Monday, June 15, 2020
অমানৱীয় কাৰ্যকলাপ, গণহত্যা আৰু তাক ৰোধ কৰাত সমাজৰ কিছুমান বিশেষ অনুষ্ঠান, ব্যক্তিপ্ৰধানৰ কৰণীয়"
------------------------------ ------------------------------ ------------------------------ -------
✍ৰাজ্জাক আলী
আমি বিগত কিছু বছৰ /দিনবোৰত পৰিলক্ষিত কৰিছোঁ যে সাধাৰণ কিছুমান তৰ্ক-বিৰ্তকতে অথবা স্বাৰ্থজনিত কাৰণত এচাম মানুহৰূপী দানৱে কেইবাটাও জীৱন কাঢ়ি লৈ গৈছে।এজাক মানুহে দলবদ্ধ ভাৱে মাৰ পিট কৰি হত্যা কৰিবলৈ ধৰিছে ।যাক বৰ্তমান সময়ত গণ নিগ্ৰহৰ , ইংৰাজীত Mob lynching বুলি কোৱা হয়। এনে অধিকাংশ ঘটনা মুছলমান সম্প্ৰদায়ৰ, চাহ জনগোষ্ঠীয় লোক, তথা পাহাৰীয়া অঞ্চলৰ এচাম মানুহৰ দ্বাৰা সংঘটিত হৈ আহিছে। সেয়া অপ্ৰিয় সত্য।
এনে ঘটনাবোৰ নিঃশেষ কৰিবলৈ হ'লে তেনে অসৎ প্ৰকৃতিৰ মনবোৰ শুদ্ধ পথলৈ আনিব লাগিব। নহ'লে কোনোৱা অপৰাধীয়ে শাস্তি পাওঁক বা নাপাওঁক নতুন অপৰাধী আৰ্বিভাৱ হৈয়ে থাকিব। প্ৰশাসনৰ বা আইনৰ ওপৰিও আৰু কেইটামান অনুষ্ঠানে এইক্ষেত্ৰত আগভাগ ল'ব পাৰে বা ল'ব লাগিব ।
প্ৰথমতে,
ধৰ্মীয় অনুষ্ঠানবোৰৰ মুৰব্বী তথা বিষয়-ববীয়াসকলে এক লেখত লগীয়া ভূমিকা গ্ৰহণ কৰিব লাগিব।
সমাজত সহজলভ্য হৈ পৰা থকা গণহত্যাবোৰ ৰোধ কৰা বা তেন্তে ঘটনাবোৰ সংঘটিত নহওঁক তাৰ বাবে।কেৱল হত্যালীলা বুলিয়েই নহয় বিভিন্ন ধৰণৰ অনৈতিক কাৰ্যকলাপ ৰোধ কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে।
ধৰ্মীয় কাৰ্যসূচী ৰ উপৰিও নিজ নিজ পৰিসৰত(অভিজ্ঞতা ৰ পৰা গম পাওঁ যে প্ৰতিটো ধৰ্মীয় অনুষ্ঠানৰ এটি এটি নিজা পৰিসৰ থাকে) পৰা সমাজখনক বিভিন্ন সজাগতামূলক ,প্ৰয়োজনত বিষয়ভিত্তিক জ্ঞান থকা ব্যক্তিক নিমন্ত্রণ জনায় দুআষাৰ কোৱাৰ ব্যবস্থা কৰি দি সমাজখনত থকা কলুষিত মনবোৰ শুদ্ধ কৰাৰ চেষ্টা এটা চলাব পাৰে। যাতে সেইখন সমাজত কোনো অমানৱীয় কাৰ্যকলাপ সংঘটিত নহয়।

কিয় ধৰ্মীয় অনুষ্ঠানৰ কথা কৈছোঁ?
তেনে কাৰ্যসূচী ল'বলৈ বিভিন্ন অনুষ্ঠান -প্ৰতিষ্ঠান আছে, লোক আছে?
তেন্তে কিয় ধৰ্মীয় অনুষ্ঠান?
