Monday, April 6, 2020

কুশলে থাকক আপোনালোক"

----------------------++++-------------
                                                 ✍ৰাজ্জাক আলী

জীৱন জীৱন বৰ অনুপম,
এই জীৱন পৰিচালনা কৰা শৰীৰটিৰ অৱনতিৰ
কেতিয়াবা উমান পালেই
ধৰাত কৰ্মৰত
ভগৱানৰূপী দূতৰ কাষলৈ আমিবোৰ ...

হয়, চিকিৎসক ৰ কথাই কৈছোঁ,
অসুস্থতাই জীৱন অনুপম কৰাত অপৰাগত,
সেই ক্ষণত একমাত্র ভৰষা
চিকিৎসালয়, চিকিৎসক
কামনা সুস্থ হোৱাৰ ...

 চিকিৎসকে কোনো ধৰ্ম নাচায়
নাচাই কোনো ভাষা
ধৰ্ম-ভাষা চাই চিকিৎসালয়ৰ পৰা উভতাই পঠিয়াইছে নে ...
কৈছে জানো,
তুমি আমোক ধৰ্মৰ
তুমি তামোক ভাষাৰ ..
তোমাৰ চিকিৎসা নকৰোঁ
নাই নাই কেতিয়াও কোৱা নাই

আজি ধৰণী অসুস্থ
মহামাৰী কৰ'ণাৰ দ্বাৰা,
অলপমান অসাৱধানতাই ই ছানি ধৰে শৰীৰ
ইটো শৰীৰৰ পৰা আনটো শৰীৰলৈ
ধ্বংস ৰ গৰাহলৈ এটি এটি জীৱন ..
ইতিমধ্যে বহু জীৱন কাঢ়ি লৈ গ'ল

চৰকাৰী-প্ৰশাসনীক নিৰ্দেশনা ৰ লগতে
লক্ষ, লক্ষ চিকিৎসক-চিকিৎসা কৰ্মী
কৰ'ণামুক্ত ধৰণী কৰা যুদ্ধৰ যুজাঁৰু ..
প্ৰাণ বিসৰ্জন এই যুদ্ধত বহু চিকিৎসক-চিকিৎসক কৰ্মীৰ
অথচ, সাৰ মনা নাই চিকিৎসা ব্যবস্থা
দুগুণ উদ্যোমেৰে জীৱন বচোৱাৰ কৰ্মত,
ত্যাগ অজস্র ............

মৃত্যু লৈ ভয় নাই
অপব্যবহাৰ, দুঃব্যৱহাৰ বোৰৰ প্ৰতিটো নাই কোনো আক্ষেপ,


ভয় এটাই,
যাতে কোনো জীৱন নেহেৰায়
আক্ষেপ এটাই,
অযুত কষ্টৰ অন্তত যদি কোনো জীৱন হেৰাই যায়

আপোনাসৱলৈ, সকলো চিকিৎসকলৈ
কৰযোৰে প্ৰমাণ
সহস্র শ্ৰদ্ধা নিবেদিছোঁ
কুশলে থাকক,
কুশলে থাকক আপোনালোক .......

