Wednesday, March 29, 2017

                                         👉ৰাজ্জাক আলী

(তিনি বান্ধৱীৰ মাজত তৰ্ক যুদ্ধ
বিষয়- কোন শ্ৰেষ্ঠ?)

চিমি: মই বাঘৰ মুখত চুমা খাব পাৰো
আইনু:এইটো কি ডাঙৰ কথা, মই সিংহৰ মুখ ফালি দুচোৱা কৰিব পাৰো
বাবলি:থ থ তহঁতৰ কথা তহঁতৰ মাজত
মই এনাকণ্ডা এটাত দুহাতত ধৰি 10 টুকুৰা কৰি দিব পাৰো।
ৰাজু ৱে সিহঁতৰ কথাবোৰ শুনি আছিল।
ৰাজুক দেখি সিহঁতে সুধিলে -আমাৰ দু:সাহসিক কাৰ্যৰ কথা তইচোন শুনিলিয়ে..এতিয়া ক'চোন কোন শ্ৰেষ্ঠ?
ৰাজুৱে ক'লে - মোক প্ৰমাণ লাগে
ৰাজুৰ কথা শুনি তিনিও দৌৰি গৈ কাগজ কলম লৈ আহিল আৰু কিবা কিবি লিখাত লাগি গ'ল।
ৰাজুৱে সুধিলে:কি লিখিছ তহঁতি?
চিমিয়ে ক'লে- মই লিখিলো বাঘৰ মুখ আৰু এইয়া চুমা খাই দিলো
হ'ল ন বাঘৰ মুখত চুমা খোৱা।
আইনো- মই লিখিলো সিংহৰ মুখ আৰু এইয়া চা সমানে সমানে দুচোৱা কৰি দিলো ।
'ৰাজু মোৰ কথা শুন ' বাবলিয়ে ক'লে
- এইটো চা এনাকণ্ডা , লিখাৰ লগতে আঁকিও দিছো আৰু তোৰ সন্মুখতে দহ টুকুৰা কৰি দিছো চা।
এতিয়া ক কোন শ্ৰেষ্ঠ।
চিমি আৰু আইনুৱেও চিঞৰি উঠিল
অ ক ৰাজু কোন শ্ৰেষ্ঠ
ৰাজুৱে তিনিওজনীৰ ফালে চাই মূৰৰ চুলি খজুৱাই খজুৱাই ক'লে
:- ৰ মই কাগজ কলম লৈ আহো।
এইবুলি কৈ ৰাজু সিহঁতৰ মাজৰ পৰা পলাই পতং।

বহু দূৰণিত পোৱাৰ পিছত মুখৰ ভিতৰতে কলে "ওহ আজি বাছিলো আৰু দেই।

Tuesday, March 28, 2017

"আবেদন পত্ৰ" 

                                    👉ৰাজ্জাক আলী
প্ৰতি

কালৈ নাজানো

বিষয়- প্ৰতিদিনত সুন্দৰতা লাগে
সুন্দৰতাত মৰম ভালপোৱা লাগে
শান্তি লাগে
সুখৰ বাতাবৰণ লাগে

কি বুলি সন্মোধন কৰিম নাজানো।
আপোনাক জনাওঁ যে আমাক
বাটে ঘাটে টেলিভিচন ৰ পৰ্দাত বেয়া খবৰ নালাগে। অশান্তিপূৰ্ণ সমাজ নালাগে। বাতৰি কাকতত ভাল খবৰৰ প্ৰকাশ লাগে। জীৱন নষ্টৰ দৃশ্য নালাগে , জৰ্জৰিত ,বিশৃংখল, সন্ত্ৰাসী বতাহ নালাগে।
ভেদাভেদ নালাগে,শত্ৰুতা নালাগে ...
বন্ধুত্ব লাগে,আন্তৰিকতা লাগে ,আপোনত্ব লাগে।

লাগে
অনুপম ,ৰঙীল , হাহিঁৰ কিৰণে জিলিকণি মাৰি থকা জীৱন ।
লাগে
এক আটকধুনীয়া ধৰণী
য'ত প্ৰকৃত মানুহ থকাৰ সুবিধা পায়।

