মন-মগজু-হৃদয়ে আহ্বান কৰাবোৰ শব্দ-বাক্যৰে বান্ধোন(Blog by Rajjak)
Saturday, February 24, 2024
তুমি আৰু মই
Wednesday, August 10, 2022
ৰাখী বন্ধন :এক আলোকপাত
Friday, June 3, 2022
"আত্মহনন:সমাজৰ এক ভয়াবহ সমস্যা " ✍️ৰাজ্জাক আলী
Tuesday, April 5, 2022
Monday, March 28, 2022
কিয় কব নোৱাৰোঁ, কিন্তু তোমাক ভাল লাগে
কিয় কব নোৱাৰোঁ, কিন্তু তোমাক ভাল লাগে"
Wednesday, September 22, 2021
গল্প- বদঅভ্যাসৰ শেষ ফলাফল
#বদঅভ্যাসৰ_শেষ_ফলাফল
✍ৰাজ্জাক আলী
প্লাৱিতাক আজি ঘৰৰ পৰা আৰক্ষীয়ে হেনকাফ লগাই লৈ গৈছে। তাই হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হৈ মহাবিদ্যালয় এখনত পঢ়ি আছে। দেখা শুনাই সহজ সৰল অমায়িক ছোৱালী। তেন্তে কিয়
আৰক্ষীয়ে হেনকাফ লগাই নিছে। কাৰো লগতে বেয়া ব্যৱহাৰ নকৰা ছোৱালী জনী। গাঁওখনত হুৱাদুৱা লাগিল। মাক-দেউতাকৰ মুখৰ মাত নাই।
ৰাইজৰ মাজত মনে সজা ফুচ ফুচ ফাচ ফাচ বাৰ্তা
। গাওঁৰে এজনে ৰ'ব নোৱাৰি আগবাঢ়ি আহি আৰক্ষীক সুধিয়ে পেলালে ,কিয় আমাৰ ছোৱালী জনীক ধৰি নিছে, কি কৰিলে তাই??
মহিলা আৰক্ষী বিষয়া গৰাকীয়ে কলে "মহাবিদ্যালয়ৰ পৰা লেপটপ চোৰ কৰিলে তাই"। সেই চুৰিকাৰ্যৰ অনুসন্ধান কৰি অৱশেষত প্লাৱিতা যে তাৰ লগত জড়িত শেষ কথা প্ৰমাণিত হ'ল। ঘৰৰ পৰা লেপটপ জব্দ।
সমাজে বিশ্বাস কৰিব নোৱাৰা ঘটনা। প্লাৱিতাই এনে কাম কৰিব পাৰে জানোঁ... ডাঙৰ প্ৰশ্নবোধক।
প্লাৱিতাৰ মাক এখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ীত্ৰি, দেউতাক বিত্তীয় বিভাগৰ এখন কাৰ্যালয়ৰ চতুর্থ বৰ্গৰ কৰ্মচাৰী। ঘৰখনত থকা তিনিগৰাকী শিক্ষিত। পৰিয়ালটো ঠিকে ঠিকে চলি থাকে। সমাজত প্লাৱিতাৰ লগতে মাক -দেউতাককো মানুহে সন্মানৰ দৃষ্টিৰে চায়।
কিন্তু প্লাৱিতাৰ সেই চুৰিকাৰ্যই সমাজৰ দৃষ্টিত নাক কাটিল তেওঁলোকৰ সন্মান।
প্লাৱিতাৰ এই অপকৰ্মৰ আৰঁত কি?
তাই কিয় চুৰি কৰিব লগা হ'ল?
আগত কৰবাত চুৰি কৰাৰ ৰেকৰ্ড আছে নেকি?
চুৰি কাৰ্য কৰিবলৈ কত উৎস পালে?