Monday, March 30, 2020


#এক_এপ্রিলৰ_মিছা_কথা_কোৱা_ধেমেলীয়া_দিনটো #পৰিহাৰ_কৰক_এইবাৰলৈ_কাতৰ_অনুৰোধ

___________________________________________
                       ✍ৰাজ্জাক আলী
                                 মৰাণ
কাইলৈ এপ্রিল মাহৰ এক তাৰিখ। বহু বছৰ ধৰি এপ্ৰিলৰ এক তাৰিখটো মিছা কথা কোৱা দিন হিচাপে উদযাপন কৰি অহা হৈছে,সমগ্র বিশ্বত। ইতিহাস প্ৰায় সকলোৱে জ্ঞাত,নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। আমিও , ময়ো একে ধেমেলীয়া মিছা কথা পূৰ্বৰ বছৰবোৰৰ এক এপ্ৰিল টোত কৰি পাইছোঁ সতীৰ্থ তথা আত্মীয় সকলৰ সৈতে (কোনো অনিষ্ট নোহোৱাকৈ, মানসিক, শাৰীৰিক)
এতিয়া আহোঁ মূল কথালৈ ..
বৰ্তমান বিশ্বত কৰ'ণা ভাইৰাছ ৰ মহামাৰী য়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে। আমাৰ দেশ ভাৰতবৰ্ষও ব্যক্তিক্ৰম নহয়। জন্মভূমি অসমী আইৰ কোলা কৃপাত, তথা বহু  সাৱধানতাৰ বাবে আজি পৰ্যন্ত কোনো কৰ'ণা পজিটিভ ওলোৱা নাই। আশা কৰোঁ ওলাই যাতে নাহে একে ফলাফল।
অসমৰ বহু লোক আজিৰ তাৰিখতো প্ৰশাসন তথা চৰকাৰী নিৰ্দেশনা মানি চলা নাই, লক ডাউন অমান্য ব্যাপক হাৰত।
কৰ'ণা ভাইৰাছ ক্ষীপ্ৰ গতিত বিয়পে, সেয়েহে শাৰীৰিক ব্যবধান বজাই ৰখাটো খুব প্ৰয়োজন , অন্ততঃ এক মিটাৰ দূৰত্ব। কিন্তু বহু লোকেই ভংগ কৰি আহিছে,
ভয়াবহতা উপলব্ধি কৰা নাই।
এতিয়া এপ্ৰিল ৰ এক তাৰিখৰ লগত সংযোগ কৰি লিখাৰ কাৰণ উল্লেখ কৰিছোঁ।
কাইলে মিছা কথা কোৱা দিন বুলি এচামে
উৰাবাতৰি ওলাব পাৰে
#চৰকাৰে_লক_ডাউন_উঠাই_দিলে,
#নিষেধাজ্ঞা_থকা_আন_আন_নিৰ্দেশবোৰো_উঠাই #দিলে_বুলি
তদুপৰি এনে মিছাও বিতৰণ কৰিব পাৰে যিবোৰত হাবাথুৰি খাই মানুহে ভুল কৰি পেলাব অজানিতে নিৰ্দেশনা উলংঘা কৰিব।

তেনে হ'লে পৰিস্থিতি ভয়াবহ হৈ উঠিব।
এনেও নিৰ্দেশনা বাহাল থকা বুলি জানিও অনেকে ভয়াবহতা ক আওকাণ  কৰি বহু ঠাইত গোট খাইছে, ব্যবধান মানি চলা নাই। লুকাই চুৰ কৰিও গোট খাইছে।
তেনে সময়ত যদি   উৰাবাতৰি বা মিছা কথা'ক সচাঁ বুলি ভাবি লৈ তেন্তে আনবহুলোকে এই পৰিস্থিতিত, তেন্তে অসমী আই বিপদত পৰিব পাৰে ব্যাপকভাবে।
আমাৰ চৰকাৰ, প্ৰশাসনযন্ত্ৰ, ডাক্তৰ, নাৰ্চ, অন্যান্য সামাজিক সংগঠন, সামাজিক সেৱাত ব্যক্তি থকা ব্যক্তিসকলৰ বহুত কষ্ট কৰি আছে ভাইৰাছ বিধৰ লগত মুকাবিলা কৰি। বহুত ত্যাগ স্বীকাৰ কৰিছে, কষ্ট কৰিছে।
আমি বহু চামে সহযোগিতা আগবঢ়াইছোঁ।
যাতে এচামৰ এটা দিনৰ ভয়াবহ ধেমালিৰ বাবে পৰিস্থিতি বহু বেয়ালৈ যাব নালাগে।
গতিকে ভয় কৰক, ভয়াবহতা বুজক, সহযোগিতা আগবঢ়াওঁক প্ৰতিগৰাকী য়ে।
#এক_এপ্ৰিলৰ_মিছা_বাৰ্তা_প্ৰেৰণ_কৰা_ধেমেলীয়া_
#পৰম্পৰাটো_সম্পূৰ্ণ_পৰিহাৰ_কৰক
#সকলোৱে_যাতে_সাম্প্ৰতিক_বিশ্বৰ_পৰিস্থিতি_বুজি_
#এইবাৰলৈ_এই_পৰম্পৰা_সম্পূর্ণ_তিলমানো_উদযাপন_নকৰে_
#কাতৰ_অনুৰোধ
আপোনাৰ সহযোগিতাই বহু জীৱন জীয়াই থকাত ইন্ধন যোগাব পাৰে।
আশা কৰোঁ এই অনুৰোধ সকলোৱে মানি চলিব।।