আশাকৰো আবেদন খন গ্ৰহণ কৰি আমাক কৃতাৰ্থ কৰে যেন।

                                     ইতি
                             সভ্য মানৱ সমাজ

Friday, March 24, 2017

তোমাক ভালপাওঁ

"তোমাক ভালপাওঁ"                             ।।।👉ৰাজ্জাক আলী


মোৰ মাতৃভূমি তোমাক ভালপাওঁ
তোমাৰ কেচাঁ মাটিত উমলি মই ডাঙৰ হলো
খোজ কাঢ়িব শিকিলো
এটি দুটিকৈ কথা পাতিব শিকিলো

তোমাক ভালপাওঁ 'মা'
তোমাৰ গৰ্ভৰ পৰাই মই আজিৰ পৃথিৱী.....
প্ৰতিগৰাকী মাতৃক ভালপাওঁ
মাতৃৰ বাবেই সন্তানে....
মাতৃৰ কাষত সন্তান চিৰঋণী

প্ৰতিগৰাকী সভ্য মানুহক ভালপাওঁ
যাৰ বাবে আজিৰ বিভীষিকাৰ মাজটো পৃথিৱী শুৱনী
যিয়ে অহৰহ চেষ্টা কৰে অশান্তি সন্ত্ৰাস নাশ কৰিবলে
সন্ধান কৰে শান্তি,বন্ধুত্ব ,ভ্ৰাতৃত্ববোধৰ...

প্ৰতিগৰাকী গায়ক-গায়িকাক ভালপাওঁ
যিসকলৰ গীতৰ পৰশে....
প্ৰতিগৰাকী কবিক ভালপাওঁ
যিসকলৰ কবিতাৰ স্পন্দই...

কিতাপ পঢ়ি ভালপাওঁ
যিবিলাক কিতাপে
জীবন বাটৰ খোজত...

কলম ভালপাওঁ
কলমে জীবনৰ বাটবোৰ প্ৰতিপলে
উন্নয়নৰ দিশে ..
কলমক ভালপাওঁ
কলমৰ নিপডালৰ পৰাই জন্মলাভ কৰে অগণণ ...

অগ্ৰজসকলক ভালপাওঁ
তেওঁলোকে দেখোৱাই দিয়ে জীবনক কেনেকৈ...

বন্ধুত্বক ভালপাওঁ
যাৰ মিঠা স্পৰ্শই দি যায় জীবন চিত্ৰত বহু ৰং...
বন্ধুত্বক ভালপাওঁ
জীবনত সাথঁৰ যেন লগা বহু কাম বন্ধুত্বৰ সাহসত...

প্ৰেম ভালপাওঁ
জীবন প্ৰেয়সীক ভালপাওঁ
প্ৰেম সৃষ্টিৰ আধাৰ
প্ৰেয়সীয়ে জীবনৰ কঠিনতাৰ সময়ত
জীবন বাটৰ দুৰ্যোগৰ সময়ত প্ৰতিটো ক্ষণতে প্ৰেৰণা দিয়ে,সাহস দিয়ে
প্ৰেমৰ মিঠা সুবাসে অসম্ভৱ কামো সম্ভৱ কৰে
প্ৰেম মোক ভাল লাগে

পৰিবেশ ভালপাওঁ
গছ-গছনি ভালপাওঁ
ফুল ভালপাওঁ
ফুলেৰে আবৃস্ত ফুলনি ভালপাওঁ
আকাশ ভালপাওঁ,
বৰষুণ ভালপাওঁ,
সূৰুজক ভালপাওঁ,
সূৰুজৰ ৰশ্মিক ভালপাওঁ,
জোনক ভালপাওঁ,
জোনাক ৰাতি ভালপাওঁ,
গ্ৰীষ্মক ভালপাওঁ,
শীত ভালপাওঁ


সেই পৃথিৱী তোমাক মই ভালপাওঁ 

Thursday, March 23, 2017

কুইজ আৰু জীৱনৰ কিছু কথা

"কুইজ আৰু জীৱনৰ কিছু কথা"


