"স্থান, কাল,পাত্ৰ, জীৱন আৰু জীৱনৰ অধিনায়ক "
👉ৰাজ্জাক আলী
মানৱ জীৱনটো শৃংখলাবদ্ধ ভাৱে বা পৰিপাতিকৈ পৰিচালনা কৰা বৰ সহজ নহয় ।বহুজনৰ বাবে সেয়া কাল্পনিক, বহুজনে বুজিয়ে নাপায় জীৱনটো শৃংখলাবদ্ধতা বুলি কিবা এটা থাকে যে ।
জীৱনটো শৃংখলাবদ্ধ কৰাৰ মাত্ৰেই জীৱন বাটৰ সকলো দিশ নিজাকৈ শৃংখলাবদ্ধ হৈ উঠে। ফলশ্ৰুতিত জীৱনৰ সৌন্দয্যতা বৃদ্ধি পায় ।
জীৱন এটি পৰিচালনাৰ বাবে এক প্ৰয়োজনীয় পদ্ধতি হ'ল স্থান ,কাল-পাত্ৰ নিৰূপণ কৰি জীৱনটো পৰিচালনা কৰা। ব্যক্তিগৰাকী কোন স্থানত আছে, কি কৰ্মৰ আছে ,ওচৰে পাচৰে থকা মানুহৰ লগত সম্পৰ্ক কেনেকোৱা... অগ্ৰজ-অনূজ-নে বন্ধুত্বৰ ....
সকলো চালি-জাৰি জীৱনটো পৰিচালনা কৰাটো উচিত।
এটি জীৱনে নিজৰ কাৰ্যকালত বিভিন্ন পৰিবেশত বেলেগ বেলেগ ধৰণেৰে নিজকে উপস্থাপন কৰাটো উচিত ।
ঘৰত থাকোতে ঘৰুৱাভাৱে নিজকে উপস্থাপন ,
লগৰ-সমনীয়াৰ সৈতে থাকিলে বন্ধুত্বসুলভ আলাপ -বাৰ্তা, আচৰণ,
কৰ্মক্ষেত্ৰত থকাৰ সময়ত কৰ্মক্ষেত্ৰৰ পৰিবেশমতে নিজকে উপস্থাপন ,
সভা-সমিতি উপস্থিত থাকিলে বা আমন্ত্ৰিত অতিথি হিচাপে নিমন্ত্ৰণ লাভ কৰিলে তাৰ গভীৰতা বুজি নিজকে উপস্থাপন কৰিব লাগে।
মুঠৰ ওপৰত স্থান-কাল-পৰিবেশ-পাত্ৰ চাই প্ৰতিপলে নিজকে উপস্থাপন কৰিব লাগে।
তেনেকৈ নহ'লে অৰ্থাৎ তাৰ বিপৰীত হ'লে জীৱনটো বিশৃংখল হোৱাৰ বাহিৰে আন একো নহ'ব । বিশৃংখল জীৱনে কেতিয়াও জীৱনৰ সৌন্দয্যতা বাট বিচাৰি নাপায় ।লগতে জীৱনৰ সুবাস ক্ৰমাৎ নাইকীয়া হয়।গভীৰতা হ্ৰাস পাই জীৱনৰ।
জীৱনৰ অধিনায়ক :
প্ৰতিসময়ে তোমাৰ জীৱনটো শৃংখলাবদ্ধ ভাৱে পৰিচালনা হৈছে নে নাই তাক চাই থাকিবলৈ শুভাকাংক্ষী সকল অথবা আত্মীয়স্বজন কাষৰত নাথাকিব পাৰে।
গতিকে জীৱনৰ অধিনায়ক পৰাপক্ষত নিজে হোৱাটো নিত্যন্তই প্ৰয়োজন ।
ক্ৰিকেট খেল এখনত বিজয়ী হ'বলৈ যিদৰে অধিনায়কৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে ঠিক তেনেকৈ জীৱনত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ জীৱনৰ অধিনায়ক হ'ব লাগিব। সেই অধিনায়ক নিজেই হ'ব লাগিব।
কোন স্থানত আছা?
ক'ত আছা?
কাৰ লগত আছা?
কি কামত আছা?
এই
প্ৰতিদিশ এক অধিনায়ক ৰ দৃষ্টিৰে পৰ্যবেক্ষণ কৰি জীৱনটো পৰিচালনা কৰি যাব লাগিব।
তেতিয়াহে জীৱনৰ চূড়ান্ত বিজয়ৰ সুবাস কাষৰত উপস্থিত হ'বহি লগতে চিৰদিন কাষৰত থকাৰ প্ৰতিশ্ৰুতি য়ো প্ৰদান কৰিব..........।।