Saturday, March 28, 2020

ভয় কৰক আপুনি ভয় কৰক

__________________________
                     ✍ৰাজ্জাক আলী
   
কিয় বাৰু বুজিবলৈ চেষ্টা নকৰে, কিয় .....
পৃথিবীত এতিয়া মৃত্যুযজ্ঞ,   মৃত্যুযজ্ঞ..
পৃথিৱীৰ উন্নত দেশ আজি অসহায়,নিথৰ,
অৰ্থনীতি চঞ্চল হোৱাৰ পিছতো হাবাথুৰি

মৃত্যু ভয়াবহ ৰূপ লৈ আহিছে,
ভয় কৰক ভয়
এদিনতে হাজাৰ হাজাৰ মৃত্যু,
হায় কি যে হৃদয়বিদাৰক দৃশ্য

প্ৰশাসনৰ নিৰ্দেশ মানক,
চৰকাৰৰ নিদের্শ মানি চলক
নিজা জ্ঞান শক্তি ব্যবহাৰ কৰিও বুজক


কাতৰ অনুৰোধ ল'ৰাধেমালি নহয় এইয়া,
মৃত্যুৰ পিছত নিজৰ ঘৰলৈয়ো আহিব নাপাব,
এইয়া ভয়াবহ মৃত্যু
(এনে নহওঁক চিৰ প্ৰাৰ্থনা)

এই যে বন্ধ চাবলৈ গৈছে,
খালি ৰাস্তা পাই দ্ৰুত গতিত বাহন চলাইছে,
বাৰম্বাৰ মনা কৰাৰ পিছতো গোট খাইছে, আড্ডা মাৰিছে,
আৰক্ষী দেখিলে পলাইছে, আৰক্ষী যোৱাৰ পিছত আকৌ জুম পাতিছে।
কিয় এনে কৰিছে, কিয় ....
অনুধাৱন কৰক  ভয়াবহতা,  অনুধাবন কৰক
অনুৰোধ, অনুৰোধ আপোনাসৱলৈ

কোনোবা সচেতন ব্যক্তি য়ে ক'লে
আপোনাসৱৰ উত্তৰ -
"ভয়াতুৰ"
"এদিনটো মৰিমেই"
"বেছি জনা হৈ নে দেখুৱাব"
"আমি ঘৰৰ পিছফালেহে আড্ডা মাৰিছোঁ, আপুনি কওঁতা কোন? "
এনে অযুত মন্তব্য........

সেই ডাক্তৰ, নাৰ্চ
প্ৰশাসন, আৰক্ষী, চৰকাৰী বিষয়াই ইমান কষ্ট কিয় কৰিছে , কি দৰকাৰত  কৰিছে,
এবাৰ 'দহ মিনিট' একান্ত মনে চিন্তা কৰি চাওঁক,
বুজক ...
"জীৱন " বোলা সম্পদটিক বচাবলৈ সমস্ত   কষ্ট বিতৰণ,
ত্যাগ কৰিছে,
কিমানদিন হ'ল ঘৰৰ মুখ চাব পৰা নাই
আপোনজনক দেখা  কৰিব পৰা নাই ,
তেওঁলোকৰ কষ্ট, ত্যাগক সন্মান জনাওঁক,
অথলে যাবলৈ নিদিব আপুনি ভুল কৰি,
এগৰাকী ৰ ভুলে হাজাৰ জীৱন কাঢ়ি নিব পাৰে
(তেনে হোৱাটো কোনেওঁ কামনা নকৰে)



বুজক এতিয়ালৈকে বুজি নোপোৱা সকলে বুজক,
জীৱনৰ মূল্য বুজি পাবলৈ শিকক,
হাতযোৰ কৰি অনুৰোধ,
সজাগ হওঁক, সচেতন হওঁক, আন দহজনক বুজাওঁক,
যদি এজন ব্যক্তি ও অসাবধান হয়
আমি যুজঁ দিব নোৱাৰিম
এই মহামাৰীৰ পৰা,
পৰাস্ত হৈ পৰিম ,পৰাস্ত ....