                    👉ৰাজ্জাক আলী

ল'ৰালিৰ পৰাই প্ৰশ্নোত্তৰৰ খেল" কুইজ"ৰ প্ৰতি বেলেগ আগ্ৰহ গঢ় লৈ উঠিছিল । প্ৰাথমিক বিদ্যালয়ত থকাৰ পৰাই কুইজৰ লগত চা- চিনাকী হৈছিল।
ভাৰতৰ প্ৰথম ৰেলগাড়ী ক'ৰ পৰা কলৈ চলিছিল?
এয়া আছিল মই দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোতে অংশগ্ৰহণ কৰা প্ৰথম কুইজৰ প্ৰথম প্ৰশ্ন।
তপৰাই উত্তৰ দিছিলো বোম্বাইৰ পৰা থানেলৈ বুলি।
লাহে লাহে বিদ্যালয়ৰ পৰা মৰাণ অঞ্চলৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাবিলা
কটো
অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলো। তেনেদৰে প্ৰতিটোত পুৰস্কাৰ নাপালেও প্ৰায় ভাগতেই বিজয়ী হৈ কিতাপৰ টোপোলা আৰু মানপত্ৰ লাভ কৰিছিলো । ভাল লগা বতাহজাক সেই সময় বোৰত মনলৈ বাৰুকৈ বলিছিল।
এবাৰ গ্ৰীষ্মকালিন পাঠদান সামৰণি অনুষ্ঠান এখনত আয়োজন কৰা কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলো। কুইজৰ জীৱনত সেইখনেই এনে এক কুইজ প্ৰতিযোগিতা আছিল য'ত আমাৰ দললৈ অহা প্ৰতিটো প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ দিছিলো। বিৰাট ভাল লাগিছিল সেইদিনা ...কিন্তু দুখো লাগিছিল কিয়নো প্ৰথম স্থান দখল কৰিয়ো আজিপৰ্যন্ত পুৰস্কাৰ নাপালো।
এনেকে বিদ্যালয়ত পঢ়ি থাকোতে জিলা ভিত্তিত কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ বিদ্যালয়ৰ হৈ সুবিধা লাভ কৰিছিলো। শিৱসাগৰ ,ডিব্ৰুগড়ৰ বিভিন্ন স্থানত কুইজত অংশগ্ৰহণ কৰিবলৈ আগবাঢ়িলো। প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰি জ্ঞান লাভৰ লগতে বিভিন্ন বিদ্যালয়ৰ কুইজাৰ্ড সকলৰ লগত বন্ধুত্ব স্থাপনৰ পৰম্পৰা গঢ়িবলৈ ধৰে নিজে নিজেই। জিলা ভিত্তিত প্ৰতিযোগিতা বোৰত কমকে হ'লেও পুৰস্কাৰ পাইছিলো।
সময় পাৰ হোৱাৰ লগে লগে অসম ভিত্তিত কুইজ প্ৰতিযোগিতাবোৰত অংশগ্ৰহণ কৰিবলৈ সাহস কৰিলো।
এক নতুন ধাৰাৰ আৰম্ভ হ'ল। কুইজৰ বৃহৎ পথাৰত খোজ পেলালো। ৰাজ্যখনৰ   ভিন্ন জিলাৰ বিভিন্ন প্ৰান্তত কুইজে লৈ গৈছিল ।
লগ পাবলৈ ধৰিলো অসমৰ বিভিন্ন প্ৰান্তৰ অগ্ৰজ বহু কুইজাৰ্ডক, বিভিন্ন বিজ্ঞ ব্যক্তিক। শদিয়াৰ পৰা ধুবুৰীলৈকে এটা বহু কুইজাৰ্ড বন্ধু হৈ পৰিল জীৱন বাটৰ ..কুইজে উপহাৰ দিলে বহু বন্ধুক। গঢ়ি উঠিল বন্ধুত্ব।
এদিন মৰাণৰ এজাক কুইজপ্ৰেমী একত্ৰিত হৈ মৰাণ কুইজ ক্লাৱ গঠন কৰিলো। কুইজাৰ্ডৰ পৰা কুইজ মাষ্টাৰ হৈ পৰিলো। কণ কণ শিক্ষাৰ্থীৰ লৈ কুইজ প্ৰতিযোগিতাৰ পৰা সদৌ অসম ভিত্তিত কুইজ প্ৰতিযোগিতা পৰিচালনা কৰিব ধৰিলো।
এবাৰ
বিদ্যালয় পয্যায়ৰ কুইজ প্ৰতিযোগিতা এখন পৰিচালনা কৰিব গৈ দুগৰাকী বাইদেউক লগ পাইছিলো ।তেওঁলোকৰ আত্মীয়তাই আপ্লুত কৰিছিল বাৰুকৈ। কুইজেই এক মূল্যৱান উপহাৰ আগবঢ়াইছিল জীৱনলৈ ।পৰবৰ্তি সময়ছোৱাত খোজে প্ৰতি প্ৰেৰণাৰ আৰ্শীবাদ হৈ পৰিছিল তেওঁলোক। আপোনত্বৰ সেউজীয়া ৰঙে ৰঙীল কৰিছিল জীৱন। আজিৰ সময়ত তেনে ব্যক্তিত্বৰ সংখ্যা সামান্য। বহু কথা লিখি শেষ কৰিব নোৱাৰি কিন্তু কুইজৰ পচোৱাৰ পৰাই কাষৰত পাইছো অনেক মূল্যৱান......
হয়টো কুইজৰ লগত জড়িত নাথাকিলে বহুবোৰৰ পৰাই বঞ্চিত হলোহেতেঁন।