প্ৰশ্নবোৰ মানুহৰ মুখে মুখে, ৱেব পৰ্টেলত বোৰত বাজি উঠিল। সময় বাগৰাৰ লগে লগে
লাহে লাহেকৈ উৰহীৰ উৰ ওলাবলৈ আৰম্ভ কৰিলে। কিমান দিন লুকাই থাকিব।
প্লাৱিতাৰ জন্মৰ আগৰে পৰা দেউতাক চাকৰিয়াল আছিল আৰু মাক তাই জন্মৰ দুবছৰ পাছত চাকৰিটো পালে। দেউতাক জিতেনে নিতৌ অফিচৰ পৰা যাওঁতে বহুত বস্তু লৈ যায় ঘৰলৈ। পত্নী পমীয়ে কৰ পৰা আনিলে , ইমান টকা কত পোৱা নিতৌ বস্তুবোৰ আনিবলৈ, এদিনো সুধা নাই। পমীয়ে প্ৰথমে গম পোৱা নাছিল যদিও পিছলৈ গম পালে যে অফিচৰ পৰা চুৰি কৰি জিতেনে নিতৌ ঘৰলৈ বস্তু আনে। অকল খোৱা বস্তুৱে নহয় সুযোগ লৈ বহুত বস্তু অলপ অলপ ঘৰলৈ চুৰি কৰি নিয়ে।পত্নী পমী শিক্ষয়ীত্ৰি হৈয়ো জিতেনক এদিনো মনা নকৰিলে চুৰি নকৰিবলৈ, বৰঞ্চ তাই যেন ভালহে পায়। টকা খৰচ নকৰাকৈ ইমান বস্তু ঘৰলৈ অহাৰ বাবে। অফিচত তাৰ কথা গম পাই সকিয়নি দিয়াৰ দুদিনমান ঠিক থকাৰ পাছত পুনৰ আৰম্ভ হৈ যায়। অফিচৰ পৰা উলিয়াই দিম বুলি কোৱাত পমী অফিচলৈ আহি কান্দোনৰ ৰোল।চাকৰিটো হেৰালে চলিব নোৱাৰা হৈ পৰিব হেনু। তাতে ছোৱালীৰো পঢ়াৰ খৰচ। এনেকৈ কোনোমতে চাকৰিটো হেৰুৱাৰ পৰা বচায়। এই সৰু সৰু বস্তু চুৰি কৰি অনাৰ পৰিবেশ প্লাৱিতাই সৰুৰে পৰাই দেখি আহিছে। বস্তু চুৰি কৰিও প্ৰয়োজন পূৰাব পাৰি বুলি তাইৰো মনৰ কোনোবাখিনিত বীজ এটাই পোখা মেলিবলৈ আৰম্ভ কৰিছিল। আৰু এদিনাখন সেই পোখাই ডাঙৰ বৃক্ষ হৈ পৰিল।
আজি প্লাৱিতা জেলত। সমাজতো তেওঁলোকৰ পৰিয়ালৰ প্ৰতি লাহে লাহেকৈ বেয়া ভাৱ এটা সোমাই গল। জিতেন আৰু পমী অনুশোচনা কৰিবলৈ ধৰিলে। জিতেনৰ অফিচৰ চাৰিবেৰত থকা কথাটো সমাজৰ সকলোৰে মুখে মুখে প্ৰচাৰিত হবলৈ ধৰিলে। এনে পৰিস্থিতিত সি চাকৰি কৰা অফিচখনৰ পৰা তাক চিৰদিনৰ বাবে বৰ্খাস্ত কৰিলে। আনফালে পমীয়েও শিক্ষকৰ চাকৰিটো হেৰুৱাব লগীয়া হল। প্ৰয়োজনীয়তাখিনিৰ অভাৱ নথকা ঘৰখনত আজি একোৱেই নোহোৱাৰ দৰে হৈ পৰিল। ঘৰখনলৈ বুলি আহিল বদনাম,লাঞ্ছনা, বেয়া ভাৱ, ইত্যাদি ইত্যাদি। সমাজত মুখ দেখাব নোৱাৰা হল তেওঁলোকে। ঘৰৰ বাহিৰলৈ খোজ দিয়েই বহু মানুহে শুনাই শুনাই কবলৈ ধৰা হল "নিজৰ লগতে সৰু ছোৱালীজনীকো চুৰি কাৰ্য্য শিকালে, লাজ নাই এনে মাক-দেউতাকৰ"। তেওঁলোকৰ পৰিয়ালটোৰ অৱনতিৰ কাৰণ তেওঁলোক নিজেই, কাকো দুখিবও নোৱাৰে। যদি জিতেনে নিজৰ অফিচত বস্তু চুৰ কৰাৰ কাৰবাৰটো নকৰিলে হয়, যদি পমীয়ে জিতেনক চুৰি কৰি বস্তু ঘৰলৈ অনাত ধমকী বা বুজনি দিলেহেঁতেন,শিক্ষয়ীত্ৰি হৈয়ো তাই এদিনো সেই কামটো নকৰিলে, লোভৰ আগত যেন সকলো