প্ৰশ্নবোধক নিশ্চয় হ'ব।
উত্তৰত কওঁ ,
সাধাৰণতে ধৰ্মীয় উন্মাদনাৰ প্ৰতি অতি সহজে আৰু দ্ৰুত গতিত অধিকাংশ লোক আকৰ্ষিত হয়। ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত ব্যক্তি কিবা ক'লে অধিকাংশই মানি লয় আৰু সেইমতে চলে। ইয়াৰ পৰা বুজা গ'ল ধৰ্মীয় অনুষ্ঠান এক শক্তিশালী ভূমিকা আছে নিজ নিজ ধৰ্মীয় সমাজৰ প্ৰতি।

গতিকে ধৰ্মীয় অনুষ্ঠানবোৰৰ পৰা এটি এটিকৈ বিশেষ কমিটি গঠন কৰিব লাগে । যি কমিটিয়ে নিজৰ পৰিসৰৰ ভিতৰত থকা মানুহবোৰক সময়ে সময়ে সজাগতামূলক বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিব লাগে। সেই কাৰ্যসূচী বোৰ কিন্তু কোনো এটা নিদিষ্ট স্থানতে নকৰি ৰাইজৰ সুবিধা হোৱাকৈ বিভিন্ন স্থানত অনুষ্ঠিত কৰিব লাগে।
(কাৰ্যসূচীবোৰত ধৰ্মীয় কথা আলোচনাৰ পৰা কিন্তু বিৰত থাকিব লাগিব) । প্ৰশাসনৰ লগতো সময়ে সময়ে কমিটিখনে আলোচনা কৰিব লাগে। তেনে এক কাৰ্যসূচী যদি গ্ৰহণ কৰি যোৱা হয় কিবা যে সু-ফল ওলাব সেয়া নিশ্চিত।
(কাৰ্যসূচীবোৰত ধৰ্মীয় কথা আলোচনাৰ পৰা কিন্তু বিৰত থাকিব লাগিব) । প্ৰশাসনৰ লগতো সময়ে সময়ে কমিটিখনে আলোচনা কৰিব লাগে। তেনে এক কাৰ্যসূচী যদি গ্ৰহণ কৰি যোৱা হয় কিবা যে সু-ফল ওলাব সেয়া নিশ্চিত।
দ্বিতীয়তে চাহ বাগান অঞ্চলত বিভিন্ন সময়ত অমানৱীয় ঘটনা সংঘটিত হৈ আহিছে। হত্যা পৰ্যন্ত কৰা হৈছে অলপ অলপ কথাৰ তৰ্ক-বিতৰ্কতে।
চাহ বাগান অঞ্চলত "মহিলা তথা শিশু সৱলীকৰণ" ৰ ওপৰত ৩ বছৰ ধৰি বিভিন্ন সজাগতা সভা, বিদ্যালয় এৰি দিয়া ল'ৰা-ছোৱালীক পুনৰ বিদ্যালয়লৈ উভতাৰ ব্যবস্থা কৰা ,ইত্যাদি বিভিন্ন উন্নয়ন মূলক কাম কৰি আহিছোঁ।
চাহ বাগান অঞ্চলত "মহিলা তথা শিশু সৱলীকৰণ" ৰ ওপৰত ৩ বছৰ ধৰি বিভিন্ন সজাগতা সভা, বিদ্যালয় এৰি দিয়া ল'ৰা-ছোৱালীক পুনৰ বিদ্যালয়লৈ উভতাৰ ব্যবস্থা কৰা ,ইত্যাদি বিভিন্ন উন্নয়ন মূলক কাম কৰি আহিছোঁ।
চাহ বাগান অঞ্চলৰ মানুহ বোৰক কাষৰ পৰা চিনাৰ পৰা এটা কথা গম পাইছিলোঁ যে তেওঁলোকে বাগানৰ মুখ্য মেনেজাৰ (তেওঁলোকে বৰ চাহাব বুলি সন্মোধন কৰে) ক বহু বেছি সন্মান তথা মেনেজাৰৰ প্ৰায় কথা সহজতে মানি লয়।
তেন্তে প্ৰতিখন বাগানত মেনেজাৰৰ উদ্যোগত এটি বিশেষ কমিটি গঠন কৰি দিব নোৱাৰিনে?
