বন্ধুত্বৰ সেউজীয়া বোৰ সন্মান কৰিব জানে




                

Thursday, July 27, 2017

"ফেচবুকৰ জৰ্জ আৰু ওকালতি কোনে কোনে কৰে                 জনাবচোন  জকাৰবাৰ্গ ডাঙৰীয়া"

                                                    👉 ম:ৰাজ্জাক আলী

মোৰ বহুত আপত্তি আছে
আছে অনেক কেচ
আদালতলৈ যাবলৈ টকা নাই
সময়ো নাই ইমান
কেচ খেলি থাকিবলৈ,

মগজুৱে কাম নকৰা হৈছে
কি কৰো এতিয়া

হঠাতে গম পালো
ফেচবুকত লিখি দিলেই হ'ল
আপত্তি বা কেচ
লিখাৰো হেনো নিয়ম আছে
ৰহন হানি লিখিব জানিব লাগিব
আপত্তি /কেচটো মিছা হ'লেও টেনশ্বন নাই
গ্ৰহণ কৰা হয়
যিমান বেছি ৰহন বিজয়ৰ পক্ষ সিমান শতাংশই বেছি আপোনাৰ

জকাৰবাৰ্গ ডাঙৰীয়া 
আপোনাৰ ফেচবুকৰ জৰ্জ কোননো
আৰু ওকালতি কোনে কোনে কৰে জনাবচোন
মোৰ কেচবোৰ গ্ৰহণ কৰা হ'বনে?
ৰহন সানিব নাজানো কিন্তু..
অনুগ্ৰহ কৰি জনাবচোন দেই

আপুনি ইমান সুবিধা দিছে
দিনে নিশাই চৌবিশ ঘন্টাই আপোনাৰ আদালত খোলা থাকে
যিকোনো সময়তে কেচ গ্ৰহণ কৰে
আৰু বোলে আপোনাৰ ফেচবুক আদালতে 
টকা আৰু সময় খৰছ নকৰাকৈয়ে
আপোনাৰ জৰ্জ উকিলৰ সহায়ত সমাধান দিয়ে
এই সুবিধা ময়ো ল'ব বিচাৰো

মাথো আপোনাৰ ফেচবুকৰ জৰ্জ আৰু ওকালতি কোনে কৰে জনাবছোন


Wednesday, July 19, 2017

অনুৰোধ তোমালৈ         

                                  মঃৰাজ্জাক আলী



প্ৰকৃতাৰ্থত নিজক ভালপাব শিকক
শতাংশৰ এশৰ ভিতৰত এশভাগেই ভালপাওঁক জীৱনক
ভালপোৱাহীন নকৰিবা জীৱনক
তুমি ৰোগী
তুমি দৰিদ্ৰ
তোমাৰ ওপৰত আনৰ প্ৰৰোচনা
এইবোৰ লৈ অনুগ্ৰহ কৰি
জীৱনটোক নষ্ট নকৰিবা
জীৱনটোক অনুপমকৈ সজাবলৈ যত্ন
কৰা
বিশৃংখল নকৰিবা ইয়াক
অৱহেলা নকৰিবা ঘনাই প্ৰতি
ভালপোৱা মাথো ভালপোৱা জীৱনক
চৰম বিপৰ্যয়ো হাৰ মানিব ভালপোৱাৰ কাষত
আৰু এদিন সকলো সৌন্দৰ্যময়ী হ'ব
তোমাৰ জীৱনে ধৰণীৰ বাগিছাত
বহু কিছু দিয়ে
তুমি নজনাকৈয়ে
অনুৰোধ,
মূল্যৱান জীৱন
জীৱহীন নকৰিবা


অনুৰোধ আপোনালোকলৈ


জানো আপোনালোক বহু ব্যস্ত
নিজৰ জীৱনৰ মাজতে আবদ্ধ
আহৰি নাই আহৰি নাই
তথাপিও,
ব্যস্ততাৰ পৰা কণমান সময়
বন্ধুত্বৰ বাবে,আত্মীয়ৰ বাবে
সংৰক্ষিত কৰিবছোন
আপোনালোক কাৰোবাৰ নহয় কাৰোবাৰ
প্ৰিয় বন্ধু বা বান্ধৱী হওঁক
প্ৰিয় মানে সচাঁ প্ৰকৃত বন্ধু
জীৱনৰ ঘাট-প্ৰতিঘাট
সুখ-দুখ
আপোনাসৱে বিনিময় কৰিব পৰা পৰিবেশ দিয়ক
আপুনি বিশ্বাস জগাওঁক
তেওঁৰ জীৱনত প্ৰতিক্ষণে আপুনি আছে বুলি
বন্ধুত্বই বহু ধ্বংসলীলা হোৱাৰ পৰা ৰক্ষণাবেক্ষণ দিব পাৰে
সেই ক্ষমতা আছে বন্ধুত্বৰ
বন্ধু হিচাপে আপোনাৰ
আপুনি মাথো বন্ধুত্বৰ বাবে সময় দিলেই হ'ল
ব্যস্ততাৰ পৰা কণমান
অনুৰোধ মাথো ইমানেই.....