ভয় কৰক
আপুনি ভয় কৰক
জীৱন হেৰুৱাৰ ভয় কৰক

Thursday, March 19, 2020

কৰ'ণা ভাইৰাছ সম্পৰ্ক ত
-------------------
                                ✍ৰাজ্জাক আলী
                    


বিশ্বৰ চৌদিশে আজি কৰ'ণা ভাইৰাছত আক্রান্ত...
ই দ্ৰুত হাৰত বিশ্বৰ চৌদিশে বিয়পিবলৈ ধৰিছে।
WHO ৰ লগতে আন্তর্জাতিক বিভিন্ন সংগঠন, দেশসমূহৰ চৰকাৰযন্ত্ৰ, তথা সমাজ সেৱাৰ লগত ওতপ্রোতভাবে জড়িত লোকসকলে ভাইৰাছ বিধৰ পৰা বাছি থাকিবলৈ বিভিন্ন পদক্ষেপ, সজাগতা , ইত্যাদি গ্ৰহণ কৰিবলৈ ধৰিছে।

ইয়াৰ প্ৰভাৱ চীনৰ পৰা আৰম্ভ হৈ ইটালী ,আমেৰিকা আদি উন্নত দেশত ভয়াবহতা ৰূপ ল'বলৈ ধৰিছে। চীনে ভয়াবহতা বুজি নাপায় তথা আন্তর্জাতিক হেঁচাৰ ভয়ত লুকুৱাই ৰখাৰ বাবে,
ইটালীৰ লোক একমাত্র সজাগ নোহোৱাৰ  বাবে তথা গুৰুত্ব সহকাৰে বিষয়টো নোলোৱাৰ বাবেই
তথ্য পোৱা মতে নিতৌ অত্যাধিক হাৰত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে।

এতিয়া আহোঁ আমাৰ দেশ ভাৰত আৰু ৰাজ্য অসমৰ কথালৈ ... ।
ভাৰতবৰ্ষৰ লোক যদি সময় থাকোতেই সজাগ-সচেতন নহয়, তেন্তে পৰিণতি অতি ভয়াবহতালৈ ঢাল খাব।
ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ। দেশৰ হাতত পৰ্যাপ্ত পৰীক্ষাগাৰেই নাই আক্রান্ত হোৱা সকলো লোকক তৎকালীনভাৱে চিনাক্ত কৰিবলৈ(যদি আক্রান্ত হৈছে) ।
চিকিৎসাৰ পৰ্যাপ্ত উপকৰণৰ কথা পিছত।

এতিয়া আহো অসম তথা দেশৰ এচাম মানুহৰ অসাৱধানতাৰ কথালৈ।
চৰকাৰে তথা সচেতন ব্যক্তি য়ে যেতিয়া সেইচামক বিভিন্ন পৰামৰ্শ দিছে যে সজাগ হওঁক, জনসমাগম নকৰিব অন্ততঃ কেইদিনমানৰ বাবে। আপোনাৰ প্ৰয়োজনীয় কৰ্ম ,জীৱন থাকিলে কৰিব পাৰিব।
নিজে বাচক আনকো বছাওক,

নাই সেইচামে বুজি নাপায়। ওলোটাই প্ৰশ্ন কৰে
'অসমত , ভাৰতত একোৱেই হোৱা নাই। চৰকাৰ বা সচেতন নাগৰিকেহে বেছিকৈ কৈছে। অফিচ, নিকায়বোৰত ভীৰ,তেওঁলোকৰ কাম হ'ব লাগে।

(* সচেতন নাগৰিক এইবাবেই কৈছোঁ, তেওঁলোকেহে কেৱল কিমান যে ভয়াবহ সৃষ্টি কৰিব পাৰে কৰ'ণা ভাইৰাছৰ প্ৰকোপে সেয়া শিৰে শিৰে উপলব্ধি কৰিব পাৰিছে)

তেওঁলোকে বুজিবই নিবিচাৰে,  তেওঁলোকৰ মতে বহুলোক আক্রান্ত হ'লেহে তেওঁলোক সজাগ হ'ব। তাৰ পূৰ্বে নহয়। আচৰিত মনোবৃত্তিৰ ব্যক্তি। কিন্তু ইটালীৰ অসাৱধানতাৰ বাবে কি পৰিস্থিতিৰ সৃষ্টি হ'ল উপলব্ধি কৰিব নিবিচাৰে।

