"কাইলৈ আবেলি.. "
✍ৰাজ্জাক আলী
কাইলৈ আবেলি তুমি আহি পাবাহি
অপেক্ষাত আমি..
মুখনিত হাঁহিৰ বিৰিঙনি বিচাৰোঁ
আইৰ,বোপাইৰ আৰু ঘৰখনৰ,
দিবা বুলি আশা কৰিলোঁ
দুষ্টামি নকৰিবা
কৃত্ৰিমতা লৈ নাহিবা
সেইবোৰৰ প্ৰয়োজন নাই
আবেলিৰ বতাহজাকত
আত্মশুদ্ধি কৰি
ঘৰ সোমাবাহি...
তোমাৰ মন সৌন্দৰ্য্য পৰশা হ'লে
সকলো ফালে মুকুতা মণি সৰিব
নহ'লেটো প্ৰতিদিনে
শিলাবৃষ্টি, বৰদৈচিলা আৰু ক'ত কি
লেখ নাই..
তুমি উশাহত যিদৰে সুবাস লভা
নিশাহত তেনেকৈ সুবাসে প্ৰবাহিত কৰিবা
কৃপনালি নকৰিবা ,
নহ'লে ক্ৰমশঃ গছ মৰিব,বননি মৰিব
শেষত মানুহ মৰিব
কাইলৈ আবেলি তুমি আহিবা
আদৰিছোঁ তোমাক
স্বাগতম
আহোতে হাতৰ মুঠিত কিন্তু সমভাৱে বিতৰণ হোৱাকৈ মিঠাহে আনিবা
কেৱল মুঠিতে নহয় মন -হৃদয়টো
তুমি আলহী কাইলৈৰ পৰা,
অতিথি দেৱ ভৱ..
মিলনৰ সেঁতু নিমাৰ্ণ
যদি কেতিয়াবা সেঁতুডাল
একা-বেঁকা হৈছে বুলি সন্দেহ হয়
আৰু সেই সন্দেহ চালি জাৰি চোৱাত যদি সঁচা হয়
তেন্তে আমি কোৱাত তুমি মেৰামতি কৰি ল'বা
সেয়াই বিচাৰোঁ
আত্মীয়তাৰ প্ৰসৱ তেনেকৈয়ে হ'ব....
সলনি নহ'বা
সময়ৰ গতিত....
কাইলৈৰ আবেলিলৈ মাথো অপেক্ষা
বহু সপোন বুকুচাত বান্ধি
তুমি অহালৈ বাট...