(বন্ধু-বান্ধৱ প্ৰিয়সকলক অকালতে চিৰদিনৰ বাবে হেৰুৱাই আমি দুখী হওঁ,
আমি নাজানো অনাগত দিনবোৰত এনেকৈ আৰু কিমান হেৰুৱাম।কিন্তু বন্ধুত্ব বোলা সম্পৰ্কটোৰ বাবে যদি প্ৰত্যোকে সময় দিওঁ,সুখৰ বতৰা নল'লেওঁ দুখৰ বতৰাবোৰ পাতো, হয়তো তেতিয়া আত্মহত্যাৰ দৰে ঘটনা বহুদূৰ হ্ৰাস পাব।জীয়াই থকাৰ সাহস হেৰুৱাৰ বাবেই এনে পথ বাছি লোৱা হয়। যদি আপুনি,তুমি,মই প্ৰিয়    বন্ধু বান্ধৱী হ'ব পাৰো, প্ৰয়োজনত জীয়াই থকাৰ সাহস প্ৰেৰণা যোগাব পাৰো ।তেন্তে নিজৰ জীৱন নিজে ধ্বংস কৰা অশুভ পৰম্পৰা বহুদূৰ হ্ৰাস হ'ব)

Tuesday, June 20, 2017

নেতিবাচক আৰু ইতিবাচক

নেতিবাচক আৰু ইতিবাচক:এক চমু আভাস
                                            👉ৰাজ্জাক আলী
                                                 (মৰাণহাট)


সততে কৰা নেতিবাচক চিন্তাধাৰাই মানুহ এগৰাকীক সুন্দৰ জীবনৰ বাটলৈ খোজ দিয়াত বাধা প্ৰদান কৰে,  বাধা প্ৰদান কৰে তেওঁৰ সংগত থকা আন বহুজনকো।


   হ'ব জানো?কৰিব জানো?শুনিব জানো?দিব জানো?পাম জানো?
 নহ'ব নেকি?নকৰিব নেকি?নুশুনিব নেকি?নিদিব নেকি?নাপাম নেকি?


এই 'জানো'আৰু 'নেকি' শব্দবোৰে বহু জীবন পিছুৱাই দিয়ে।এক নেতিবাচক চিন্তাধাৰাই সেইগৰাকীৰ লগতে আন বহুজনক আগৰ বাটবোৰ চাবলৈ সুবিধাই নিদিয়ে।


মানুহৰ ইতিবাচক চিন্তাই বহু কঠিন কাম সহজ কৰি দিয়ে তাৰ উদাহৰণ বোধকৰো নতুনকৈ দিয়াৰ প্ৰয়োজন নাই।


কাষৰত অহা বিষয় এটা বা কাম এটা প্ৰথমেই যদি নেতিবাচক দৃষ্টিভংগীৰে চোৱা হয় সেই কাম বা বিষয়ত অসফল হ'ব সেইটো প্ৰায় নিশ্চিত। কাৰণ সেই কৰ্ম বা বিষয়ৰ ওপৰত নেতিবাচকে গুৰুত্ব দিব নিদিয়ে।
ইতিবাচক দৃষ্টিৰে খোজ আগবঢ়ালে ,কৰ্মবোৰ ইতিবাচক মনেৰে সম্পাদন কৰি গ'লে সফলতা  জীবনৰ কাষত উপস্থিত হোৱাটো স্বাভাৱিক।


আপুনি যি লক্ষ্য পাবলৈ আগবাঢ়ি আছে সেইটো সম্পূৰ্ণকৈ নাপালেও যাত্ৰাপথত এনে এক সফলতা লাভ কৰিব যিটোৱে আপোনাৰ জীবন অনুপম কৰাত বহুদূৰ সহায় কৰিব।