পাহৰি পেলাইছিল ।আটাইতকৈ লাজৰ কথা এটকা উপাৰ্জন নকৰা জীয়েকে লেপটপ কৰ পৰা আনিল সেই কথা সুধাৰ প্ৰয়োজনবোধ নকৰিলে জিতেন আৰু পমীয়ে । কি আচৰিত। পৰিণতি আজি চকুৰ সন্মুখত। এতিয়া অনুশোচনা কৰি কি হব। সহজলভ্যৰে সুখ বিচৰাৰ পৰিণতি সন্মুখত তেওঁলোকৰ। প্ৰাথমিক বিদ্যালয়ত সকলোৱে পঢ়ি অহা "লোভেই পাপ, পাপেই মৃত্যু" কথাটিৰ দৰেই পৰিয়াল টি একপ্ৰকাৰৰ মৃত প্ৰায় হোৱাদি হল। প্লাৱিতা জেলত আৰু জিতেন, পমী মনৰ অন্ধকাৰ জেলত বন্দী হৈ পৰিল। যি অন্ধকাৰে পোহৰৰ বাট দেখুৱাটো একপ্রকাৰৰ ক্ষীণ হৈ পৰিল।
Thursday, October 22, 2020
"
মোৰ মনৰ কলমে তোমালৈ বুলি অকাঁ শব্দ বাক্যৰ ছবিটি"
(আজি দিপলীনাৰ শেহতীয়া ফটোকপি চাই কিবা এটা লিখিবলৈ মন গ'ল)
________________________________
✍ৰাজ্জাক
তোমাৰ চকুৰে মৰম বৰষে,
চকুযুৰিত অহংকাৰ শূণ্য বিশাল ছবি
উপভোগ কৰি ভাল লাগে
চুলিকোচাৰ দুই চাৰিডাল আহি যেতিয়া বতাহৰ পৰশত
তোমাৰ দিম্পলভৰা দুগালত পৰেহি,
য'ত অকৃত্রিম হাঁহিৰ বিচৰণ প্ৰায় প্ৰতি সময়ে,
ভাল লাগে।
মোৰ মনৰ কলমে আজিলৈ যিমানদূৰ তোমাৰ মন-হৃদয়ক অধ্যয়ন কৰিলে
সুন্দৰ মনৰ, সকলো মনৰ সৈতে মিলিব পৰা,
আনন্দ বিলাই ভাল পোৱা, হাঁহি উপহাৰ দিব পৰা,
কোমল হৃদয়ৰ জীৱন বিচাৰি পালে,
কৃত্রিমতাৰ স্থান নাই য'ত ...
শব্দ-বাক্যৰে তাকে আঁকিবলৈ যত্ন কৰিলোঁ
(সদায় এনেদৰেই বিচাৰোঁ)
তোমাৰ মুখৰ পৰা প্ৰবাহিত শব্দ বাক্যবোৰ
ইমান সৰলতাৰে -কোমলতাৰে বিতৰণ কৰা,
অপূৰ্ব, অতুলনীয়...
শিকাৰু দেই মই এনেবোৰ সুন্দৰ বতৰাৰ,
কথাত মণি মুকুতা সৰাটো সহজ কথা নহয়,
মুখৰ মাতষাৰ শ্ৰেষ্ঠ সম্পদ মানৱ জীৱনত
শ্ৰদ্ধা কৰোঁ সদায়
অভিনয়-কণ্ঠৰ কথা
নতুনকৈ নকওঁ,
যদিও লিখিতভাৱে কোৱা নাই
সকলোৰে দৰে মোৰো প্ৰিয় তোমাৰ প্ৰতিটো গীত,
সু অভিনয়ৰ ময়ো দৰ্শক
এই যে তোমাৰ মিঠাকৈ মিছিকিয়া হাঁহিটি
য'ৰ মোহনা মন-হৃদয় ,
মুকলি /বহল সেই মন-হৃদয়ক সন্মান যাঁচিলো
অনুৰাগী আমি(মই) তেনে মুকলি/বিশাল মন-হৃদয়ৰ।।
(বি . দ্ৰ .---ক্ৰাছ সকলে দায়-দুখ নধৰে যেন🤣 আমাৰো প্ৰিয় আৰু মৰমৰ শিল্পী তাই)