অসম তথা ভাৰত চৰকাৰে, প্ৰশাসনে শিক্ষা অনুষ্ঠানবোৰ বন্ধ কৰাৰ লগতে ধৰ্মীয় অনুষ্ঠানবোৰত পূজা, প্ৰাৰ্থনা, নামাজ সমবেত হৈ সম্পাদন কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কৰিছে ৰাইজক।  বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান সমূহ কৰ'ণা ভাইৰাছ ৰ বাবে বন্ধ কৰি দিয়া হ'ল।

 ভয় এটাই জীৱন হেৰাই যাব পাৰে।

বহু লোকে সজাগতা অৱলম্বন কৰি চৰকাৰৰ, প্ৰশাসনৰ নিৰ্দেশক সন্মান জনাইছে।
কিন্তু এচাম ব্যক্তিৰ মানসিকতাই বেলেগ ধৰণৰ। তেওঁলোকৰ মতে ধৰ্মীয় অনুষ্ঠানৰ ভিতৰত কৰ'ণা ৰোগ নহয়।  তেওঁলোকে ধৰ্মীয় অনুষ্ঠানতে সমবেত ভাৱে নিজা উপাসনা কৰিবই। বিতর্ক আৰম্ভ।উপৰৱালাই ৰক্ষা কৰিব আছেই হেনু। কিন্তু এটা কথা তেওঁলোকে পাহৰি গৈছে যে উপৰৱালাই মগজু, চকু, কাণ, আদি শৰীৰত সংযোগ কৰি পঠিয়াইছে। ব্যবহাৰ কৰাৰ দায়িত্ব মানুহৰ।

এনে এটি ভয়াবহ ৰোগ নিৰাময় কৰাত ডাক্তৰ, প্ৰশাসনযন্ত্ৰ, চৰকাৰ, বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংস্থা, তথা কিছুসংখ্যক সচেতন লোকৰ একমাত্র দায়িত্ব নহয়। এনে ভয়াবহতাৰ সময়ত প্ৰতিগৰাকী ব্যক্তিৰ দায়িত্ব সজাগ -সচেতন হোৱাৰ।
সকলোৱে সাৱধানতা অৱলম্বন কৰিলেই কৰ'ণা ভাইৰাছৰ ভয়াবহতা সোনকালেই আতঁৰ হ'ব ।
কিন্তু যদি মাত্র কেইগৰাকীমান ব্যক্তি অসাৱধানতাত থাকে, তেন্তে পৰিস্থিতি কল্পনা কৰিব নোৱাৰা হৈ পৰিব।

*তথ্য পোৱা মতে , এগৰাকী ব্যক্তিৰ অসচেতনাৰ বাবেই ৮০ শতাংশ ইটালিৰ ব্যক্তিলৈ কৰ'ণা ভাইৰাছ বিয়পি পৰিছে।

গতিকে সকলো ব্যক্তিলৈ অনুৰোধ,
আপোনালোক সজাগ, সচেতন, সাৱধানতা অৱলম্বন কৰক। 
অকস্মাৎ ভুল এটাই  ,বৰ্তমান ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।
চৰকাৰ, চিকিৎসক , সচেতন ব্যক্তিসকলৰ তৰফৰ পৰা অহা পৰামৰ্শ সমূহ পালন কৰক । নিজক বচাওক লগতে আনকো বাচি থকাত সহযোগ কৰক।

(ইয়াৰোপৰি উৰাবাতৰি তথা অসৎ উপায় প্ৰদান কৰাতো আমাৰ দেশ, সমীক্ষা চলালে প্ৰথম স্থানেই লাভ কৰিব চাগে। কৰ'ণা ভাইৰাছ ৰ বিষয়ে ও উৰাবাতৰি তথা ৰক্ষা পাবলৈ অসৎ উপায় ,যধে-মধে যি টি খাবলৈ এচামে সাধাৰণ মানুহক পৰামৰ্শ দিয়াত লাগিল। এনেবোৰৰ বাবেও বহুলোক বিপদত পৰা দেখা গেছে।
উৰাবাতৰি তথা অনভিজ্ঞ মানুহৰ পোৱা ৰোগটিৰ নিৰাময়ৰ উপায় ব্যবহাৰ নকৰিব। তেওঁলোকৰ ব্যৱসায়িক সেয়া)