আপুনি কোৱা এষাৰ ইতিবাচক কথাই কাৰোবাৰ জীবন বহু সফলতালৈ  লৈ যাব পাৰে আপুনি জানেনে?আপুনি সুখী নহ'বনে  জানি আপোনাৰ বাবে এটি জীবন সফল হৈছে ।


সেয়েহে ইতিবাচক ভাৱধাৰাত,চিন্তাধাৰাত থাকক প্ৰতিক্ষণে। ইতিবাচকে আপোনাৰ জীবনটো সফলতাৰ সেউজীয়াৰে পৰিপূৰ্ণ কৰাৰ লগতে আপোনাৰ কাষত থকা সকলকো সেউজীয়াৰ সফল বাটলৈ খোজ দিয়াত সহযোগ কৰিব।


নেতিবাচক বাৰ্তাৰে জীবনবোৰ নষ্ট নকৰিব।আপোনাৰ নেতিবাচক কথা শুনি বহুজনে বহু মূল্যৱান সময়,কৰ্ম আৰু অনুপম জীৱন লাভ কৰাৰ পৰা বঞ্চিত হ'ব পাৰে।


গতিকে আহক নেতিবাচকক খেদি ইতিবাচক দৃষ্টিভংগীক সংগী কৰি খোজ কাঢ়ো এই বিশাল মানৱ সমাজত।


Friday, May 5, 2017

      "তেজৰ ৰং ৰঙা"


                                                            ৰাজ্জাক আলী



                   ( এক)


ল'ৰালিত পাচোঁটি একেলগে মাৰ্বল গুটি ,লুকা ভাকু খেলি আনন্দত মতলীয়া

 হাতে হাত ধৰি লগেভাগে বিদ্যালয়লৈ ...

উটপাট কৰি ধৰা পৰাত

এটাই আনটোক বচাব গৈ পিটনবোৰ লগেভাগে খাই


 ধৰ্ম কি নাজানে সিহঁতে

 ধৰ্মৰ নামত ভেদাভেদৰ পৰা পৰিস্কাৰ সিহঁতৰ মনবোৰ

মাথো বন্ধুত্বৰ সুৱাহত বিলীত

কোনোৱা হিন্দু

কোনোবা মুছলমান

কোনোবা শিখ

কোনোবা জৈন

অথবা বৌদ্ধ

মতলৱ নাই সিহঁতৰ

মাথো জানে বন্ধু সিহঁত

ঘৰৰ চাৰিবেৰৰ পৰা

বিদ্যালয় বিশ্ববিদ্যালয়লৈকে
পিতৃ মাতৃ ,শিক্ষাগুৰুৰ পাঠদান
ভ্ৰাতৃত্ববোধ,ধৰ্মনিৰপেক্ষ, একতা অটুট ৰাখিবলৈ

জাতি এটাই

সেয়া মানৱ জাতি

ধৰ্ম এটাই

সেয়া মানৱীয়তা

মানৱীয়তা ডোলেৰে খোজ কাঢ়িছিল সিহঁত


           (  দুই)

তেনে একতা দেখি

আচৰিত শতৰু

শতৰুৰ লক্ষ্যবিন্দু হৈ পৰিল সেই একতা চাৰখাৰ কৰাত

 প্ৰতিদিনে বিভেদৰ ক'লা বিজাণু প্ৰক্ষেপ শতৰুৰ

বন্ধুবৰ লাহে লাহে আক্ৰান্ত সেই বিজাণুত

পৰিণতিত

সিহঁতে আজি ধৰ্মক প্ৰাধান্য দিয়া হ'ল

এটাই আনটো ধৰ্মক লৈ তিৰস্কাৰ

ক'ত হেৰাল বন্ধুত্ব

শ্ৰেষ্ঠ সম্পৰ্কৰ এনাজৰীডাল ইমানেই ফোপোলা আছিল নে তৎমুহূৰ্ততে

ভাঙি গ'ল একতা

ভাঙি গ'ল বন্ধুত্ব

জ্ঞানী হৈয়ো অজ্ঞানী হৈ পৰিল সিহঁত শতৰুৱে সুবিধা ললে

সিহঁতে সুবিধা দিলে

বন্ধু আজি শতৰু হ'ল


           (তিনি)