মৰাণ কুইজ ক্লাৱৰ অগ্ৰজ সকলৰ সানিধ্যই অনুপ্ৰাণিত কৰি আহিছে
এজাক অগ্ৰজৰ সুগন্ধি সহযোগ পাই জীৱনটো আগবঢ়াই নিয়াত সুবিধা হৈছে।

ধন্যবাদ কুইজ।

কুইজে মঞ্চ দিছে
কুইজে সন্মান দি আহিছে
কুইজে অপাৰ জ্ঞান লাভ কৰাত সহযোগ কৰি আহিছে
কুইজে আত্মীয়তাৰ সুবাস দিছে
কুইজে বন্ধুত্ব দিছে
কুইজে ব্যক্তিত্ব গঠনত সহযোগ কৰিছে
পুনৰ ধন্যবাদ কুইজ

Friday, March 17, 2017

চিত্ৰকাৰ

    "চিত্ৰকাৰ জীৱনৰ"

                  👉ৰাজ্জাক আলী

পৃথিৱীৰ আটাইতকৈ বিখ্যাত তথা শ্ৰেষ্ঠ চিত্ৰকাৰ সেইসকল যিসকলে জীৱন বোলা ছবিবোৰ সুন্দৰকৈ   আঁকি ৰঙীলতা ঢালি দিয়ে।

 ৰঙহীন জীৱনবোৰ বিবিধ ৰং বোৱাই  সৌন্দৰ্যতা দিয়া চিত্ৰকাৰ সকলক মোৰ তৰফৰ পৰা হিচাপ কৰি শেষ কৰিব নোৱাৰা সংখ্যক ধন্যবাদ।

জীৱনৰ উজ্জ্বলতা কম দেখিলেই তেওঁলোকে আগবাঢ়ি আহি নিস্বাৰ্থৰ ব্ৰাছত ৰং সানি পুনৰাই জীৱনৰ ছবিত  ৰঙীলতাৰ সমাহাৰ দিয়াত ব্যস্ত হৈ পৰে।

শত হাজাৰ বাৰ প্ৰণাম তেওঁলোকলৈ....
তেওঁলোকৰ পৰশ থকা জীৱনবোৰ ধন্য

Tuesday, March 14, 2017

ন বৰ্ষৰ প্ৰথমটি পুৱাতে লিখা "আশা ,শুভ বাৰ্তা , শান্তি"

আশা,শুভ বাৰ্তা , শান্তি

                               👉ৰাজ্জাক  আলী
-------------------------------------------------------------------
আশা- 'ন সূৰুযে ,কুৱলীৰ চাদৰক কাষৰত লৈ
                 খোজ পেলাইছে ন বসন্তলৈ
         এই বসন্তত  অপদাৰ্থ,আবৰ্জনাবোৰ জ্বলি ছাঁই                                                     হওঁক
 প্ৰকাশিত হওঁক মাথো
মৰম, ভালপোৱা,মানৱতা
মানুহে  মানুহৰ বাবে জীয়াই থকাৰ সুবাস...'

এটি নতুন বৰ্ষৰ আগমন.. বিপুল আদৰণি..নৱবৰ্ষৰ প্ৰথমটি পুৱাৰ পৰাই জীৱনে বহু আশা বুকুৰ মাজলৈ সাৰ্থক কৰি আনিব বিচাৰে..যিয়ে জীৱনৰ ছবি ৰঙীলতাৰে সজাই...

         আশা  :সুস্থ তথা সম্প্ৰীতিৰ বতাহেৰে শৰীৰত মিঠা স্পৰ্শ পোৱাৰ..