বিপদে মাত লগাই নাহে ,আহিছোঁ বুলি,
আৰু আহি পালে কিমান দিন থাকিব, কিমান কাঢ়িব তাৰ বতৰাও নিদিয়ে। গতিকে পুনৰ কওঁ সাৱধান হওঁক।

জীৱন বৰ অনুপম।।

Saturday, June 8, 2019


   ঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃঃ


                            এটি বাৰ্তা-সাৱধানতাৰ

                   _______________________________                                           

                                              ✍ৰাজ্জাক আলী



(দেউতা,
    বাটৰ ভাইটিটোক চোলাটো যে উপহাৰ দিলা,
সেয়া ফটা
দেউতাক- জানোঁ )

কণমানিটিক চোলাটো উপহাৰ দিছে
 সঁচাকৈ সুন্দৰ পদক্ষেপ
কিয়নো তাৰ শৰীৰ ঢাকিবলৈ কাপোৰৰ অভাৱ
কিন্তু ফটা ছিটা চোলা???
ফটা বা ফাটি যোৱা চোলা
উপহাৰত নিদিব তাক,
দুখ পাব
বেজাৰৰ ধুমুহাই ক্ষত -বিক্ষত হ'ব মন,

যেতিয়া  সুখৰ উপহাৰ মেলি
দুখৰ সন্ধান পোৱা যায়
তাতকৈ  বেদনাদায়ক আৰু একো হ'ব নোৱাৰে

(দেউতা,
           পুৰস্কাৰ বোৰ ফটা,ৰং উৰি গৈছে
      বিজয়ীসকলক এইবোৰ  দিবানে?
দেউতাক-উম,এইবিলাকে দিম)

               এজাক কণমানিয়ে অংশগ্ৰহণ কৰা প্ৰতিভাৰ প্ৰতিযোগিতা খনত
ফাটি ছিটি যোৱা অথবা ৰং হেৰুৱা অথবা যোগ্যতকৈ কম মূল্যৰ
পুৰস্কাৰ প্ৰদান নকৰিব
তাতে সেয়া পুৰস্কাৰ, উপহাৰো নহয়
য'ত উপহাৰতকৈ বহু হেঁপাহ নিহিত...
কষ্ট ৰ পৰিনাম পুৰস্কাৰ
তাক লৈ হেতালি নেখেলিব,
মুখা পিন্ধা সামাজিক কৰ্মী নহ'ব কেতিয়াও,
পুনৰ কওঁ
      সুখটো যেতিয়া  মেলি চাই
দুখৰ সন্ধান পোৱা যায়
তাতোতকৈ বেদনাদায়ক আৰু একো নাই....


সৰু ভাইটি- দাদা,তাত শৌচ নকৰিব
নিষেধ বুলি লিখা আছে চাওঁক
ককায়েক-কোনে চাইছে,
                 তুমি মন কৰা কোনোৱা আহিছে নেকি?


সৰু ভনীয়েক - বাইদেউ,
                          জাৱৰবোৰ বাটৰ কাষলৈ

দলিয়াই নেপেলাবা
স্কুলত শিকাইছে জ্বলাই পেলাব লাগে বা পুতি পেলাব লাগে
বাইদেউ - ঘৰ -বাৰীটো কিয় আবৰ্জনাময় কৰিম
     পথৰ দাঁতি টো আমাৰ নহয়
    তাত পেলাব পাৰি ,
 সেয়া চফা কৰা দায়িত্ব আনৰ,
স্কুলৰ কথা স্কুলতে পাহৰিবা ভন্টী ....

মা-- আলহী আহিলে তুমি ওলাই  নাহিবাই
        পঢ়া টেবুলত বহি পঢ়ি থাকিবা
       দুৱাৰখন জপাই ল'বা
সন্তান -কোন আহিব মা?
মা- সেইবোৰ গুৰুত্ব দিয়াৰ প্ৰয়োজন  নাই তোমাৰ...
পঢ়াত মন দিয়া  ...

অনুজে আপোনাৰ প্ৰায় সকলোখিনি বিষয়
প্ৰয়োজন বোধেৰে গুৰুত্ব দি আহিছে
কিন্তু আপুনি (অগ্ৰজ)  অনুজৰ কথাবোৰ আপুনি গুৰুত্ব হীনতা ৰ শাৰীত....