প্ৰশাসনৰ দুই এগৰাকী ব্যক্তিও য'ত থাকিব। প্ৰয়োজন হ'লে প্ৰশাসন/চৰকাৰে তেনে কমিটি গঠন কৰিবলৈ প্ৰতিখন চাহ বাগানৰ বিষয়-ববীয়া সকলক আহ্বান জনাব লাগে।

যি কমিটিতে বাগান অঞ্চলৰ বাসিন্দা সকলৰ মাজত ইতিবাচক চিন্তা, কোনো অপৰাধ যাতে সংঘটিত নহয় তাৰ বাবে সজাগতামূলক সভা (সভাবোৰ মাথো উৎসাহ মূলক কৰিব লাগিব) ইত্যাদি বিভিন্ন বাগানবোৰৰ বিভিন্ন লাইনবোৰত গৈ গৈ অনুষ্ঠিত কৰিব লাগে।প্ৰয়োজনত বিষয়ভিত্তিক জ্ঞান থকা ব্যক্তিক তেনে সভাবোৰলৈ নিমন্ত্রণ জনায় সজাগতামূলক বাৰ্তালাভ কৰাৰ ব্যবস্থা কৰিব লাগে। যেতিয়া মেনেজাৰৰ /বৰ চাহাবৰ উদ্যোগত তেনে সভাবোৰ হ'ব চাহ বাগান অঞ্চলৰ প্ৰায় সকলো মানুহেই গুৰুত্ব সহকাৰে শুনিব আৰু মানিবলৈ ল'ব।
পৰিণতিত অনৈতিক কাৰ্যকলাপৰ সংখ্যা কমিব বুলি আশা কৰিব পাৰি।
পৰিণতিত অনৈতিক কাৰ্যকলাপৰ সংখ্যা কমিব বুলি আশা কৰিব পাৰি।
তৃতীয়তে পাহাৰীয়া অঞ্চল ,
পাহাৰীয়া অঞ্চল কিছুমানটো(সকলো নহয়) সময়ে সময়ে ভাবিব নোৱাৰা অমানৱীয় কাৰ্য, গণহত্যা, ইত্যাদি কাৰ্য সংঘটিত হৈ আহিছে।
(আমিও এদিন কথমপিহে বাছি আহিছিলোঁ,ভয়ংকৰ অভিজ্ঞতা সাক্ষী) এতিয়া কথা হ'ল
ইয়াক কেনেকৈ সম্পূর্ণ নাইকীয়া কৰিব পাৰি ।
প্ৰথমতে এই অঞ্চলবোৰত থকা ধৰ্মীয় অনুষ্ঠানবোৰক বিভিন্ন সৱলীকৰণ/সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি যাবলৈ প্ৰশাসনৰ ফালৰ আহ্বান জনাব লাগে । কিয় ধৰ্মীয় অনুষ্ঠানৰ কথা কৈছোঁ প্ৰথমতে উল্লেখ কৰিছোঁ সেই সম্পর্কে।
দ্বিতীয় তে সেই অঞ্চলবোৰত থকা সমাজপ্ৰেমী শিক্ষিত যুৱক -যুৱতীক সজাগতামূলক কাৰ্যসূচী প্ৰকল্প ধৰণৰ প্ৰস্তুত কৰি নিয়োজিত কৰিব লাগে। তেওঁলোকৰ কৰ্মও সংস্থাপন হ'ব লগতে তেওঁলোকৰ অনুষ্ঠানবোৰৰ দ্বাৰা সেই সমাজখনত অত ত'ত ৰৈ যোৱা অমানৱীয় মনবোৰ মানৱীয়তালৈ পৰিণত হ'ব।
এখন সুস্থ পৰিবেশ গঢ় লৈ উঠিব পাৰিব আশা কৰিব পাৰি।