অকস্মাৎ এক দুৰ্ঘটনা আঘাতপ্ৰাপ্ত পাচোটি অতীত বন্ধু

ৰক্তাক্ত হ'ল দেহ

প্ৰতিজনৰে ৰঙা তেজবোৰ সিচঁৰি ঠাইডোখৰ ৰঙা ৰঙা হৈ পৰিল কোনোজনৰে অন্য ৰঙৰ তেজ নোলাল মাথো ৰঙা ৰঙৰ তেজ

দুৰ্ঘটনা দেখি উদ্ধাৰ কৰিব দৌৰি আহিল ভিন্ন ধৰ্মৰ মানুহ

মুছলমান উদ্ধাৰকাৰীজনে হিন্দুজনক

হিন্দুজনে মুছলমানজনক

শিখ এজনে বৌদ্ধজনক

বৌদ্ধ এজনে শিখজনক

আৰু নাস্তিক এজনে জৈনজনক উদ্ধাৰকৰি

প্ৰতিজনে প্ৰতিজনৰ মুখত পানী দি তৰাতৰিকৈ চিকিৎসালয়লৈ বুলি...


চিকিৎসালয়তে সিহঁতৰ ভুলবোৰ মনলৈ উজ্জ্বল হৈ বাজি উঠিল আত্মসমালোচনা প্ৰতিজনৰে


তোমালোকৰ একতাবোৰ চাই হিংসা কৰে

এজাক চকুচৰহাই

একতা ভঙাৰ জোৰদাৰ প্ৰচেষ্ঠাত প্ৰতিক্ষণে

সেইচামৰ সাবধান হোৱা আৰু

চকু কাণ নাক মুখ নিজৰ সু দায়িত্বত ৰাখিবা

 যাতে তোমালোকৰ ইন্দ্ৰিয় আনে দু:ব্যবহাৰ কৰাৰ সুযোগ নাপায়।।

Wednesday, March 29, 2017

                                         👉ৰাজ্জাক আলী

(তিনি বান্ধৱীৰ মাজত তৰ্ক যুদ্ধ
বিষয়- কোন শ্ৰেষ্ঠ?)

চিমি: মই বাঘৰ মুখত চুমা খাব পাৰো
আইনু:এইটো কি ডাঙৰ কথা, মই সিংহৰ মুখ ফালি দুচোৱা কৰিব পাৰো
বাবলি:থ থ তহঁতৰ কথা তহঁতৰ মাজত
মই এনাকণ্ডা এটাত দুহাতত ধৰি 10 টুকুৰা কৰি দিব পাৰো।
ৰাজু ৱে সিহঁতৰ কথাবোৰ শুনি আছিল।
ৰাজুক দেখি সিহঁতে সুধিলে -আমাৰ দু:সাহসিক কাৰ্যৰ কথা তইচোন শুনিলিয়ে..এতিয়া ক'চোন কোন শ্ৰেষ্ঠ?
ৰাজুৱে ক'লে - মোক প্ৰমাণ লাগে
ৰাজুৰ কথা শুনি তিনিও দৌৰি গৈ কাগজ কলম লৈ আহিল আৰু কিবা কিবি লিখাত লাগি গ'ল।
ৰাজুৱে সুধিলে:কি লিখিছ তহঁতি?
চিমিয়ে ক'লে- মই লিখিলো বাঘৰ মুখ আৰু এইয়া চুমা খাই দিলো
হ'ল ন বাঘৰ মুখত চুমা খোৱা।
আইনো- মই লিখিলো সিংহৰ মুখ আৰু এইয়া চা সমানে সমানে দুচোৱা কৰি দিলো ।
'ৰাজু মোৰ কথা শুন ' বাবলিয়ে ক'লে
- এইটো চা এনাকণ্ডা , লিখাৰ লগতে আঁকিও দিছো আৰু তোৰ সন্মুখতে দহ টুকুৰা কৰি দিছো চা।
এতিয়া ক কোন শ্ৰেষ্ঠ।
চিমি আৰু আইনুৱেও চিঞৰি উঠিল
অ ক ৰাজু কোন শ্ৰেষ্ঠ
ৰাজুৱে তিনিওজনীৰ ফালে চাই মূৰৰ চুলি খজুৱাই খজুৱাই ক'লে
:- ৰ মই কাগজ কলম লৈ আহো।
এইবুলি কৈ ৰাজু সিহঁতৰ মাজৰ পৰা পলাই পতং।

বহু দূৰণিত পোৱাৰ পিছত মুখৰ ভিতৰতে কলে "ওহ আজি বাছিলো আৰু দেই।