এয়া কি শিক্ষা দিয়া  হৈছে অনুজক,
কেতিয়াবা বহি চিন্তা  কৰি চাইছেনে
আপোনাৰ সন্তান, ভাইটি ক, আপোনাৰ  ভন্টীক
আপুনি যি কৰিব সেয়াই আয়ত্ব কৰিব সিহঁতে
পাহৰি নাযাব
আজি যদি আপুনি
কাইলৈ সিহঁত সমাজৰ বাহক


কাইলৈ যেতিয়া
         অজস্ৰ  থাকিও
    বাটৰ কাষৰ আশ্ৰয়কাৰীক আপোনাৰ সন্তানে
অৱজ্ঞা কৰিব
তেতিয়া  দেউতাক হিচাপে আপুনি কি ক'ব?

কাইলৈ যেতিয়া
   সৰু-বৰ অনুষ্ঠান পাতি
টকাক নিজৰ জেপৰ আবাসী কৰাৰ
মানসিকতা লৈ ফুৰিব
আপোনাৰ সন্তানে,
দেউতাক হিচাপে তেতিয়া মতামত কি হ'ব আপোনাৰ?

য'ত নিষেধ বুলি লিখা থাকে
সেই নিষেধাজ্ঞা   আওঁকাণ কৰি
যেতিয়া আপোনাৰ ভাইটিয়ে বিপৰীত কামবোৰ কৰিব
তেতিয়া ককায়েক হিচাপে আপুনি কি ক'ব...?

ঘৰৰ চাৰিওকাষ পৰিস্কাৰ কৰি
আবৰ্জনাবোৰ যেতিয়া আপোনাৰ ভন্টীয়ে
ৰাজহুৱা স্থান  উচপাই পেলাব
বায়েক হিচাপে দুগৰ্ন্ধত নাকটো কুঁচাই
আপুনি কি বুলি মন্তব্য  কৰিব?



কাইলৈ যেতিয়া
  আত্মীয়তাক গুৰুত্বহীন কৰি
আপোনাৰ সন্তান
আপোনাকেন্দ্ৰীক তথা বস্তকেন্দ্ৰীক হৈ পৰিব,
পঢ়া,চাকৰী কৰা,নিজৰ লৈ ব্যস্ত থকা,ধন ঘটাকে যেতিয়া
সকলো সীমাবদ্ধ বুলি ভাবিব
আৰু আপোনালোক যদি (মা)
গুৰুত্বহীনতাৰ শাৰীত এদিন বহুৱাই...

কাইলৈ যেতিয়া অনুজ ক্ৰমত অগ্ৰজ হৈ
সিহঁতৰ অনুজৰ কথাবোৰ
গুৰুত্ব হীন বোলা ডাচবিনত পেলাই দিব,
সেই সম্পৰ্কত ন -অগ্ৰজ ৰ অগ্ৰজ হিচাপে
আপোনাৰ মতামত কি হ'ব...?



তেতিয়া আপুনি এইবুলি নক'ব
'আমি কিন্তু এনেকোৱা নাছিলোঁ, তেনেকোৱা নাছিলোঁ, আজিৰ প্ৰজন্মই সকলো পাহৰিলে'

সেয়া দায়সৰা মন্তব্য
আপুনি তেনে আছিল বাবেই
তেনে কৰ্ম কৰিছিল বাবেই
আজি সিহঁত এনেকোৱা ...

আপুনি তেনেই সাধাৰণ, সহজ বুলি সম্পাদন কৰা ভুল কৰ্মবোৰ আপোনাৰ অনুজৰ কাষতে যে কৰি থাকে শুদ্ধ বুলি চিনাকী দি,
ভৱিষ্যতে কিন্তু তাৰ ফলাফল
উল্লেখিত প্ৰতিছবি ৰ দৰেই ভয়াবহ হ'ব,
যাক গ্ৰহণ কৰিবলৈ কিন্তু আপোনাৰ সাহস নাথাকিব
সেয়ে সাৱধান হওঁক
সময়  থাকোতেই .......