ওপৰত উল্লেখ কৰা বিশেষ ঠাইবোৰতে বা তেনে এচাম ব্যক্তিৰ দ্বাৰাই অপৰাধ হয়, বাকী কতো অপৰাধ নহয় সেই কথাও নহয়। অপৰাধ, অমানৱীয় কাৰ্যকলাপ অন্যান্য ঠাইটো হয়। কিন্তু উপৰোক্ত ঠাইবোৰতকৈ বহু কম। আমি বিচাৰিছোঁ, সকলো ঠাইত মানুহ বাস কৰক, অমানুহ নহয়। মানুহে মানুহৰ বাবে ভাবক, উপকাৰ কৰিব নোৱাৰিলে অপকাৰো যাতে নকৰে।
লেখাটো এইবাবেই লিখিছোঁ,
যোৱা পাঁচ-ছবছৰৰ পৰা কিছুমান মানুহ অতিকৈ দানৱ হৈ পৰিছে যেন লাগিছে। মানুহক যিদৰে হত্যা কৰিছে যেন কোনো জন্তু কে মাৰিছে।( এনেদৰে জন্তু কো মৰাটো উচিত নহয়)
যোৱা পাঁচ-ছবছৰৰ পৰা কিছুমান মানুহ অতিকৈ দানৱ হৈ পৰিছে যেন লাগিছে। মানুহক যিদৰে হত্যা কৰিছে যেন কোনো জন্তু কে মাৰিছে।( এনেদৰে জন্তু কো মৰাটো উচিত নহয়)
অতিস্ত হৈ পৰিছোঁ। এই ঘটনা সময়ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে।
শেষত কওঁ, এনে ঘটনাবোৰ সংঘটিত হোৱাৰ পিছত ব্যবস্থা গ্ৰহণ কৰাতকৈ যদি এনে ঘটনাৰ উৎপত্তি নহওঁক তেনে ব্যবস্থা কৰিব পাৰি নেকি?
মই মোৰ সামান্য জ্ঞান আৰু অভিজ্ঞতাৰে দুটামান পৰামৰ্শ আগবঢ়ালোঁ। কিমানদূৰ সফল হ'ব সেয়া নাজানোঁ , কিন্তু অলপ হ'লেও যে এনে ঘটনাবোৰ কমিব সেয়া মোৰ বিশ্বাস।
মই মোৰ সামান্য জ্ঞান আৰু অভিজ্ঞতাৰে দুটামান পৰামৰ্শ আগবঢ়ালোঁ। কিমানদূৰ সফল হ'ব সেয়া নাজানোঁ , কিন্তু অলপ হ'লেও যে এনে ঘটনাবোৰ কমিব সেয়া মোৰ বিশ্বাস।
(কেইগৰাকীমান অসৎ মনৰ মানুহৰ বাবে এটি ঠাই, কোনো ধৰ্ম কলুষিত হ'বলৈ নিদিব ,গধুৰ দায়িত্ব সকলোৰে। সহযোগিতা আগবঢ়াওক সমাজ সংশোধনত।
সমাজখন সুন্দৰ হওঁক, তাৰে কামনা কৰিলোঁ)
Wednesday, June 3, 2020
জীৱশ্ৰেষ্ঠৰ_নামত_থকা_বিভ্রান্তিবোৰ
-------------------------------------------------------
✍ৰাজ্জাক আলী
কি কম ...
আকৌ এবাৰ মনত বৃহৎ বিভ্রান্তি...
মানুহ হৈ জন্মগ্ৰহণ কৰা সকলো লোক জীৱশ্ৰেষ্ঠই নে???????