ভালপোৱা অস্ত্ৰৰ প্ৰহাৰত শত্ৰুতা নিহত হওঁক,
মৰমৰ পৰশত হিংসা নি:শেষ হওঁক,
মানৱীয় ৰশ্মিৰে ধৰিত্ৰীৰ চৌদিশ  মানৱীয় সৌন্দৰ্যৰে জিলিকি উঠক.... সেয়াই আশা

আশা মাথো , 
                   জীৱনৰ পথত বাৰুদৰ গোন্ধৰ পৰিবৰ্তে
          হিংসাৰ দুৰ্গন্ধৰ সলনি
                 প্ৰেম ভালপোৱাৰ ফুল অংকুৰিত হওঁক
       মানৱীয় সুগন্ধতাই সুবাহিত কৰক ধৰণী...
শুভ বাৰ্তা:---- আজি ধৰণী অশুভ বাৰ্তাৰ কবলত..
 পুৱাৰ প্ৰথমটি আভাৰ পৰা অন্তিম অন্ধকাৰলৈকে সমীক্ষা চলালে অশুভ বাৰ্তাৰ শতাংশহে বিজয়ী হ'ব। কাট-কূটকৈ দুই এক শুভ বাৰ্তাহে দিনটোত...যি অশুভ বাৰ্তাৰ কাষত পৰাজিত...
      বাতৰি কাকতৰ পৰা আৰম্ভ কৰি নিউজ চেনেল সকলোতে ৰাজত্ব অশুভ বাৰ্তাৰ। উঠি অহা প্ৰজন্মৰ  বাবে ভাল খবৰ ,শুভ বাৰ্তা আজি  দুষ্পাপ্য....
সাংবাদিকসকলৰো উপায় নাই বাস্তৱবোৰ লুকুৱাব নোৱাৰি     ..লাগিলে বেয়া খবৰে হওঁক  বাধ্য প্ৰকাশ কৰিবলে...
         আহকচোন আমিবোৰে কেৱল শুভ বাৰ্তাৰ সন্ধান কৰো..উপহাৰ যাতে দিব  উঠি অহা প্ৰজন্মক এমুঠি শুভ বাৰ্তা....
         শুভ বাৰ্তাৰ পৰশত সেউজীয়া  হওঁক জীৱনবোৰ,
গুলপীয়া হাহিঁৰে জিলিকি উঠক মুখনিবোৰ...


শান্তি:

     "শান্তি আজি দুৰ্লভ

    জীৱনৰ ছবিবোৰত শান্তিৰ অনাটন
শান্তিৰ অবিহনে জীৱনৰ ছবি বৰণহীন,সৌন্দৰ্যহীন"
আজিৰ সময়ত শান্তিক প্ৰতিক্ষণে লগ পোৱাটো এক  অৰ্থত অসম্ভৱ...
শান্তিৰ বিৰুদ্ধে কৰা বিভিন্ন কাৰুকাৰ্যৰ বাবে নিৰাশ হৈ শান্তি আতৰিবলৈ ধৰিছে মানুহ থকা সমাজৰ পৰা...
জীৱন সা সম্পত্তিৰে পৰিপূৰ্ণ থাকিলেও শান্তিৰ অবিহনে জীৱনটো মামৰে ধৰাৰ দৰে হৈ পৰে।
শান্তিৰ সুবাস স্থায়ীকৈ পাই থাকিবলৈ সকলোৰে সহযোগ লাগিব,
লাগিব ভালপোৱা, মানুহে মানুহক ভালপোৱা। প্ৰকৃতাৰ্থত ভালপোৱাই ধৰাৰ পৰা অশান্তি ,সন্ত্ৰাস বোৱাই
সুখ -শান্তিৰ পচোৱা বলাত সহযোগ কৰে।
প্ৰত্যেক মানুহৰ মন-হৃদয়ত ভালপোৱা পঞ্জীভূত হৈ থাকে ,যাক উদ্ভাৱন কৰি নদী বৈ যোৱাৰ দৰে সমাজলৈ প্ৰবাহিত কৰিব লাগে।পৰিণতিত চৌদিশে শান্তিৰে পুৱা,
শান্তিৰে দুপৰীয়া
শান্তিৰে ভৰা আবেলি
শান্তিৰ নিশাই ৰাজত্ব কৰিব। মানুহ জীৱ শ্ৰেষ্ঠ ।মানুহে ইচ্ছা কৰিলেই শান্তিৰে ধৰণী ....


আশাবোৰ সাৰ্থক হ'লে শুভ বাৰ্তাৰ বৰষা আহিলে শান্তিৰ পৰশ কাষৰত থাকিলে আমাৰ জীৱনবোৰ নিৰ্মলপ্ৰভা বাইদেউৰ কথাৰে "জীৱন জীৱন বৰ অনুপম" হৈ উঠিব।