Wednesday, May 22, 2019

        "কাইলৈ আবেলি.. "

                           
                                              ✍ৰাজ্জাক আলী

কাইলৈ আবেলি তুমি আহি পাবাহি
অপেক্ষাত আমি..
মুখনিত হাঁহিৰ   বিৰিঙনি বিচাৰোঁ 
আইৰ,বোপাইৰ আৰু ঘৰখনৰ, 
দিবা বুলি আশা কৰিলোঁ

দুষ্টামি নকৰিবা
কৃত্ৰিমতা লৈ নাহিবা
সেইবোৰৰ প্ৰয়োজন নাই

আবেলিৰ বতাহজাকত
আত্মশুদ্ধি কৰি
ঘৰ সোমাবাহি...

তোমাৰ মন সৌন্দৰ্য্য পৰশা হ'লে
সকলো ফালে মুকুতা মণি সৰিব
নহ'লেটো প্ৰতিদিনে 
শিলাবৃষ্টি, বৰদৈচিলা আৰু ক'ত কি 
লেখ নাই..

তুমি উশাহত যিদৰে সুবাস লভা
নিশাহত তেনেকৈ সুবাসে প্ৰবাহিত কৰিবা
কৃপনালি নকৰিবা ,
নহ'লে ক্ৰমশঃ গছ মৰিব,বননি মৰিব
শেষত মানুহ মৰিব

কাইলৈ আবেলি তুমি আহিবা
আদৰিছোঁ তোমাক
স্বাগতম
আহোতে হাতৰ মুঠিত কিন্তু সমভাৱে বিতৰণ  হোৱাকৈ মিঠাহে আনিবা
কেৱল মুঠিতে নহয় মন -হৃদয়টো

তুমি আলহী কাইলৈৰ পৰা, 
অতিথি দেৱ ভৱ..

মিলনৰ সেঁতু  নিমাৰ্ণ
যদি কেতিয়াবা সেঁতুডাল
একা-বেঁকা হৈছে বুলি সন্দেহ হয়
আৰু সেই সন্দেহ চালি জাৰি চোৱাত যদি সঁচা হয় 
তেন্তে আমি কোৱাত তুমি মেৰামতি কৰি ল'বা
সেয়াই বিচাৰোঁ 
আত্মীয়তাৰ প্ৰসৱ তেনেকৈয়ে হ'ব....

সলনি নহ'বা
সময়ৰ গতিত....

কাইলৈৰ  আবেলিলৈ মাথো অপেক্ষা 
বহু সপোন বুকুচাত  বান্ধি 
তুমি অহালৈ বাট...

Wednesday, May 1, 2019

        "ৰ'দ আৰু সূৰ্য অপহৃত,
  ৰাতি তৰা আৰু চন্দ্ৰ ও অৰ্দ্ধধান
___________________________
                             ✒ৰাজ্জাক আলী
     ৰ'দ ক অপহৰণ কৰা হ'ল
কোনো অজ্ঞাত স্থানলৈ
নিমাওমাও পৰিবেশ চৌদিশে
দিনটো অৰ্ধ এন্ধাৰৰ কাষত বন্দী...

চোৰাংচোৱা ই দিয়া তথ্য অনুসৰি
অপহৰণকাৰী 'ডাৱৰ'
পৰিকল্পনাৰ আঁৰত 'বৰষুণ' 
উদ্দেশ্যে -নিজৰ প্ৰভুত্ব বিস্তাৰ,
নেৰানেপেৰা কৈ শক্তি প্ৰদৰ্শন..

ৰ'দৰ জনক সূৰ্য ও অৰ্দ্ধধান
নিজ কক্ষপথ ত নাই
ক'ত গ'ল
সূৰ্য হেৰুৱাত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি 
হাজাৰ চলাথ ত 
অৱশেষত বিশেষ  সূত্ৰৰ পৰা 
গম পোৱা গ'ল
"ডাৱৰৰ হাততে অপহৃত সূৰ্য "
           আনফালে প্ৰাপ্ত বাতৰি অনুসৰি
তৰা আৰু চন্দ্ৰ ও অৰ্দ্ধধান 
তাৰ আঁৰতো বৰষুণৰ হাত থকাৰ পাক্কা প্ৰমাণ

নিৰুপাই আমি
অনুৰোধহে মাথো
ৰ'দ আৰু সূৰুয ক মুকলি কৰিব লাগে
 সোনকালে
তৰা আৰু চন্দ্ৰ কো বিনা স্বৰ্থে ৰেহাই দিয়াৰ কাকূতি ....

নহ'লে বৰ আমনি লাগে অ..😊😊