মানুহ হৈ মানুহ মৰাৰ ঘটনাবোৰ সহজলভ্য হোৱাৰ লগতে
শেহতীয়া কৈ কেৰেলাৰ ঘটনাটোৱে হাজাৰ প্ৰশ্ন উত্থাপন কৰিছে।
এটি বনৰীয়া জন্তু এ যদি মানুহৰ ওপৰত অত্যাচাৰ কৰে (সাধাৰণতে খাদ্যৰ অভাৱত, বসতিৰ অভাৱত বা মানুহে কৰা আমনিৰ বাবেহে অাক্ৰমণ কৰা দেখা যায়) তাত কবলগীয়া বিশেষ এইবাবেই নাথাকে , কাৰণ
সিহঁত জীৱশ্ৰেষ্ঠ নহয়।
কিন্তু জীৱশ্ৰেষ্ঠৰ উপাধি লাভ কৰা সেই এচাম মানুহে বাৰে বাৰে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰে, জন্তুৰ ওপৰত এনেধৰণৰ অত্যাচাৰ কৰে তাত ক'বলগীয়া বগুত থাকে।
কেৰেলাৰ চাইলেন্ট ভেলী ৰাষ্ট্ৰীয় উদ্যানত খাদ্যৰ সন্ধানত সেইদিনা হাতীজনীয়ে জীৱশ্ৰেষ্ঠৰ লেভেল লগা এচামক বিশ্বাসত লৈ দুটিকৈ জীৱন হেৰুৱাবলগীয়া হ'ল।
জীৱশ্ৰেষ্ঠৰ লেভেল লগা দেই অসুৰ চামে একমাত্র মনৰ খন্তেকীয়া তৃপ্তিৰ বাবে
এগৰাকী মাতৃক হত্যা কৰিলে,
পৃথিৱীৰ চেহেৰা চাবলৈ অপেক্ষাত থকা এটি নৱজাতককো হত্যা।
কিমান বেয়া মন -মগজু সেইসকলৰ,
"জীৱশ্ৰেষ্ঠৰ সা-সৰঞ্জামবোৰ ভাল কামত ব্যবহাৰ কৰ অ ভাল কামত ব্যবহাৰ কৰ"(কিনো কম আৰু সেইচামক)
বনৰীয়া জন্তুৱে বহু মানুহতকৈ ভালকৈ কথা বুজি পায় ,উপলব্ধি কৰিব পাৰে সুন্দৰকৈ। উদাহৰণ অনেক .... কিন্তু জীৱশ্ৰেষ্ঠৰ শাৰীত পৰা এচাম কিন্তু জন্তু ৰ শাৰীটো নপৰে....
মৰাণ অঞ্চলৰ পৰা বহু কিলোমিটাৰ নিলগত থকা হাতীৰ এটি ৰিজাৰ্ভলৈ বাৰিষা বতৰত বন্ধু এজনৰ সৈতে ট্ৰাক ভাড়া কৰি হাতীৰ বাবে ট্ৰাকভৰ্তি কলগছ নিচিলোঁ।
লক্ষ্য আছিল-হাতীৰ বাবে অলপমান খাদ্য ৰ যোগাৰ ধৰা(আগলৈয়ো এই কৰ্ম অব্যাহত ৰাখিম) ।
ৰিজাৰ্ভত বৰষুণত তিঁতি তিঁতি কলগছবোৰ হাতী বিচৰণ কৰা কেইবাঠাইত থৈ আহিছিলোঁ।
মনত কিবা এটা প্ৰশান্তি অনুভৱ কৰিছিলোঁ সেইদিনা, কষ্টবোৰক আগস্থান দিয়া নাছিলোঁ।
কিন্তু কেৰেলাত ঘটা এই ঘটনাটোৱে বাৰুকৈয়ে দুখ দিছে। দূৰদৰ্শন ৰ পৰ্দাতে হওঁক বা ছচিয়েল মিডিয়া তে হওঁক গৰ্ভতে থকা নৱজাতকটো(মৰণোত্তৰ পৰীক্ষাৰ পিছত তোলা ফটো) আৰু হাতীজনীৰ মৃত শৰীৰ দেখি মনটো উচুপি উঠিছে।
এনে ঘটনাবোৰ যিকোনো প্ৰকাৰে অন্ত পৰাটো বিচাৰোঁ।
সেই মনবোৰৰ মৃত্যু হওঁক,
সেই মগজুৰ মৃত্যু হওঁক যি মন -মগজুৱে এনে অসুৰিক কাম কৰিব আগবাঢ়ি আহে ...
সেই হাত আৰু ভৰিয়ো অচল হৈ পৰক
যিয়ে সম্পাদন কৰে এনে জঘন্য কাণ্ড......
অসহ্যকৰ ..........
Subscribe to:
Posts (Atom)